Biblia Todo Logo
অনলাইন বাইবেল
- বিজ্ঞাপন -




বিচাৰ 10:9 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

9 অম্মোনীয়াসকলে যিহূদা, বিন্যামীন আৰু ইফ্ৰয়িম ফৈদৰ বিপক্ষে যুদ্ধ কৰিবলৈ যৰ্দ্দন পাৰ হৈ গ’ল। তেতিয়া ইস্ৰায়েলী লোকসকলে অতিশয় কষ্ট ভোগ কৰিলে।

অধ্যায়টো চাওক কপি কৰক




বিচাৰ 10:9
13 পৰস্পৰ সংযোগসমূহ  

পাছত কুচদেশীয় জেৰহে দহ লাখ সৈন্য আৰু তিনিশ ৰথ লগত লৈ, তেওঁলোকৰ বিৰুদ্ধে যাত্ৰা কৰি মাৰেচা পালেহি।


সেই সময়ত যি লোক বাহিৰলৈ গৈছিল বা ভিতৰলৈ আহিছিল, সেই লোকৰ কোনো শান্তি নাছিল; কিন্তু দেশ নিবাসী সকলো লোকলৈ বৰ ক্লেশ ঘটিছিল।


সেই জাতিবোৰৰ মাজত আপোনালোকে একো সুখ নাপাব আৰু আপোনালোকৰ ভৰি-তলুৱাই জিৰণী নাপাব; কিন্তু যিহোৱাই সেই ঠাইত আপোনালোকৰ বুকু কঁপাব, চকু দুৰ্ব্বল কৰিব আৰু অন্তৰ নিৰাশাৰে ভৰাই দিব;


তেওঁলোকে যিহোৱাৰ আগত কাতৰোক্তি কৰিলে, “আমি নিজ ঈশ্বৰক ত্যাগ কৰি বাল-দেৱতাবোৰক পূজা কৰি আপোনাৰ বিৰুদ্ধে পাপ কৰিলোঁ।”


তেওঁলোকে সেই বছৰত ইস্ৰায়েলীয়াসকলক উপদ্রৱ কৰি জয় কৰিলে; ওঠৰ বছৰ ধৰি যৰ্দ্দনৰ সিপাৰে থকা গিলিয়দৰ ইমোৰীয়া দেশত বাস কৰা সকলো ইস্ৰায়েলীয়া লোকক তেওঁলোকে উপদ্রৱ কৰিছিল।


কিছু কালৰ পাছত অম্মোনীয়াসকলে ইস্ৰায়েলৰ সৈতে যুদ্ধ কৰিবলৈ ধৰিলে।


যেতিয়া ইস্রায়েলীয়াসকল যুদ্ধলৈ যায় তেতিয়া যিহোৱাই যিদৰে শপত খাইছিল, সেই অনুসাৰে তেওঁৰ হাত তেওঁলোকৰ পৰাজয়ৰ কাৰণে তেওঁলোকৰ বিপক্ষে আছিল। তাৰ ফলত ইস্রায়েলীয়াসকল ভয়ঙ্কৰ দুর্দ্দশাৰ মাজত আছিল।


মিদিয়নীয়াসকল শক্তিশালী হোৱাত ইস্ৰায়েলবাসীক তেওঁলোকে অত্যাচাৰ কৰিবলৈ ধৰিলে; মিদিয়নৰ ভয়তে ইস্ৰায়েলৰ সন্তান সকলে পাহাৰৰ মাজৰ ফাঁক, গুহা আৰু দুর্গবোৰ আশ্রয়ৰ ঠাই কৰি ল’লে।


যেতিয়া ইস্ৰায়েল লোকসকলে দেখিলে যে, তেওঁলোক বিপদত পৰিছে, কাৰণ লোকসকলে যাতনা পাইছিল, সেয়ে লোকসকলে গুহাত, হাবিত, শিলৰ খোৰোঙত দুৰ্গম ঠাইত আৰু গাতত নিজকে লুকুৱালে।


পাছত চমূৱেলে চৌলক সুধিলে, “তুমি মোক কিয় উঠাই আনি আমনি কৰিছা?” তাতে চৌলে উত্তৰ দিলে, “মই অতি সঙ্কটত আছোঁ; পলেষ্টীয়াসকলে মোৰ বিৰুদ্ধে যুদ্ধ কৰিছে, আৰু যিহোৱাই মোক ত্যাগ কৰিলে, ভাববাদীৰ দ্বাৰাই, বা সপোনৰ দ্বাৰাই মোক কোনো উত্তৰ দিয়া নাই; সেয়ে মই কি কৰা উচিত, সেই বিষয়ে মোক জনাবৰ বাবে আপোনাক মাতি আনিলো।”


আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন