16 কিয়নো শুভবাৰ্তাত মই লাজ নাপাও; কাৰণ প্ৰথমে ইহুদী, পাছত গ্ৰীক লোকলৈ আৰু বিশ্বাস কৰা প্ৰত্যেক জনলৈ, এয়া পৰিত্রাণৰ অৰ্থে ঈশ্বৰৰ শক্তি।
যিহোৱাই চিয়োনৰ পৰা তোমাৰ শক্তিশালী ৰাজদণ্ড প্রেৰণ কৰিব, তেওঁ ক’ব, “তোমাৰ শত্ৰুবোৰৰ মাজত ৰাজত্ব কৰা।”
তুমি কোৱা সকলো আজ্ঞাৰ বিষয়ে মই ৰজাসকলৰ আগতো ক’ম; মই লজ্জিত নহ’ম।
আমি যি শুনিলো সেয়া কোনে বিশ্বাস কৰিলে? আৰু যিহোৱাৰ বাহু কাৰ বাবে প্ৰকাশিত হ’ল?
যিহোৱাই কৈছে, “মোৰ বাক্য অগ্নিস্বৰূপ নহয় নে?” “আৰু শিল টুকুৰা-টুকুৰী কৰা হাতুৰীৰ নিচিনা নহয় নে?
কাৰণ এই কালৰ ব্যভিচাৰী আৰু পাপী লোকৰ সন্মুখত যি কোনোৱে মোক আৰু মোৰ বাক্যত লাজ পায়, মানুহৰ পুত্ৰ যেতিয়া স্বৰ্গৰ পবিত্ৰ দূত সকলৰ সৈতে তেওঁৰ পিতৃৰ প্ৰতাপেৰে আহিব, তেতিয়া তেৱোঁ সেই মানুহত লাজ পাব।”
কিয়নো যি কোনোৱে মোক আৰু মোৰ বাক্যত লাজ পায়, মানুহৰ পুত্ৰই যেতিয়া নিজৰ পিতৃ আৰু পবিত্ৰ দূতৰ প্ৰতাপেৰে আহিব, তেতিয়া তেওঁ সেই লোকক লাজ দিব।
ইহুদী সকলে তেতিয়া পৰস্পৰে কথা পাতিলে, “আমি যে তেওঁক বিচাৰি নাপাম, এনেকৈ তেওঁনো ক’লৈ যাব? গ্ৰীক সকলৰ মাজত যি সকল ইহুদী বাস কৰিছে, তালৈ গৈ তেওঁলোকক শিক্ষা দিব নেকি?
আপোনালোকৰ প্রতি জনক নিজ দুষ্টতাৰ পৰা ঘূৰাই আশীর্বাদ দিবলৈ ঈশ্বৰে তেওঁৰ পুত্ৰ যীচুক প্রথমতে আপোনালোকৰ ওচৰলৈ পঠালে।
এতেকে শ্ৰৱণৰ দ্বাৰাই বিশ্বাস আৰু খ্ৰীষ্টৰ বাক্যৰ দ্বাৰাইহে শ্ৰৱণ হয়।
তেওঁ আচৰিত চিন আৰু আলৌকিক কার্য আৰু পবিত্ৰ আত্মাৰ শক্তিৰ দ্ৱাৰাই এই সকলো সাধন কৰিলে; তাতে মই যিৰূচালেমৰ পৰা ইল্লুৰিয়ালৈকে আৰু ইয়াৰ চাৰিওফালে খ্ৰীষ্টৰ শুভবাৰ্তা সম্পূৰ্ণৰূপে প্ৰচাৰ কৰিব পাৰিলোঁ৷
আৰু মই জানো যে, আপোনালোকৰ ওচৰলৈ যাওঁতে, খ্ৰীষ্টৰ আশীৰ্বাদৰ পৰিপূৰ্ণতাৰে যাম।
তাতে সকলো মানুহৰ প্ৰাণৰ, প্ৰথমতে ইহুদী, পাছত গ্ৰীকলোকৰো, তেনে কুকৰ্ম সাধন কৰা সকলোৰে, ক্লেশ আৰু সঙ্কট ঘটিব৷
চুন্নৎ নোহোৱা অৱস্থাত অব্ৰাহামৰ বিশ্বাসৰ দ্বাৰাই যি ধাৰ্মিকতা আছিল, তাৰ ছাব স্বৰূপে তেওঁ সেই চুন্নতৰূপ চিন পাইছিল, যাতে চুন্নৎ নোহোৱা অৱস্থাত বিশ্বাস কৰা সকলোৰে তেওঁ পিতৃ হয় আৰু ধাৰ্মিকতা যেন তেওঁলোকলৈ গণিত হয়;
আৰু যি বাক্যৰ দ্বাৰাই মই আপোনালোকৰ আগত শুভবাৰ্তা প্ৰচাৰ কৰিলোঁ, সেয়া যদি আপোনালোকে ধৰি আছে, তেনেহলে তাৰ দ্বাৰাই পৰিত্ৰাণো পাইছে; নতুবা আপোনালোকে বৃথাই বিশ্বাস কৰিলে।
কিয়নো মই সিদ্ধান্ত লৈছিলোঁ যে, আপোনালোকৰ মাজত থকাৰ সময়ত কেৱল যীচু খ্রীষ্ট আৰু তেওঁৰ ক্রুচীয় মৃত্যুৰ বাহিৰে আন একোৱেই নজনাম।
তাতে মোৰ কথা আৰু মোৰ প্রচাৰত কোনো জ্ঞানযুক্ত মনোমোহা ভাষা নাছিল, কিন্তু সেইবোৰত আত্মাৰ শক্তিৰ প্রমাণ আছিল,
যদি আপোনালোকৰ ওপৰত এই ক্ষমতা আনে দাবী কৰে, তেনেহলে আমাৰ তাতকৈয়ো অধিক দাবী নাথাকিব নে? আমি আপোনালোকৰ ওপৰত এই অধিকাৰ কৰিব বিচৰা নাই, কিন্তু খ্ৰীষ্টৰ শুভবার্তাত কোনো বাধা নজন্মিবৰ বাবে আমি সকলো সহন কৰিছোঁ৷
তাতে মই কি পুৰস্কাৰ পাম? যেতিয়া আমি শুভবাৰ্তা প্ৰচাৰ কৰোঁ তেতিয়া এই শুভবাৰ্তা মই বিনামূলীয়াকৈ প্ৰচাৰ কৰোঁ৷ এনেদৰে প্ৰচাৰ কৰাৰ কাৰণে আমাৰ যি বেতন পোৱাৰ ক্ষমতা আছে, তাক আমি ব্যৱহাৰ কৰা নাই৷
খ্ৰীষ্টৰ শুভবাৰ্তা প্ৰচাৰ কৰিবৰ কাৰণে মই ত্রোৱা নগৰলৈ আহোতে, যদিও প্ৰভুৰ দ্বাৰাই মোলৈ এখন দুৱাৰ মুকলি কৰা হৈছিল,
ঈশ্বৰৰ প্ৰতিমূৰ্তি যি খ্ৰীষ্ট, তেওঁৰ গৌৰৱ প্ৰকাশক শুভবাৰ্তাৰ দীপ্তি যেন প্ৰকাশিত নহয়, এই কাৰণে এই যুগৰ দেৱতাই সেই অবিশ্বাসী লোক সকলৰ জ্ঞান-চকু অন্ধ কৰিলে।
আপোনালোকক এই পৰিচৰ্যা কৰা কাৰ্যত পৰীক্ষাৰ দ্ৱাৰাই নিযুক্ত কৰা হ’ল; আপোনালোকে ঈশ্বৰক মহিমান্বিত কৰিছে, কিয়নো আপোনালোকে খ্ৰীষ্টৰ শুভবাৰ্তাৰ বিষয়ে স্বীকাৰ কৰি বশৱৰ্ত্তী হোৱা কাৰণে আৰু তেখেত সকললৈ আৰু আন লোকলৈও আপোনালোকে ভালেমান দান কৰিলে৷
আচলতে কোনো অন্য শুভবাৰ্তা নাই। কিন্তু কিছুমান লোক আছে, যি সকলে আপোনালোকক বিভ্রান্ত কৰে আৰু খ্ৰীষ্টৰ শুভবাৰ্তা বিকৃত কৰিবলৈ বিচাৰে।
এই কাৰণতে আমি সকলো সময়তে ঈশ্বৰক ধন্যবাদ জনাওঁ; ঈশ্বৰৰ বাক্য যেতিয়া আপোনালোকে আমাৰ পৰা পাইছিল, তেতিয়া মানুহৰ বাক্য বুলি নহয়, কিন্তু ঈশ্বৰৰ বাক্য বুলিহে গ্রহণ কৰিছিল, আৰু এই বাক্য স্বৰূপেই ঈশ্বৰৰ বাক্য। এই বাক্যই বিশ্বাস কৰা সকলোৰে মাজত কাৰ্য সাধন কৰি আছে।
পৰমধন্য ঈশ্বৰৰ গৌৰৱময় শুভবাৰ্তা অনুসাৰে সেই শিক্ষাৰ ভাৰ তেওঁ মোৰ ওপৰত দিলে৷
এই কাৰণে মই এইবোৰ দুখ ভোগ কৰিলেও লজ্জিত নহওঁ; কিয়নো মই যি জনক বিশ্বাস কৰিলোঁ, তেওঁক জানো আৰু তেওঁৰ হাতত মই নিজকে অৰ্পণ কৰি দিলোঁ, তাতে তেওঁ যে সেই দিনৰ কাৰণে মোক পহৰা দি ৰাখিবলৈ সমর্থ, ইয়াকে দৃঢ় প্ৰত্যয় কৰিছোঁ।
অনীচিমৰ ঘৰৰ লোক সকলক প্ৰভুৱে দয়া কৰক, কিয়নো তেওঁ বাৰে বাৰে মোৰ প্ৰাণ জুৰাইছিল আৰু মই বন্দীশালৰ শিকলিত থাকিলেও লাজ নাপাইছিল;
এতেকে আমাৰ প্ৰভুৱে দিয়া সাক্ষ্যৰ বিষয়ে আৰু তেওঁৰ অর্থে বন্দীয়াৰ হোৱা যি মই পৌল, মোৰো বিষয়ে তুমি লজ্জিত নহবা কিন্তু ঈশ্বৰৰ শক্তি অনুসাৰে, শুভবার্তাৰ কাৰণে মোৰে সৈতে ক্লেশ ভোগ কৰা,
কিয়নো ঈশ্বৰৰ বাক্য জীৱনময়, কাৰ্যসাধক আৰু আটাই দুধৰীয়া তৰোৱালতকৈও চোকা। এই বাক্য প্ৰাণ আৰু আত্মা, গাঠি আৰু মজ্জা এই সকলোকে ভেদ কৰালৈকে বিন্ধোতা, মনৰ ভাৱনা আৰু অভিপ্ৰায়কো বিচাৰ কৰোঁতা।
যদি কোনো এজনে খ্ৰীষ্টিয়ান হোৱা কাৰণে দুখভোগ কৰে, তেনেহলে লজ্জিত নহওক; কিন্তু সেই নামেৰে ঈশ্বৰক মহিমান্বিত কৰক।