22 যি জনে ভাৰ্যা পায়, তেওঁ পৰম বস্তু পায়, আৰু যিহোৱাৰ পৰা অনুগ্ৰহ লাভ কৰে।
তাৰ পাছত ঈশ্বৰ যিহোৱাই ক’লে, “মানুহ অকলে থকা ভাল নহয়; মই তেওঁৰ বাবে এজন উপযুক্ত সহকাৰী নিৰ্ম্মাণ কৰিম।”
তেতিয়া ইচহাকে নিজ মাতৃ চাৰাৰ তম্বুলৈ ৰিবেকাক লৈ গ’ল আৰু ইচহাকে তেওঁক গ্ৰহণ কৰিলে, তাতে ৰিবেকা তেওঁৰ ভাৰ্যা হ’ল। আৰু ইচহাকে তেওঁক প্ৰেম কৰিলে; তাতে তেওঁৰ মাতৃৰ মৰণৰ পাছত, তেওঁ শান্ত্বনা পালে।
তেতিয়া যাকোবে সেইদৰেই কৰিলে আৰু লেয়াৰ সপ্তাহো সম্পূর্ণ কৰিলে। তাৰ পাছত লাবনে তেওঁৰ জীয়েক ৰাহেলকো তেওঁৰ লগত বিয়া দিলে।
গুণৱতী ভাৰ্যা স্বামীৰ মুকুটৰ দৰে; কিন্তু লাজ দিওঁতা মহিলাৰ অস্থি ক্ষয়কাৰী ৰোগ যেন হয়।
ঘৰ আৰু ধন-সম্পত্তি পিতৃসকলৰ পৰা পোৱা উত্তৰাধিকাৰ; কিন্তু জ্ঞানৱতী ভাৰ্যা যিহোৱাৰ পৰা পোৱা যায়।
তেতিয়া তুমি ঈশ্বৰ আৰু মানুহৰ দৃষ্টিত অনুগ্ৰহ আৰু সুযশস্যা পাবা।
কাৰণ যি জনে মোক বিচাৰি পায়, তেওঁ জীৱন পায়, আৰু তেওঁ যিহোৱাৰ পৰা অনুগ্ৰহ লাভ কৰে।
সূৰ্যৰ তলত ঈশ্বৰে তোমাক এই যি সকলো অস্থায়ী আয়ুসৰ কাল দিছে, তোমাৰ জীৱনৰ সেই সকলো অসাৰ দিনত তোমাৰ ভার্যা, যাক তুমি ভালপোৱা, তেওঁৰে সৈতে আনন্দেৰে জীৱন কটোৱা। কিয়নো সূর্যৰ তলত তোমাৰ জীৱনকালত আৰু তোমাৰ পৰিশ্রমত এয়ে তোমাৰ পাবলগা ভাগ।
যাকোব অৰাম দেশলৈ পলাই গৈছিল; ভার্য্যা পাবৰ কাৰণে ইস্ৰায়েলে মজুৰিৰ কার্যৰ লগতে মেৰ-ছাগ চৰোৱাৰ কার্য কৰিছিল।
কিন্তু নানান ব্যভিচাৰ কার্যত পৰীক্ষিত নহ’বলৈ প্ৰতিজন পুৰুষৰ নিজা ভাৰ্যা হওক আৰু প্ৰতি গৰাকী মহিলাৰ নিজা স্বামী হওক।
আপোনাৰ ভাইসকলৰ মাজৰ পৰা আৰু আপুনি বাস কৰা ঠাইৰ পৰা সেই মৃত লোকৰ নাম যেন লুপ্ত নহয়, সেইবাবে মৃতলোকৰ অধিকাৰত তেওঁৰ নাম ৰাখিবৰ অৰ্থে মই নিজ ভাৰ্য্যাস্বৰূপে মহলোনৰ ভাৰ্যা মোৱাবীয়া ৰূথকো কিনিলোঁ; আজি আপোনালোকে সকলোৱে ইয়াৰ সাক্ষী হৈ ৰ’ল।”