সকলোৰে মাজত বিবাহ আদৰণীয়, আৰু তাৰ শয্যা শুচি হওক; কিয়নো ব্যভিচাৰী আৰু পৰস্ত্ৰীগামী সকলৰ সোধ-বিচাৰ ঈশ্বৰে কৰিব।
হে পুৰুষ সকল, খ্ৰীষ্টে ষেনেকৈ মণ্ডলীক প্ৰেম কৰিলে আৰু তাৰ কাৰণে নিজকে শোধাই দিলে, তেনেকৈ আপোনালোকেও নিজ নিজ ভাৰ্যাক প্ৰেম কৰক;
যি কি নহওক, আপোনালোক প্ৰতিজনে নিজ নিজ ভাৰ্যাক নিজৰ নিচিনাকৈ প্ৰেম কৰক আৰু ভার্য্যায়ো উচিত মতে নিজৰ স্বামীক সন্মান কৰক।
তোমাৰ ভুমুক আশীৰ্ব্বাদযুক্ত হওক; তুমি তোমাৰ যৌৱন কালৰ ভাৰ্যাত আনন্দ কৰা। কাৰণ তেওঁ মৰমীয়াল হৰিণী আৰু লাবন্যময়ী মৃগ, তেওঁৰ স্তনৰ দ্বাৰাই সকলো সময়ত তুমি তৃপ্ত হোৱা, আৰু তেওঁৰ প্ৰেমতেই সদায় মত্ত থাকা।
প্ৰেম সহনশীল আৰু স্নহশীল; প্ৰেমে হিংসা নকৰে বা গৰ্ব নকৰে; ই অহংকাৰী বা অশিষ্টাচাৰী নহয়, ই নিজৰ লাভ নিবিচাৰে, সহজে কুপিত নহয় আৰু ই অন্যায় আচৰণ নকৰে৷ ই অধাৰ্মিকতাত আনন্দ নকৰে, কিন্তু সত্যতাত আনন্দ কৰে, প্ৰেমে সকলোকে আকোৱালি লয়, সকলোকে বিশ্বাস কৰে, সকলোকে আশা কৰে আৰু সকলোকে সহ্য কৰে।
তাতে যীচুৱে উত্তৰ দি ক’লে, “আৰম্ভণীতে সৃষ্টিকৰ্তাই যে তেওঁলোকক পুৰুষ আৰু স্ত্ৰী কৰি স্ৰজন কৰিলে, সেই বিষয়ে অাপোনালোকে জানো পঢ়া নাই? তাৰ পাছত ঈশ্বৰে আকৌ কৈছিল, ‘এই হেতুকে মানুহে নিজৰ পিতৃ-মাতৃক এৰি, নিজৰ স্ত্ৰীত আসক্ত হৈ এক দেহ হ’ব’? তেওঁলোক এতিয়া দুজন নহয়, কিন্তু দুয়ো এক দেহ হ’ল। এতেকে ঈশ্বৰে যি জনক একেলগে যোগ কৰিছে, মানুহে তেওঁক বিয়োগ নকৰক।”
হে ভাৰ্যা সকল, আপোনালোক নিজ নিজ স্বামীৰ বশীভূত হওক কিয়নো এয়ে প্ৰভুৰ মতে উচিত। হে পুৰুষ সকল, আপোনালোকে নিজ নিজ ভাৰ্যাক প্ৰেম কৰক আৰু তেওঁলোকলৈ তিতা ব্যৱহাৰ নকৰিব।
হে ভাৰ্যা সকল, আপোনালোক যেনেকৈ প্ৰভুৰ, তেনেকৈ নিজ নিজ স্বামীৰো বশীভূত হওক; কিয়নো খ্ৰীষ্ট যেনেকৈ মণ্ডলীৰ মূৰ আৰু নিজেই শৰীৰৰ ত্ৰাণকৰ্তা, তেনেকৈ স্বামীও ভাৰ্য্যাৰ মূৰ স্বৰূপ হৈছে।
সেইদৰে হে স্বামী সকল, আপোনালোকতকৈ স্ত্ৰী সকল মাটিৰ পাত্ৰৰদৰে কোমল, জীৱনৰূপ অনুগ্ৰহৰ সহকাৰিণী বুলি জানি, আপোনালোকৰ প্ৰাৰ্থনাত যেন বাধা নজন্মে, এই কাৰণে তেখেত সকলৰ সৈতে জ্ঞানমতে সহবাস কৰি তেখেত সকলক সমাদৰ কৰক।
সেইবাবে মানুহে নিজৰ পিতৃ মাতৃক ত্যাগ কৰি তেওঁৰ স্ত্রীৰ প্রতি আসক্ত হ’ব আৰু তেওঁলোক দুয়োজন এক দেহ হ’ব।
প্রতিভাসম্পন্ন ভাৰ্যা কোনে বিচাৰি পায়? মূল্যবান ৰত্নতকৈ তেওঁৰ মূল্য অতি অধিক। তেওঁৰ স্বামীৰ হৃদয়ে তেওঁত বিশ্বাস কৰে, আৰু তেওঁৰ স্বামীৰ কেতিয়াও অভাৱ নহয়।
মোহৰ মাৰাৰ দৰে তুমি মোক তোমাৰ হৃদয়ত, আৰু তোমাৰ বাহুত ৰাখা; কিয়নো ভালপোৱা মৃত্যুৰ দৰেই শক্তিশালী, কামনাৰ আবেগ চিয়োলৰ দৰে কঠোৰ; এক জ্বলি থকা অগ্নিশিখাৰ দৰে ই বিস্ফোৰিত হয়, ই আন সকলো জ্বলন্ত অগ্নিশিখাতকৈও উত্তপ্ত। জল সমূহেও ভালপোৱাৰ শিখাক নুমাব নোৱাৰে, আৰু বন্যাৰ ধলেও তাক উটুৱাই নিব নোৱাৰে; যদি কোনোৱে ভালপোৱাৰ কাৰণে নিজৰ ঘৰৰ সৰ্ব্বস্ব দিয়ে, সেই সমর্পণ অৱশ্যেই তুচ্ছ কৰা হ’ব। যুৱতীৰ ককায়েকসকলৰ কথা;
শৰীৰৰ অধিকাৰ হিচাপে স্বামীয়ে ভাৰ্যাক আৰু সেইদৰে ভাৰ্য্যায়ো স্বামীক তেওঁৰ পাবলগীয়া দিয়ক। যি সকলে ক্রন্দন কৰিছে, তেওঁলোকে এনেভাৱে চলক যেন ক্রন্দন কৰা নাই; যি সকলে আনন্দ কৰিছে, তেওঁলোকে এনেভাৱে চলক যেন আনন্দ কৰা নাই; যি সকলে কোনো বস্তু ক্রয় কৰিছে, তেওঁলোকে এনেভাৱে চলক যেন তেওঁলোকৰ নিজৰ একো নাই। যি সকল জাগতিক বিষয়ত জড়িত, তেওঁলোকে যেন সম্পূর্ণভাৱে তাত আসক্ত নহয়; কাৰণ এই জগতৰ ধাৰা লুপ্ত হ’ব ধৰিছে।। মই বিচাৰো, আপোনালোকে যেন চিন্তা-ভাৱনাৰ পৰা মুক্ত হৈ থাকিব পাৰে। অবিবাহিত জনে প্ৰভুৰ বিষয়বোৰ ভাৱে; তেওঁ চিন্তা কৰে কেনেকৈ তেওঁ প্রভুক সন্তুষ্ট কৰিব। কিন্তু বিবাহিত পুৰুষে সংসাৰৰ বিষয়বোৰ ভাৱে; তেওঁ চিন্তা কৰে কেনেকৈ ভাৰ্যাক সন্তুষ্ট কৰিব। তেওঁ ঈশ্বৰ আৰু ভার্যা দুয়ো দিশত ভাগ হয়। সেইদৰে এগৰাকী অবিবাহিতা বা কুমাৰী মহিলাই প্রভুৰ বিষয়ে চিন্তা কৰে যেন তেওঁ দেহ আৰু আত্মাত পবিত্র হয়। কিন্তু বিবাহিতা মহিলাই সংসাৰৰ বিষয়বোৰ ভাৱে; তেওঁ চিন্তা কৰে কেনেকৈ স্বামীক সন্তুষ্ট কৰিব। মই আপোনালোকৰ হিতৰ অর্থেই এই কথা কৈছোঁ। আপোনালোকৰ ওপৰত কোনো বিধিৰ বোজা জাপি দিবলৈ নহয়, কিন্তু আপোনালোকে যেন শিষ্ট আচৰণ কৰে আৰু মনোযোগেৰে প্ৰভুত আসক্ত হৈ থাকে। তথাপি যদি কোনো মানুহৰ বোধ হয় যে তেওঁৰ কুমাৰী বাগদত্তাৰ প্রতি তেওঁ ন্যায় আচৰণ কৰা নাই, যদি তাইৰ বিয়াৰ বয়স পাৰ হৈ গৈছে আৰু যদি তেওঁৰ বিয়া হোৱাৰ অতি প্ৰয়োজন বোধ হয়, তেনেহলে তেওঁ নিজৰ ইচ্ছামতে তাইক বিয়া কৰক; তাত পাপ নহয়। কিন্তু যদি তেওঁ বিয়া নকৰাবলৈ মনতে সিদ্ধান্ত লয়, তেনেহলে তেওঁৰ ওপৰত কোনো চাপ নাই৷ তেওঁ নিজৰ ইচ্ছাক নিয়ন্ত্রণ কৰিব পাৰে, আৰু তেওঁ যদি তাইক কুমাৰীভাৱে ৰাখিব বিচাৰে, তেনেহলে তেওঁ ঠিক কার্যই কৰে। এতেকে যি জনে তেওঁৰ বাগদত্তা কুমাৰীক বিয়া কৰায়, তেওঁ ঠিক কার্যই কৰে আৰু বিয়া নকৰা জনে তাতকৈয়ো ভাল কৰ্ম কৰে। স্বামী যিমান দিন জীয়াই থাকে, সিমান দিনলৈকে ভাৰ্যা তেওঁৰ বন্ধনত আবদ্ধ থাকে। কিন্তু তাইৰ স্বামীৰ মৃত্যু হ’লে তেওঁ মুক্ত; তেতিয়া তেওঁ যাকে ইচ্ছা কৰে, সেই জনলৈকে বিয়া হ’ব পাৰে; অৱশ্যে সেই লোক যেন প্রভুত বিশ্বাসকাৰী হয়। ভাৰ্য্যাৰ নিজৰ শৰীৰৰ ওপৰত কোনো ক্ষমতা নাই, স্বামীৰহে আছে; সেইদৰে স্বামীৰো নিজ শৰীৰৰ ওপৰত কোনো ক্ষমতা নাই, ভাৰ্যাৰহে আছে।
তোমালোকে কোৱা, “কিয় নকৰে?” ইয়াৰ কাৰণ হৈছে, যিহোৱা তোমালোক প্রত্যেকজন লোক আৰু তেওঁৰ যৌৱনকালৰ ভার্যাৰ বিবাহৰ মাজত সাক্ষী হৈছিল; যদিও তেওঁ তোমাৰ সংগী আৰু বিবাহৰ নিয়মৰ দ্বাৰা হোৱা তোমাৰ ভার্যা, তথাপিও তুমি তেওঁৰ প্রতি বিশ্বাস-ঘাতকতা কৰিছা। যিহোৱাই জানো স্বামী আৰু ভার্যাক নিজৰ আত্মাৰ এক অংশৰে এক কৰা নাই? শৰীৰ আৰু আত্মাত তেওঁলোক তেওঁৰেই। তেওঁ তেওঁলোকক কিয় এক কৰিলে? কাৰণ তেওঁ তেওঁলোকৰ দ্বাৰাই ঈশ্বৰভক্ত বংশ পাবলৈ আশা কৰি আছিল; গতিকে তোমালোকে নিজৰ নিজৰ আত্মাৰ বিষয়ে সাৱধান হোৱা; যৌৱনকালৰ ভাৰ্য্যাৰ সৈতে কোনেও বিশ্বাস-ঘাতকতা নকৰিব।
এতিয়া বিবাহিত লোক সকলক মই এই আজ্ঞা দিওঁ - অৱশ্যে মই নহয়, এই আজ্ঞা প্ৰভুৰেই, “কোনো ভাৰ্যাই যেন স্বামীক পৰিত্যাগ নকৰে।” কিন্তু যদি তেওঁ স্বামীক এৰি গুছি যায়, তেনেহলে তেওঁ বিয়া নকৰাকৈ থকা উচিত অথবা তেওঁ যেন স্বামীৰ সৈতে মিলন হওক; — আৰু “স্বামীয়েও নিজ ভাৰ্যাক পৰিত্যাগ নকৰক”।
আপোনালোকে সকলো সময়তে অতি নম্ৰভাৱে, মৃদুতাৰে আৰু সহিষ্ণুতাৰে প্ৰেমত থাকি পৰস্পৰক গ্ৰহণ কৰক। কিন্তু আপোনালোক হলে খ্ৰীষ্টৰ বিষয়ে এইবোৰ শিক্ষা পোৱা নাই; আপোনালোকে তেওঁৰ বিষয়ে শুনিছে আৰু যীচুত থকা সত্যতাৰ বিষয়েও শিক্ষা পালে, আপোনালোকে প্ৰৱঞ্চনাপূর্ণ অভিলাষত নষ্ট হোৱা পুৰাতন পুৰুষ অৰ্থাৎ পূর্বকালৰ জীৱন-যাপনৰ বন্ধন সোলোকাই থবলৈ শিক্ষা পালে। সেই শিক্ষা অনুসাৰে আপোনালোক যেন নিজৰ নিজৰ মনৰ আত্মাত পুনৰায় নতুন হৈ উঠি, সত্যতাৰ ধাৰ্মিকতা আৰু পবিত্ৰতাত ঈশ্বৰৰ প্ৰতিমূৰ্তিৰ দৰে সৃষ্ট হোৱা নতুন পুৰুষক যেন পিন্ধিব পাৰে। সেয়ে, আপোনালোকে মিছা এৰি, প্ৰতিজনে নিজ নিজ ওচৰ চুবুৰীয়াই সৈতে সত্য আলাপ কৰক; কিয়নো আমি ইজনে সিজনৰ অঙ্গ- প্ৰত্যঙ্গ হৈ আছোঁ। ক্ৰুদ্ধ হৈ তাৰ প্ৰভাৱত পাপ নকৰিব; বেলি মাৰ নৌ যাওঁতেই আপোনালোকৰ কোপ শান্ত হওক; আপোনালোকে চয়তানক সুযোগ নিদিব। যি জনে চুৰ কৰে, তেওঁ পুনৰ চুৰ নকৰক; কিন্তু অভাৱত পৰা লোকক দান কৰিবলৈ সমৰ্থ হবৰ কাৰণে, নিজ হাতেৰে সৎ ব্যৱসায়ত পৰিশ্ৰম কৰক। আপোনালোকৰ মুখৰ পৰা কোনো বেয়া কথা নোলাওক, কিন্তু শুনা সকলক অনুগ্ৰহ দান কৰিবলৈ ভাল কথা কওক। শান্তিৰ বন্ধনত থাকি আত্মাৰ ঐক্য ৰাখিবলৈ যত্নৱান হওক।
সেইদৰে স্বামী সকলে নিজ নিজ ভাৰ্যাক, নিজ নিজ শৰীৰ বুলি প্ৰেম কৰা উচিত। যি জনে নিজ ভাৰ্যাক প্ৰেম কৰে, তেওঁ নিজকেই প্ৰেম কৰে।
কিম্তু মই তোমালোকক কওঁ যে, একমাত্র ব্যভিচাৰৰ দোষত বাহিৰে কোনোৱে যদি আন কাৰণত নিজৰ ভার্যাক ত্যাগ কৰে, তেনেহলে তেওঁ তেওঁক ব্যভিচাৰিণী কৰায় আৰু যি কোনোৱে সেই ত্যাগ কৰা মহিলাক বিয়া কৰাই তেৱোঁ ব্যভিচাৰ কৰে।
বিশেষকৈ আপোনালোকৰ মাজত পৰস্পৰে আগ্ৰহযুক্ত প্ৰেম ৰাখক; কিয়নো প্ৰেমে আনৰ পাপ সমূহ নিবিচাৰে।
বহুতো লোকে নিজৰ সাধুতা ঘোষণা কৰে; কিন্তু বিশ্বাসী লোক কোনে বিচাৰি পায়? ন্যায় কাৰ্য কৰা লোকে নিজৰ ন্যায়পৰায়ণতাত চলে, আৰু তেওঁক অনুসৰণ কৰা তেওঁৰ সন্তান সকল সুখী হয়।
মোৰ প্রিয়া, মোৰ কইনাজনী, তুমি মোৰ মনকে চুৰ কৰিলা; তোমাৰ চকুৰ এক চাৱনীৰে, তোমাৰ ডিঙিৰ হাৰৰ এটা মণিৰে তুমি মোৰ মন বন্দী কৰিলা।
এতেকে অধ্যক্ষ নিৰ্দোষী, এজনী তিৰোতাৰ স্বামী, পৰিমিত ভোগী, বিবেচক, পৰিপাটি, অতিথি সেৱক, শিক্ষা দিয়াত নিপুন
যি জন নিৰ্দোষী, এগৰাকী মহিলাৰ স্বামী, যি জনৰ সন্তান সকল বিশ্বাসী আৰু দুষ্ট বা অবাধ্য বুলি পৰিচিত নহয়, তেনে ব্যক্তিক পৰিচাৰকৰূপে গণ্য কৰিবা।
সেয়ে, মই অাপোনালোকক কওঁ, যদি কোনো মানুহে ব্যভিচাৰৰ বাহিৰে আন কোনো কাৰণত ভার্যাক ত্যাগ কৰি অন্যক বিয়া কৰায়, তেনেহলে সেই জনে ব্যভিচাৰ কৰে আৰু কোনোৱে যদি পৰিত্যক্ত হোৱা সেই ভার্যাক বিয়া কৰায়, তেনেহলে তেৱোঁ ব্যভিচাৰ কৰে।”
যি কোনোৱে নিজৰ পত্নিক বিবাহ বিচ্ছেদ কৰি অন্য মহিলাক বিবাহ কৰায়, তেওঁ ব্যভিচাৰ কৰে; যদি সেই পৰিত্যক্তা মহিলা গৰাকীক আন কোনো লোকে বিয়া পাতে তেৱোঁ ব্যভিচাৰ কৰে৷
যি জন বেশ্যাত আসক্ত লোক, তেওঁ তাইৰে সৈতে এক দেহ হয়, ইয়াক আপোনালোকে নাজানে নেকি? কিয়নো শাস্ত্রত আছে, “তেওঁলোক দুয়ো এক দেহ হ’ব”।
ঘৰ আৰু ধন-সম্পত্তি পিতৃসকলৰ পৰা পোৱা উত্তৰাধিকাৰ; কিন্তু জ্ঞানৱতী ভাৰ্যা যিহোৱাৰ পৰা পোৱা যায়।
কিয়নো ঈশ্বৰৰ ইচ্ছা এই যে, আপোনালোক যেন পবিত্ৰ হয় অর্থাৎ সকলো ধৰণৰ ব্যভিচাৰৰ পৰা যেন দূৰৈত থাকে। আপোনালোক প্রত্যেকে নিজৰ নিজৰ ভার্যাৰ লগত কেনেদৰে পবিত্রতাৰে আৰু সন্মানজনক ভাৱে সহবাস কৰিব লাগে, সেই বিষয়ে জানে।
এতেকে আপোনালোক ঈশ্বৰৰ প্ৰিয় সন্তান হিচাপে তেওঁৰ অনুকাৰী হওক। ইয়াৰ দ্বাৰাই আপোনালোকে প্রভুৰ সন্তোষজনক কি, সেই বিষয়ে বিবেচনা কৰি নির্ণয় কৰিব পাৰিব। আন্ধাৰৰ ফলহীন কাৰ্যবোৰৰ অংশীদাৰ নহব; বৰং সেইবোৰৰ দোষ দেখুৱাই দিয়ক; কিয়নো তেওঁলোকে গুপুতে যি যি কৰে, সেইবোৰ উচ্চাৰণ কৰিবলৈকো লাজৰ বিষয়। পোহৰৰ দ্বাৰাই সকলো প্ৰকাশিত হয় কিয়নো পোহৰতে সকলো স্পষ্ট হৈ পৰে। সেই বাবে কোৱা হৈছে: “হে টোপনিওৱা জন সাৰ পোৱা আৰু মৃত লোক সকলৰ মাজৰ পৰা উঠা; তাতে আপোনালোকৰ ওপৰত খ্ৰীষ্টই পোহৰ দিব।” এতেকে কিদৰে জীৱন-যাপন কৰিছে, তালৈ সাৱধানে দৃষ্টি কৰক; অজ্ঞানৰ দৰে নহয়, কিন্তু জ্ঞানীৰ দৰে চলক; সুসময়ক কিনি লব; কিয়নো এই কাল মন্দ। এই হেতুকে আপোনালোক নিৰ্ব্বোধ নহব, কিন্তু প্ৰভুৰ ইচ্ছা কি তাক জ্ঞাত হওক। দ্ৰাক্ষাৰসেৰে মতলীয়া নহব; কিয়নো তাত নষ্টামি আছে; কিন্তু পবিত্ৰ আত্মাৰে পৰিপূৰ্ণ হওক; ধৰ্মগীত, স্তুতি-গীত আৰু আত্মিক গানেৰে আপোনালোকে পৰস্পৰে আলোচনা কৰক আৰু প্ৰভুৰ উদ্দেশ্যে হৃদয়েৰে গান আৰু প্রসংশা কৰক। খ্ৰীষ্টে যেনেকৈ আপোনালোকক প্ৰেম কৰিলে আৰু আমাৰ কাৰণে ঈশ্বৰৰ উদ্দেশ্যে সুগন্ধযুক্ত নৈবেদ্য আৰু বলি স্বৰূপে নিজকে শোধাই দিলে, তেনেকৈ আপোনালোকেও প্ৰেমৰ পথত চলক।
প্ৰজ্ঞাৰ দ্বাৰাই ঘৰ নিৰ্মাণ হয়, আৰু বিবেচনাৰ দ্বাৰাই ঘৰ সংস্থাপন হয়। মই এলেহুৱা মানুহৰ পথাৰৰ মাজেৰে গৈছিলোঁ, জ্ঞানশূন্য মানুহৰ দ্ৰাক্ষাবাৰীৰ ওচৰেদি গৈছিলোঁ। চাৰিওফালে কাঁইটীয়া বন গজিছিল, গোটেই পথাৰ কাঁইটে ঢাকি ধৰিছিল, আৰু সীমাত থকা শিলৰ বেৰা ভাঙি গৈছিল। তাৰ পাছত মই চাই বিবেচনা কৰিলোঁ; আৰু চালোঁ আৰু শিক্ষা পালোঁ। “অলপ টোপনি, আৰু অলপ টোপনি, জীৰণি লবলৈ হাত সাৱটি থাকিলে, দৰিদ্ৰতা ডকাইতৰ দৰে তোমালৈ আহিব, আৰু তোমাৰ প্রয়োজনীয়তা সুসজ্জিত যুদ্ধাৰুৰ দৰে আহিব। জ্ঞানৰ দ্বাৰাই কোঁঠালিবোৰ পৰিপূৰ্ণ হয়, লগতে সকলো বহুমুল্য আৰু আনন্দদায়ক বস্তুৰে পৰিপূৰ্ণ হয়।
কিন্তু নানান ব্যভিচাৰ কার্যত পৰীক্ষিত নহ’বলৈ প্ৰতিজন পুৰুষৰ নিজা ভাৰ্যা হওক আৰু প্ৰতি গৰাকী মহিলাৰ নিজা স্বামী হওক।
এজনী দ্বন্দুৰী ভাৰ্যা বৰষুণৰ দিনত টোপ টোপকৈ পানী পৰাৰ দৰে হয়। তেওঁক দমন কৰা মানে বতাহক দমন কৰা, আৰু তোমাৰ সোঁ হাতত তেল ধৰাৰ দৰে হয়।
চোৱা, কি সুন্দৰী তুমি! মোৰ প্রিয়া; তুমি কিমান যে সুন্দৰী! তোমাৰ দুচকু কপৌৰ নিচিনা। প্রিয়াৰ কথা: চোৱা, কি সুন্দৰ তুমি! মোৰ প্রিয়; তুমি কিমান যে সুন্দৰ! আমাৰ শয্যা সেউজীয়া ঘাহেঁৰে ভৰা।
সেইদৰে হে ভাৰ্যা সকল, আপোনালোক নিজ নিজ স্বামীৰ বশীভূত হওক; গতিকে, তেখেত সকলৰ কোনো কোনোৱে যদিও ঈশ্বৰৰ বাক্য অমান্য কৰে, তথাপি নিজ নিজ ভাৰ্য্যাৰ আচাৰ-ব্যৱহাৰৰ দ্বাৰাই, “কাৰণ, যি জনে জীৱনক প্ৰেম কৰিবলৈ, আৰু মঙ্গলৰ দিন চাবলৈ ইচ্ছা কৰে, তেখেতে কু-কথাৰ পৰা নিজৰ জিভা, আৰু ছলনা-বাক্যৰ পৰা নিজৰ ওঁঠ ৰাখক; কু-পথৰ পৰা ঘূৰক আৰু ভাল কৰ্ম কৰক৷ শান্তি বিচাৰক আৰু তাতে লাগি থাকক৷ প্ৰভুৰ চকুৱে ধাৰ্মিক সকলক দৃষ্টি কৰে, আৰু তেওঁৰ কাণে তেখেত সকলৰ প্ৰাৰ্থনা শুনে৷ কিন্তু যি সকল কু-কৰ্মী, তেখেত সকললৈ প্ৰভুৰ মুখ বিৰোধী৷” যি ভাল, তালৈ যদি আপোনালোকে ইচ্ছা কৰে, তেনেহলে আপোনালোকক কোনে ক্ষতি কৰিব? কিন্তু ধাৰ্মিকতাৰ কাৰণে যদিও দুখভোগ কৰিব লগা হয়, তথাপি আপোনালোক ধন্য; কিন্তু তেওঁলোকৰ ভয়ত ভয়াতুৰ নহ’ব আৰু ব্যাকুল নহ’ব৷ ইয়াৰ পৰিৱৰ্তে খ্ৰীষ্টক প্ৰভু হিচাপে আপোনালোকৰ হৃদয়ত পবিত্ৰ ৰূপে মানিব; যি কোনোৱে আপোনালোকৰ অন্তৰত থকা আশাৰ বিষয়ে বিচাৰ লয়, তেওঁক আপোনালোকে নিজৰ পক্ষে উত্তৰ দিবলৈ সষ্টম থাকিব, কিন্তু নম্ৰতা আৰু সন্মানেৰে সৈতে এইবোৰ কৰিব৷ যি সকলে খ্ৰীষ্টত থাকি কৰা আপোনালোকৰ সদাচৰণৰ নিন্দা কৰে, আপোনালোক যি বিষয়ত নিন্দিত হয়, সেই বিষয়ত তেওঁলোক যেন লাজত পৰিব, এই কাৰণে আপোনালোকে উত্তম বিবেক ৰাখিব। কিয়নো কুকৰ্ম কৰি দুখভোগ কৰাতকৈ, ঈশ্বৰৰ যদি এনে ইচ্ছা হয়, তেনেহলে সৎ কৰ্ম কৰি দুখভোগ কৰা বেছি ভাল৷ খ্ৰীষ্টয়ো সেই পাপৰ সম্বন্ধে এবাৰ দূখ-ভোগ কৰিলে৷ আমাক ঈশ্বৰৰ ওচৰলৈ নিবলৈ, অধাৰ্মিক সকলৰ কাৰণে ধাৰ্মিক জনে, অৰ্থাৎ খ্ৰীষ্টে পাপবোৰৰ কাৰণে কেৱল এবাৰ দুখভোগ কৰিলে; তেওঁ মাংসত হত হ’ল, কিন্তু আত্মাত হ’লে পুনৰ্জীৱিত হ’ল; সেই আত্মাৰে তেওঁ গ’ল আৰু এতিয়া কাৰাগাৰত থকা আত্মাবোৰৰ ওচৰত গৈ প্রচাৰ কৰিলে৷ আপোনালোকৰ ভয়যুক্ত নিৰ্মল আচাৰ-ব্যৱহাৰ দেখি, তাৰ দ্বাৰাই বিনাবাক্যেৰে যেন তেওঁলোকক পোৱা যায়, সেই বাবে বশীভূত হওক।
কিন্তু এতিয়া তিনিটা বিষয় আছে: বিশ্বাস, আশা, প্ৰেম, কিন্তু এই কেইটাৰ মাজত প্ৰেমেই শ্ৰেষ্ঠ।
মণ্ডলী যেন পবিত্ৰ হয়, তাৰ বাবে তেওঁ আমাক বাক্যৰূপ জলস্নানত ধুই শুচি কৰিলে। তেওঁ মণ্ডলীক পৰিষ্কাৰ কৰিলে যাতে তেওঁ নিজৰ আগত মণ্ডলীক গৌৰৱময়, দাগ থকা বা শোটোৰা পৰা আদি কৰি একো ঘূণ নথকা, পবিত্ৰ আৰু নিষ্কলঙ্কৰূপে উপস্থিত কৰিব পাৰে।
যীচুৱে তেওঁক ক’লে, “‘তুমি সকলো হৃদয়, সকলো প্ৰাণ, আৰু সকলো চিত্তেৰে তোমাৰ প্ৰভু পৰমেশ্বৰক প্ৰেম কৰা৷’ এইটোৱেই প্ৰধান আৰু প্ৰথম আজ্ঞা। এইদৰে দ্বিতীয়টো আজ্ঞা হ’ল- ‘তোমাৰ চুবুৰীয়াক তোমাৰ নিচিনাকৈ প্ৰেম কৰা’।
তেতিয়া ইচহাকে নিজ মাতৃ চাৰাৰ তম্বুলৈ ৰিবেকাক লৈ গ’ল আৰু ইচহাকে তেওঁক গ্ৰহণ কৰিলে, তাতে ৰিবেকা তেওঁৰ ভাৰ্যা হ’ল। আৰু ইচহাকে তেওঁক প্ৰেম কৰিলে; তাতে তেওঁৰ মাতৃৰ মৰণৰ পাছত, তেওঁ শান্ত্বনা পালে।
অলপতে বিয়া কৰা পুৰুষে সৈন্য সমূহৰ লগত যুদ্ধলৈ ওলাই নাযাব নাইবা তেওঁৰ ওপৰত কোনো কামৰ ভাৰ দিয়া নাযাব। তেওঁ যাক বিয়া কৰি আনিছে, তাইৰ আনন্দৰ কাৰণে এবছৰলৈকে এই সকলো কামৰ পৰা ৰেহাই দি তেওঁক স্বচ্ছন্দে নিজ ঘৰত থাকিব দিব লাগিব।
তেওঁৰ সন্তান সকলে সাৰ পায়, আৰু যি বস্তুৱে সিহঁতক সুখী কৰিব পাৰে, তেনে তেওঁ সিহঁতক দিয়ে। তেওঁৰ স্বামীয়ে তেওঁক প্ৰশংসা কৰি কয়, “অনেক জীয়েকে ভাল কাৰ্য কৰে, কিন্তু তুমি তেওঁলোক সকলোকে অতিক্রম কৰিলা।”
আপোনালোকে বিৰোধ বা অনৰ্থক দৰ্পেৰে একো নকৰিব; কিন্তু নম্ৰভাবে প্ৰত্যেকে নিজতকৈ অানক উত্তম বুলি মান্য কৰক৷ কিয়নো মোৰ সেৱা শুশ্ৰূষাত আপোনালোকৰ যি যি ক্ৰুটি আছিল, তাক সম্পূৰ্ণ কৰিবলৈ, তেখেত প্ৰাণপণ কৰি খ্ৰীষ্টৰ কাৰ্যৰ কাৰণে মৃতপ্ৰায় হৈছিল। প্ৰতিজনে নিজৰ বিষয়ে নহয়, কিন্তু অানৰ বিষয়ে ভাবক।
যদিও মই মানুহৰ বা স্বৰ্গ দূতৰ ভাষাৰে কথা কওঁ, তথাপি মোৰ প্ৰেম নাথাকিলে, মই কেৱল বাজি থকা কাঁহ, বা বাদ্য কৰি থকা তালস্বৰূপ হৈছোঁ। কিন্তু সম্পূৰ্ণতা উপস্থিত হ’লে, সেই খণ্ডবোৰ লুপ্ত হ’ব। যেতিয়া মই শিশু আছিলোঁ, তেতিয়া শিশুৰ নিচিনাকৈ কথা কৈছিলোঁ, শিশুৰ দৰে ভাবিছিলোঁ, শিশুৰ দৰে বিবেচনাও কৰিছিলোঁ৷ যেতিয়া বয়স পালোঁ, তেতিয়াৰ পৰা শিশুৰ সকলো কথা এৰিলোঁ। কিয়নো এতিয়া আমি দৰ্পণত দেখাৰ দৰে, অস্পষ্টকৈ দেখিছোঁ; কিন্তু তেতিয়া মূখা-মূখিকৈ দেখিম। এতিয়া মোৰ জ্ঞান খণ্ডমাত্ৰ; কিন্তু তেতিয়া, মই যেনেকৈ সম্পূৰ্ণকৈ জনা হ’লোঁ, তেনেকৈ সম্পূৰ্ণ ৰূপত জানিম। কিন্তু এতিয়া তিনিটা বিষয় আছে: বিশ্বাস, আশা, প্ৰেম, কিন্তু এই কেইটাৰ মাজত প্ৰেমেই শ্ৰেষ্ঠ। মই যদি ভাববাণী পাওঁ, সকলো নিগূঢ়-তত্ব আৰু সকলো বিদ্যা জানো আৰু পৰ্বত আতৰাব পৰা মোৰ যদি এনে বিশ্বাসো থাকে, তথাপি মোৰ প্ৰেম নাথাকিলে, মই একো নহওঁ। আৰু দৰিদ্ৰক খুৱাবলৈ যদি মোৰ সৰ্ব্বস্ব ব্যয় কৰোঁ আৰু পুৰি ভস্ম হ’বলৈ মোৰ শৰীৰকো শোধাই দিওঁ, তথাপি মোৰ প্ৰেম নাথাকিলে, তাত মোৰ একো লাভ নাই।
সকলো কটুবাক্য, খং, ক্ৰোধ, দ্বন্দ-কাজিয়া, নিন্দা আটাই হিংসাৰে সৈতে এই সকলো আপোনালোকৰ পৰা দূৰ হওক। পৰস্পৰৰ প্ৰতি স্নেহশীল হওক আৰু কোমল চিত্তৰ লোক হওক; ঈশ্বৰে আপোনালোকক যেনেকৈ খ্ৰীষ্টত ক্ষমা কৰিলে, তেনেকৈ আপোনালোকেও পৰস্পৰে ক্ষমা কৰক।
তেওঁৰ মুখখন অতি মধুৰ; সম্পূর্ণৰূপে সুন্দৰ ব্যক্তি তেওঁ। হে যিৰূচালেমৰ ৰমণীসকল, তেৱেঁই মোৰ প্রিয়তম, মোৰ বন্ধু।
আপোনালোকে ইজনে সিজনক শৰীৰৰ মিলনত বঞ্চিত নকৰিব; কেৱল প্ৰাৰ্থনা কৰাৰ বাবে দুয়োৱে এক পৰামৰ্শ হৈ অলপ সময়ৰ কাৰণে পৃথকে থাকিব পাৰে; পাছত পুনৰ একেলগে মিলিত হ’ব, যাতে ইন্দ্রিয়ৰ আত্মসংযমৰ অভাৱত চয়তানে আপোনালোকক পৰীক্ষাত নেপেলায়।
তেওঁলোকক পাৰ হৈ আগুৱাই যাওঁতেই, মই মোৰ প্ৰাণৰ প্ৰিয়তমক দেখা পালোঁ। তেওঁক ধৰি মোৰ মাতৃৰ ঘৰলৈ লৈ নহালৈকে, মই তেওঁক এৰি নিদিলোঁ; যি গৰাকীয়ে মোক গর্ভত ধাৰণ কৰিছিল, মই তেওঁৰেই শোৱনি কোঠালিলৈ প্রিয়তমক লৈ আনিলো। ৰমণীসকলৰ প্রতি উক্তি:
কেশ-বেশ আৰু সোণৰ অলঙ্কাৰ পিন্ধা বা নানা বস্ত্ৰ পৰিধান; এনে বাহ্যিক ভূষণ আপোনালোকৰ নহওক। কিন্তু আপোনালোকৰ হৃদয়ত নিৰ্দোষীৰূপে চিৰস্থায়ী হৈ থকা শান্ত আৰু নম্ৰ আত্মা আপোনালোকৰ ভূষণ হোৱা উচিত, এয়াই ঈশ্বৰৰ দৃষ্টিত মহা মূল্যৱান৷
সন্তান সকল যিহোৱাই দিয়া আধিপত্য আৰু গৰ্ভফল তেৱেঁই দিয়া পুৰস্কাৰ। বীৰৰ হাতত কাঁড়বোৰ যেনে, যুবা সন্তান সকলো তেনে। সেই পুৰুষ সুখী, যিজনৰ কাঁড়েৰে পূর্ণ কাঁড় থোৱা চূঙা থাকে। নগৰৰ দুৱাৰত শত্ৰুবোৰে সৈতে তেওঁ যেতিয়া কথা পাতে, তেওঁ লজ্জিত নহ’ব।
শেষতে, হে ভাই সকল, যি যি সত্য, আদৰণীয়, ন্যায়, শুদ্ধ, প্ৰেমময়, আৰু সুখ্যাতিযুক্ত যি কোনো সদগুণ আৰু যি কোনো প্ৰশংসাযুক্ত, সেইবোৰ বিষয় আলোচনা কৰক।
তুমি তোমাৰ নিজৰ পুখুৰীৰ পানী খোৱা, আৰু তোমাৰ নিজৰ নাদৰ পৰা ওলাই থকা পানী পান কৰা। তোমাৰ ভুমুকবোৰ চাৰিওফালে প্লাৱিত হ’ব লাগে নে? আৰু তোমাৰ জুৰিৰ পানী জনসাধৰণৰ মাজলৈ বৈ যাব লাগে নে? সেইবোৰ কেৱল তোমাৰ নিজৰ বাবেই হওক, আৰু তোমাৰ সৈতে থকা অচিনাকী লোকৰ বাবে নহওক।
এতেকে আপোনালোকে এতিয়া যেনেকৈ আছে, তেনেকৈয়ে পৰস্পৰে সান্ত্বনা দি থাকক আৰু এজনে আন জনক গঢ় দি তোলক।
এতেকে, লোকে তোমালোকক যেনে ব্যৱহাৰ কৰিলে তোমালোকে ভাল পোৱা, তোমালোকেও তেওঁলোকক তেনেদৰে ব্যৱহাৰ কৰিবা; কিয়নো এয়ে বিধান আৰু ভাববাদী সকলৰ শিক্ষাৰ সাৰ।
পৰস্পৰে প্ৰেম কৰাৰ বাহিৰে, আন কোনো কথাত আপোনালোক কাৰো ধৰুৱা নহ’ব; কিয়নো যি জনে আন লোকক প্ৰেম কৰে, তেওঁ বিধানকো সিদ্ধ কৰিলে।
হে প্ৰিয় লোকসকল আহক, আমি পৰস্পৰে প্ৰেম কৰোঁহক; কিয়নো প্ৰেম ঈশ্বৰৰ পৰা হয়৷ যি কোনোৱে প্ৰেম কৰে, তেওঁ ঈশ্বৰৰ পৰা জন্ম পোৱা আৰু তেওঁ ঈশ্বৰক জানে। যিজনে প্ৰেম নকৰে, তেওঁ ঈশ্বৰক নাজানে; কিয়নো ঈশ্বৰেই প্ৰেম।
যীচুৱে তেওঁলোকক ক’লে, “অাপোনালোকৰ কঠোৰ মনৰ কাৰণে মোচিয়ে নিজৰ ভার্যাক ত্যাগ কৰিবলৈ আপোনালোকক আজ্ঞা দিছে; অাৰম্ভণীতে কিন্তু এনেকুৱা নাছিল।
প্ৰেমত ভয় নাই, কিন্তু সিদ্ধ প্ৰেমে ভয়ক দূৰ কৰে; কাৰণ ভয়ৰ সৈতে শাস্তি জড়িত থাকে৷ কিন্তু যি জনে ভয় কৰে, তেওঁ প্ৰেমত সিদ্ধতা লাভ কৰা নাই৷
তুমি তোমাৰ মুখৰ চুম্বনবোৰেৰে মোক ভৰাই দিয়া, কাৰণ তোমাৰ ভালপোৱা দ্রাক্ষাৰসতকৈও উত্তম। তোমাৰ তেলৰ সুগন্ধই আনন্দৰ সৌৰভ আনে; বাকি দিয়া সুগন্ধৰ দৰেই তোমাৰ নাম; সেই বাবেই যুৱতীসকলে তোমাক ভাল পায়। (যুৱতীয়ে নিজৰ মনতে ক’লে) মোক তোমাৰ লগত লৈ ব’লা; আমি সোনকালে পলাই যাম। ৰজাই মোক তেওঁৰ কক্ষৰ ভিতৰলৈ লৈ আনিলে; প্রিয়ৰ প্রতি কইনাৰ কথা: মই সুখী; মই তোমাক লৈ আনন্দ কৰোঁ; মোক তোমাৰ প্রেমত উল্লাসিত হ’বলৈ দিয়া; তোমাৰ ভালপোৱা দ্রাক্ষাৰসতকৈও উত্তম। আন ৰমণীসকলে যে তোমাৰ প্রশংসা কৰে, ই স্বাভাৱিক কথা। আন ৰমণীসকলৰ প্রতি:
কিন্তু কোনোৱে যদি আপোন লোকৰ, বিশেষকৈ নিজৰ ঘৰৰ পৰিয়ালৰ বাবে চিন্তা নকৰে, তেনেহলে তেওঁ বিশ্বাস অস্বীকাৰ কৰিলে আৰু এজন অবিশ্বাসী লোকতকৈয়ো অধম হ’ল।
কিন্তু ইন্দ্ৰিয়-দমন কৰিব নোৱাৰিলে, বিয়া হোৱা উচিত; কিয়নো কামাগ্নিত জ্বলাতকৈ বিয়া কৰোঁৱাই ভাল।
বিশ্বাসযোগ্য আৰু নিৰ্ভৰযোগ্য গুৰুত্বপূর্ণ প্ৰতিশ্রুতিয়ে তোমাক কেতিয়াও ত্যাগ নকৰক; দুয়োকো তুমি ডিঙিত বান্ধি ৰাখিবা, আৰু তোমাৰ হৃদয় ফলিত সেইবোৰ লিখি থ’বা। তেওঁ যেতিয়া তোমাৰ কোনো অনিষ্ট নকৰে, তেতিয়া তেওঁৰ লগত বিনা কাৰণত তৰ্ক নকৰিবা। উগ্র ব্যক্তিক ভয় নকৰিবা; বা তেওঁৰ কোনো পথ অনুসৰণ নকৰিবা। কাৰণ কুটিললোক যিহোৱাৰ ঘৃণনীয়; কিন্তু তেওঁ ন্যায়নিষ্ঠ সকলৰ লগত তেওঁৰ আস্থা থাকে। দুষ্ট লোকৰ ঘৰত যিহোৱাৰ শাও থাকে; কিন্তু তেওঁ ধাৰ্মিকৰ নিবাসক আশীৰ্ব্বাদযুক্ত কৰে। তেওঁ নিন্দকসকলক নিন্দা কৰে; কিন্তু নম্ৰসকলক অনুগ্ৰহ দান কৰে। জ্ঞানীসকল সন্মানৰ অধিকাৰী হয়; কিন্তু অজ্ঞানী সকল তেওঁলোকৰ লাজতেই উর্ধ্বমুখী হ’ব। তেতিয়া তুমি ঈশ্বৰ আৰু মানুহৰ দৃষ্টিত অনুগ্ৰহ আৰু সুযশস্যা পাবা।
হে প্রিয় সন্তানসকল, আহক; আমি কেৱল বাক্যৰ দ্বাৰাই বা জিভাৰে নহয়, কৰ্ম আৰু সত্যেৰে প্ৰেম কৰোঁহক।
সুগন্ধ দ্রব্য আৰু ধূপে যেনেকৈ হৃদয় আনন্দিত কৰে, কিন্তু বন্ধুৰ পৰামৰ্শতকৈ তেওঁৰ আন্তৰিকতা শ্রেষ্ঠ।
কিন্তু মই তোমালোকক কওঁ, যি কোনোৱে মহিলাৰ ফালে কাম ভাৱে চায়, সি তেতিয়াই মনতে তাইৰে সৈতে ব্যভিচাৰ কৰিলে।
তাৰ পাছত ঈশ্বৰ যিহোৱাই ক’লে, “মানুহ অকলে থকা ভাল নহয়; মই তেওঁৰ বাবে এজন উপযুক্ত সহকাৰী নিৰ্ম্মাণ কৰিম।”
কিন্তু তোমালোকে প্ৰথমে ঈশ্বৰৰ ৰাজ্য আৰু ধাৰ্মিকতা বিচাৰা; তাতে এই সকলোবোৰ তোমালোকক দিয়া হ’ব।
অৱশেষত কওঁ, আপোনালোক সকলোৱে একে মনৰ, আনৰ দুখত দূঃখী, স্নেহশীল, প্ৰেম কৰোঁতা আৰু নম্ৰ হওক৷
মই মোৰ প্ৰিয়ৰ, আৰু মোৰ প্ৰিয়ও মোৰেই; তেওঁ লিলি ফুলৰ বনত আনন্দেৰে চৰে। চলোমন আৰু তেওঁৰ কইনাই পৰস্পৰত আনন্দিত হোৱা প্রিয়ৰ কথা:
স্বামী যিমান দিন জীয়াই থাকে, সিমান দিনলৈকে ভাৰ্যা তেওঁৰ বন্ধনত আবদ্ধ থাকে। কিন্তু তাইৰ স্বামীৰ মৃত্যু হ’লে তেওঁ মুক্ত; তেতিয়া তেওঁ যাকে ইচ্ছা কৰে, সেই জনলৈকে বিয়া হ’ব পাৰে; অৱশ্যে সেই লোক যেন প্রভুত বিশ্বাসকাৰী হয়।
যিজনে পৰস্ত্ৰীৰ সৈতে সহবাস কৰে তেওঁ জ্ঞানশূন্য; যি মানুহে এনে কাৰ্য কৰে, তেওঁ নিজকে ধ্বংস কৰে। তেওঁ আঘাত আৰু অপমান পোৱাৰ যোগ্য; আৰু তেওঁৰ অপমান কেতিয়াও মচি দিয়া নহ’ব।
সেই কাৰণে কওঁ, যি কোনোৱে মোৰ এই সকলো কথা শুনি পালন কৰে, তেওঁ এনেকুৱা এজন বুদ্ধিমান লোকৰ নিচিনা যি জনে শিলৰ ওপৰত তেওঁৰ ঘৰ সাজিলে। পাছত বৰষুণ পৰিল, ধল আহিল আৰু প্রচণ্ড বতাহ বলাত সেই ঘৰত আহি খুন্দা লাগিল; কিন্তু সেই ঘৰটো নপৰিল, কাৰণ ইয়াক শিলৰ ওপৰত নিৰ্মাণ কৰা হৈছিল।
আপোনালোক জগতৰ অনুৰূপ নহ’ব; কিন্তু মন নতুন কৰাৰ যোগেদি ৰূপান্তৰিত হওক, তাতে আপোনালোকে পৰীক্ষা কৰি জানি লওঁক, কোনটো উত্তম, গ্ৰহণীয় আৰু সিদ্ধ, কিয়নো এয়ে ঈশ্বৰৰ ইচ্ছা৷
তথাপি অবিশ্বাসী সঙ্গীজনে বিশ্বাসীজনক যদি এৰি গুছি যায়, তেনেহলে তেওঁ যাওঁক। এনে কথাত ভাই বা ভনী গৰাকী তেওঁলোকৰ প্রতিজ্ঞাৰ বাধ্য-বাধকতাৰ কাৰণে দাসত্বত নাথাকিব। ঈশ্বৰে আমাক শান্তিৰে থাকিবৰ কাৰণে আমন্ত্ৰণ কৰিছে।
ৰাতিপুৱাতে মোক তোমাৰ সুস্থিৰ প্রেমৰ বচন শুনুউৱা, কাৰণ মই তোমাৰ ওপৰতে ভাৰসা কৰিছোঁ; তুমি মোক মই চলিবলগীয়া পথ শিকোঁৱা, কিয়নো মই মোৰ প্রাণ তোমালৈ তুলি ধৰিছোঁ।
কিন্তু খ্ৰীষ্ট যে প্ৰত্যেক পুৰুষৰ মূৰ স্বৰূপ, পুৰুষ মহিলাৰ মূৰ স্বৰূপ আৰু ঈশ্বৰ খ্ৰীষ্টৰ মূৰ স্বৰূপ, ইয়াক যেন আপোনালোকে জানে, এই মোৰ ইচ্ছা।
আপোনালোকৰ আচাৰ-ব্যৱহাৰ নিৰ্ল্লোভী হওক, অৰ্থাৎ ধন সম্পত্তিক প্ৰেম কৰা নহওক; আপোনালোকৰ যি আছে, তাতে আপোনালোক সন্তুষ্ট হৈ থাকক; কিয়নো তেৱেঁ কৈছে, মই তোমাক কেতিয়াও নেৰিম, কেতিয়াও ত্যাগ নকৰিম।
তেওঁলোক এতিয়া দুজন নহয়, কিন্তু দুয়ো এক দেহ হ’ল। এতেকে ঈশ্বৰে যি জনক একেলগে যোগ কৰিছে, মানুহে তেওঁক বিয়োগ নকৰক।”
সন্তানক তাৰ চলিবলগীয়া পথ অনুসাৰে শিক্ষা দিয়া, তাতে তেওঁ প্রাপ্ত বয়স্ক হ’লেও তেওঁ তাৰ পৰা ঘূৰি নাহিব।
আপোনালোকে যি কৰে, সেইবোৰ মানুহৰ উদ্দেশ্যে নহয়, কিন্তু প্ৰভুৰ উদ্দেশ্যেৰে মনে চিত্তে সৈতে কৰক;
কিয়নো ঈশ্বৰ এনে অন্যায় বিচাৰক নহয় যে, আপোনালোকৰ পৰিশ্রম আৰু তেওঁৰ নামৰ বাবে পবিত্ৰ লোক সকলৰ প্রতি আপোনালোকে যি সেৱা যত্ন কৰিলে আৰু এতিয়াও একে সেৱা যত্ন কৰি প্রেম দেখুৱাই আছে; ঈশ্বৰে এইবোৰ কেতিয়াও নাপাহৰে।
এতিয়া যি জন ধৈৰ্য আৰু সান্ত্বনাৰ ঈশ্বৰ, তেওঁ আপোনালোকক খ্ৰীষ্ট যীচুৰ মত অনুসাৰে এক মন হবলৈ সাহায্য প্ৰদান কৰক; এইদৰে আপোনালোকে এক মনেৰে আৰু একস্বৰেৰে আমাৰ প্ৰভু যীচু খ্ৰীষ্টৰ প্ৰশংসা কৰক৷
হে ভাই সকল, আপোনালোক স্বাধীনতাৰ বাবেহে আমন্ত্ৰিত হ’ল৷ আপোনালোকৰ এই স্বাধীনতা কেৱল মাংসৰ অভিলাষ পুৰ কৰিবৰ কাৰণে নহওক; কিন্তু প্ৰেমৰ যোগেদি এজনে আন জনৰ সেৱাকৰ্ম কৰক।
আপোনালোকলৈ আমাৰ প্ৰেম যেনে, তেনেকৈ ইজনে সিজনলৈ আৰু সকলো লোকলৈ প্ৰভুৱে আপোনালোকৰ প্ৰেম বঢ়াই উপচাই দিয়ক।
অকলশৰীয়াসকলে বাস কৰি থাকিবলৈ ঈশ্বৰে পৰিয়াল দান কৰে; তেওঁ বন্দীসকলক মুক্ত কৰি উন্নতিৰ অৱস্থালৈ আনে; কিন্তু বিদ্ৰোহীসকলে শুকান ভূমিত বাস কৰে।
সেয়ে, আপোনালোকে মিছা এৰি, প্ৰতিজনে নিজ নিজ ওচৰ চুবুৰীয়াই সৈতে সত্য আলাপ কৰক; কিয়নো আমি ইজনে সিজনৰ অঙ্গ- প্ৰত্যঙ্গ হৈ আছোঁ।
আমি জানো যে, যি সকলে ঈশ্বৰক প্ৰেম কৰে, সেই সকল তেওঁৰ অভিপ্ৰায় অনুসাৰে আমন্ত্ৰিত, তেওঁলোকৰ বাবে তেওঁ মঙ্গলৰ অৰ্থে সকলো উত্তম কাৰ্য একেলগে কৰিছে।
সেই আশাই লাজত নেপেলায়; কিয়নো আমাক দান কৰা পবিত্ৰ আত্মাৰ যোগেদি আমাৰ হৃদয়ত ঈশ্বৰৰ প্ৰেম বাকি দিয়া হৈছে।
এতিয়া আপোনালোকে মোলৈ যি বিষয়ে লিখিছিল, সেই বিষয়ে উত্তৰ দিওঁ; এজন পুৰুষে বিয়া নকৰাই ভাল; এতিয়া বিবাহিত লোক সকলক মই এই আজ্ঞা দিওঁ - অৱশ্যে মই নহয়, এই আজ্ঞা প্ৰভুৰেই, “কোনো ভাৰ্যাই যেন স্বামীক পৰিত্যাগ নকৰে।” কিন্তু যদি তেওঁ স্বামীক এৰি গুছি যায়, তেনেহলে তেওঁ বিয়া নকৰাকৈ থকা উচিত অথবা তেওঁ যেন স্বামীৰ সৈতে মিলন হওক; — আৰু “স্বামীয়েও নিজ ভাৰ্যাক পৰিত্যাগ নকৰক”। এতিয়া আন সকলোলৈকে অৱশ্যে প্ৰভুৱে নহয়, কিন্তু মইহে কওঁ, যদি কোনো ভাইৰ খ্ৰীষ্টত বিশ্বাস নকৰা ভাৰ্যা থাকে আৰু তেওঁ যদি স্বামীৰ সৈতে থাকিবলৈ সন্মত হয়, তেনেহলে স্বামীয়ে তেওঁক পৰিত্যাগ নকৰক। আকৌ কোনো মহিলাৰ যদি অবিশ্বাসী স্বামী থাকে আৰু সেই স্বামী যদি তেওঁৰ সৈতে থাকিবলৈ সন্মত হয়, তেনেহলে তেওঁ যেন সেই স্বামীক পৰিত্যাগ নকৰে। কিয়নো বিশ্বাসী ভার্যাৰ যোগেদিয়ে সেই অবিশ্বাসী স্বামীয়ে আৰু বিশ্বাসী স্বামীৰ যোগেদিয়ে সেই বিশ্বাস নকৰা ভাৰ্যাই পবিত্রতা লাভ কৰে; এনে নহ’লে, আপোনালোকৰ সন্তানবোৰ অশুচি হ’লহেঁতেন; কিন্তু এতিয়া সিহঁত পবিত্ৰ সন্তান। তথাপি অবিশ্বাসী সঙ্গীজনে বিশ্বাসীজনক যদি এৰি গুছি যায়, তেনেহলে তেওঁ যাওঁক। এনে কথাত ভাই বা ভনী গৰাকী তেওঁলোকৰ প্রতিজ্ঞাৰ বাধ্য-বাধকতাৰ কাৰণে দাসত্বত নাথাকিব। ঈশ্বৰে আমাক শান্তিৰে থাকিবৰ কাৰণে আমন্ত্ৰণ কৰিছে। হে বিশ্বাসী ভার্যা, তোমাৰ স্বামীক তুমি পৰিত্ৰাণ কৰাব পাৰিবা নে, সেই কথা তুমি কেনেকৈ জানা? হে বিশ্বাসী স্বামী, তোমাৰ ভার্যাক তুমিও পৰিত্ৰাণ কৰাব পাৰিবা নে, সেই কথা তুমি কেনেকৈ জানা? প্ৰভুৱে যাক যেনে দায়িত্ব দিছে আৰু ঈশ্বৰে যাক যিহলৈ আমন্ত্ৰণ কৰিছে, প্রতিজনে সেই অনুসাৰেই জীৱন-যাপন কৰক। সকলো মণ্ডলীতে মই এই নিয়ম কৰিছোঁ। কোনোবা চুন্নৎ হোৱা অৱস্থাত আমন্ত্ৰিত হৈছে নেকি? তেওঁ চুন্নৎ হোৱাতে থাকক; কোনোবা চুন্নৎ নোহোৱা অৱস্থাত আমন্ত্ৰিত হৈছে নেকি? তেওঁৰ চুন্নৎ হোৱাৰ প্রয়োজন নাই। চুন্নৎ হওক বা নহওক, সেইটো গুৰুত্বপূর্ণ বিষয় নহয়, কিন্তু ঈশ্বৰৰ আজ্ঞা পালন কৰাই হ’ল সাৰ কথা। কিন্তু নানান ব্যভিচাৰ কার্যত পৰীক্ষিত নহ’বলৈ প্ৰতিজন পুৰুষৰ নিজা ভাৰ্যা হওক আৰু প্ৰতি গৰাকী মহিলাৰ নিজা স্বামী হওক।
প্ৰেম কেতিয়াও লুপ্ত নহ’ব; কিন্তু ভাববাণী হ’লে, লোপ হ’ব; পৰভাষা হ’লে, সেইবোৰ গুচিব; জ্ঞান হ’লে, সেই জনো লুপ্ত হ’ব।
হে মোৰ পুত্র, তুমি তোমাৰ পিতৃৰ আজ্ঞা পালন কৰা, আৰু তোমাৰ মাতৃৰ শিক্ষা হেয়জ্ঞান নকৰিবা। সেইবোৰ সদায় তোমাৰ হৃদয়ত গাঁঠি থোৱা, আৰু সেইবোৰ ডিঙিত বান্ধি ৰাখা।
হে মোৰ যিহোৱা, মোৰ আশ্রয়-শিলা আৰু মোৰ মুক্তিকৰ্ত্তা, মোৰ মুখৰ বাক্য আৰু মোৰ মনৰ চিন্তা তোমাৰ দৃষ্টিত গ্ৰাহ্য হওঁক।
ইয়াৰ পৰিৱৰ্তে খ্ৰীষ্টক প্ৰভু হিচাপে আপোনালোকৰ হৃদয়ত পবিত্ৰ ৰূপে মানিব; যি কোনোৱে আপোনালোকৰ অন্তৰত থকা আশাৰ বিষয়ে বিচাৰ লয়, তেওঁক আপোনালোকে নিজৰ পক্ষে উত্তৰ দিবলৈ সষ্টম থাকিব, কিন্তু নম্ৰতা আৰু সন্মানেৰে সৈতে এইবোৰ কৰিব৷
তোমাৰ গৃহৰ ভিতৰৰ অন্তঃপুৰত তোমাৰ ভার্যা ফলৱতী দ্ৰাক্ষালতাৰ নিচিনা হ’ব; তোমাৰ মেজৰ চাৰিওফালে তোমাৰ সন্তান সকল জিত গছৰ পুলিৰ নিচিনা হ’ব। এইদৰে যিজনে যিহোৱালৈ ভয় ৰাখে, তেওঁ আশীৰ্ব্বাদ প্ৰাপ্ত হ’ব।
তোমাৰ অলপ বয়সক হেয়জ্ঞান কৰিবলৈ কাকো নিদিবা; কিন্তু তুমি বাক্যত, আচাৰ-ব্যৱহাৰত, প্ৰেমত, বিশ্বাসত আৰু শুদ্ধতাত, বিশ্বাস কৰা লোক সকলৰ আৰ্হি হোৱা।
কিন্তু আপোনালোকে প্ৰভু যীচু খ্ৰীষ্টৰ সেই নৈতিক চৰিত্ৰ স্বীকাৰ কৰক আৰু অভিলাষ পূৰ্ণ কৰিবৰ বাবে নিজ নিজ মাংসৰ অৰ্থে একো আয়োজন নকৰিব।
ধৰ্মগীত, স্তুতি-গীত আৰু আত্মিক গানেৰে আপোনালোকে পৰস্পৰে আলোচনা কৰক আৰু প্ৰভুৰ উদ্দেশ্যে হৃদয়েৰে গান আৰু প্রসংশা কৰক।
খ্ৰীষ্টৰ প্ৰেমৰ পৰা কোনে আমাক বিচ্ছিন্ন কৰিব পাৰে? ক্লেশ বা সঙ্কট, তাড়না বা আকাল, বস্ত্ৰহীনতা বা প্ৰাণ সংশয় বা তৰোৱাল, এইবোৰে পাৰে নে? এই বিষয়ে লিখাও আছে, “আমি তোমাৰ কাৰণে ওৰে দিনটো হত হ’ব লাগিছোঁ৷ কাটিবলৈ নিয়া মেৰৰ দৰে আমি গণিত হ’লোঁ।” তথাপি আমাক প্ৰেম কৰা জনৰ যোগেদি, এই সকলো কথাত আমি জয়তকৈয়ো জয়যুক্ত। কিয়নো মোৰ এনে দৃঢ় বিশ্বাস আছে যে, তাৰ পৰা মৃত্যু বা জীৱন, স্বৰ্গৰ দূত বা শাসনকৰ্তা, বৰ্ত্তমান বা ভবিষ্যত বিষয় বা পৰাক্ৰম, ওপৰ বা তল বা আন কোনো সৃষ্ট বস্তুৱেই আমাক প্ৰভু খ্ৰীষ্ট যীচুত থকা ঈশ্বৰৰ প্ৰেমৰ পৰা বিচ্ছিন্ন কৰিব নোৱাৰে।
ব্যভিচাৰৰ পৰা পলাওক। মানুহে যি পাপ কার্য কৰে, সেইবোৰ তেওঁৰ শৰীৰৰ বাহিৰত কৰে; কিন্তু যি কোনোৱে যৌনপাপ কৰে, তেওঁ নিজৰ শৰীৰৰ বিৰুদ্ধেই পাপ কৰে।
যিহোৱাই মোৰ বল আৰু মোৰ ঢাল; মোৰ হৃদয়ে তেওঁতে ভাৰসা কৰে। সেইবাবেই মই সহায় পাইছোঁ। সেইবাবেই মোৰ অন্তৰ আনন্দত ভৰি পৰিছে; মই মোৰ গীতেৰে তেওঁৰ ধন্যবাদ কৰোঁ।
খ্ৰীষ্টে যেনেকৈ আপোনালোকক প্ৰেম কৰিলে আৰু আমাৰ কাৰণে ঈশ্বৰৰ উদ্দেশ্যে সুগন্ধযুক্ত নৈবেদ্য আৰু বলি স্বৰূপে নিজকে শোধাই দিলে, তেনেকৈ আপোনালোকেও প্ৰেমৰ পথত চলক।
তেনেহলে আপোনালোকে একে বিষয় ভাবি, এক প্ৰেমৰ, এক মনৰ আৰু এক ভাবৰ লোক হৈ মোৰ আনন্দ পৰিপূৰ্ণ কৰক৷
আপোনালোকৰ পৰস্পৰৰ ভাব একে হওক। বৰ বৰ বিষয়বোৰ চিন্তা নকৰি, সামান্য লোকৰ দৰে চলক৷ নিজৰ নিজৰ মনত জ্ঞানী নহব।
হে ঈশ্বৰ, মোৰ বুজ বিচাৰ লোৱা আৰু মোৰ অন্তঃকৰণ জানা; মোক পৰীক্ষা কৰি চোৱা আৰু মোৰ সঙ্কল্পবোৰ জানা; মোৰ ভিতৰত দুষ্টতাৰ কোনো পথ আছে কি নাই, তাক চোৱা, আৰু মোক অনন্তকালৰ পথত গমন কৰোঁৱা।
এতেকে বিশ্বাসেৰে সৈতে অনুগ্রহৰ সিংহাসনৰ ওচৰলৈ আহক, যাতে আমাৰ প্রয়োজনত সহায় হবলৈ আমি দয়া লাভ কৰি অনুগ্রহ পাব পাৰোঁ।
আপোনালোকৰ মুখৰ পৰা কোনো বেয়া কথা নোলাওক, কিন্তু শুনা সকলক অনুগ্ৰহ দান কৰিবলৈ ভাল কথা কওক।
যিয়েই নহওক, আপোনালোক মাংসৰ বশত নহয় কিন্তু আত্মাৰ বশতহে আছে, আৰু সেয়াই যদি সত্য হয়, তেনেহলে ঈশ্বৰৰ আত্মা আপোনালোকৰ অন্তৰত বাস কৰে। কিন্তু যি জনত খ্ৰীষ্টৰ আত্মা নাই, তেওঁ খ্ৰীষ্টৰ নহয়।
যি সকলে আনন্দ কৰে, তেওঁলোকে সৈতে আনন্দ কৰক; যি সকলে ক্ৰন্দন কৰে, তেওঁলোকে সৈতে ক্ৰন্দন কৰক।
প্ৰভুৱে যাক যেনে দায়িত্ব দিছে আৰু ঈশ্বৰে যাক যিহলৈ আমন্ত্ৰণ কৰিছে, প্রতিজনে সেই অনুসাৰেই জীৱন-যাপন কৰক। সকলো মণ্ডলীতে মই এই নিয়ম কৰিছোঁ।
কাৰণ সেই আজ্ঞাবোৰ প্ৰদীপস্বৰূপ, আৰু সেই শিক্ষা পোহৰস্বৰূপ হয়, নেতিবাচক অনুশাসন জীৱনৰ পথ হয়।