তাৰ উপৰি তেওঁ তেওঁক নেগেভ আৰু খেজুৰৰ নগৰ যিৰীহোৰ উপত্যকাৰ সমথল ভূমি অৰ্থাৎ চোৱৰলৈকে দেখুৱালে।
বিচাৰ 3:13 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 অম্মোনীয়া আৰু অমালেকীয়াসকলক লগত লৈ ইগ্লোনে ইস্ৰায়েলক পৰাজিত কৰি খেজুৰ গছৰ চহৰ নিজৰ অধীনলৈ আনিলে। |
তাৰ উপৰি তেওঁ তেওঁক নেগেভ আৰু খেজুৰৰ নগৰ যিৰীহোৰ উপত্যকাৰ সমথল ভূমি অৰ্থাৎ চোৱৰলৈকে দেখুৱালে।
মোচিৰ শহুৰেকৰ বংশৰ সন্তান সকল, যিসকল জাতিত কেনীয়া আছিল, তেওঁলোকে যিহূদাৰ লোকসকলৰ সৈতে খেজুৰ চহৰৰ পৰা অৰাদ এলেকাৰ ওচৰৰ নেগেভত থকা যিহূদাৰ লোকসকলে বসবাস কৰা মৰুভূমিলৈ তেওঁলোকে সৈতে বসবাস কৰিবলৈ উঠি গ’ল।
যিহোৱাই তেওঁলোকক ক’লে, “মই জানো মিচৰীয়া, ইমোৰীয়া, অম্মোনীয়া আৰু পলেষ্টীয়াসকলৰ পৰা তোমালোকক উদ্ধাৰ কৰা নাছিলো?
যেতিয়া চীদোনীয়া, অমালেকীয়া আৰু মায়োনীয়াসকলে তোমালোকক উপদ্ৰৱ কৰিছিল, তেতিয়া তোমালোকে মোৰ আগত কাতৰোক্তি কৰিছিলা আৰু মই তোমালোকক তেওঁলোকৰ অধীনৰ পৰা উদ্ধাৰ কৰিছিলোঁ।
অম্মোনীয়াসকলে যিহূদা, বিন্যামীন আৰু ইফ্ৰয়িম ফৈদৰ বিপক্ষে যুদ্ধ কৰিবলৈ যৰ্দ্দন পাৰ হৈ গ’ল। তেতিয়া ইস্ৰায়েলী লোকসকলে অতিশয় কষ্ট ভোগ কৰিলে।
কিছু লোক আহিল ইফ্ৰয়িমৰ পৰা, য’ত অমালেকীয়াসকলে বাস কৰিছিল; তোমালোকৰ পাছে পাছে বিন্যামীন বংশৰ লোক আহিল; মাখীৰৰ পৰা সেনাপতিসকল নামি আহিল; আৰু জবূলূনৰ বংশৰ লোকসকলে শাসনকর্তাৰ দণ্ড লৈ নামি আহিল।
ইস্ৰায়েলীয়াসকলে যেতিয়া নিজৰ কঠীয়া সিচেঁ, সেই সময়ত মিদিয়নীয়া, অমালেকীয়া, আৰু পূব দেশৰ লোকসকলে আহি তেওঁলোকক আক্রমণ কৰে।