12 যেতিয়া চীদোনীয়া, অমালেকীয়া আৰু মায়োনীয়াসকলে তোমালোকক উপদ্ৰৱ কৰিছিল, তেতিয়া তোমালোকে মোৰ আগত কাতৰোক্তি কৰিছিলা আৰু মই তোমালোকক তেওঁলোকৰ অধীনৰ পৰা উদ্ধাৰ কৰিছিলোঁ।
ইস্ৰায়েলীয়াসকলে যেতিয়া নিজৰ কঠীয়া সিচেঁ, সেই সময়ত মিদিয়নীয়া, অমালেকীয়া, আৰু পূব দেশৰ লোকসকলে আহি তেওঁলোকক আক্রমণ কৰে।
তাৰ পাছত এই ৰজাসকল ঘূৰি গৈ অয়িন-মিস্পাট অৰ্থাৎ কাদেচলৈ গ’ল। তেওঁলোকে অমালেকীয়াসকলৰ গোটেই দেশ জয় কৰি ল’লে আৰু হচচোন-তামৰত থকা ইমোৰীয়াসকলকো পৰাজয় কৰিলে।
অম্মোনীয়া আৰু অমালেকীয়াসকলক লগত লৈ ইগ্লোনে ইস্ৰায়েলক পৰাজিত কৰি খেজুৰ গছৰ চহৰ নিজৰ অধীনলৈ আনিলে।
যিহূদাৰ ৰজা হিষ্কিয়া ৰাজত্ব কৰা সময়ত, ওপৰত উল্লেখ কৰা নামৰ লোকসকলে গৈ হামিতত বাস কৰা লোকসকলক আৰু মায়োনীয়াসকলক আক্রমণ কৰিলে, আৰু সেই সময়ত তেওঁলোক তাতে আছিল। তেওঁলোকে সেই লোকসকলক নিঃশেষে বিনষ্ট কৰিলে। পাছত তেওঁলোকে পশুৰ জাকৰ বাবে উপযুক্ত চৰণীয়া ঠাই বিচাৰি পোৱাত, তেওঁলোকে তাতে বাস কৰিলে।