প্ৰিয় বন্ধু, প্ৰকাশিত বাক্যখনক এখন ভৱিষ্যতবাণীমূলক লিখনী বুলি গণ্য কৰা হয়, যাৰ অৰ্থ হৈছে ইয়াত পৃথিৱীৰ শেষ হোৱাৰ আগতে ঘটিবলগীয়া ঘটনাবোৰৰ ভৱিষ্যতবাণী আছে। কিন্তু যীচুক আমাৰ ঈশ্বৰ আৰু ত্ৰাণকৰ্তা বুলি বিশ্বাস কৰা সকলৰ বাবে, আমি ভৱিষ্যতক লৈ ভয় কৰাৰ কোনো কাৰণ নাই। বৰঞ্চ আমাৰ স্বৰ্গীয় পিতাৰ সৈতে অনন্তকাল জীয়াই থকাৰ, তেওঁৰ পূৰ্ণ প্ৰেম উপভোগ কৰাৰ আৰু চিৰকাল তেওঁৰ উপাসনা কৰাৰ নিশ্চয়তা আমাৰ আছে। ঈশ্বৰৰ বাক্যত খ্ৰীষ্টৰ দ্বিতীয় আগমনৰ কথা উল্লেখ কৰা হৈছে, যেতিয়া যীচু তেওঁৰ মণ্ডলীক বিচাৰি আহিব, আৰু যিসকলে তেওঁত বিশ্বাস স্থাপন কৰিছে তেওঁলোক সকলোৱে অনন্তকাল তেওঁৰ সৈতে থাকিব। সেয়েহে, মই তোমাক উৎসাহিত কৰিছোঁ যে, সকলোতকৈ আগতে তুমি তোমাৰ হৃদয়ক ৰক্ষা কৰা, সদায় সজাগ হৈ থকা আৰু আত্মাৰ সৈতে ঘনিষ্ঠ সম্পৰ্ক বজাই ৰাখা, যাতে তুমি সকলো সময়তে দৃঢ় হৈ থাকিব পাৰা, বিভ্ৰান্ত নহোৱা আৰু আগন্তুক দিনবোৰ চিনি পাবলৈ সাজু থাকিব পাৰা।
পবিত্ৰ আত্মাই স্পষ্টকৈ কৈছে যে, আহিবলগীয়া দিনত কিছুমান মানুহ বিশ্বাসৰ পৰা আতৰি গৈ ভ্ৰান্তিজনক আত্মাত আৰু ভূতবোৰৰ শিক্ষাত তেওঁলোকে মনযোগ দিব,
তোমালোকে ৰণৰ কথা আৰু যুদ্ধৰ সম্ভাৱনাৰ বাতৰি শুনিবা৷ সাৱধান হোৱা, ব্যাকুল নহ’বা; কিয়নো এইদৰে ঘটিব লাগে; কিন্তু তেতিয়াও শেষ নহব।
প্ৰথমে ইয়াকে জানিব যে, শেষ-কালত বিদ্ৰূপত আসক্ত বিদ্ৰূপকাৰী লোকবোৰ উপস্থিত হ’ব; তেওঁলোকে নিজ নিজ কু-অভিলাষ অনুসাৰে চলিব৷ তেওঁলোকে ক’ব, “আমাৰ পিতৃৰ আগমণৰ প্ৰতিজ্ঞা কি হ’ল? কাৰণ আমি জানো আমাৰ পিতৃপুৰুষ মৰাৰ সময়ৰ পৰা, এনে কি সৃষ্টিৰ অাদিৰে পৰা একেদৰেই ঘটি আছে৷”
কিন্তু আহি থকা দিনত এইদৰে ঘটিব, যিহোৱাৰ গৃহ থকা পৰ্ব্বতটো আন পৰ্ব্বতবোৰৰ ওপৰত স্থাপন কৰা হ’ব। এই গৃহটি পাহাৰবোৰতকৈয়ো উচ্চ কৰা হ’ব; আৰু লোকসকল সোঁত বোৱাদি তালৈ যাব।
তেতিয়া সূৰ্য, চন্দ্ৰ আৰু তৰাবোৰত নানা চিন ওলাব৷ পৃথিৱীতো, সাগৰ আৰু ঢৌৰ তৰ্জ্জন-গৰ্জ্জনৰ কাৰণে ব্যাকুল হোৱা জাতিবোৰৰ ক্লেশ হ’ব৷ পৃথিৱীত যি যি ঘটিব, তাৰ চিন্তাত আৰু ভয়ত মানুহবোৰ বিমূৰ্চ্ছিত হ’ব; কিয়নো আকাশৰ পৰাক্ৰমবোৰ লৰোৱা হ’ব।
সকলো জাতিৰ আগত সাক্ষ্য হবৰ বাবে স্বৰ্গৰাজ্যৰ এই শুভবাৰ্তা যেতিয়া গোটেই জগতত ঘোষণা কৰা হ’ব; তেতিয়াহে শেষ সময় উপস্থিত হ’ব।
কিয়নো আপোনালোকে নিজেই ভালদৰে জানে যে, ৰাতি যেনেকৈ চোৰ আহে, প্ৰভুৰ দিনটোও তেনেকৈয়ে আহিব। ভাৱবাণী হেয়জ্ঞান নকৰিব। সকলো বিষয় বিবেচনা কৰি যি বিষয় ভাল, তাকে ধৰি ৰাখক। সকলো প্ৰকাৰৰ মন্দৰ পৰা পৃথকে থাকক। শান্তিদাতা ঈশ্বৰে আপোনালোকক সম্পূর্ণৰূপে পবিত্ৰ কৰক; আৰু আপোনালোকৰ আত্মা, প্ৰাণ, আৰু শৰীৰ আমাৰ প্ৰভু যীচু খ্ৰীষ্টৰ আগমণৰ দিন পর্যন্ত নির্দোষীৰূপে সম্পূর্ণকৈ ৰক্ষিত হওক। যি জনে আপোনালোকক আমন্ত্ৰণ কৰিছে, তেৱেঁই সেয়া কৰিব, কাৰণ তেওঁ বিশ্বাসী। ভাই সকল, আমাৰ কাৰণেও প্ৰাৰ্থনা কৰিব। সকলো ভাইকে পবিত্ৰ চুমাৰে শুভেচ্ছা জনাব। মই আপোনালোকক প্ৰভুৰ যোগেদি এই অনুৰোধ কৰোঁ যে, এই পত্ৰ যেন সকলো ভাইৰ আগত পাঠ কৰি শুনোৱা হয়। আমাৰ প্ৰভু যীচু খ্ৰীষ্টৰ অনুগ্ৰহ আপোনালোক সকলোৰে লগত থাকক। যেতিয়া লোক সকলে “শান্তি আৰু নিৰাপত্তা” ৰ কথা কব, তেতিয়া হঠাতে হোৱা গর্ভৱতীৰ প্ৰসৱ বেদনাৰ নিচিনাকৈ, তেওঁলোকলৈ বিনাশ আহিব আৰু তেওঁলোক কোনোমতেই সাৰিব নোৱাৰিব।
ভবিষ্যতৰ দিনবোৰত, যিহোৱাৰ পৰ্ব্বতত গৃহ স্থাপন কৰা হ’ব পৰ্ব্বতবোৰৰ দৰে ওখ আৰু পাহাৰবোৰতকৈয়ো উচ্চ কৰা হ’ব; আৰু সকলো জাতি তালৈ সোঁত বোৱাৰ দৰে বৈ যাব।
সেই দিনৰ সংখ্যা কম নকৰা হ’লে কোনো মানুহৰ ৰক্ষা নহলহেঁতেন; কিন্তু মনোনীত লোকৰ কাৰণে সেই দিনৰ সংখ্যা কম কৰা হ’ব।
কিন্তু ইয়াকে জানিবা যে, শেষ-কালত ভয়ঙ্কৰ সময় উপস্থিত হব। কিন্তু তুমি মোৰ শিক্ষা, আচাৰ-ব্যৱহাৰ, অভিপ্ৰায়, বিশ্বাস, চিৰসহিষ্ণুতা, প্ৰেম, ধৈর্য, তাড়না আৰু দুখভোগ, সেই সকলোৰে অনুগামী হলা আৰু আন্তিয়খিয়া, ইকনিয়, আৰু লুস্ত্ৰাত মোলৈ কি ঘটনা ঘটিছিল, সেই বিষয়েও তুমি জানা৷ মই এনে ধৰণৰ তাড়না সহন কৰিছোঁ যে, সেইবোৰ তাড়নাৰ পৰা ঈশ্ৱৰেহে মোক উদ্ধাৰ কৰিলে৷ আৰু বাস্তৱিকতে যি সকলে খ্ৰীষ্ট যীচুত ভক্তিভাবে জীৱন-যাপন কৰিবলৈ ইচ্ছা কৰে, এনে লোক সকলে তাড়না পাব। কিন্তু দুষ্ট আৰু প্ৰবঞ্চক সকলে কিছুমান লোকক বিপথে লৈ যাব আৰু নিজেও ভ্ৰান্ত হৈ অধিকৰূপে মন্দ হৈ যাব। কিন্তু তুমি যি যি শিকিলা আৰু দৃঢ়তাৰে যি বিশ্বাস পালা, সেই শিক্ষাতে স্থিৰে থাকা, কিয়নো কোন ব্যক্তিৰ পৰা সেই শিক্ষা পালা, সেই বিষয়ে তুমি জানা। আৰু যি পবিত্ৰ বিধান-শাস্ত্ৰই খ্ৰীষ্ট যীচুৰ সম্বন্ধীয় বিশ্বাসৰ যোগেদি তোমাক পৰিত্রাণৰ অর্থে জ্ঞানী কৰিব পাৰে, তাকো তুমি শিশু কালৰে পৰা জানা। সকলো ধৰ্মশাস্ত্ৰ ঈশ্বৰৰ দ্বাৰা নিশ্বাসিত আৰু শিক্ষাৰ বাবে, অনুযোগৰ বাবে, শুধৰণিৰ বাবে আৰু ধাৰ্মিকতা সম্বন্ধীয় শিক্ষাত লাভজনক; যাতে ঈশ্বৰৰ মানুহ সিদ্ধ আৰু সকলো সৎ কর্মৰ কাৰণে সুসজ্জিত হব পাৰে৷ কিয়নো সেই কালত মানুহবোৰ নিজকে নিজে প্ৰেম কৰোঁতা, ধন লুভীয়া, দর্পী, অহংকাৰী, নিন্দক, পিতৃ-মাতৃৰ প্ৰতি অবাধ্য, অকৃতজ্ঞ, অপবিত্ৰ, স্নেহহীন, বুজনি নমনা, অপবাদক, ইন্দ্ৰিয়-দমন নকৰা, উগ্ৰ, সাধুক ঘিণাওঁতা, বিশ্বাসঘাতক, আঁকোৰগোজ, মদগৰ্বী, ঈশ্বৰ প্ৰেম কৰাতকৈ বৰং সুখ প্ৰিয় হব৷ তেওঁলোকে ধাৰ্মিকতাৰ আকাৰ ধাৰণ কৰিব, কিন্তু তাৰ শক্তি অস্বীকাৰ কৰিব। এনে লোক সকলৰ পৰা তুমি আতৰি থাকিবা।
জগত স্থাপনৰ পুৰ্ব্বৰে পৰা তেওঁ মনোনীত আছিল, কিন্তু কালৰ শেষত, তেওঁ আপোনালোকৰ কাৰণে প্ৰকাশিত হ’ল;
তাৰ পাছত ইস্ৰায়েলীয়াসকলে ঘূৰি আহি তেওঁলোকৰ ঈশ্বৰ যিহোৱা আৰু তেওঁলোকৰ ৰজা দায়ুদক বিচাৰিব। শেষকালত তেওঁলোকে ভয়েৰে যিহোৱা আৰু তেওঁৰ উত্তমতালৈ আহিব।
‘ঈশ্বৰে কৈছে, শেষৰ দিনা সকলো মানুহৰ ওপৰত মোৰ আত্মা বাকি দিম, তাতে তোমালোকৰ সতি-সন্ততি সকলে ভাববাণী প্ৰচাৰ কৰিব, তোমালোকৰ যুৱক সকলে দৰ্শন পাব, তোমালোকৰ বৃদ্ধ লোক সকলে সপোন দেখিব। আৰু সেই কালত মই তোমালোকৰ দাস, দাসী সকলৰ ওপৰত মোৰ আত্মা বাকি দিম, তাতে তেওঁলোকে ভাববাণী প্ৰচাৰ কৰিব,
কিন্তু অকল পিতৃৰ বাহিৰে স্বৰ্গৰ দূতবোৰ বা পুত্ৰ বা আন কোনেও সেইদিন আৰু সময় নাজানে। নোহৰ দিনৰদৰে সেইদিনা মানুহৰ পুত্ৰৰ আগমণ হ’ব। কিয়নো জলপ্লাৱনৰ আগেয়ে নোহ জাহাজত সুমুৱা দিনলৈকে যেনেকৈ মানুহবোৰে ভোজন-পান কৰি বিয়া কৰাই, বিয়া দি আছিল, আৰু জলপ্লাৱন আহি সকলোকে উটুৱাই নিনিয়ালৈকে জ্ঞান নাপালে, সেইদৰেই মানুহৰ পুত্ৰৰ আগমণ হ’ব।
“চোৱা! মই বেগাই আহি আছোঁ; মই দিবলগীয়া পুৰস্কাৰ মোৰ লগত আছে, যাৰ যেনে কৰ্ম, তেওঁক তেনে প্ৰতিফল দিয়া হব৷
যি জনে আপোনালোকত সৎকৰ্ম আৰম্ভ কৰিলে, সেই জনে যীচু খ্ৰীষ্টৰ আগমণৰ দিনলৈকে সিদ্ধ কৰি থাকিব বুলি দৃঢ় প্ৰত্যয় কৰিলোঁ৷
হে ভাইসকল, এতিয়া সেই কাল বা সেই সময়ৰ কথা মই আপোনালোকলৈ একো লিখাৰ প্রয়োজন নাই; আমি জীয়াই থাকো বা নিদ্ৰিত অৱস্থাতেই থাকো, আমি যেন তেওঁৰ লগতেই জীৱিত থাকিব পাৰোঁ, এই কাৰণে যীচুৱে আমাৰ কাৰণে প্রাণ দিলে। এতেকে আপোনালোকে এতিয়া যেনেকৈ আছে, তেনেকৈয়ে পৰস্পৰে সান্ত্বনা দি থাকক আৰু এজনে আন জনক গঢ় দি তোলক। ভাই সকল, আমি বিনয় কৰোঁ, যি লোক সকলে আপোনালোকৰ মাজত পৰিশ্ৰম কৰে আৰু প্ৰভুত আপোনালোকৰ ওপৰত পৰিচালনাত আছে, আৰু আপোনালোকক উপদেশ দিয়ে, সেই লোক সকলক আপোনালোকে সন্মান কৰক। আমি পুণৰ কওঁ, আপোনালোকে তেওঁলোকৰ কার্যৰ কাৰণে প্রেমৰ মনোভাৱেৰে অতিশয়ৰূপে তেওঁলোকক সন্মান কৰক আৰু পৰস্পৰৰ মাজত শান্তি বজায় ৰাখক। ভাই সকল, আমি আপোনালোকক এই উপদেশ দিওঁ, অনিয়মত হৈ চলা লোকক আপোনালোকে সাৱধান কৰক; নিৰুৎসাহী লোকক উৎসাহ দিয়ক, দুর্বল লোকৰ সাৰথি হওক আৰু সকলোৰে প্রতি সহিষ্ণু হওক। সাৱধান, কোনেও যেন অপকাৰৰ সলনি কাৰো অপকাৰ নকৰে। কিন্তু পৰস্পৰৰ আৰু সকলোৰে কাৰণে যি উত্তম, তেনে কৰ্ম কৰিবলৈ যেন চেষ্টা কৰে। সকলো সময়তে আনন্দত থাকক। নিৰন্তৰে প্ৰাৰ্থনাকৰি থাকক। সকলো বিষয়তে ঈশ্বৰক ধন্যবাদ দিয়ক; কিয়নো আপোনালোকৰ প্ৰতি খ্ৰীষ্ট যীচুত ঈশ্বৰৰ এই ইচ্ছা। পবিত্ৰ আত্মাক নুনুমাব। কিয়নো আপোনালোকে নিজেই ভালদৰে জানে যে, ৰাতি যেনেকৈ চোৰ আহে, প্ৰভুৰ দিনটোও তেনেকৈয়ে আহিব। ভাৱবাণী হেয়জ্ঞান নকৰিব। সকলো বিষয় বিবেচনা কৰি যি বিষয় ভাল, তাকে ধৰি ৰাখক। সকলো প্ৰকাৰৰ মন্দৰ পৰা পৃথকে থাকক। শান্তিদাতা ঈশ্বৰে আপোনালোকক সম্পূর্ণৰূপে পবিত্ৰ কৰক; আৰু আপোনালোকৰ আত্মা, প্ৰাণ, আৰু শৰীৰ আমাৰ প্ৰভু যীচু খ্ৰীষ্টৰ আগমণৰ দিন পর্যন্ত নির্দোষীৰূপে সম্পূর্ণকৈ ৰক্ষিত হওক। যি জনে আপোনালোকক আমন্ত্ৰণ কৰিছে, তেৱেঁই সেয়া কৰিব, কাৰণ তেওঁ বিশ্বাসী। ভাই সকল, আমাৰ কাৰণেও প্ৰাৰ্থনা কৰিব। সকলো ভাইকে পবিত্ৰ চুমাৰে শুভেচ্ছা জনাব। মই আপোনালোকক প্ৰভুৰ যোগেদি এই অনুৰোধ কৰোঁ যে, এই পত্ৰ যেন সকলো ভাইৰ আগত পাঠ কৰি শুনোৱা হয়। আমাৰ প্ৰভু যীচু খ্ৰীষ্টৰ অনুগ্ৰহ আপোনালোক সকলোৰে লগত থাকক। যেতিয়া লোক সকলে “শান্তি আৰু নিৰাপত্তা” ৰ কথা কব, তেতিয়া হঠাতে হোৱা গর্ভৱতীৰ প্ৰসৱ বেদনাৰ নিচিনাকৈ, তেওঁলোকলৈ বিনাশ আহিব আৰু তেওঁলোক কোনোমতেই সাৰিব নোৱাৰিব।
তেতিয়া সূৰ্য, চন্দ্ৰ আৰু তৰাবোৰত নানা চিন ওলাব৷ পৃথিৱীতো, সাগৰ আৰু ঢৌৰ তৰ্জ্জন-গৰ্জ্জনৰ কাৰণে ব্যাকুল হোৱা জাতিবোৰৰ ক্লেশ হ’ব৷ পৃথিৱীত যি যি ঘটিব, তাৰ চিন্তাত আৰু ভয়ত মানুহবোৰ বিমূৰ্চ্ছিত হ’ব; কিয়নো আকাশৰ পৰাক্ৰমবোৰ লৰোৱা হ’ব। তেতিয়া পৰাক্ৰম আৰু মহা প্ৰতাপেৰে মানুহৰ পুত্ৰক মেঘত অহা দেখিব। কিন্তু এইবোৰ ঘটনা ঘটিবলৈ আৰম্ভ হ’লে, মূৰ দাঙি ওপৰলৈ চোৱা, কিয়নো তোমালোকৰ পৰিত্ৰাণ ওচৰ চাপিছে।”
তোমালোকে যেতিয়া ৰণৰ কথা আৰু যুদ্ধ হোৱাৰ সম্ভাৱনাৰ বাতৰি শুনিবা, তেতিয়া উদ্বিগ্ন নহ’বা; কাৰণ এইবোৰ ঘটিব লাগে; কিন্তু শেষ সময় তেতিয়াও আহিবলৈ আছেই। কিয়নো জাতিৰ বিৰুদ্ধে জাতি আৰু ৰাজ্যৰ বিৰুদ্ধে ৰাজ্য উঠিব; ঠায়ে ঠায়ে ভুমিকম্প আৰু আকালো হ’ব৷ এইবোৰ যাতনাৰ আৰম্ভণিহে মাথোন।
কিন্তু চোৰৰ অহাৰ দৰে প্ৰভুৰ দিন আহিব, সেইদিনা আকাশমণ্ডল ডাঙৰ শব্দ কৰি গুচি যাব৷ আকাশৰ সকলো বস্তু জুইত জ্বলি ধ্বংস হব; পৃথিৱী আৰু তাৰ সকলো বস্তু পোৰা যাব। এইদৰে আটাইবোৰ ধ্বংস হবলৈ যোৱা দেখি, আপোনালোকে চিন্তা কৰকচোন, পবিত্ৰ ভক্তি আৰু আচাৰ-ব্যৱহাৰৰ যোগেদি আপোনালোক কেনেকুৱা লোক হোৱা উচিত? পৰম আগ্ৰহেৰে ঈশ্বৰৰ সেই দিনৰ অপেক্ষাত থকা কাৰণে আকাশমণ্ডল পুৰি লয়প্ৰাপ্ত হ’ব আৰু মূলবস্তুবোৰ দগ্ধ হৈ গলি যাব।
যি জনে এই ভাববাণীৰ বাক্যবোৰ পঢ়ে, তেওঁ ধন্য; আৰু যি সকলে শুনে আৰু ইয়াত লিখা কথাবোৰ পালন কৰে, তেওঁলোকো ধন্য; কিয়নো কাল ওচৰ।
এই কাৰণে আপোনালোকে এই কাল জানে যে, এতিয়াই টোপনিৰ পৰা সাৰ পাবৰ সময় হ’ল; কিয়নো প্ৰথমে যেতিয়া আমি বিশ্বাস কৰিলোঁ, তেতিয়াতকৈ এতিয়া পৰিত্রাণ আমাৰ ওচৰ হ’ল। ৰাতিৰ অধিক ভাগ গ’ল, দিন ওচৰ চাপিল; এই কাৰণে আহক, আন্ধাৰৰ কৰ্ম এৰি থৈ পোহৰৰ সাজ পিন্ধোহঁক।
কিয়নো সেই কালত মহাক্লেশ হ’ব, জগতৰ আদিৰে পৰা এতিয়ালৈকে তেনে ক্লেশ কেতিয়াও হোৱা নাই আৰু নহবও। সেই দিনৰ সংখ্যা কম নকৰা হ’লে কোনো মানুহৰ ৰক্ষা নহলহেঁতেন; কিন্তু মনোনীত লোকৰ কাৰণে সেই দিনৰ সংখ্যা কম কৰা হ’ব।
তুমি মোৰ ধৈৰ্যৰ কথা সহন কৰি পালন কৰাত, যি পৰীক্ষাৰ কাল পৃথিৱী নিবাসী সকলক পৰীক্ষা কৰিবৰ কাৰণে, গোটেই জগতৰ ওপৰলৈ আহিবলৈ উদ্যত আছে, সেই কালৰ পৰা ময়ো তোমাক ৰক্ষা কৰিম।
কিন্তু হে দানিয়েল, তুমি শেষ কাললৈকে এই বাক্যবোৰ গোপনে ৰাখা আৰু এই পুস্তকত মোহৰ মাৰা। অনেক লোক ইফালে সিফালে দৌৰিব, আৰু জ্ঞান বৃদ্ধি হ’ব।”
নোহৰ সময়ত যেনেকুৱা হৈছিল, মানুহৰ পুত্ৰৰ সময়তো তেনেকুৱাই হ’ব। নোহ জাহাজত উঠা দিনলৈকে লোক সকলে ভোজন-পান কৰিছিল, বিয়া কৰিছিল আৰু বিয়াও দিছিল। সেইদৰে লোটৰ সময়তো লোক সকলে ভোজন-পান কৰিছিল, কিনা-বেচা, ৰুৱা-পোতা আৰু ঘৰ সাজিছিল। কিন্তু যিদিনা লোট চদোমৰ পৰা ওলাই আহিল, সেই দিনাই আকাশৰ পৰা জুই আৰু গন্ধক বৰষিল আৰু সেই ঠাইৰ সকলোকে ধ্বংস কৰিলে। তোমালোকে নিজৰ বিষয়ত সাৱধান হোৱা। তোমাৰ ভায়ে যদি পাপ কৰে, তেওঁক তিৰস্কাৰ কৰা আৰু তেওঁ যদি অনুতাপ কৰে, তেনেহলে তেওঁক ক্ষমা কৰা। সেইদৰে মানুহৰ পুত্ৰ প্ৰকাশিত হোৱা দিনতো হ’ব।
হে শিশুসকল, শেষ-কাল উপস্থিত হৈছে৷ আৰু খ্ৰীষ্টৰ শত্রু আহিব লাগিছে, এই যি কথা তোমালোকে শুনিলা, সেইদৰে এতিয়াই অনেক খ্ৰীষ্টৰ শত্রু আহিল; ইয়াৰ দ্বাৰাই আমি জানো যে, শেষ-কাল উপস্থিত হৈছে।
ভবিষ্যতৰ দিনবোৰত, যিহোৱাৰ পৰ্ব্বতত গৃহ স্থাপন কৰা হ’ব পৰ্ব্বতবোৰৰ দৰে ওখ আৰু পাহাৰবোৰতকৈয়ো উচ্চ কৰা হ’ব; আৰু সকলো জাতি তালৈ সোঁত বোৱাৰ দৰে বৈ যাব। সেইদিনা লোকসকলে ৰূপ আৰু সোণৰ মূৰ্ত্তিবোৰ পেলাব, আৰাধনা কৰিবলৈ নিজৰ বাবে তেওঁলোকে সাজি লোৱা মুৰ্ত্তিবোৰ তেওঁলোকে এন্দুৰ আৰু বাদুলীৰ আগত পেলাই দিব। যিহোৱাই যেতিয়া পৃথিৱী কঁপাব তেতিয়া তেওঁৰ ভয়ৰ পৰা আৰু তেওঁৰ ঐশ্বৰ্যৰ প্রতাপৰ পৰা, বাচিবলৈ লোকসকল শিলৰ গুহা, আৰু অসমান শিলৰ গাতৰ ভিতৰত সোমাব। নাকেৰে নিশ্বাস লোৱা মানুহক বিশ্বাস কৰিবলৈ এৰা; কিহৰ বাবে তেওঁ গণ্য হ’ব পাৰে? অনেক লোক আহিব আৰু ক’ব, “আহাঁ, আমি যিহোৱাৰ পৰ্ব্বতলৈ, আৰু যাকোবৰ ঈশ্বৰৰ গৃহলৈ উঠি যাওহঁক; সেয়ে তেওঁ আমাক তেওঁৰ কিছুমান পথৰ বিষয়ে শিক্ষা দিব; তাতে আমি তেওঁৰ পথত গমন কৰিব পাৰিম।” কিয়নো চিয়োনৰ পৰা বিধান আৰু যিৰূচালেমৰ পৰা যিহোৱাৰ বাক্য ওলাই যাব। তেওঁ দেশবোৰৰ মাজত বিচাৰ কৰিব, আৰু অনেক লোকৰ বাবে সিদ্ধান্ত ল’ব; তেওঁলোকে নিজৰ তৰোৱাল ভাঙি নাঙলৰ ফাল গঢ়াব, আৰু যাঠি ভাঙি কলম দিয়া কটাৰী গঢ়াব; এখন দেশে আনখন দেশৰ বিৰুদ্ধে তৰোৱাল নাদাঙিব, নাইবা তেওঁলোকে যুদ্ধ-বিদ্যা আৰু নিশিকিব।
তাৰ পাছত মই এখন ডাঙৰ বগা সিংহাসন, আৰু তাৰ ওপৰত বহি থকা জনক দেখিলোঁ; তেওঁৰ উপস্থিতিত পৃথিৱী আৰু আকাশমণ্ডল পলাই গ’ল কিন্তু সেইবোৰৰ কাৰণে যাবলৈ ঠাই পুনৰ পোৱা নগ’ল। সেই সিংহাসনৰ আগত সৰু বৰ সকলো মৃত সকলক থিয় হৈ থকা দেখিলোঁ; আৰু কেইখন মান পুস্তক মেলা হ’ল; পাছত আৰু এখন পুস্তক মেলা হ’ল- জীৱন পুস্তক৷ সেই পুস্তকবোৰত লিখা মতে মৃত সকলৰ নিজ নিজ কৰ্ম অনুসাৰে সোধ-বিচাৰ কৰা হ’ল। তেতিয়া সাগৰে নিজৰ লগত থকা মৃত সকলক শোধাই দিলে; মৃত্যু আৰু পৰলোকেও নিজৰ লগত থকা মৃত সকলক শোধাই দিলে; তাতে সেই মৃত লোক সকলক নিজ নিজ কৰ্ম অনুসাৰে সোধ-বিচাৰ কৰা হ’ল। পাছত মৃত্যু আৰু পৰলোকক সেই জুইৰ সৰোবৰত পেলোৱা হ’ল। সেয়েই অৰ্থাৎ অগ্নিৰ সৰোবৰেই দ্বিতীয় মৃত্যু; আৰু জীৱন পুস্তকত যি কোনো জনৰ নাম পোৱা নগ’ল, তেওঁলোকক সেই জুইৰ সৰোবৰত পেলোৱা হ’ল।
চোৱা! যি দিনা তুমি লুট কৰি লোৱা দ্ৰব্য শত্ৰুৱে তোমাৰ মাজত ভাগ কৰি ল’ব, যিহোৱাৰ এনে এটা সোধ-বিচাৰৰ দিন আহি আছে। গেবাৰে পৰা তাৰ মাজত দক্ষিণফালে থকা ৰিম্মোনলৈকে গোটেই দেশ পৰিবৰ্ত্তন হৈ অৰাবা যেন হ’ব আৰু নগৰখন বিন্যামীনৰ দুৱাৰৰ পৰা প্ৰথম দুৱাৰৰ ঠাইলৈকে, চুকৰ দুৱাৰলৈকে আৰু হননেলৰ ওখ কোঁঠৰ পৰা ৰজাৰ দ্ৰাক্ষাকুণ্ডলৈকে ওখ হৈ নিজ ঠাইত স্থাপিত হ’ব। লোকসকলে যিৰূচালেমত বাস কৰিব; কোনো শত্রুৱে তেওঁলোকক ধ্বংস কৰিবলৈ তালৈ নাহিব। যিৰূচালেম নিৰাপদে বাস কৰিব। যিৰূচালেমৰ বিৰুদ্ধে যুঁজ কৰা আটাই জাতিক যিহোৱাই এই মহামাৰীৰে আঘাত কৰিব: ভৰিৰ ওপৰত ভৰ দি থিয় হৈ থাকোঁতে তেওঁলোকৰ মাংস ক্ষয় পাব, চকুৰ গাতত তেওঁলোকৰ চকু ক্ষয় পাব আৰু তেওঁলোকৰ মুখত তেওঁলোকৰ জিভা ক্ষয় পাব। আৰু সেই দিনা তেওঁলোকৰ মাজত যিহোৱাৰ পৰা মহাকোলাহল উপস্থিত হ’ব; তেতিয়া প্ৰতিজনে নিজ ওচৰ-চুবুৰীয়াৰ হাতত ধৰিব আৰু প্ৰতিজনে নিজ ওচৰ-চুবুৰীয়াৰ অহিতে হাত তুলিব। যিহূদায়ো যিৰূচালেমত যুঁজ কৰিব! তেওঁলোকে চাৰিওফালে থকা সকলো জাতিৰ সোণ ৰূপ, কাপোৰ আদি ধন-সম্পত্তি অধিকৰূপে গোটাব। আৰু সেই ছাউনিবোৰত থকা ঘোঁৰা, খছৰ, গাধ আদি সকলো পশুৰ আঘাতবোৰ, সেই আঘাতৰ নিচিনাই হ’ব। আৰু যিৰূচালেমৰ বিৰুদ্ধে অহা আটাই জাতিৰ অৱশিষ্ট থকা প্ৰতিজনে বছৰে বছৰে বাহিনীসকলৰ যিহোৱা ৰজাৰ আগত প্ৰণিপাত কৰিবলৈ আৰু পঁজা-পৰ্ব্ব পালন কৰিবলৈ উঠি আহিব। পৃথিবীৰ আটাই গোষ্ঠীবোৰৰ মাজত যিসকলে বাহিনীসকলৰ যিহোৱা ৰজাৰ আগত প্ৰণিপাত কৰিবলৈ যিৰূচালেমলৈ উঠি নাহিব, তেওঁলোকৰ ওপৰত বৃষ্টি নহ’ব। আৰু মিচৰীয়া গোষ্ঠী যদি উঠি আহি উপস্থিত নহয়, তেন্তে তেওঁলোকৰ ওপৰতো বৰষুণ নহ’ব; পঁজা-পৰ্ব্ব পালন কৰিবলৈ উঠি নহা জাতিক যিহোৱাই মহামাৰীৰে আঘাত কৰিব। এয়ে মিচৰৰ আৰু পঁজা-পৰ্ব্ব পালন কৰিবলৈ উঠি নহা আটাই জাতিৰ দণ্ড হ’ব। কিয়নো মই যুঁজৰ অৰ্থে যিৰূচালেমৰ অহিতে আটাই জাতিক গোটাম; তাতে নগৰখন আটক কৰা হ’ব! ঘৰবোৰ লুট কৰা হ’ব আৰু মহিলাসকলক বলাৎকাৰ কৰা হ’ব! নগৰখনৰ এভাগ লোক বন্দী অৱস্থালৈ ওলাই যাব, কিন্তু অৱশিষ্ট লোকসকলক নগৰখনৰ পৰা উচ্ছন্ন কৰা নহ’ব।
কিন্তু সেই কালৰ ক্লেশৰ পাছতেই সূৰ্য অন্ধকাৰময় হ’ব, চন্দ্ৰয়ো পোহৰ নিদিব; আকাশৰ পৰা তৰাবোৰ খহি পৰিব আৰু আকাশৰ পৰাক্ৰমবোৰ লৰোৱা হ’ব। পাছত তেওঁ যেতিয়া জৈতুন পৰ্বতৰ ওপৰত বহিল, তেতিয়া শিষ্য সকলে গুপুতে তেওঁৰ ওচৰলৈ আহি সেই বিষয়ে সুধিলে, “এইবোৰ কেতিয়া হ’ব? আপোনাৰ আগমণ আৰু এই জগতৰ শেষ হোৱাৰ চিন কি? সেই বিষয়েও আমাক কওক।” যেতিয়া আকাশত মানুহৰ পুত্ৰৰ চিন প্ৰকাশিত হ’ব; তেতিয়া পৃথিৱীৰ সকলো ফৈদে হিয়া ভুকুৱাব৷ আকাশত মেঘৰ ওপৰত মানুহৰ পুত্ৰক পৰাক্ৰম আৰু মহা প্ৰতাপেৰে অহা দেখিব।
কোনো কোনো জনৰ দস্তুৰ মতে আমি গোট হৈ সমৱেত হোৱাৰ অভ্যাস ত্যাগ নকৰোঁ আহক; কিয়নো দিন যিমান ওচৰ হৈ আহিছে, সিমানে অধিককৈ পৰস্পৰে পৰস্পৰক উদগাওহক।
কিন্তু অলপতে দুষ্টলোক শেষ হৈ যাব; তুমি যত্নেৰে বিচাৰিলেও তেওঁলোকৰ ঠাইত তেওঁলোকক পোৱা নাযাব। কিন্তু নম্ৰসকলে দেশ অধিকাৰ কৰিব; প্ৰচুৰ আশীর্বাদ পাই তেওঁলোক আনন্দিত হব।
পাছত তেওঁ যেতিয়া ষষ্ঠ ছাবটো মেলিলে, মই চাই দেখিলোঁ যে মহা-ভুমিকম্প হবলৈ ধৰিলে; আৰু নোমৰ চট কাপোৰৰ নিচিনা সুৰ্য্য ক’লা হ’ল; চন্দ্ৰ গোটেইটো তেজৰ নিচিনা হ’ল। আৰু বৰ বতাহে লৰোৱা ডিমৰু গছৰ অপঁইতা গুটি সৰি পৰাৰ দৰে আকাশৰ তৰাবোৰ পৃথিৱীত পৰিবলৈ ধৰিলে৷ আকাশমণ্ডল নুৰিওৱা পুথিৰ দৰে লুপ্ত হ’ল; আটাই পৰ্বত আৰু দ্বীপবোৰক নিজ নিজ ঠাইৰ পৰা লৰোৱা হ’ল। তেতিয়া পৃথিৱীৰ সকলো ৰজা, প্ৰধান লোক, সেনাপতি, ধনৱন্ত আৰু বলৱন্ত, দাস আৰু স্বাধীন লোক সকলে গুহাত আৰু পৰ্বতৰ শিলৰ মাজত নিজক লুকুৱাই ৰাখিলে৷ তাতে সেই পৰ্বত আৰু শিলবোৰক তেওঁলোকে ক’লে, “আমাৰ ওপৰত পৰি, সেই সিংহাসনত বহি থকা জনৰ সন্মুখৰ পৰা আৰু মেৰ-পোৱালি জনৰ ক্ৰোধৰ পৰা আমাক লুকুৱাই ৰাখা; কিয়নো তেওঁলোকৰ ক্ৰোধৰ সেই মহা-দিন আহিল আৰু সেইদিন কোনে সহিব পাৰে?”
যিহোৱাৰ সোধবিচাৰৰ দিন অতি ওচৰ; সৰ্ব্বশক্তিমান জনাৰ পৰা সৰ্ব্বনাশ আহিছে। সেই কাৰণে সকলো হাত দুৰ্ব্বল হ’ব, আৰু প্ৰত্যেক হৃদয় দ্ৰৱ হ’ব; প্রসৱ কৰা মহিলাৰ দৰে তেওঁলোকে ভয় খাব, যন্ত্ৰণা পাব আৰু বেদনাই তেওঁলোকক গ্রাস কৰিব। তেওঁলোক ইজনে সিজনক দেখি আচৰিত হ’ব, তেওঁলোকৰ মুখ উজ্বলি উঠিব। চোৱা, দেশ উচ্ছন্ন কৰিবলৈ, আৰু তাৰ পৰা পাপীবোৰক বিনষ্ট কৰিবলৈ, যিহোৱাৰ দিন খং আৰু প্ৰচণ্ড ক্ৰোধেৰে আহিছে।
“যেতিয়া মানুহৰ পুত্ৰ সকলো দূতক লগত লৈ নিজৰ প্ৰতাপেৰে আহিব, তেতিয়া তেওঁ নিজৰ প্ৰতাপৰ সিংহাসনত বহিব৷ সকলো জাতিৰ মানুহক তেওঁৰ আগলৈ গোটাই অনা হ’ব আৰু ৰখীয়াই যেনেকৈ ছাগলীৰ পৰা মেৰবোৰক পৃথক কৰে, তেনেকৈ তেওঁ তেওঁলোকৰ এজনৰ পৰা আন জনক পৃথক কৰি, মেৰবোৰক সোঁফালে আৰু ছাগলীবোৰক বাওঁফালে থ’ব।
ঈশ্বৰ আমাৰ আশ্ৰয় আৰু বল, সঙ্কটৰ সময়ত বিচাৰা মাত্ৰে পাব পৰা ঈশ্বৰ। যিহোৱাই কৈছে, “তোমালোক ক্ষান্ত হোৱা, মই যে ঈশ্বৰ, ইয়াকে জানা! সকলো জাতিয়ে মোকেই গৌৰৱান্বিত কৰিব, পৃথিৱীয়ে মোকেই গৌৰৱান্বিত কৰিব।” বাহিনীসকলৰ সর্বশক্তিমান যিহোৱা আমাৰ সঙ্গত আছে; যাকোবৰ ঈশ্বৰ আমাৰ আশ্রয়স্থান। (চেলা) এই বাবেই মই ভয় নকৰিম - যদিও পৃথিবীৰ পৰিবৰ্ত্তন হয়, পৰ্ব্বতবোৰ কঁপি উঠি সাগৰৰ বুকুত পৰে, যদিও জল সমূহে তৰ্জ্জন-গৰ্জ্জন কৰে আৰু ফেনে-ফুটুকাৰে ভৰি পৰে, যদিও পৰ্ব্বতবোৰে আলোড়ন কৰি কঁপি উঠে। (চেলা)
কিয়নো লোক সমূহে নিৰাময় শিক্ষা সহিব নিবিচৰা, এনে সময় আহিব। তেতিয়া তেখেত সকলৰ খজুওৱা কাণে শুনিব বিচৰা শিক্ষা শুনিবলৈ, নিজ নিজ অভিলাষ অনুসাৰে নিজৰ চৌপাশে দ’মে দ’মে শিক্ষক কৰি ল’ব। তেনেকুৱা লোকবোৰে সত্যৰ পৰা কাণ ঘূৰাই, পৌৰাণিক কথালৈ মনোযোগ দিব।
এতেকে তোমালোকো যুগুত হৈ থাকা; কিয়নো যি সময় তোমালোকে নাভাবা, সেই সয়তে মানুহৰ পুত্ৰ আহিব।
পাছত সেই দূত জনে মোক জীৱন-জলৰ সেই নদী দেখুৱালে, সেই পানী স্ফটিকৰ নিচিনা উজ্জ্বল৷ ঈশ্বৰ আৰু মেৰ-পোৱালিৰ সেই সিংহাসনৰ পৰা সেই নদী, পুনৰায় তেওঁ মোক কলে, “এই পুস্তকৰ ভাববাণী কৰা বাক্যবোৰ ছাব মাৰি বন্ধ নকৰিবা, কিয়নো কাল ওচৰ চাপিছে। যি জন অন্যায়কাৰী, তেওঁক পুনৰ অন্যায় কৰি থাকিবলৈ দিয়া; যি জন কলঙ্কী, তেওঁ পুনৰ কলঙ্ক কৰি থাকক; যি জন ধাৰ্মিক, তেওঁ পুনৰ ধৰ্ম আচৰণ কৰক; যি জন পবিত্ৰ লোক, তেওঁ পবিত্ৰ হৈ থাকক।” “চোৱা! মই বেগাই আহি আছোঁ; মই দিবলগীয়া পুৰস্কাৰ মোৰ লগত আছে, যাৰ যেনে কৰ্ম, তেওঁক তেনে প্ৰতিফল দিয়া হব৷ মই আলফা আৰু ওমেগা, প্ৰথম আৰু শেষ, আদি আৰু অন্ত। যি সকল জীৱন-বৃক্ষৰ অধিকাৰী আৰু দুৱাৰেদি নগৰত সোমাবৰ কাৰণে নিজ নিজ বস্ত্ৰ ধোৱে, সেই লোক সকল ধন্য৷ কিন্তু বাহিৰৰ কুকুৰবোৰ, মায়াবীবোৰ, ব্যভীচাৰিবোৰ, নৰবধীবোৰ আৰু মূৰ্তিপূজকবোৰ আৰু মিছা কথাক প্ৰেম কৰা আৰু মিছা কথাক অভ্যাস প্ৰতিজন লোক বাহিৰত থাকে। মই যীচুৱে, মণ্ডলী সমূহৰ কাৰণে তোমালোকক এইবোৰ কথাৰ সাক্ষ্য দিবলৈ, মোৰ দূতক পঠালোঁ। মই দায়ুদৰ মূল আৰু বংশ, উজ্জ্বল প্ৰভাতীয় তৰা।” আত্মা আৰু কন্যাই কয় “আহা!” আৰু যি জনাই শুনে, তেৱোঁ কয়, “আহা৷” যি জনৰ পিয়াহ লাগে, তেওঁ আহক আৰু যি জনে ইচ্ছা কৰে, তেওঁ বিনামূল্যে জীৱন জল গ্ৰহণ কৰক। এই পুস্তকৰ ভাববাণীৰ বাক্য শুনা প্ৰতিজনলৈ মই এই সাক্ষ্য দি কৈছোঁ: কোনোৱে যদি এই বাক্যবোৰত কিবা যোগ কৰে, তেনেহলে এই পুস্তকত লিখা উৎপাতবোৰো ঈশ্বৰে সেই জনৰ ওপৰত যোগ কৰিব; আৰু কোনোৱে যদি এই ভাববাণীৰ পুস্তকৰ বাক্যবোৰৰ পৰা কিবা গুচায়, তেনেহলে এই পুস্তকত লিখা জীৱন-বৃক্ষ আৰু পবিত্ৰ নগৰৰ পৰা ঈশ্বৰে তেওঁৰ ভাগ গুচাব। তাৰ আলিবাটৰ মাজেৰে বৈ গৈছিল। সেই নদীৰ ইপাৰে-সিপাৰে জীৱন-বৃক্ষ আছিল; সেই বৃক্ষই বাৰ বিধ ফল উৎপন্ন কৰিছিল আৰু প্ৰতি মাহে তাত ফল ধৰে৷ সেই বৃক্ষৰ পাত জাতি সকলক সুস্থ কৰাৰ কাৰণে।
ইয়াৰ পাছত যীচুৱে লোক সকলৰ ফালে চাই ক’লে, “পশ্চিম দিশত ডাৱৰ এচটা উঠা দেখিলেই, আপোনালোকে কয় ‘বৰষুণ আহিব’ আৰু পাছত সেইদৰে হয়। দক্ষিণ ফালৰ বতাহ বুলিলে কয় ‘বৰ জহ হব’; পাছত সেই জনো সেইদৰে ঘটে। হে কপটীয়া সকল, আপোনালোকে পৃথিৱীৰ আৰু আকাশৰ ৰূপ নির্ণয় কৰিব জানে; কিন্তু এই কালৰ বিষয়ে কিয় আপোনালোকে বিচাৰ কৰিব নাজানে?
‘ঈশ্বৰে কৈছে, শেষৰ দিনা সকলো মানুহৰ ওপৰত মোৰ আত্মা বাকি দিম, তাতে তোমালোকৰ সতি-সন্ততি সকলে ভাববাণী প্ৰচাৰ কৰিব, তোমালোকৰ যুৱক সকলে দৰ্শন পাব, তোমালোকৰ বৃদ্ধ লোক সকলে সপোন দেখিব। আৰু সেই কালত মই তোমালোকৰ দাস, দাসী সকলৰ ওপৰত মোৰ আত্মা বাকি দিম, তাতে তেওঁলোকে ভাববাণী প্ৰচাৰ কৰিব, আৰু মই আকাশত অদ্ভুত লক্ষণ আৰু পৃথিৱীতো নানা পৰাক্ৰমৰ চিন যেনে, তেজ, জুই আৰু ধোঁৱা স্বৰূপ মেঘ দেখুৱাম৷ সেই সময়ত অতিশয় বেগেৰে ধুমুহা বতাহ ব’লাৰ নিচিনা এটা শব্দ স্বৰ্গৰ পৰা অকস্মাতে আহি যি ঘৰত পাঁচনি সকল বহি আছিল, সেই গোটেই ঘৰটো জুৰিলে। প্ৰভুৰ সেই মহৎ আৰু প্ৰসিদ্ধ দিন অহাৰ পুৰ্বেই, সূৰ্য আন্ধাৰ আৰু চন্দ্ৰ তেজৰ দৰে হ’ব। কিন্তু যি কোনোৱে প্ৰভুৰ নামত প্ৰাৰ্থনা কৰে, সি পৰিত্ৰাণ পাব।’
কিয়নো আমাৰ বাবে যি প্ৰতাপ প্ৰকাশিত হ’ব, তাৰে সৈতে বৰ্ত্তমান সময়ৰ দুখৰ তুলনা কৰিবলৈ মই কোনো বিষয় যোগ্য নহয় বুলি গণ্য কৰোঁ।
মোৰ নামৰ কাৰণে, তোমালোক সকলোৰে ঘৃণাৰ পাত্ৰ হ’বা; কিন্তু যি জনে শেষলৈকে সহি থাকে, সেই জনেই পৰিত্ৰাণ পাব।
কিন্তু এই জীৱনৰ চিন্তা, মত্ততা আৰু অপৰিমিত ভোজনৰ দ্বাৰাই তোমালোকৰ হৃদয় যেন ভাৰাগ্ৰস্ত নহয় আৰু ফান্দৰ নিচিনা সেইদিন যেন তোমালোকলৈ অকস্মাতে নাহে, এই কাৰণে তোমালোকে নিজে সাৱধানে থাকিবা। কিয়নো সেইদিন পৃথিৱীত বসতি কৰা সকলো লোকৰ ওপৰলৈ আহিব। কিন্তু এই সকলো ঘটিব লগা ঘটনাৰ পৰা তোমালোক সাৰিবৰ বাবে আৰু মানুহৰ পুত্ৰৰ আগত থিয় হবলৈ যেন সমৰ্থ হোৱা, এই কাৰণে সকলো সময়তে পৰ দি প্ৰাৰ্থনা কৰি থাকিবা৷”
(মন কৰিবা! মই চোৰৰ নিচিনাকৈ আহিম। ধন্য এনে লোক যি জনে নিজ গাত বস্ত্ৰ ৰাখি জাগি থাকে, যাতে তেওঁ উলঙ্গ হৈ বাহিৰলৈ ওলাব নালাগে আৰু তেওঁৰ লাজ আন লোকে দেখা নাপায়।)
এক সপ্তাহৰ বাবে সেইজনে অনেকৰ সৈতে এটি নিয়ম সুনিশ্চিত কৰিব। সেই সপ্তাহৰ মাজৰ দিনত বলিদান আৰু নৈবেদ্য স্থগিত কৰিব। কোনো এজন ঘিণলগীয়া ডেউকাৰ সৈতে আহিব, আৰু ধ্বংস কৰিব। ধ্বংস কৰা জনৰ ওপৰত আজ্ঞাৰ দ্বাৰাই সম্পূৰ্ণ সমাপ্ত বৰ্ষোৱা হ’ব।
তুমি এডোখৰ মেঘৰ দৰে দেশ ঢাকি মোৰ প্ৰজা ইস্ৰায়েলৰ অহিতে উঠি যাবা; হে গোগ, মই জাতিবোৰৰ সাক্ষাতে তোমাৰ মাজত পবিত্ৰীকৃত হ’লে জাতিবোৰে মোক জানিবৰ কাৰণে শেষ কালত মোৰ দেশৰ বিৰুদ্ধে মই তোমাক লৈ যাম।’
কিয়নো প্রভু নিজে জয়ধ্বনি, প্ৰধান স্বর্গৰ দূতৰ স্বৰ, আৰু ঈশ্বৰৰ তূৰী বাদ্যৰে সৈতে স্বৰ্গৰ পৰা নামি আহিব; তেতিয়া খ্ৰীষ্টৰ আশ্ৰয়ত মৰা লোক সকল প্ৰথমে উঠিব; তাৰ পাছত আমি যি সকল জীয়াই থাকিম, সেই সময়ত আকাশত প্ৰভুৰ লগ লবলৈ তেওঁলোকৰ সৈতে আমাকো মেঘৰ মাজত তুলি নিয়া হব আৰু এইদৰে আমি সদায় প্ৰভুৰ সাক্ষাতে থাকিম।
নোহৰ দিনৰদৰে সেইদিনা মানুহৰ পুত্ৰৰ আগমণ হ’ব। কিয়নো জলপ্লাৱনৰ আগেয়ে নোহ জাহাজত সুমুৱা দিনলৈকে যেনেকৈ মানুহবোৰে ভোজন-পান কৰি বিয়া কৰাই, বিয়া দি আছিল, আৰু জলপ্লাৱন আহি সকলোকে উটুৱাই নিনিয়ালৈকে জ্ঞান নাপালে, সেইদৰেই মানুহৰ পুত্ৰৰ আগমণ হ’ব।
এক মুহুৰ্ততে যেতিয়া শেষ তূৰী বাজিব, তেতিয়া চকুৰ পলকতে সেয়া ঘটিব৷ তুৰি যেতিয়া বাজিব, তেতিয়া মৃত লোক সকল অক্ষয়ণীয় হৈ উত্থিত হ’ব আৰু আমি সকলোৱেই ৰূপান্তৰিত হ’ম।
আৰু অনা-ইহুদী সকলৰ খং উঠিছিল, কিন্তু তোমাৰ ক্ৰোধ উপস্থিত হ’ল আৰু মৃত সকলৰ সোধ-বিচাৰৰ আৰু তোমাৰ দাস ভাববাদী সকলক, পবিত্ৰ লোক সকলক আৰু তোমাৰ নামত ভয় কৰা সৰু বৰ সকলোকে পুৰস্কাৰ দিয়াৰ আৰু পৃথিৱী নাশকবোৰক নাশ কৰিবৰ সময় উপস্থিত হ’ল।”
আপোনালোকক কোনোৰূপে কাকো ভুলাবলৈ নিদিব; কিয়নো সেইদিন অহাৰ আগেয়ে ঈশ্বৰৰ বিৰুদ্ধে ধৰ্ম পৰিত্যাগ কৰা দেখা যাব আৰু সেই অবাধ্যতাৰ পুৰুষ, যি বিনাশ হবলগীয়া পুত্ৰ; সি প্ৰকাশিত হ’ব। ঈশ্বৰ নামেৰে খ্যাত আৰু উপাসনাৰ যোগ্য যি সকলো আছে, এই সকলোৰে বিৰুদ্ধে থিয় হৈ সেই অবাধ্যতাৰ পুৰুষে নিজকে ওখত প্রতিস্থিত কৰিব; এনে কি, ঈশ্বৰৰ মন্দিৰত বহি নিজকে নিজে ঈশ্বৰ বুলি ঘোষণা কৰিব।
চোৱা, যিহোৱাই পৃথিৱী খালী কৰিছে, আৰু তাক শূন্য কৰিছে, আৰু তাৰ মুখ তল কৰি তাৰ নিবাসীসকলক সিঁচৰিত কৰিছে। উচ্ছন্নপুৰি ভগ্ন হ’ল; প্রতিখন ঘৰ খালী আৰু বন্ধ হ’ল। দ্ৰাক্ষাৰসৰ কাৰণে লোকসকলে বাটত কান্দিছে; সকলো আনন্দ মাৰ গ’ল, দেশত আনন্দ ধ্বনি নাইকিয়া হ’ল। নগৰত কেৱল ধ্বংস বাকি থাকিল, আৰু দুৱাৰখন ভাঙি নষ্ট হ’ল। কিয়নো জিত গছ জোকাৰিলে যেনে হয়, দ্ৰাক্ষাফল গোটাবৰ পাছত চেৰ পৰা গুটি যেনে হয়, প্ৰজাসকলৰ মাজত পৃথিবীও তেনে হয়। তেওঁলোক উচ্চ স্বৰেৰে যিহোৱাৰ ঐশ্বৰ্যৰ জয় ধ্বনি কৰিব, সমুদ্ৰৰ পৰা আনন্দেৰে উচ্চ ধ্বনি কৰিব। এই হেতুকে পূব দিশত যিহোৱা গৌৰৱান্বিত হৈছে, আৰু সমুদ্ৰৰ দ্বীপবোৰত ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱাৰ নাম গৌৰৱাম্বিত হৈছে। আমি পৃথিবীৰ অন্তভাগৰ পৰা গীত শুনিলোঁ, “ধাৰ্মিকজনৰ গৌৰৱ হওক।” কিন্তু মই কলোঁ, “মই ক্ষয় হৈ গৈছোঁ, মই ক্ষয় হৈ গৈছোঁ, মোৰ সন্তাপ হ’ল; বিশ্বাসঘাতকসকলে অতিশয় বিশ্বাসঘাতকতা কৰিলে। পৃথিৱী নিবাসীসকল তোমালোকৰ বাবে আপদ, গাত, আৰু ফান্দ নিৰূপিত কৰা আছে। সেই আপদৰ বাৰ্ত্তা পাই পলোৱা জন সেই গাতত পৰিব, আৰু সেই গাতৰ ভিতৰৰ পৰা ওলোৱা জন সেই ফান্দত ধৰা পৰিব, কিয়নো স্বৰ্গৰ দুৱাৰবোৰ মুকলি হ’ব, আৰু পৃথিৱীৰ মূলবোৰ লৰিব। পৃথিৱী সম্পূৰ্ণকৈ ভগ্ন হ’ব, পৃথিৱী ডোখৰ ডোখৰ হ’ব; পৃথিৱী অত্যন্ত লৰিব। প্ৰজা যেনে পুৰোহিতো তেনে, দাস যেনে মালিকো তেনে, দাসী যেনে মালিকনীও তেনে, কিনা জন যেনে বিক্রী কৰা জনো তেনে, ধাৰ দিয়া জন যেনে ধাৰ লোৱা জনো তেনে, সূত লোৱা জন যেনে সূত দিয়া জনো তেনে হ’ব। পৃথিৱী মাতাল মানুহৰ দৰে ঢলংপলং কৰিব, আৰু জুলনিৰ দৰে জুলিব, আৰু তাৰ অপৰাধ তাৰ ওপৰত গধূৰ হোৱাত পতিত হ’ব, পুনৰায় আৰু নুঠিব। যেতিয়া সেই দিন আহিব, সেই দিনা যিহোৱাই উচ্চস্থানত উচ্চস্থানীয় বাহিনীসকলক, আৰু পৃথিবীত পৃথিবীৰ ৰজাসকল দণ্ড দিব। কাৰাগাৰত বন্দীয়াৰসকলক গোটোৱাৰ দৰে তেওঁলোকক গোটোৱা হ’ব, আৰু বন্দীশালত বন্ধ কৰা হ’ব; আৰু অনেক দিনৰ পাছত তেওঁলোকক দণ্ড দিয়া হ’ব। তেতিয়া চন্দ্ৰ লজ্জিত হ’ব আৰু সূৰ্য অপদস্থ হ’ব; কাৰণ বাহিনীসকলৰ যিহোৱাই চিয়োন পৰ্ব্বত, যিৰূচালেমত, আৰু নিজৰ পৰিচাৰকসকলৰ সন্মুখত গৌৰৱেৰে ৰাজত্ব কৰিব। পৃথিৱী সম্পূৰ্ণকৈ শূন্য আৰু লুট কৰা হ’ব; কিয়নো যিহোৱাই এই কথা কৈছে, পৃথিৱীয়ে শোক কৰি লেৰেলা পৰিছে, জগতখন দুৰ্ব্বল হৈ জয় পৰিছে, পৃথিৱীৰ সম্ভ্ৰান্ত লোকসকল দুৰ্ব্বল হৈছে। পৃথিৱীও তাৰ নিবাসীসকলৰ দ্বাৰাই অপবিত্ৰ হ’ল, কাৰণ তেওঁলোক আজ্ঞাবোৰ লঙ্ঘন কৰিলে, বিধি পৰিবৰ্তন কৰিলে, আৰু চিৰস্থায়ী নিয়ম ভঙ্গ কৰিলে। সেই বাবে অভিশাপে পৃথিৱী গ্ৰাস কৰিলে, আৰু তাৰ নিবাসীসকলক দোষী পোৱা গ’ল। পৃথিৱী নিবাসীসকল দগ্ধ হ’ল, আৰু অলপ সংখ্যক লোক অৱশিষ্ট থাকিল।
যেতিয়া যিৰূচালেম সৈন্য সকলৰ দ্বাৰাই বেৰি ধৰা দেখিবা, তেতিয়া তাৰ ধ্বংস ওচৰ চাপিল বুলি জানিবা। তেতিয়া যিহুদীয়াত থকা লোক সকল পৰ্বতলৈ পলাই যাওঁক; আৰু নগৰ খনত থকা লোক সকল ওলাই যাওঁক; আৰু গাৱেঁ ভূৱেঁ থকা মানুহ নগৰৰ ভিতৰলৈ নোসোমাওক। এই দিনবোৰ হ’ল প্রতিশোধৰ দিন; শাস্ত্রৰ বাণী অনুসাৰে সিদ্ধ হবলৈ এইদৰে হ’ব। সেই সময়ত গৰ্ভৱতী আৰু পিয়াহ দিয়া তিৰোতা সকলৰ সন্তাপ হ’ব! কিয়নো দেশ খনত অতিশয় দুখ আৰু এই লোক সকলৰ ওপৰত ক্ৰোধ হ’ব। তেওঁলোক তৰোৱালৰ আঘাতত পৰিব আৰু সকলো দেশলৈ বন্দী কৰি নিয়া হ’ব; আৰু অনা-ইহুদী মানুহৰ কাল সম্পূৰ্ণ নোহোৱালৈকে যিৰূচালেম অনা-ইহুদী মানুহৰ ভৰিৰে গচকা হ’ব।
যি সকলে অধাৰ্মিকতাৰ দ্বাৰাই সত্যক নিবাৰণ কৰে, ঈশ্ৱৰৰ ক্ৰোধ সেই অধর্মি আৰু ভক্তিহীন লোক সকললৈ স্বৰ্গৰ পৰা প্ৰকট হয়;
গতিকে শস্য দোৱাৰ সময়লৈকে সেইবোৰক একেলগে বাঢ়িবলৈ দিয়া। শস্য চপোৱাৰ সময়ত মই দাৱনী সকলক ক’ম, প্ৰথমতে বিনৈ বনবোৰ উভালিবা আৰু পুৰিবৰ বাবে মুঠি মুঠিকৈ বান্ধিবা। তাৰ পাছত মোৰ ভঁৰালত ধান চপাই থবা।’”
সেই দিনা মই যিৰূচালেমক সকলো জাতিৰ পক্ষে তুলিবলৈ কষ্টকৰ শিলস্বৰূপ কৰিম; আৰু যিসকলে তাক তুলিব, তেওঁলোকে নিজকে বৰকৈ আঘাত কৰিব আৰু পৃথিৱীৰ আটাই জাতিয়ে তাইৰ অহিতে গোট খাব।
তেওঁ সৰ্ব্বোপৰি জনাৰ বিৰুদ্ধে কথা ক’ব, আৰু সৰ্ব্বোপৰি ঈশ্বৰৰ পবিত্ৰ জনক তাড়না কৰিব, তেওঁ পর্ব আৰু বিধান সলনি কৰিবলৈ চেষ্টা কৰিব। আৰু এক কাল, দুই কাল আৰু আধা কালৰ বাবে এই সকলো তেওঁৰ হাতত শোধাই দিয়া হ’ব।
সেই পশুক পবিত্ৰ লোকৰ সৈতে যুদ্ধ কৰিবলৈ আৰু তেওঁলোকক জয় কৰিবলৈ তাক শক্তি দিয়া হ’ল। ইয়াৰ উপৰি সকলো ফৈদ, লোক, ভাষা আৰু সকলো জাতিৰ ওপৰত তাক অধিকাৰ দিয়া হ’ল।
এইদৰে আটাইবোৰ ধ্বংস হবলৈ যোৱা দেখি, আপোনালোকে চিন্তা কৰকচোন, পবিত্ৰ ভক্তি আৰু আচাৰ-ব্যৱহাৰৰ যোগেদি আপোনালোক কেনেকুৱা লোক হোৱা উচিত?
পৃথিৱী সম্পূৰ্ণকৈ ভগ্ন হ’ব, পৃথিৱী ডোখৰ ডোখৰ হ’ব; পৃথিৱী অত্যন্ত লৰিব। প্ৰজা যেনে পুৰোহিতো তেনে, দাস যেনে মালিকো তেনে, দাসী যেনে মালিকনীও তেনে, কিনা জন যেনে বিক্রী কৰা জনো তেনে, ধাৰ দিয়া জন যেনে ধাৰ লোৱা জনো তেনে, সূত লোৱা জন যেনে সূত দিয়া জনো তেনে হ’ব। পৃথিৱী মাতাল মানুহৰ দৰে ঢলংপলং কৰিব, আৰু জুলনিৰ দৰে জুলিব, আৰু তাৰ অপৰাধ তাৰ ওপৰত গধূৰ হোৱাত পতিত হ’ব, পুনৰায় আৰু নুঠিব।
তেতিয়া চাকি লৈ, দৰাক আগবঢ়াবলৈ ওলাই যোৱা দহ জনী কন্যাৰ লগত স্বৰ্গৰাজ্যৰ তুলনা দিয়া হ’ব। কিন্তু তেওঁলোকে কিনিবলৈ যাওঁতেই, দৰা আহিল আৰু সাজু হৈ থকা কেইগৰাকীয়ে তেওঁৰ লগত বিয়াৰ ভোজলৈ গ’ল আৰু দুৱাৰ বন্ধ কৰা হ’ল৷ পাছত আন কেইজনী কন্যাই আহি ক’লে, ‘হে প্ৰভু, হে প্ৰভু, আমালৈ দুৱাৰ মেলি দিয়ক’। কিন্তু তেওঁ উত্তৰ দি ক’লে, ‘মই সঁচাকৈ কওঁ তোমালোকক মই চিনি নাপাও’। এতেকে পৰ দি থাকা; কিয়নো সেইদিন বা সময় তোমালোকে নাজানা।
এইদৰে আকাশলৈ একেথৰে চাই থাকোতে, হঠাৎ বগা বস্ত্ৰ পৰিধান কৰা দুজন লোক তেওঁলোকৰ ওচৰত থিয় হ’ল আৰু তেওঁলোকক কলে, “হে গালীল দেশৰ গালীলীয়া সকল, তোমালোকে কিয় আকাশলৈ ৰ’ লাগি চাই ৰৈছা? এই জন যীচুক তোমালোকৰ কাষৰ পৰা স্বৰ্গলৈ নিয়া হল। তোমালোকে তেওঁক যেনেকৈ স্বৰ্গলৈ যোৱা দেখিলা, সেইৰূপে তেওঁ আকৌ আহিব।”
তেতিয়া মই স্বৰ্গৰ দ্ৱাৰ মুকলি কৰা দেখিলোঁ; আৰু মই চাওতে তাত এটা বগা ঘোঁৰা দেখিলোঁ; তাৰ ওপৰত উঠা জনক বিশ্বাসী আৰু সত্য বোলে; তেওঁ ধাৰ্মিকতাৰে সোধ-বিচাৰ আৰু যুদ্ধ কৰে। তেওঁৰ চকু অগ্নিশিখা আৰু তেওঁৰ মুৰত অনেক কিৰীটি আছে৷ তেওঁৰ এটা নাম লিখা আছে কিন্তু সেই নাম তেওঁৰ বাহিৰে আন কোনেও নাজানে। তেওঁ পিন্ধা বস্ত্ৰ তেজত দুব মৰা; তেওঁৰ নাম হ’ল- ঈশ্বৰৰ বাক্য৷ স্বৰ্গীয় সৈন্য সকলে শণ সুতাৰ বগা আৰু শুদ্ধ মিহি কাপোৰ পিন্ধি, বগা ঘোঁৰাবোৰৰ ওপৰত উঠি তেওঁৰ পাছে পাছে গ’ল। তেওঁ জাতি সকলক আঘাত কৰিবলৈ তেওঁৰ মুখৰ পৰা এখন চোকা তৰোৱাল ওলায় আৰু তেওঁ লোহাৰ দণ্ডেৰে তেওঁলোকক শাসন কৰিব; আৰু সৰ্বশক্তিমান ঈশ্বৰৰ প্ৰচণ্ড ক্ৰোধৰূপ দ্ৰাক্ষাৰসৰ পেৰাশাল তেৱেঁই গচকে। তেওঁৰ বস্ত্ৰত আৰু কৰঙণত, এই নাম লিখা আছে, “ৰজাৰো ৰজা আৰু প্ৰভুৰো প্ৰভু৷”
কিয় অস্থিৰ হৈ জাতি সমূহে যিহোৱাৰ বিৰুদ্ধাচৰণ কৰিছে? কিয় লোক সমূহে অনর্থক ষড়যন্ত্র কৰিছে? গতিকে, হে ৰজাসকল, এতিয়া তোমালোকে জ্ঞানেৰে বুজি চলিবা; হে পৃথিবীৰ শাসনকর্তাসকল, সাৱধান হোৱা। ভয়েৰে সৈতে যিহোৱাৰ সেৱা কৰা; উল্লাসিত হৈ কম্পন কৰা। তোমালোকে তেওঁৰ পুত্ৰক সন্মানেৰে চুমা খোৱা, নহলে তেওঁ তোমালোকৰ ওপৰত ক্রুদ্ধ হ’ব, তোমালোক নিজৰ পথতে বিনষ্ট হবা; কিয়নো তেওঁৰ ক্ৰোধ নিমিষতে জ্বলি উঠিব পাৰে। ধন্য সেইসকল, যিসকলে তেওঁত আশ্ৰয় লয়। যিহোৱা আৰু তেওঁৰ অভিষিক্তজনাৰ বিৰুদ্ধে পৃথিবীৰ ৰজাসকল একেলগে থিয় হৈছে, শাসনকর্তাসকলে একেলগে গোপন ষড়যন্ত্র কৰিছে; তেওঁলোকে কৈছে, “আহাঁ আমি তেওঁলোকৰ বন্ধন ছিঙি পেলাওঁ, আমাৰ ওপৰৰ পৰা তেওঁলোকৰ শিকলিবোৰ পেলাই দিওঁ।”
যেতিয়া তোমালোকে ৰণ আৰু হুৰামুৰাৰ বাৰ্তা শুনা, তেতিয়া ভয়াতুৰ নহ’বা; কিয়নো এই সকলোবোৰ ঘটিবই লাগিব; কিন্তু তেতিয়াই শেষ নহয়।”
আমাৰ প্ৰভু যীচু খ্ৰীষ্টৰ আবিৰ্ভাৱ নোহোৱালৈকে, এই আদেশ নিষ্কলঙ্ক আৰু নিৰ্দোষীকৈ ৰাখিবা৷ সেই পৰমধন্য ঈশ্বৰ, যি জন একমাত্র পৰাক্রমী, ৰাজত্ব কৰা ৰজা আৰু শাসন কৰা প্রভু, তেৱেঁই সঠিক সময়ত তেওঁক আবির্ভাৱ কৰাব।
“হে প্ৰভু, তুমি আদিতে পৃথিৱীৰ ভিত্তিমূল স্থাপন কৰিলা। আকাশ-মণ্ডলো তোমাৰ হাতৰ কৰ্ম৷ সেইবোৰ ধ্বংস হৈ যাব; কিন্তু তুমি নিত্য; সেই সকলো কাপোৰৰ দৰে পুৰণি হৈ যাব। তুমি চাদৰৰ দৰে সেইবোৰক নুৰিয়াবা, কাপোৰৰ দৰে সেইবোৰ সলোৱা হ’ব, কিন্তু তুমি হ’লে সদায় একে আছা আৰু তোমাৰ বছৰবোৰৰ কেতিয়াও শেষ নহ’ব।”
পৃথিৱীৰ ধূলিত শুই থকা বহুতো লোকে সাৰ পাব। কিছুমানে অনন্তকলীয়া জীৱন, কিছুমানে লাজ, আৰু অনন্তকলীয়া ঘৃণাৰ বাবে সাৰ পাব। যিসকল জ্ঞানী, তেওঁলোক আকাশৰ দিপ্তীৰ দৰে প্রজ্বলিত হ’ব, আৰু অনেকক ধাৰ্মিকতালৈ ঘূৰাই অনা লোকসকল তৰাবোৰৰ দৰে চিৰকাল জিলিকি থাকিব।
কিয়নো যিহোৱাই ন্যায় বিচাৰ ভাল পায়, তেওঁৰ ভক্তসকলক তেওঁ পৰিত্যাগ নকৰে; অনন্ত কাললৈকে তেওঁলোকক ৰক্ষা কৰা হ’ব; কিন্তু দুষ্টবোৰৰ বংশক হলে ধ্বংস কৰা হ’ব।
মই যি যি আজ্ঞা তোমালোকক দিলোঁ, সেই সকলোকে পালন কৰিবলৈ তেওঁলোকক শিক্ষা দিয়া; আৰু চোৱা, জগতৰ শেষলৈকে মই সদায় তোমালোকৰ সঙ্গে সঙ্গে আছোঁ”।
ঈশ্বৰে যি পুত্রক মৃত লোকৰ মাজৰ পৰা তুলিলে, তেওঁ স্বৰ্গৰ পৰা ঘূৰি অহালৈ আমি অপেক্ষাও কৰি আছোঁ। সেই পুত্র যীচুৱেই আমাক আহিব লগা ক্রোধৰ পৰা ৰক্ষা কৰিব।
এতেকে তুমি কি গ্ৰহণ কৰিলা আৰু শুনিলা, সেইবোৰ সোঁৱৰণ কৰা, পালন কৰা আৰু মন পালটোৱা। কাৰণ তুমি যদি জাগ্ৰত নোহোৱা, তেনেহলে মই চোৰৰ নিচিনাকৈ আহিম, আৰু কোন সময়ত মই তোমাৰ বিৰুদ্ধে আহিম, সেই বিষয়ে তুমি নাজানিবা।
যিসকল ঈশ্বৰৰ পৰা জন্ম পোৱা, তেওঁলোকে জগতক জয় কৰে। আৰু জগতক জয় কৰা যি জয়, সেয়ে আমাৰ বিশ্বাস।
যি মানুহ সৰ্ব্বোপৰি জনাৰ আশ্রয়ত থাকে, যি মানুহ সৰ্ব্বশক্তিমানৰ ছাঁত বসতি কৰে সেয়ে তোমালৈ কোনো বিপদ নঘটিব; আৰু তোমাৰ তম্বুৰ ওচৰলৈ কোনো দুখ-কষ্ট নাহিব। কিয়নো তোমাৰ সকলো পথত তোমাক ৰক্ষা কৰিবলৈ, তেওঁ নিজৰ দূতবোৰক তোমাৰ বিষয়ে আজ্ঞা দিব। তেওঁলোকে হাতেৰে তোমাক দাঙি ধৰিব, যেন তোমাৰ ভৰিয়ে শিলত খুন্দা খাই আঘাত নাপায় তুমি সিংহ আৰু সাপৰ ওপৰত ভৰি দিবা। তুমি যুবা-সিংহ আৰু নাগক ভৰিৰে গচকিবা। কিয়নো তেওঁ মোক প্রেম কৰে, সেয়ে মই তেওঁক উদ্ধাৰ কৰিম; মই তেওঁক ৰক্ষা কৰিম, কাৰণ তেওঁ মোৰ নাম জানে। তেওঁ মোক মাতিব, তাতে মই তেওঁক উত্তৰ দিম; সঙ্কটৰ কালত মই তেওঁৰ সঙ্গী হ’ম; মই তেওঁক উদ্ধাৰ কৰিম, গৌৰৱাম্বিতও কৰিম। মই দীৰ্ঘ আয়ুস দি তেওঁক সন্তুষ্ট কৰিম; মোৰ পৰিত্ৰাণ তেওঁক দেখুৱাম। তেওঁ যিহোৱাৰ বিষয়ে এই কথা ক’ব, “তেৱেঁই মোৰ আশ্ৰয় আৰু মোৰ দুর্গ; তেৱেঁই মোৰ ঈশ্বৰ, যি জনাৰ ওপৰত মই ভাৰসা কৰোঁ।”
সকলো অধ্যৱসায়ৰ দ্বাৰাই তোমাৰ হৃদয়ক অধিক যত্নেৰে ৰক্ষা কৰা, কিয়নো তাৰ পৰাই জীৱন উৎপন্ন হয়।
এই হেতুকে যি অৱহেলিত ধ্বংসকাৰী ঘিণলগীয়া বস্তুৰ কথা দানিয়েল ভাৱবাদীৰ দ্ৱাৰাই কোৱা হৈছিল, তাক তেতিয়া পবিত্ৰ ঠাইত থকা দেখিবা৷ এই বিষয়ে যি জনে পঢ়ে, তেওঁ বুজক৷ তেতিয়া যিহুদীয়াত থকা মানুহবোৰ পৰ্বতলৈ পলাই যাওঁক; ঘৰৰ ওপৰত থকা জনে, তেওঁৰ ঘৰৰ পৰা বস্তুবোৰ উলিয়াই নিবলৈ নানামক; পথাৰত থকা জনে, তেওঁৰ কাপোৰ খন লবলৈ উলটি নাযাওঁক। কিন্তু সেই কালত গৰ্ভৱতী আৰু নিজৰ কেচুৱাক প্ৰতিপালন কৰি থকা তিৰোতা সকলৰ সন্তাপ হ’ব। কিন্তু তেওঁ উত্তৰ দি তেওঁলোকক ক’লে, “তোমালোকে এই সকলোকে নেদেখিছা নে? মই তোমালোকক স্বৰূপকৈ কওঁ, যি শিল পেলোৱা নহব, ইয়াত এনে এটা শিলো আন এটা শিলৰ ওপৰত ৰখা নহ’ব।” তোমালোকৰ পলোৱা সেইদিন যেন জাৰকালি বা বিশ্ৰামবাৰে নহয়, ইয়াৰ কাৰণে প্ৰাৰ্থনা কৰা।
চোৱা, সাপ আৰু কেঁকোৰা-বিছা গচকিবলৈ আৰু শত্ৰুৰ সকলো পৰাক্ৰমৰ ওপৰত তোমালোকক ক্ষমতা দিলোঁ; তাতে একোৱে তোমালোকৰ কোনো প্ৰকাৰে অন্যায় কৰিব নোৱাৰিব।
“আৰু চোৱা! মই বেগাই আহি আছোঁ; যি জনে এই পুস্তকৰ ভাববাণীৰ কথাবোৰ পালন কৰে, তেওঁ ধন্য।”
আমি সকলোতে ক্লেশ ভোগ কৰিও, ঠেকত পৰা নহওঁ; উদিগ্ন হৈয়ো, নিৰাশ নহওঁ; তাড়না পায়ো, অনাথ নহওঁ; পেলোৱা হৈয়ো, বিনষ্ট নহওঁ;
কিয়নো চোৱা, মই নতুন আকাশ-মণ্ডল আৰু নতুন পৃথিৱী সৃষ্টি কৰোঁ; আৰু পূৰ্বকালৰ বস্তুবোৰ সোঁৱৰণ কৰা বা মনত ৰখা নহ’ব।
তোমালোক পৃথিৱীৰ লোণ; কিন্তু লোণৰ সোৱাদ যদি হেৰাই যায়, তেনেহলে সেই লোণ কিহেৰে লুণীয়া কৰা যাব? তেতিয়া সেইবোৰ পুণৰ কোনো কামৰ নহব, কেৱল বাহিৰলৈ পেলোৱাৰ আৰু মানুহৰ গচকাৰ যোগ্যহে হ’ব। তোমালোক জগতৰ পোহৰ। পৰ্বতৰ ওপৰত থকা নগৰ গুপ্ত হ’ব নোৱাৰে। মানু্হে চাকি লগাই পাত্রৰে ঢাকি নথয়, কিন্তু গছাৰ ওপৰত থয় আৰু ই ঘৰৰ সকলোকে পোহৰ দিয়ে। এইদৰে তোমালোকৰ পোহৰ মানুহৰ আগত প্ৰকাশিত হওক; তাতে তেওঁলোকে তোমালোকৰ ভাল কৰ্ম দেখি, স্বৰ্গত থকা তোমালোকৰ পিতৃৰ স্তুতি কৰিব।
পাছত মই কেইখন মান সিংহাসন দেখিলোঁ৷ সেইবোৰৰ ওপৰত যি লোক সকল বহি আছিল, তেওঁলোকক সোধ-বিচাৰৰ ভাৰ দিয়া হ’ল; আৰু মই সেই লোক সকলৰ জীৱাত্মা দেখিলোঁ; যি সকলক যীচুৰ সাক্ষ্যৰ কাৰণে আৰু ঈশ্বৰৰ বাক্যৰ কাৰণে মুৰ ছেদন কৰা হৈছিল আৰু যি সকলে সেই পশু বা তাৰ প্ৰতিমূৰ্তিক প্ৰণিপাত কৰা নাছিল আৰু নিজৰ কপালত আৰু হাতত তাৰ ছাব লোৱা নাছিল, তেওঁলোকে জীৱিত হ’ল আৰু এহেজাৰ বছৰ খ্ৰীষ্টৰ সৈতে ৰাজত্ব কৰিলে।
কিন্তু হে ভাই সকল, চোৰৰ আহিব পৰাকৈ সেইদিন আপোনালোকৰ ওচৰত উপস্থিত হবলৈ, এতিয়া আপোনালোক পুনৰ আন্ধাৰত থকা নাই; কিয়নো আপোনালোক সকলোৱেই পোহৰ আৰু দিনৰ সন্তান। আমি ৰাতি বা আন্ধাৰৰ লোক নহওঁ। এই হেতুকে আহক, আমি আন লোকবোৰৰ নিচিনাকৈ টোপনিয়াই নাথাকি, পৰ দি আৰু সংযত হৈ থাকোহঁক।
যীচুৱে আমাৰ পাপ সমূহৰ কাৰণে নিজকে উছর্গা কৰিলে যাতে আমাৰ পিতৃ ঈশ্বৰৰ ইচ্ছা অনুসাৰে তেওঁ আমাক বৰ্ত্তমান মন্দ সংসাৰৰ পৰা উদ্ধাৰ কৰিব পাৰে।
আপোনালোকে অলপ সময় দুখভোগ কৰাৰ পাছত, সকলো অনুগ্ৰহৰ ঈশ্ৱৰ, যি জনে অনন্ত গৌৰৱৰ বাবে আপোনালোকক খ্ৰীষ্টত আমন্ত্ৰণ কৰিছে, তেৱেঁই আপোনালোকক সিদ্ধ, সুস্থিৰ আৰু বলৱন্ত কৰিব।
চাওক, তেওঁ মেঘৰ সৈতে আহিছে; আটাই চকুৱে তেওঁক দেখিব, যি সকলে তেওঁক বিন্ধিলে, তেওঁলোকেও তেওঁক দেখিব; আৰু পৃথিৱীৰ সকলো ফৈদে তেওঁৰ কাৰণে হিয়া ভুকুৱাব; হয়, আমেন।
তেতিয়া তূৰীৰ মহাশব্দেৰে তেওঁ নিজৰ দূত সকলক পঠাব; তাতে তেওঁলোকে আকাশৰ এক সীমাৰ পৰা আন সীমালৈকে চাৰিওফালৰ পৰা তেওঁৰ মনোনীত লোক সকলক আনি গোটাব।
গতিকে যি সকল ঈশ্বৰভক্ত লোক, তেওঁলোকক কেনেদৰে পৰীক্ষাৰ পৰা উদ্ধাৰ কৰিব লাগে, প্রভুৱে জানে। যি সকলে ঈশ্বৰক ভক্তি নকৰে, অধার্মিক লোক; তেওঁলোকক কেনেদৰে বিচাৰৰ দিনা শাস্তি দিয়া হ’ব, সেই বিষয়েও প্রভুৱে জানে।
ৰাতিৰ অধিক ভাগ গ’ল, দিন ওচৰ চাপিল; এই কাৰণে আহক, আন্ধাৰৰ কৰ্ম এৰি থৈ পোহৰৰ সাজ পিন্ধোহঁক।
কিয়নো তোমালোকৰ বিৰোধী সকলৰ কোনেও প্ৰতিশোধ বা প্ৰত্যুত্তৰ কৰিব নোৱাৰা বাক্য আৰু জ্ঞান মই তোমালোকক দিম।
সেই দিনা ইস্ৰায়েলৰ অৱশিষ্ট লোক, যাকোবৰ বংশৰ ৰক্ষা পোৱা লোকসকলে, তেওঁলোকক পৰাজিত কৰা সকলৰ ওপৰত আৰু নিৰ্ভৰ নকৰিব; কিন্তু বাস্তৱিকতে ইস্ৰায়েলৰ পবিত্ৰ ঈশ্বৰ যিহোৱাত, নিৰ্ভৰ কৰিব। যাকোবৰ অৱশিষ্ট লোকসকল পৰাক্ৰমী ঈশ্বৰলৈ ঘুৰি আহিব। কাৰণ তোমাৰ ইস্রায়েলী লোকসকল সমুদ্ৰতীৰৰ বালিৰ দৰে হ’লেও, তেওঁলোকৰ কেৱল অৱশিষ্ট সকলহে ঘুৰি আহিব। প্রচুৰ ধাৰ্মিকতা দাবী কৰাৰ দ্বাৰাই বিধানত ধ্বংস স্থিৰ কৰা হৈছে। কাৰণ বাহিনীসকলৰ প্ৰভু যিহোৱাই সমগ্র পৃথিৱীত ধ্বংস আনিবলৈ সিদ্ধান্ত লৈছে।
তেওঁলোকে ঈশ্বৰৰ সত্যতাক মিছাৰ সৈতে সাল-সলনি কৰি সৃষ্টিকৰ্ত্তাৰ সলনি সৃষ্ট বস্তুবোৰৰ আৰাধনা আৰু সেৱা কৰিলে; সেই জন সৃষ্টিকৰ্ত্তা চিৰকাল ধন্য। আমেন।
কিয়নো আমি যি ৰাজ্যৰ মানুহ, সেই ৰাজ্য স্বৰ্গত আছে, আৰু স্ৱর্গৰ পৰাই আহিব বুলি আমাৰ ত্ৰাণকৰ্তা প্ৰভু যীচু খ্ৰীষ্টলৈ অপেক্ষা কৰি আছোঁ;
গতিকে, হে ৰজাসকল, এতিয়া তোমালোকে জ্ঞানেৰে বুজি চলিবা; হে পৃথিবীৰ শাসনকর্তাসকল, সাৱধান হোৱা। ভয়েৰে সৈতে যিহোৱাৰ সেৱা কৰা; উল্লাসিত হৈ কম্পন কৰা। তোমালোকে তেওঁৰ পুত্ৰক সন্মানেৰে চুমা খোৱা, নহলে তেওঁ তোমালোকৰ ওপৰত ক্রুদ্ধ হ’ব, তোমালোক নিজৰ পথতে বিনষ্ট হবা; কিয়নো তেওঁৰ ক্ৰোধ নিমিষতে জ্বলি উঠিব পাৰে। ধন্য সেইসকল, যিসকলে তেওঁত আশ্ৰয় লয়।
যীচুৱে তেওঁক ক’লে, “তুমি সঁচাকৈ ক’লা; তথাপি মই আপোনালোকক কওঁ, এতিয়াৰ পৰা আপোনালোকে মানুহৰ পুত্ৰক পৰাক্ৰমৰ সোঁ হাতে বহি থকা আৰু স্বৰ্গৰ পৰা মেঘত অহা দেখিব।”
কুকুৰনেচীয়া বাঘ মেৰ-ছাগ পোৱালিৰ সৈতে বাস কৰিব, আৰু নাহৰফুটুকী বাঘ ছাগলী পোৱালিৰ সৈতে শুব। দামুৰি আৰু যুবা সিংহ, আৰু হৃষ্টপুষ্ট দামুৰি একেলগে থাকিব। এটি সৰু লৰাই সিহঁতক চলাব। গৰু আৰু ভালুকে একেলগে চৰিব, আৰু সিহঁতৰ পোৱালিবোৰ একেলগে শুব, সিংহই ষাঁড় গৰুৰ দৰে ধান খেৰ খাব। কেঁচুৱাই সাপ থকা গাতৰ ওপৰত খেলিব, আৰু পিয়াহ এৰা ল’ৰাই সৰ্প থকা গাতত হাত দিব। মোৰ সমগ্র পবিত্ৰ পৰ্ব্বতত সিহঁতে আঘাত বা ধ্বংস নকৰিব; কাৰণ পানীয়ে যি দৰে সমুদ্ৰক ঢাকে, সেইদৰে যিহোৱাৰ জ্ঞানে পৃথিৱী পৰিপূৰ্ণ কৰিব।
কিয়নো আমি জানো যে, যি তম্বুৰূপ পাৰ্থিৱ ঘৰত আমি আছোঁ, সেয়া যদি ভগ্ন হয়, তেনেহলে বিনাহাতে সজা ঈশ্বৰে থাকিবলৈ দিয়া এক অনন্তকলীয়া ঘৰ স্বৰ্গত আছে।
হে প্ৰিয় সন্তানসকল, অাপোনালোক হ’ল ঈশ্বৰৰ আৰু অাপোনালোকে সেই আত্মা বোৰৰ ওপৰত জয় কৰিলে; কিয়নো জগতত থকা জনতকৈ আপোনালোকত থকা জন মহান।
ইয়াতে, ‘আৰু এবাৰ’, এই শব্দই, অলৰ বস্তুবোৰ থাকিবৰ কাৰণে, নিৰ্ম্মিত বস্তুৰ দৰে লৰোৱা বস্তুবোৰ দূৰ কৰা বুজাইছে।
তাৰ পাছত মই নতুন আকাশমণ্ডল আৰু নতুন পৃথিৱী দেখিলোঁ; কিয়নো প্ৰথম আকাশমণ্ডল আৰু প্ৰথম পৃথিৱী গুচি গ’ল; সমুদ্ৰও নাছিল। তাতে তেওঁ মোক আত্মাত এখন ডাঙৰ ওখ পৰ্বতলৈ নিলে, আৰু ঈশ্বৰৰ পৰা, অৰ্থাৎ স্বৰ্গৰ পৰা নামি অহা ঈশ্বৰৰ প্ৰভাৱ-যুক্ত সেই পবিত্ৰ যিৰূচালেম নগৰ দেখুৱালে। সেই নতুন যিৰূচালেম ঈশ্ৱৰৰ মহিমাৰে পূৰ্ণ আছিল আৰু তাৰ জ্যোতি বহুমূলীয়া মণি, অৰ্থাৎ স্ফটিকৰ দৰে নিৰ্ম্মল সূৰ্য্যকান্ত মণিৰ নিচিনা আছিল৷ তাত ওখ আৰু ডাঙৰ গড় আৰু বাৰ খন দ্ৱাৰ আছিল; সেই বাৰ খন দ্ৱাৰত বাৰ জন দূত থাকে আৰু সেই দ্ৱাৰত ইস্ৰায়েলৰ সন্তান সকলৰ বাৰ ফৈদৰ নাম লিখা আছিল৷ তাৰে তিনি খনৰ দ্ৱাৰ পূব ফালে, তিনি খন দ্ৱাৰ উত্তৰ ফালে, তিনি খন দ্ৱাৰ দক্ষিণ ফালে আৰু তিনি খন দুৱাৰ পশ্চিম ফালে। আৰু নগৰৰ গড়ৰ বাৰটা ভিত্তিমূল; তাত মেৰ-পোৱালিৰ বাৰ জন পাঁচনিৰ বাৰটা নাম আছে। আৰু সেই নগৰ আৰু তাৰ দুৱাৰবোৰ আৰু তাৰ গড় জুখিবৰ কাৰণে, মোৰে সৈতে কথা হোৱা জনৰ সোণৰ নলৰ এডাল জোখ আছিল। সেই নগৰ চাৰি-চুকীয়া, তাৰ দীঘে-পথালিয়ে সমান। পাছত তেওঁ নলেৰে নগৰ খনৰ জোখ লৈ পোন্ধৰ শ মাইল পালে; দীঘে-পথালিয়ে আৰু উচ্চতাত সমান। পাছত গড় জুখি, মানুহৰ অৰ্থাৎ দূতৰ জোখ ডালেৰে এশ চৌৱাল্লিশ হাত হ’ল। সেই গড়ৰ গাঁঠনি সূৰ্য্যকান্ত মণিৰ আৰু নগৰ খন শুদ্ধ সোণৰ পৰিষ্কাৰ দৰ্পণৰ নিচিনা। নগৰৰ গড়ৰ ভিত্তিমূলবোৰ আটাইবিধ বহুমূলীয়া মণিৰে বিভূষিত আছিল। আৰু দৰাৰ কাৰণে বিভূষিতা কন্যা যেনে, তেনেকৈ যুগুত হোৱা, সেই পবিত্ৰ নগৰ নতুন যিৰূচালেমক, ঈশ্বৰৰ পৰা, অৰ্থাৎ স্বৰ্গৰ পৰা নমা দেখিলোঁ। প্ৰথম মূল সূৰ্য্যকান্তৰ, দ্বিতীয় নীলকান্তৰ, তৃতীয় তাম্ৰমণিৰ, চতুৰ্থ মৰকতৰ, পঞ্চম বৈদুৰ্য্যৰ, ষষ্ঠ চাৰ্দ্দীয় মণিৰ, সপ্তম স্বৰ্ণমণিৰ, অষ্টম গোমেদকৰ, নৱম পদ্মৰাগৰ, দশম লশুনীয়ৰ, একাদশ পেৰোজৰ, দ্বাদশ কটাহেলাৰ আছিল। সেই বাৰটা দ্ৱাৰত বাৰটা মুকুতা আছিল, আৰু প্ৰত্যেকটো দ্ৱাৰে এটা এটা মুকুতাৰে সজা হৈছিল৷ নগৰৰ আলিবাট শুদ্ধ সোণৰ আৰু পৰিষ্কাৰ দৰ্পণৰ নিচিনা আছিল। তাৰ ভিতৰত মই কোনো মন্দিৰ নেদেখিলোঁ, কিয়নো সৰ্ব্বশক্তিমান প্ৰভু পৰমেশ্বৰ আৰু সেই মেৰ-পোৱালি জনে তাৰ মন্দিৰ। সেই নগৰত দীপ্তিৰ বাবে সূৰ্য বা চন্দ্ৰৰ প্ৰয়োজন নাই; কিয়নো তাত ঈশ্বৰৰ প্ৰতাপে দীপ্তি দিয়ে, আৰু মেৰ-পোৱালি জন তাৰ প্ৰদীপ স্বৰূপ। জাতিবোৰে সেই দীপ্তিত অহা-যোৱা কৰিব; আৰু পৃথিৱীৰ ৰজা সকলে নিজৰ প্ৰতাপ তাৰ ভিতৰলৈ আনিব। তাৰ দ্ৱাৰবোৰ দিনত কেতিয়াও বন্ধ নহব; কিয়নো তাত ৰাতি নহব; তেওঁলোকে জাতি সকলৰ প্ৰতাপ আৰু মৰ্যদা তাৰ ভিতৰলৈ আনিব। আৰু কোনো অশুচি বস্তু তাৰ ভিতৰত প্ৰৱেশ নকৰিব৷ সেয়েহে তাতে ঘিণলগীয়া কৰ্ম কৰা আৰু মিছা কথা কোৱা কোনেও তাৰ ভিতৰত কেতিয়াও প্ৰৱেশ নকৰিব, কিন্তু কেৱল যি সকলৰ নাম সেই মেৰ-পোৱালিৰ জীৱন পুস্তকত লিখা আছে, তেওঁলোকেহে ভিতৰত প্ৰৱেশ কৰিব৷ পাছত মই সেই সিংহাসনৰ পৰা এই মহা আকাশ-বাণী শুনিলোঁ, “সৌৱা চোৱা!” লোক সকলৰ সহিত ঈশ্বৰৰ নিবাস আৰু তেওঁলোকৰ সহিত তেওঁ নিবাস কৰিব৷ তেওঁলোক তেওঁৰ নিজ লোক হব, আৰু ঈশ্বৰ নিজে সঙ্গী হৈ তেওঁলোকৰ ঈশ্বৰ হ’ব৷ তেওঁলোকৰ চকুৰ পৰা আটাই চকুলো মচি গুচাব; তাতে মৃত্যু পুনৰ নহব; শোক বা ক্ৰন্দন বা বেদনাও পুনৰ নহব৷ আগৰবোৰ গুচি গ’ল।