আপুনি জানেনে, এই পৃথিৱীত বেয়া শক্তিৰ প্ৰকোপ সঁচাকৈয়ে আছে। আমাৰ বিশ্বাস ধাৰণ কৰি থাকিলেও, আমি মানি ল’ব লাগিব যে আমাৰ শত্ৰু কেৱল মানুহৰ ভাবনা নহয়, বৰং আন্ধাৰৰ পৰা অহা প্ৰকৃত শক্তি। বাইবেলত কোৱা হৈছে, "কাৰণ আমাৰ যুদ্ধ মাংস আৰু তেজৰ বিৰুদ্ধে নহয়, কিন্তু শাসনকৰ্তা, কৰ্ত্তৃপক্ষ, এই আন্ধাৰৰ জগতৰ শাসনকৰ্তা আৰু স্বৰ্গীয় স্থানত থকা দুষ্ট আত্মাৰ বিৰুদ্ধে" (ইফিচীয়া ৬:১২)। চয়তানৰ অসংখ্য ভূত আছে যিবোৰে তাৰ ইচ্ছা পূৰণ কৰে আৰু ঈশ্বৰৰ পৰিকল্পনা নষ্ট কৰিবলৈ পৃথিৱীত সক্ৰিয়।
কিন্তু, খ্ৰীষ্টই মণ্ডলীক অন্ধকাৰৰ শক্তিৰ ওপৰত ক্ষমতা দিছে, এই কথাটো মনত ৰাখিব লাগে। গতিকে, ঈশ্বৰে আশা কৰে যে তেওঁৰ লোকসকলে শত্ৰু সৈন্যৰ সন্মুখীন হওঁতে সচেতন আৰু দৃঢ় হওক, যীচুৰ নামত তেওঁলোকক তিৰস্কাৰ কৰক, কাৰণ পৃথিৱীত নাসৰতীয়া যীচুৰ নামতকৈ শক্তিশালী আন কোনো নাম নাই।
এইবোৰ পৰাক্ৰম কাৰ্যৰ চিন, বিশ্বাস কৰা সকলৰ অনুগামী হ’ব। তেওঁলোকে মোৰ নামেৰে ভূত খেদাব, নতুন নতুন ভাষাৰে কথা ক’ব; সাপক হাতেৰে তুলি ল’ব;
এতেকে আপোনালোক ঈশ্বৰৰ বশীভুত হওক আৰু চয়তানক প্ৰতিৰোধ কৰক; তাতে সি আপোনালোকৰ মাজৰ পৰা পলাই যাব।
পাছত যীচুৱে তেওঁৰ বাৰ জন পাঁচনিক একেলগে মাতি সকলো ভূতৰ ওপৰত ক্ষমতা আৰু ৰোগ সুস্থ কৰিবলৈকো শক্তি আৰু ক্ষমতা দিলে৷
কিন্তু যীচুৱে তাক ডবিয়াই ক’লে, “মনে মনে থাক আৰু ইয়াৰ পৰা বাহিৰ ওলা!” তেতিয়া সেই অশুচি আত্মাই এক ডাঙৰ মাতেৰে চিঞৰি মানুহ জনক তলত পেলাই মুচৰি তেওঁৰ পৰা বাহিৰ ওলাই গ’ল।
তেতিয়া যীচুৱে সেই ভূতৰ আত্মাক ডবিয়াই দিয়াত, সি লৰাটোৰ পৰা ওলাই গ’ল আৰু সেই মুহুৰ্তৰে পৰা ল’ৰাটো সুস্থ হ’ল।
পাছত সেই সত্তৰ জনে আনন্দেৰে ঘূৰি আহি ক’লে, “হে প্ৰভু, আপোনাৰ নামৰ দ্বাৰাই ভূতবোৰো আমাৰ বশীভূত হ’ল।” যীচুৱে তেওঁলোকক ক’লে, “স্বৰ্গৰ পৰা বিজুলীৰ নিচিনাকৈ, মই চয়তানক পৰা দেখিলোঁ। চোৱা, সাপ আৰু কেঁকোৰা-বিছা গচকিবলৈ আৰু শত্ৰুৰ সকলো পৰাক্ৰমৰ ওপৰত তোমালোকক ক্ষমতা দিলোঁ; তাতে একোৱে তোমালোকৰ কোনো প্ৰকাৰে অন্যায় কৰিব নোৱাৰিব। আৰু তেওঁলোকক ক’লে, “শস্য সৰহ, কিন্তু বনুৱা তাকৰ; সেই কাৰণে নিজৰ শস্যক্ষেত্ৰলৈ বনুৱা সকলক পঠিয়াই দিবলৈ, শস্যৰ গৰাকীক প্ৰাৰ্থনা কৰা। তথাপি ভূতৰ আত্মাবোৰ যে তোমালোকৰ বশীভূত হ’ল, সেই কথাত আনন্দ নকৰি, তোমালোকৰ নাম যে স্বৰ্গত লিখা হৈছে, সেই বাবেহে অধিক আনন্দ কৰা।”
যীচুৱে তেওঁৰ বাৰ জন শিষ্যক একেলগে ওচৰলৈ মাতি তেওঁলোকক অশুচি আত্মাক খেদাবলৈ আৰু সকলো ধৰণৰ ৰোগ-ব্যাধি আৰু অসুস্থ জনক সুস্থ কৰিবলৈ অধিকাৰ দিলে।
সেই সময়ত মানুহ কিছুমানে ভূতে পোৱা মানুহ এজনক যীচুৰ ওচৰলৈ লৈ আহিল। মানুহ জন অন্ধ আৰু বোবা আছিল। যীচুৱে তেওঁক সুস্থ কৰাত সেই বোবাই কথা ক’লে আৰু দৃষ্টিও পালে।
তেওঁৰ গাৰ পৰা গামোচা বা কাপোৰ নৰিয়া মানুহৰ ওচৰলৈ লৈ যোৱাত, তেওঁলোকৰ ৰোগ আতৰিল আৰু ভূতৰ আত্মাবোৰো ওলাই যোৱাত তেওঁলোক মুক্ত হ’ল।
চোৱা, সাপ আৰু কেঁকোৰা-বিছা গচকিবলৈ আৰু শত্ৰুৰ সকলো পৰাক্ৰমৰ ওপৰত তোমালোকক ক্ষমতা দিলোঁ; তাতে একোৱে তোমালোকৰ কোনো প্ৰকাৰে অন্যায় কৰিব নোৱাৰিব।
তাতে তেওঁ নানা বিধ ৰোগত কষ্ট পাই থকা অনেক ৰোগীক সুস্থ কৰিলে আৰু ভূতে পোৱা বহু লোকৰ পৰা ভূত খেদালে৷ কিন্তু ভূতবোৰক একো কথা কবলৈ নিদিলে; কিয়নো সিহঁতে তেওঁক জানিছিল৷
পাছত তেওঁ গৈ, গালীল প্ৰদেশৰ সকলো ঠাইতে, তেওঁলোকৰ নাম-ঘৰবোৰতো প্রচাৰ কৰিলে আৰু ভূতবোৰক খেদালে।
ঈশ্বৰ এজন বুলি আপুনি বিশ্বাস কৰিছে, ভাল কৰিছে; ভূতবোৰেও সেই কথাত বিশ্বাস কৰে আৰু ভয়ত চিঞৰে।
আপোনালোকে প্ৰভুৰ পান-পাত্ৰ আৰু ভূত, পিশাচৰ পান-পাত্ৰ, এই উভয়ত পান কৰিব নোৱাৰে; প্ৰভুৰ মেজ আৰু ভূত, পিশাচৰ মেজ এই উভয়ৰে ভাগীও হ’ব নোৱাৰে।
সেই সময়তেই মানুহ জনৰ পৰা ভূতবোৰ ওলাই, গাহৰিবোৰৰ ভিতৰত সোমাল আৰু লগে লগে গাহৰি জাক লৰি গৈ, গৰাৰ পৰা সৰোবৰত পৰি মৰিল।
তেতিয়া সি আটাহ পাৰি ল’ৰা জনক বৰকৈ মোচোৰা মাৰি বাহিৰ ওলাল; আৰু ল’ৰা জন দেখিবলৈ মৰাৰ নিচিনা হোৱাত, বহুত মানুহে ক’লে, “সি মৰিল”।
এইদৰে তাই ভালেমান দিনলৈকে কৈ আছিল। শেষত পৌলে বিৰক্ত হৈ, পিছলৈ ঘূৰি সেই আত্মাক ক’লে, “মই তোক যীচু খ্রীষ্টৰ নামত আজ্ঞা দিছোঁ, তাইৰ পৰা বাহিৰ ওলা।” তেতিয়া লগে লগে সেই ভূতৰ আত্মা বাহিৰ ওলাই গ’ল।
তাতে সেই ভূতবোৰে যীচুক বিনয় কৰি কলে, “আমাক সেই গাহৰিবোৰৰ ভিতৰত পঠাই দিয়ক; আমাক সিহঁতৰ ভিতৰত প্ৰৱেশ কৰিবলৈ অনুমতি দিয়ক৷” তাতে তেওঁ অনুমতি দিয়াৰ পাছত সেই অশুচি আত্মাবোৰ বাহিৰ ওলাই গাহৰিবোৰত সোমাল; তেতিয়া সেই জাকত থকা প্ৰায় দুই হাজাৰ গাহৰি বৰ জোৰেৰে দৌৰি গৈ গৰাৰ পৰা সাগৰত পানীত পৰি ডুবি মৰিল।
অৱশেষত, প্ৰভুত আৰু তেওঁৰ শক্তিৰ পৰাক্ৰমত বলৱন্ত হওক। ঈশ্বৰৰ আটাই যুদ্ধৰ সাজ পিন্ধি লওঁক যাতে চয়তানৰ নানা বিধ কৌশলৰ বিৰুদ্ধে থিয় হব পাৰে। কিয়নো ৰক্ত আৰু মাংসৰ সৈতে আমাৰ মালযুদ্ধ হোৱা নাই; কিন্তু আধিপত্য, ক্ষমতা, এই অন্ধকাৰ যুগৰ শাসনকৰ্তা, আৰু স্বৰ্গীয় ঠাইবোৰৰ মন্দ শক্তিৰ দলবোৰৰ সৈতে হৈছে।
ভূতবোৰে যীচুক কাকুতি কৰি ক’লে, আপুনি যদি আমাক খেদাবলৈকে বিচাৰে, তেনেহলে সেই গাহৰি জাকৰ মাজত সোমাবলৈ আমাক পঠিয়াই দিয়ক।
কিন্তু প্ৰধান স্বৰ্গৰ দূত মীখায়েলে যেতিয়া মোচিৰ শৰীৰৰ বিষয়ে চয়তানৰ লগত বাদানুবাদ কৰি বাগযুদ্ধ কৰিলে, তেতিয়া তাৰ বিৰুদ্ধে তেওঁ দোষাৰোপ বা অপমান নকৰিলে; কিন্তু তাৰ পৰিৱর্তে তেওঁ ক’লে, “প্রভুৱে তোমাক ডবিয়াওক৷”
তেতিয়া যিহোৱাৰ দূতে চয়তানক ক’লে, “হে চয়তান, যিহোৱাই তোমাক ধমকি দিয়ক; যিজনে যিৰূচালেমক মনোনীত কৰিলে, তেওঁ তোমাক ধমকি দিয়ক! এওঁ জুইৰ পৰা উলিয়াই অনা আধা পোৰা খৰি যেন নহয় নে?”
হে প্ৰিয় সন্তানসকল, অাপোনালোক হ’ল ঈশ্বৰৰ আৰু অাপোনালোকে সেই আত্মা বোৰৰ ওপৰত জয় কৰিলে; কিয়নো জগতত থকা জনতকৈ আপোনালোকত থকা জন মহান।
তেওঁ সকলো আধিপত্য আৰু শাসনকৰ্তাবোৰক অপসাৰিত কৰিলে, আৰু তেওঁলোকক মুকলিভাবে প্ৰকাশিত কৰিলে আৰু তেওঁৰ ক্ৰুচৰ যোগেদি এটা বিজয়ৰ শোভাযাত্ৰাত তেওঁলোকক চালিত কৰিলে৷
আৰু শান্তিৰ আকৰ ঈশ্বৰে অতি সোনকালে চয়তানক আপোনালোকৰ ভৰিৰ তলত মৰ্দ্দন কৰিব। আমাৰ প্ৰভু যীচু খ্ৰীষ্টৰ অনুগ্ৰহ আপোনালোকৰ লগত থাকক।
কিন্তু মই যদি ঈশ্বৰৰ আত্মাৰ দ্বাৰাই ভূতৰ আত্মাবোৰক খেদাও, তেনেহলে জানিব যে, ঈশ্বৰৰ ৰাজ্য অৱশ্যেই আপোনালোকৰ ওচৰ আহি পালে।
কিয়নো আমাৰ যুদ্ধ অস্ত্ৰ-শস্ত্ৰৰে কৰা মাংসিক যুদ্ধ নহয় কিন্তু স্ৱর্গীয় শক্তিৰ দ্ৱাৰাই দূৰ্গও বিনাশ কৰাৰ যোগ্য, - ইয়াতে কোনো ভুল ধাৰণা নাথাকক৷ আমি মনৰ তৰ্ক-বিতৰ্ক আৰু ঐশ্বৰীক জ্ঞানৰ বিৰুদ্ধে উত্থাপিত হোৱা উদ্ধত বিষয়বোৰ ভাঙি পেলাই, সকলো ভাব বন্দী কৰি, খ্ৰীষ্টৰ আজ্ঞাধীন কৰিছোঁ;
যীচুৱে আমাৰ পাপ সমূহৰ কাৰণে নিজকে উছর্গা কৰিলে যাতে আমাৰ পিতৃ ঈশ্বৰৰ ইচ্ছা অনুসাৰে তেওঁ আমাক বৰ্ত্তমান মন্দ সংসাৰৰ পৰা উদ্ধাৰ কৰিব পাৰে।
তোমাৰ বিৰুদ্ধে গঢ়া কোনো অস্ত্ৰ সাফল নহ’ব; আৰু তোমালোকক দোষাৰোপ কৰা প্রতিজনকে তোমালোকে দোষাৰোপ কৰিবা। যিহোৱাৰ দাস সকলৰ এয়ে জন্ম স্বত্ত্ব, আৰু তেওঁলোকে মোৰ পৰা পোৱা সমর্থন” এয়াই যিহোৱাৰ ঘোষনা।
সন্ধিয়া হোৱাত লোক সকলে ভূতে পোৱা অনেক মানুহক তেওঁৰ ওচৰলৈ আনিলে। তেওঁ মুখৰ কথাৰেই সেই ভূতৰ আত্মাবোৰ খেদালে আৰু যি সকল অসুস্থ আছিল, সেই সকলো ৰোগীকে সুস্থ কৰিলে।
এক সময়ত যীচুৱে এজন বোবা মানুহৰ পৰা এটা ভূত খেদাইছিল আৰু ভূতটো বাহিৰ হৈ যোৱাত, সেই বোবা মানুহ জনে কথা ক’বলৈ ধৰিলে৷ তাকে দেখি লোক সকলে বিস্ময় মানিলে।
সচেতন হওক, পৰ দি থাকক। আপোনালোকৰ শত্ৰু চয়তানে গুজৰি থকা সিংহৰ নিচিনাকৈ যি কোনো এজনকে গ্ৰাস কৰিবলৈ গোপনে উপায় বিচাৰি ফুৰিছে। তাৰ বিৰুদ্ধে থিয় হওক৷ আপোনালোকৰ বিশ্বাস দৃঢ় কৰি ৰাখক৷ এইটো জানিব যে, গোটেই জগতত থকা আপোনালোকৰ ভাতৃ সকলেও একে দুখভোগ কৰি আছে৷
ঈশ্বৰৰ সেই সকলো সন্তান তেজ আৰু মাংসৰ মানুহ। সেয়েহে যীচুৱে নিজেও সেই সন্তান সকলৰ দৰে এই উভয়ৰ সহভাগী হ’ল, যাতে মৃত্যুৰ মাধ্যমেদি মৃত্যুৰ ক্ষমতা যাৰ হাতত আছে সেই চয়তানক শক্তিহীন কৰিব পাৰে, আৰু মৃত্যুৰ ভয়ত যি সকলে গোটেই জীৱন দাসত্বত কটাইছিল, তেওঁলোকক মুক্ত কৰিব পাৰে।
সকলো শাসন, ক্ষমতা, পৰাক্ৰম, আৰু প্ৰভুত্ব আদি কৰি যিমান নাম ইহলোক আৰু পৰলোকত উল্লেখ কৰা যায়, সেই সকলো নামৰ উর্দ্ধত খ্রীষ্টৰ নাম স্থাপিত হ’ল। ঈশ্বৰে সকলোকে খ্রীষ্টৰ চৰণৰ তলত বশীভূত কৰিলে আৰু তেওঁকেই সকলোৰে মূৰ কৰি মণ্ডলীক দান কৰিলে;
এতেকে আপোনালোক ঈশ্বৰৰ বশীভুত হওক আৰু চয়তানক প্ৰতিৰোধ কৰক; তাতে সি আপোনালোকৰ মাজৰ পৰা পলাই যাব। ঈশ্বৰৰ ওচৰলৈ চাপি আহক; তাতে তেৱোঁ আপোনালোকৰ ওচৰলৈ চাপিব। হে পাপ কৰ্ম কৰোঁতা সকল, আপোনালোকৰ হাত পৰিষ্কাৰ কৰক আৰু হে দুই মনৰ মানুহ, আপোনালোকৰ হৃদয় শুচি কৰক।
ইয়াকে দেখি সকলোৱে অবাক হৈ নিজৰ মাজতে কোৱা-কুই কৰিবলৈ ধৰিলে, “ই কেনেকুৱা কথা? ক্ষমতা আৰু পৰাক্ৰমেৰে এওঁ দেখোন অশুচি আত্মাবোৰকো আজ্ঞা দিয়ে আৰু সিহঁত বাহিৰ ওলাই যায়?” পাছত তেওঁৰ বিষয়ে সকলো কথা সেই অঞ্চলৰ চাৰিওফালে থকা সকলো ঠাইতে বিয়পি গ’ল।
তাতে ভূতৰ আত্মাই উত্তৰ দি তেওঁলোকক ক’লে, “যীচুক জানো, পৌলকো চিনি পাওঁ; কিন্তু তোমালোক নো কোন?” এই বুলি সেই ভূতৰ আত্মাই ধৰা মানুহ জনে তেওঁলোকৰ ওপৰত জাঁপ মাৰি আটাইকে বশ কৰি বলেৰে পৰাজয় কৰিলে; তেতিয়া তেওঁলোক উলঙ্গ আৰু আঘাত পাই, সেই ঘৰৰ পৰা পলাল।
ঈশ্বৰ আমাৰ আশ্ৰয় আৰু বল, সঙ্কটৰ সময়ত বিচাৰা মাত্ৰে পাব পৰা ঈশ্বৰ। যিহোৱাই কৈছে, “তোমালোক ক্ষান্ত হোৱা, মই যে ঈশ্বৰ, ইয়াকে জানা! সকলো জাতিয়ে মোকেই গৌৰৱান্বিত কৰিব, পৃথিৱীয়ে মোকেই গৌৰৱান্বিত কৰিব।” বাহিনীসকলৰ সর্বশক্তিমান যিহোৱা আমাৰ সঙ্গত আছে; যাকোবৰ ঈশ্বৰ আমাৰ আশ্রয়স্থান। (চেলা) এই বাবেই মই ভয় নকৰিম - যদিও পৃথিবীৰ পৰিবৰ্ত্তন হয়, পৰ্ব্বতবোৰ কঁপি উঠি সাগৰৰ বুকুত পৰে, যদিও জল সমূহে তৰ্জ্জন-গৰ্জ্জন কৰে আৰু ফেনে-ফুটুকাৰে ভৰি পৰে, যদিও পৰ্ব্বতবোৰে আলোড়ন কৰি কঁপি উঠে। (চেলা)
সেই দুজন মানুহ যেতিয়া ওলাই গ’ল, সেই সময়তে কিছুমান মানুহে ভূতে পোৱা এজন বোবা লোকক যীচুৰ ওচৰলৈ আনিলে। যীচুৱে সেই ভূতক খেদোৱাৰ পাছত বোবা মানুহ জনে কথা কবলৈ ধৰিলে। ইয়াকে দেখি সকলো মানুহে আচৰিত হৈ ক’লে, “ইস্ৰায়েল দেশত আগেয়ে কেতিয়াও এনেকুৱা দেখা পোৱা নাই!”
তেতিয়াহলে এইবোৰ কথাত আমি কি ক’ম? যদি ঈশ্বৰ আমাৰ সপক্ষ হয়, তেনেহলে আমাৰ বিপক্ষ কোন হ’ব পাৰে?
কিয়নো ঈশ্বৰে আমাক ভয়ৰ আত্মা দিয়া নাই, কিন্তু শক্তি, প্ৰেম আৰু সুবুদ্ধিৰ আত্মা দিলে।
আমি জানোঁ যে, ঈশ্বৰৰ পৰা জন্ম পোৱা জনে পাপ নকৰে; কিন্তু যিজনে ঈশ্ৱৰৰ পৰা জন্ম পালে, ঈশ্ৱৰে তেওঁক চয়তানৰ পৰা ধৰি ৰাখে; আৰু চয়তানে তেওঁক স্পৰ্শ কৰিব নোৱাৰে।
আপোনালোকৰ শৰীৰ যে ঈশ্বৰৰ মন্দিৰ আৰু ঈশ্বৰৰ পৰা পোৱা পবিত্ৰ আত্মা যে আপোনালোকৰ অন্তৰত থাকে, ইয়াক আপোনালোকে নাজানে নে কি? আপোনালোক এতিয়া নিজৰ নহয়। আপোনালোকে জানো নাজানে, যে ঈশ্বৰৰ পবিত্ৰ লোক সকলেই জগতৰ সোধ-বিচাৰ কৰিব? যেতিয়া আপোনালোকেই জগতৰ বিচাৰ কৰিব, তেনেহলে এতিয়া আপোনালোকে জানো অতি সামান্য বিষয়বোৰ বিচাৰ কৰিব নোৱাৰে? কিয়নো আপোনালোকক মূল্য দি কিনা হৈছে; এই হেতুকে আপোনালোকৰ শৰীৰৰ দ্বাৰা ঈশ্বৰক মহিমাম্বিত কৰক।
তুমিয়েই মোৰ কঁকালত যুদ্ধ কৰিবলৈ বলৰূপ কটি-বন্ধন দিলা; তুমি মোৰ বিৰুদ্ধে উঠাবোৰক মোৰ তলতীয়া কৰিলা।
খ্ৰীষ্টে আমাক স্বাধীন কৰিছে যাতে আমি স্বাধীন ভাবে থাকিব পাৰোঁ; এতেকে সুস্থিৰ হওক, পুনৰ দাসত্বৰ ফান্দত নপৰিব।
বিশ্বাসৰ উত্তম যুদ্ধত প্ৰাণপণ কৰা৷ যি অনন্ত জীৱনৰ বাবে তুমি আমন্ত্ৰিত হ’লা আৰু অনেক সাক্ষীৰ আগত যি উত্তম বিশ্বাস স্বীকাৰ কৰিলা, তাক তুমি ধাৰণ কৰি থাকা৷
ঈশ্বৰে শক্তিৰে সৈতে মোৰ কঁকালত টঙালি বান্ধে; তেওঁ মোৰ পথ নিঃষ্কন্টক কৰে। মোৰ ভৰি হৰিণীৰ ঠেঙৰ সদৃশ বেগী কৰে; ওখ ওখ ঠাইত তেওঁ মোক নিৰাপদে ৰাখে। তেওঁ মোৰ হাতক ৰণ কৰিবলৈ শিকায়; তাতে মোৰ বাহুৱে পিতলৰ ধনুকো ভিৰাব পাৰে।
কিন্তু সেই ঈশ্বৰ ধন্য, যি জনাই আমাক সদায় খ্ৰীষ্টত জয়যুক্ত হ’বলৈ পথ দেখুৱাই আৰু আমাৰ দ্বাৰাই তেওঁৰ জ্ঞানৰূপ সুগন্ধ সকলো ঠাইতেই প্ৰকাশ কৰে।
হে প্ৰভু, এতিয়া তেওঁলোকৰ এই ভীতি প্ৰদৰ্শন শুনা! তোমাৰ দাস সকলক তোমাৰ বাক্য অতি সাহসেৰে কবলৈ অনুগ্রহ দান কৰা। তেওঁলোকে পিতৰ আৰু যোহনক ধৰিলে আৰু তেতিয়া সন্ধিয়া সময় হোৱা বাবে, পাছদিনা পুৱা নোহোৱালৈকে কাৰাগাৰত বন্দী কৰি থলে। তোমাৰ পবিত্ৰ দাস যীচুৰ নামেৰে সুস্থ কৰিবলৈ, আচৰিত কার্য আৰু চিন দেখুৱাবলৈ তুমি তোমাৰ হাত আগবঢ়াই দিয়া”।
কিন্তু আমাৰ বিদ্রোহী কার্যবোৰৰ বাবে তেওঁক খোচা হ’ল, আমাৰ পাপবোৰৰ বাবে গুড়ি কৰা হ’ল। আমাৰ শান্তিৰ বাবে তেওঁক শাস্তি দিয়া হ’ল, আৰু তেওঁৰ আঘাতৰ দ্বাৰাই আমি সুস্থ হলোঁ।
তেতিয়া যীচুৱে মানুহৰ দলটোক একেলগে ল’ৰি অহা দেখি, সেই অশুচি আত্মাক ডবিয়াই ক’লে, “হে বোবা আৰু কলা আত্মা, মই তোক আজ্ঞা দিছোঁ, তই ইয়াৰ পৰা বাহিৰ ওলাই যা; পুনৰ ইয়াত প্ৰৱেশ নকৰিবি৷”
আমাৰ হৃদয়ত ঈশ্বৰৰ যি শক্তিয়ে কার্য কৰে, তেওঁ সেই শক্তি অনুসাৰে আমি যি যাচনা কৰোঁ বা চিন্তা কৰোঁ, তাতকৈও অধিক বেচি কৰিব পাৰে।
তেতিয়া যীচুৱে ওচৰলৈ আহি তেওঁলোকক ক’লে, “বোলে, স্বৰ্গত আৰু পৃথিৱীত সকলো অধিকাৰ মোক দিয়া হ’ল।
অনেকে তেওঁলোকৰ ৰথত, অনেকে তেওঁৰ ঘোঁৰাত অহংকাৰ কৰে; কিন্তু আমি হলে অহংকাৰ কৰোঁ আমাৰ ঈশ্বৰ যিহোৱাৰ নামত।
প্ৰেমত ভয় নাই, কিন্তু সিদ্ধ প্ৰেমে ভয়ক দূৰ কৰে; কাৰণ ভয়ৰ সৈতে শাস্তি জড়িত থাকে৷ কিন্তু যি জনে ভয় কৰে, তেওঁ প্ৰেমত সিদ্ধতা লাভ কৰা নাই৷
বলৱান জনক প্ৰথমে নাবান্ধিলে কোনোবাই জানো তেওঁৰ ঘৰত সোমাই বস্তু লুট কৰিব পাৰে? বলৱান জনক বন্দী কৰাৰ পাছতহে তেওঁৰ ঘৰৰ সকলো বস্তু তেওঁ লুট কৰিব পাৰিব।
যিসকলে যিহোৱাক প্ৰেম কৰে, তেওঁ তেওঁলোক সকলোকে ৰক্ষা কৰে, কিন্তু সকলো দুষ্ট লোকক হ’লে তেওঁ বিনষ্ট কৰিব।
কিন্তু সেই গুপ্ত জ্ঞানৰ বিষয়ে এইদৰে লিখা আছে, ‘চকুৱে যি যি নেদেখিলে, কাণে যি যি নুশুনিলে, মনেও যি নাভাবিলে, সেই সকলো ঈশ্বৰক যি সকলে প্ৰেম কৰে, সেই সকলৰ বাবে তেওঁ যুগুত কৰিলে’,
কিয়নো আপোনালোকৰ ওপৰত পাপক প্ৰভুত্ব কৰিবলৈ নিদিব; কাৰণ আপোনালোক বিধানৰ অধীন নহয়, কিন্তু অনুগ্ৰহৰহে অধীন হৈ আছে।
তেৱেঁই আমাক আন্ধাৰৰ পৰাক্ৰমৰ পৰা উদ্ধাৰ কৰি নিজ প্ৰেমৰ পুত্ৰৰ ৰাজ্যত স্থানান্তৰ কৰি থ’লে৷
এই কাৰণে আমি বিশ্বাসৰ দ্বাৰাই ধাৰ্মিক বুলি গণিত হোৱাত, আমাৰ প্ৰভু যীচু খ্ৰীষ্টৰ যোগেদি ঈশ্বৰৰ সৈতে আমাৰ শান্তি আছে।
সেই দিনা, মই প্ৰাৰ্থনা কৰা কালত মোৰ শত্ৰুবোৰ বিমুখ হ’ব; ঈশ্বৰ যে মোৰ ফলীয়া, তাক মই জানিছোঁ।
সকলো সময়তে আনন্দত থাকক। নিৰন্তৰে প্ৰাৰ্থনাকৰি থাকক। সকলো বিষয়তে ঈশ্বৰক ধন্যবাদ দিয়ক; কিয়নো আপোনালোকৰ প্ৰতি খ্ৰীষ্ট যীচুত ঈশ্বৰৰ এই ইচ্ছা।
এই হেতুকে, আপোনালোকে ঈশ্বৰৰ আটাই সাজ-পোছাক পিন্ধি লওঁক; মন্দ দিনত চয়তানক প্ৰতিৰোধ কৰিবলৈ সমর্থ হবৰ কাৰণে সকলোকে সিদ্ধ কৰি থিৰে থাকক।
প্ৰভুৱে মোক সকলো দুষ্কর্মৰ পৰা উদ্ধাৰ কৰিব আৰু তেওঁৰ স্বৰ্গীয় ৰাজ্যৰ অর্থে ৰক্ষা কৰিব; তেওঁৰ মহিমা চিৰকাল হওক। আমেন।
হে পিতৃসকল, যিজন আদিৰে পৰা আছে, তেওঁক আপোনালোকে জানিছে; এই কাৰণে মই অাপোনালোকলৈ লিখিলোঁ। হে ডেকাসকল তোমালোক বলৱন্ত আৰু ঈশ্বৰৰ বাক্য তোমালোকৰ অন্তৰত আছে আৰু তোমালোকে চয়তানক জয় কৰিছা; এই কাৰণে মই তোমালোকলৈ লিখিলোঁ।
মই খ্ৰীষ্টে সৈতে ক্ৰুচত হত হ’লো; মই জীয়াই আছোঁ বুলিলেও, সেয়ে এতিয়া মই নহয়, খ্ৰীষ্টহে মোৰ লগত জীয়াই আছে; মোৰ শৰীৰত যি জীৱন এতিয়া আছে, ঈশ্বৰৰ পুত্ৰত কৰা বিশ্বাসতহে মই সেই জীৱন-যাপন কৰিছোঁ। তেওঁ মোক প্ৰেম কৰিলে আৰু মোৰ কাৰণে নিজকে সমৰ্পণ কৰিলে।
যিহোৱাই কৈছে, “দুখীসকলৰ উপদ্ৰৱ আৰু অভাৱীসকলৰ কেঁকনিৰ কাৰণে মই এতিয়া জাগি উঠিম। নিৰাপত্তা কামনা কৰা সকলক মই নিৰাপদে ৰাখিম।”
এতিয়া আহক, আমাৰ শৰীৰো শুদ্ধ পানীৰে ধুউৱা হোৱাত, আমি স্বীকাৰ কৰা আশা দৃঢ় ৰূপে ধৰি ৰাখোহঁক; কিয়নো যি জনে প্ৰতিজ্ঞা কৰিলে তেওঁ বিশ্বাসী।
হে পৰিশ্ৰান্ত আৰু ভাৰাক্ৰান্ত লোক সকল, মোৰ ওচৰলৈ আহা; মই তোমালোকক জিৰণি দিম। মই নম্ৰ আৰু কোমল চিত্তৰ মানুহ; এই হেতুকে, তোমালোকৰ ওপৰত মোৰ যুৱঁলি লোৱা আৰু মোৰ শিক্ষা লোৱা; তাতে তোমালোকে নিজৰ নিজৰ মনত জিৰণি পাবা। ক’লে “আহিব লগা জন আপুনিয়ে হয়নে, নে আমি অন্য কোনোবা এজনলৈ অপেক্ষা কৰিম?” কিয়নো মোৰ যুৱঁলি বৈ নিয়া সহজ আৰু মোৰ বোজাও লঘু।”
তুমি সমস্ত মনেৰে সৈতে যিহোৱাক বিশ্বাস কৰা; আৰু তোমাৰ নিজৰ বিবেচনাত তুমি নিৰ্ভৰ নকৰিবা। তোমাৰ সকলো পথত তেওঁক স্বীকাৰ কৰিবা, আৰু তেওঁ তোমাৰ পথবোৰ পোন কৰিব।
কিয়নো তেওঁ মোক প্রেম কৰে, সেয়ে মই তেওঁক উদ্ধাৰ কৰিম; মই তেওঁক ৰক্ষা কৰিম, কাৰণ তেওঁ মোৰ নাম জানে।
আপোনালোক জগতৰ অনুৰূপ নহ’ব; কিন্তু মন নতুন কৰাৰ যোগেদি ৰূপান্তৰিত হওক, তাতে আপোনালোকে পৰীক্ষা কৰি জানি লওঁক, কোনটো উত্তম, গ্ৰহণীয় আৰু সিদ্ধ, কিয়নো এয়ে ঈশ্বৰৰ ইচ্ছা৷
আমাৰ শত্রুবোৰক আমি তোমাৰ দ্বাৰায়েই তললৈ ঠেলি পঠাম; আমাৰ বিপক্ষে উঠাসকলক আমি তোমাৰ নামত ভৰিৰ তলত গছকিম।
কিয়নো ঈশ্বৰৰ বাক্য জীৱনময়, কাৰ্যসাধক আৰু আটাই দুধৰীয়া তৰোৱালতকৈও চোকা। এই বাক্য প্ৰাণ আৰু আত্মা, গাঠি আৰু মজ্জা এই সকলোকে ভেদ কৰালৈকে বিন্ধোতা, মনৰ ভাৱনা আৰু অভিপ্ৰায়কো বিচাৰ কৰোঁতা।
তাৰ পাছত শিষ্য সকলে নিৰলে যীচুৰ ওচৰলৈ আহি সুধিলে, “আমি নো তাক কিয় খেদাব নোৱাৰিলো?” যীচুৱে তেওঁলোকৰ সন্মুখত অন্যৰূপ ধৰিলে; তেওঁৰ মুখ সূৰ্যৰ দৰে দীপ্তিমান আৰু বস্ত্ৰ পোহৰৰ নিচিনা শুক্ল হৈ গ’ল। যীচুৱে তেওঁলোকক ক’লে, “তোমালোকৰ অল্প-বিশ্বাসৰ কাৰণে; কিয়নো মই তোমালোকক স্বৰূপকৈ কওঁ, এটি সৰিয়হ গুটিৰ সমানো যদি তোমালোকৰ বিশ্বাস থাকে, তেনেহলে এই পৰ্বতটোক যদি তোমালোকে কোৱা ‘ইয়াৰ পৰা তালৈ যা’ তেতিয়া ই যাব৷ তোমালোকৰ বাবে একোৱেই অসাধ্য নহব।
নিৰাশ নোহোৱাকৈ তেওঁলোকে যেন সকলো সময়তে প্ৰাৰ্থনা কৰা উচিত, এই বিষয়ে বুজি পাবৰ কাৰণে যীচুৱে তেওঁলোকক এই দৃষ্টান্ত দি ক’লে,
কিয়নো শুভবাৰ্তাত মই লাজ নাপাও; কাৰণ প্ৰথমে ইহুদী, পাছত গ্ৰীক লোকলৈ আৰু বিশ্বাস কৰা প্ৰত্যেক জনলৈ, এয়া পৰিত্রাণৰ অৰ্থে ঈশ্বৰৰ শক্তি।
এতেকে কোনো যদি খ্ৰীষ্টত আছে, তেনেহলে তেওঁ নতুন সৃষ্টি। পুৰণিবোৰ লুপ্ত হ’ল; চাওক, নতুন হ’ল।
এই কাৰণে আমি যি শুনিছো, তাত পুনৰ অধিককৈ মনোযোগ দিয়া উচিত, যাতে আমি ঘাটলৈ চাপি আহি, পুনৰ ঘাটৰ পৰা কোনো প্ৰকাৰে দূৰলৈ ভটিয়াই নাযাওঁ। সকলো ঈশ্বৰৰ কাৰণে আৰু সকলো তেওঁৰ যোগেদি হ’ল। সেই বাবে অনেক সন্তানক ঈশ্বৰে গৌৰৱৰ ভাগী কৰাৰ উদ্দেশ্যেৰে আৰু তেওঁলোকৰ পৰিত্রাণৰ অর্থে যীচুক কষ্টভোগৰ মাজেদি সিদ্ধ কৰি তোলা কার্য ঈশ্বৰৰ সঠিক কার্য আছিল। যি জনে পবিত্ৰ কৰে আৰু যি সকলক পবিত্ৰ কৰা হয়, সেই সকলোৱে একে জন ঈশ্বৰৰ পৰিয়ালৰ লোক। সেই কাৰণে যি জনে পবিত্র কৰে সেই যীচুৱে লোক সকলক ভাই বুলি মাতিবলৈ তেওঁ লাজ নাপায়। যীচুৱে কৈছে, “মোৰ ভাই সকলৰ আগত মই তোমাৰ নাম প্ৰচাৰ কৰিম, সহভাগীতাৰ মাজত তোমাৰ গুণ কীৰ্ত্তন কৰিম।” তেওঁ আকৌ কৈছে, “মই তেওঁতহে ভাৰসা কৰিম।” তেওঁ আকৌ ইয়াকো কৈছে, “চোৱা, এয়া মই আৰু মোৰ সন্তান সকল, ঈশ্বৰে যি সকলক মোক দিছে।” ঈশ্বৰৰ সেই সকলো সন্তান তেজ আৰু মাংসৰ মানুহ। সেয়েহে যীচুৱে নিজেও সেই সন্তান সকলৰ দৰে এই উভয়ৰ সহভাগী হ’ল, যাতে মৃত্যুৰ মাধ্যমেদি মৃত্যুৰ ক্ষমতা যাৰ হাতত আছে সেই চয়তানক শক্তিহীন কৰিব পাৰে, আৰু মৃত্যুৰ ভয়ত যি সকলে গোটেই জীৱন দাসত্বত কটাইছিল, তেওঁলোকক মুক্ত কৰিব পাৰে। বাস্তৱিক এই কথা নিশ্চিত যে, যীচুৱে স্বর্গৰ দূত সকলক সহায় কৰা নাই, কিন্তু তাৰ পৰিৱর্তে অব্ৰাহামৰ বংশধৰ সকলকহে সহায় কৰিছে। সেই বাবেই যীচু সকলো দিশৰ পৰা তেওঁৰ ভাই সকলৰ দৰে হোৱাৰ প্রয়োজন আছিল যাতে ঈশ্বৰৰ সাক্ষাতে তেওঁ এজন দয়ালু আৰু বিশ্বস্ত মহা-পুৰোহিত হব পাৰে আৰু মানুহে পাপৰ পৰা ক্ষমা পাব পাৰে। কিয়নো যীচুৱে নিজে পৰীক্ষা আৰু দুখভোগৰ মাজেদি গৈছিল, সেই বাবে যি সকল লোক পৰীক্ষাৰ সন্মুখীন হয় তেওঁলোকক তেওঁ সহায় কৰিব পাৰে। কিয়নো যি বাক্য স্বর্গৰ দূত সকলৰ দ্বাৰাই কোৱা হৈছিল, সেই বাক্য সত্য বুলি প্রমাণিত হ’ল; পাপ-আচৰণ কৰা আৰু ঈশ্বৰৰ আদেশ অমান্য কৰা প্রত্যেকেই ন্যায়ৰ শাস্তি যোগ্যৰূপে পালে। তেনেহলে এনে এক মহৎ পৰিত্ৰাণ অগ্রাহ্য কৰিলে আমি কেনেকৈ ৰক্ষা পাব পাৰোঁ? এই উদ্ধাৰৰ কথা প্ৰথমে প্ৰভুৰ দ্বাৰাই ঘোষণা কৰা হৈছিল আৰু যি সকলে শুনিলে, তেওঁলোকে আমাৰ ওচৰত সেই উদ্ধাৰৰ সত্যতা প্রমাণ কৰিলে।
ধাৰ্মিকতাত মই তোমালোকক পুনৰ স্থাপন কৰিম; তোমালোকৰ আৰু অত্যাচাৰ অভিজ্ঞতা নহ’ব, কাৰণ তোমালোকৰ ভয় নহ’ব; আৰু আতঙ্কজনক কোনো কথাই তোমালোকৰ ওচৰলৈ নাহিব।
ময়ো তোমাক কওঁ যে ‘তুমি পিতৰ অৰ্থাৎ শিল’, আৰু এই শিলৰ ওপৰত মই মোৰ মণ্ডলী স্থাপন কৰিম, মৃত্যুৰ কোনো শক্তিয়ে ইয়াক পৰাজয় কৰিব নোৱাৰিব।
মোৰ প্ৰাণে নিৰন্তৰে কেৱল ঈশ্বৰলৈহে অপেক্ষা কৰে; তেওঁৰ পৰাই মোৰ পৰিত্ৰাণ হয়। তোমালোকে নির্দয় ব্যবহাৰ আৰু প্রবঞ্চনা কৰা সকলক বিশ্বাস নকৰিবা; বৃথা ধনী হ’বলৈ আশা নকৰিবা, ধন-সম্পত্তি বাঢ়িলে তালৈ মন নিদিবা। ঈশ্বৰে এবাৰ ক’লে; মই ইয়াক দুবাৰ শুনিলোঁ, যে পৰাক্ৰম ঈশ্বৰৰহে। হে প্ৰভু, প্ৰতিজ্ঞা আৰু বিশ্বস্ততা তোমাৰ অধীন; কিয়নো তুমি প্ৰত্যেক মানুহক তেওঁলোকৰ কৰ্মৰ অনুসাৰে প্ৰতিফল দিছা। কেৱল তেৱেঁই মোৰ শিলা আৰু মোৰ পৰিত্ৰাণ; তেওঁ মোৰ উচ্চ দুৰ্গ, মই অতিকৈ লৰচৰ নহম।
এই বিষয়ত আমাৰ দৃঢ় আস্থা আছে যে, আমি যদি তেওঁৰ ইচ্ছা অনুসাৰে তেওঁৰ ওচৰত যি কোনো বিষয় বিচাৰো, তেনেহলে তেওঁ আমাৰ যাচনা শুনে; আৰু আমি যদি সঁচাকৈ জানোঁ যে, আমাৰ যাচনাৰ বিষয় তেওঁ শুনে; তেনেহলে আমি জানিব লাগে যে, আমি তেওঁৰ ওচৰত যি যি বিচাৰিছোঁ, সেই সকলো পালোঁ৷
তেওঁ মোক মাতিব, তাতে মই তেওঁক উত্তৰ দিম; সঙ্কটৰ কালত মই তেওঁৰ সঙ্গী হ’ম; মই তেওঁক উদ্ধাৰ কৰিম, গৌৰৱাম্বিতও কৰিম।
এতেকে আপোনালোকে যেন পবিত্ৰ আত্মাৰ শক্তিৰে আশাত উপচি পৰিব পাৰে, তাৰ বাবে আশাৰ আকৰ ঈশ্বৰে আপোনালোকক আৰু বিশ্বাস কৰাৰ সকলোকে আনন্দ আৰু শান্তিৰে পৰিপূৰ্ণ কৰক।
যি জনে আপোনালোকত সৎকৰ্ম আৰম্ভ কৰিলে, সেই জনে যীচু খ্ৰীষ্টৰ আগমণৰ দিনলৈকে সিদ্ধ কৰি থাকিব বুলি দৃঢ় প্ৰত্যয় কৰিলোঁ৷
এই কাৰণে মই এইবোৰ দুখ ভোগ কৰিলেও লজ্জিত নহওঁ; কিয়নো মই যি জনক বিশ্বাস কৰিলোঁ, তেওঁক জানো আৰু তেওঁৰ হাতত মই নিজকে অৰ্পণ কৰি দিলোঁ, তাতে তেওঁ যে সেই দিনৰ কাৰণে মোক পহৰা দি ৰাখিবলৈ সমর্থ, ইয়াকে দৃঢ় প্ৰত্যয় কৰিছোঁ।
তুমি মোৰ গুপ্তস্থান; তুমি মোক সঙ্কটৰ পৰা উদ্ধাৰ কৰোঁতা; মুক্তিৰ জয়ধ্বনিৰে তুমি মোক আৱৰি ৰাখোঁতা। (চেলা)