Biblia Todo Logo
অনলাইন বাইবেল
- বিজ্ঞাপন -




আদি 29:20 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

20 সেয়ে, যাকোবে ৰাহেলৰ কাৰণে সাত বছৰ সেৱা কার্য কৰিলে; ৰাহেলক প্ৰেম কৰাৰ কাৰণেই সেই বছৰবোৰ যাকোবৰ মনত মাত্র অলপ দিন যেন লাগিল।

অধ্যায়টো চাওক কপি কৰক




আদি 29:20
14 পৰস্পৰ সংযোগসমূহ  

তেতিয়া ইচহাকে নিজ মাতৃ চাৰাৰ তম্বুলৈ ৰিবেকাক লৈ গ’ল আৰু ইচহাকে তেওঁক গ্ৰহণ কৰিলে, তাতে ৰিবেকা তেওঁৰ ভাৰ্যা হ’ল। আৰু ইচহাকে তেওঁক প্ৰেম কৰিলে; তাতে তেওঁৰ মাতৃৰ মৰণৰ পাছত, তেওঁ শান্ত্বনা পালে।


তেতিয়া লাবনে ক’লে, “ৰাহেলক আন কোনো মানুহক দিয়াতকৈ তোমাক দিয়াই ভাল; তুমি মোৰ লগতে থাকা।”


এতিয়া তুমি মোৰ এই ছোৱালীৰ বিবাহৰ উৎসৱ সপ্তাহ পূর্ণ কৰা। তুমি আৰু সাত বছৰ মোৰ সেৱা কৰিলে, আমি তোমাক আন জনীও দিম।”


এইদৰে যাকোবে ৰাহেলকো বিয়া কৰিলে; কিন্তু তেওঁ লেয়াতকৈ ৰাহেলক অধিক প্ৰেম কৰিলে; তাৰ পাছত তেওঁ আৰু সাত বছৰ খাটি লাবনৰ সেৱা কৰিলে।


মোৰ ভার্য্যা আৰু সন্তান সকলৰ কাৰণে মই আপোনাৰ সেৱা কৰিলোঁ। এতিয়া তেওঁলোকক লৈ মোক যাবলৈ দিয়ক। কিয়নো আপুনি নিজেই জানে মই কিভাৱে আপোনাৰ সেৱা কৰিলোঁ।”


তেওঁ আমাক বিদেশীনীৰূপে গণ্য হোৱা নাই নে? কিয়নো তেওঁ আমাক বেচিলে আৰু বেচি পোৱা ধনকো তেওঁ গ্ৰাস কৰিলে।


পৰিয়ালৰ সকলোতকৈ সন্মানীত ব্যক্তি যুবক চিখিমে পলম নকৰি তেওঁলোকে কোৱা কথাত সন্মতি জনালে; কাৰণ তেওঁ যাকোবৰ জীয়েকক বৰ ভাল পাইছিল।


যাকোব অৰাম দেশলৈ পলাই গৈছিল; ভার্য্যা পাবৰ কাৰণে ইস্ৰায়েলে মজুৰিৰ কার্যৰ লগতে মেৰ-ছাগ চৰোৱাৰ কার্য কৰিছিল।


যিহোৱাই এজন ভাববাদীৰ দ্বাৰাই মিচৰ দেশৰ পৰা ইস্ৰায়েলক আনিছিল; এজন ভাৱবাদীৰ দ্বাৰাই তেওঁ প্ৰতিপালিত হৈছিল।


প্ৰেমে সকলোকে আকোৱালি লয়, সকলোকে বিশ্বাস কৰে, সকলোকে আশা কৰে আৰু সকলোকে সহ্য কৰে।


কাৰণ খ্ৰীষ্টৰ প্ৰেমে আমাক সীমাবদ্ধ কৰি ৰাখিছে; কিয়নো আমি নিশ্চয় কৰিলোঁ যে, সকলোৰে কাৰণে এজন মৰিল, এতেকে সকলোৱে মৰিল৷


খ্ৰীষ্টে যেনেকৈ আপোনালোকক প্ৰেম কৰিলে আৰু আমাৰ কাৰণে ঈশ্বৰৰ উদ্দেশ্যে সুগন্ধযুক্ত নৈবেদ্য আৰু বলি স্বৰূপে নিজকে শোধাই দিলে, তেনেকৈ আপোনালোকেও প্ৰেমৰ পথত চলক।


সেয়ে চৌলৰ দাসবোৰে এইসকলো কথা দায়ূদৰ আগত ক’লে, আৰু দায়ূদে ক’লে, “ৰজাৰ জোঁৱাই হোৱা সাধাৰণ কথা বুলি তোমালোকে ভাবিছা নে মই দুখীয়া আৰু সামান্যভাৱে সন্মানীয় মানুহ?”


আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন