Biblia Todo Logo
অনলাইন বাইবেল
- বিজ্ঞাপন -




বিচাৰ 10:11 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

11 যিহোৱাই তেওঁলোকক ক’লে, “মই জানো মিচৰীয়া, ইমোৰীয়া, অম্মোনীয়া আৰু পলেষ্টীয়াসকলৰ পৰা তোমালোকক উদ্ধাৰ কৰা নাছিলো?

অধ্যায়টো চাওক কপি কৰক




বিচাৰ 10:11
14 পৰস্পৰ সংযোগসমূহ  

এইদৰে সেই দিনা যিহোৱাই মিচৰীয়া সকলৰ হাতৰ পৰা ইস্ৰায়েলক পৰিত্ৰাণ কৰিলে। ইস্ৰায়েলী লোকসকলে মিচৰীয়া সকলৰ মৃতদেহ সাগৰৰ তীৰত পৰি থকা দেখিলে।


গতিকে তেওঁলোকৰ তেওঁৰ কোনো শেষ নথকাকৈ, তেওঁক, তেওঁৰ পুতেকসকলক আৰু তেওঁৰ আটাই প্ৰজাক মাৰি, তেওঁৰ দেশ অধিকাৰ কৰি ল’লে।


বিশ্বাসৰ দ্বাৰাই তেওঁলোকে, শুকান মাটিয়েদি যোৱাৰ দৰে, লোহিত সাগৰৰ মাজেদি যাত্ৰা কৰিলে; কিন্তু মিচৰ দেশৰ লোক সকলে আহিবলৈ চেষ্টা কৰোঁতে তেওঁলোকক গ্ৰাস কৰা হ’ল।


তেওঁলোকৰ ওপৰ-পিতৃসকলৰ যিহোৱা ঈশ্বৰ, যিজনাই মিচৰ দেশৰ পৰা তেওঁলোকক উলিয়াই আনিছিল, তেওঁক তেওঁলোকে ত্যাগ কৰিলে। তেওঁলোকৰ চাৰিওফালে বসবাস কৰা লোক সকলৰ বিভিন্ন দেৱ-দেবীক প্রণিপাত কৰি সেইবোৰৰ পাছত চলিবলৈ ধৰিলে। তেওঁলোকে যিহোৱাৰ ক্রোধ প্রজ্বলিত কৰি তুলিলে।


তেওঁ তেওঁলোকক ক’লে, “মোৰ পাছে পাছে আহঁক; যিহোৱাই আপোনালোকৰ শত্ৰু মোৱাবীয়াহঁতক পৰাজিত কৰি আপোনালোকৰ হাতত তুলি দিলে।” তাতে তেওঁলোকে তেওঁৰ পাছে পাছে নামি গৈ, মোৱাবৰ ওচৰত যৰ্দ্দন নদীৰ পাৰৰ যি যি ঠাই খোজ কাঢ়ি পাৰ হ’ব পাৰি সেইবোৰ দখল কৰি ল’লে আৰু তেওঁলোকে কাকো নদী পাৰ হ’বলৈ নিদিলে।


এহূদৰ পাছত, অনাতৰ পুত্র চমগৰ বিচাৰকর্তা হ’ল; তেওঁ গৰু খেদোৱা লাঠিৰে পলেষ্টীয়াসকলৰ ছশ লোকক বধ কৰিছিল। তেৱোঁ ইস্ৰায়েলবাসীক দুর্যোগৰ পৰা নিস্তাৰ কৰিছিল।


যাকোব মিচৰলৈ অহাৰ পাছত, যেতিয়া তোমালোকৰ পূৰ্ব-পুৰুষসকলে যিহোৱাৰ আগত কাতৰোক্তি কৰিলে, তেতিয়া যিহোৱাই মোচি আৰু হাৰোণক পঠালে; তেওঁলোকে মিচৰৰ পৰা তোমালোকৰ পূৰ্বপুৰুষসকলক উলিয়াই আনিলে আৰু এই ঠাইতে তেওঁলোকক নিবাস কৰিবলৈ দিলে।


আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন