তোমালোক প্ৰতিজনলৈ মই কওঁ যে, আমাৰ প্ৰভুৰ প্ৰশংসা কৰা। ধৰ্মগ্ৰন্থত কোৱা হৈছে, "সকলো জাতিৰ লোকে যিহোৱাৰ প্ৰশংসা কৰক; সকলো লোকে তেওঁৰ প্ৰশংসা কৰক।" (গীতমালা ১১৭:১) ঈশ্বৰৰ মহিমা অপাৰ। তেওঁ আমাৰ ৰক্ষক, আমাৰ প্ৰতিৰক্ষা। তেওঁৰ প্ৰতি আমাৰ আনুগত্য অটুট হ'ব লাগে। যিসকলে ঈশ্বৰৰ ওচৰত নতশিৰ হয়, তেওঁলোকক তেওঁ ক্ষমা আৰু আশীৰ্বাদ দিয়ে।
আমি কেৱল ঈশ্বৰকহে উপাসনা কৰিব লাগে, আন কাকো নহয়। খ্ৰীষ্টৰ চৰণত নতশিৰ হৈ আমি স্বৰ্গৰ দুৱাৰ মুকলি কৰিব পাৰোঁ আৰু ঈশ্বৰৰ মহিমা প্ৰকাশ কৰিব পাৰোঁ। তেতিয়া আমাৰ জীৱনত পৰিৱৰ্তন আহিব। যীচুৰ উপস্থিতি অনুভৱ কৰি আমি প্ৰকৃত অনুতাপ আৰু পৰিৱৰ্তনৰ অভিজ্ঞতা লাভ কৰিম।
এই কঠিন সময়ত আমি সকলোৱে স্বীকাৰ কৰা উচিত যে খ্ৰীষ্টই প্ৰভু। যি জাতিয়ে ঈশ্বৰক সৰ্বোপৰি স্থান দিয়ে, সেই জাতিয়ে ঈশ্বৰৰ অসীম কৃপা লাভ কৰে। ঈশ্বৰে তেওঁলোকৰ বাবে যুদ্ধ কৰে আৰু তেওঁলোকৰ দেশক আশীৰ্বাদ কৰে যাতে সকলোৱে শান্তি আৰু সুখত জীয়াই থাকিব পাৰে। ৰজাধিৰাজ আৰু প্ৰভুসকলৰ প্ৰভু হিচাপে ঈশ্বৰক স্থাপন কৰি আমি তেওঁৰ আশীৰ্বাদ লাভ কৰিব পাৰোঁ।
সনাতন ঈশ্বৰ আমাৰ সৈতে আছে, গতিকে আমি ভৱিষ্যতক লৈ ভয় নকৰো। আমাৰ হৃদয়ত শান্তি বিৰাজ কৰক। চহৰৰ চাৰিওফালে, উপাসনাৰ বেদী স্থাপন কৰা। খ্ৰীষ্টৰ লোকসকলক একত্ৰিত হ'বলৈ আহ্বান জনোৱা। তেওঁৰ নাম গোটেই পৃথিৱীত প্ৰশংসিত হওঁক, কাৰণ তেওঁ চিৰকালৰ বাবে প্ৰশংসাৰ যোগ্য।
চিয়োনত যিহোৱা মহান; সমুদায় জাতিৰ উর্দ্ধত তেওঁক উন্নীত কৰা হ’ল। জাতিবোৰে তেওঁৰ মহৎ আৰু ভয়াবহ নামৰ প্ৰশংসা কৰক; তেওঁ পবিত্ৰ।
হে আকাশ মণ্ডল, গীত-গান কৰা; হে পৃথিৱী, উল্লাসিত হোৱা; হে পৰ্ব্বতবোৰ, আনন্দ গান কৰিবলৈ ধৰা! কাৰণ যিহোৱাই নিজৰ প্ৰজাসকলক শান্ত্বনা দিব, আৰু তেওঁৰ দুখিত সকলক তেওঁ দয়া কৰিব।
তেতিয়া আমাৰ মুখ হাঁহিৰে ভৰি পৰিল, আমাৰ জিভা আনন্দ-গানেৰে পৰিপূৰ্ণ হ’ল; আন জাতিৰ লোকসকলে তেতিয়া কোৱাকুই কৰিলে, “যিহোৱাই তেওঁলোকৰ কাৰণে অনেক মহৎ কার্য কৰিলে।”
আৰু মই তেওঁলোকলৈ কৰা সকলো মঙ্গল-কাৰ্য্যৰ কথা পৃথিৱীৰ যি জাতি সমূহে শুনিব, আৰু মই তেওঁলোকৰ কাৰণে কৰা আটাই মঙ্গল আৰু শান্তিৰ কথা শুনি ভয়ত কঁপিব, সেই সকলো জাতিৰ আগত এই নগৰ মোৰ পক্ষে আনন্দজনক নাম, প্ৰশংসা আৰু গৌৰৱৰ বিষয় হ’ব’।”
হে আকাশ মণ্ডল, আনন্দিত হোৱা, হে সকলো জাতিৰ লোকসকল, তোমালোকে যিহোৱাৰ লোকসকলৰ সৈতে প্রশংসা কৰা, তেওঁৰ আৰাধনা কৰা কিয়নো তেওঁ নিজ সন্তানবোৰৰ ৰক্তপাতৰ প্ৰতিকাৰ সাধিব, তেওঁৰ শত্ৰুবোৰক প্ৰতিফল দিব; তেওঁক ঘিণাওঁতা সকলক প্রতিফল দি নিজৰ লোকসকলৰ অর্থে ভূমি শুচি কৰিব।”
পৃথিবীৰ শেষ সীমাত থকা লোকসকলেও যিহোৱাক সোঁৱৰণ কৰি উলটি আহিব; আন জাতিবোৰৰ সকলো ফৈদে তেওঁক প্ৰণিপাত কৰিব।
যিহোৱাৰ ধন্যবাদ কৰা, তেওঁৰ নামেৰে প্ৰাৰ্থনা কৰা; জাতি সমূহৰ মাজত কৰা তেওঁৰ কাৰ্যবোৰ জনোৱা।
হে প্ৰভু, তুমি সৃষ্টি কৰা সমস্ত জাতিয়ে আহি তোমাৰ আগত প্ৰণিপাত কৰিব; তেওঁলোকে তোমাৰ মহিমা কীর্তন কৰিব।
ভবিষ্যতৰ দিনবোৰত, যিহোৱাৰ পৰ্ব্বতত গৃহ স্থাপন কৰা হ’ব পৰ্ব্বতবোৰৰ দৰে ওখ আৰু পাহাৰবোৰতকৈয়ো উচ্চ কৰা হ’ব; আৰু সকলো জাতি তালৈ সোঁত বোৱাৰ দৰে বৈ যাব। সেইদিনা লোকসকলে ৰূপ আৰু সোণৰ মূৰ্ত্তিবোৰ পেলাব, আৰাধনা কৰিবলৈ নিজৰ বাবে তেওঁলোকে সাজি লোৱা মুৰ্ত্তিবোৰ তেওঁলোকে এন্দুৰ আৰু বাদুলীৰ আগত পেলাই দিব। যিহোৱাই যেতিয়া পৃথিৱী কঁপাব তেতিয়া তেওঁৰ ভয়ৰ পৰা আৰু তেওঁৰ ঐশ্বৰ্যৰ প্রতাপৰ পৰা, বাচিবলৈ লোকসকল শিলৰ গুহা, আৰু অসমান শিলৰ গাতৰ ভিতৰত সোমাব। নাকেৰে নিশ্বাস লোৱা মানুহক বিশ্বাস কৰিবলৈ এৰা; কিহৰ বাবে তেওঁ গণ্য হ’ব পাৰে? অনেক লোক আহিব আৰু ক’ব, “আহাঁ, আমি যিহোৱাৰ পৰ্ব্বতলৈ, আৰু যাকোবৰ ঈশ্বৰৰ গৃহলৈ উঠি যাওহঁক; সেয়ে তেওঁ আমাক তেওঁৰ কিছুমান পথৰ বিষয়ে শিক্ষা দিব; তাতে আমি তেওঁৰ পথত গমন কৰিব পাৰিম।” কিয়নো চিয়োনৰ পৰা বিধান আৰু যিৰূচালেমৰ পৰা যিহোৱাৰ বাক্য ওলাই যাব।
আমাৰ ঈশ্বৰ যিহোৱাৰ উচ্চ প্রশংসা কীৰ্ত্তন কৰা, তেওঁৰ ভৰিপীৰা সন্মুখত প্ৰণিপাত কৰা; তেওঁ পবিত্ৰ।
যিহোৱা গোটেই পৃথিৱীৰ ওপৰত ৰজা হ’ব! সেইদিনা যিহোৱা অদ্বিতীয় হ’ব আৰু তেওঁৰ নামো অদ্বিতীয় হ’ব।
হে ঈশ্বৰ, লোকসকলে তোমাৰ প্ৰশংসা কৰক; সকলো লোকে তোমাৰ প্ৰশংসা কৰক। জাতিবোৰে উল্লাসিত হৈ আনন্দৰ গীত গাব; এই লোকবোৰৰ ন্যায় বিচাৰ তুমি ন্যায়েৰে কৰিবা, পৃথিবীৰ জাতিবোৰক নিয়ন্ত্রণ কৰিবা। [চেলা] হে ঈশ্বৰ, লোকসকলে তোমাৰ প্ৰশংসা কৰক, সমুদায় লোকে তোমাৰ প্ৰশংসা কৰক।
তোমালোকে যিহোৱাৰ প্ৰশংসা কৰা; কিয়নো আমাৰ ঈশ্বৰৰ উদ্দেশ্যে প্ৰশংসাৰ গীত গোৱা কেনে উত্তম! কাৰণ সেয়ে সন্তোষজনক, প্ৰশংসাৰ উপযুক্ত।
হে যিহোৱা আপুনি মোৰ ঈশ্বৰ; মই আপোনাক মহিমাম্বিত কৰিম, মই আপোনাৰ নাম প্ৰশংসা কৰিম; কাৰণ আপুনি আচৰিত কৰ্ম কৰিলে, বহু আগৰ কল্পনাবোৰ বিশ্বস্ততাৰে আৰু সত্যতাৰে সিদ্ধ কৰিলে।
তোমালোকে যিহোৱাৰ উদ্দেশ্যে এটি নতুন গীত গোৱা; হে সমগ্র পৃথিৱীৰ লোক, তোমালোকে যিহোৱাৰ উদ্দেশ্যে গীত গোৱা। বিভিন্ন জাতিৰ মাজত তোমালোকে কোৱা, “যিহোৱা ৰজা। জগতখনক স্থিৰভাৱে স্থাপিত কৰা হ’ল; সেয়ে কেতিয়াও বিচলিত নহ’ব। তেওঁ ন্যায়েৰে লোকসকলৰ বিচাৰ কৰিব।” আকাশমণ্ডলে আনন্দ কৰক, পৃথিৱীয়ে উল্লাস কৰক; সমুদ্ৰ আৰু তাৰ সকলোৱে গৰ্জ্জন কৰক। পথাৰ আৰু তাত থকা সকলো উল্লাসিত হওক; তেতিয়া অৰণ্যৰ সকলো বৃক্ষই আনন্দ গান কৰিব। যিহোৱাৰ সন্মুখতে গান কৰিব; কিয়নো তেওঁ আহি আছে; তেওঁ পৃথিৱীৰ বিচাৰ কৰিবলৈ আহি আছে। তেওঁ ধাৰ্মিকতাৰে জগতৰ বিচাৰ কৰিব; নিজ সত্যতাৰে জাতি সমূহৰ বিচাৰ কৰিব। যিহোৱাৰ উদ্দেশ্যে গীত গোৱা, তেওঁৰ নামৰ ধন্যবাদ কৰা; দিনে দিনে তেওঁৰ পৰিত্ৰাণৰ কথা প্ৰচাৰ কৰা। বিভিন্ন জাতিৰ মাজত তেওঁৰ গৌৰৱ প্ৰচাৰ কৰা, সমুদায় লোকৰ মাজত তেওঁৰ আচৰিত কৰ্ম ঘোষণা কৰা।
তেওঁলোকে তোমাৰ প্রচুৰ মঙ্গলভাৱৰ যশস্যা প্রচাৰ কৰিব, তোমাৰ ধাৰ্মিকতাৰ বিষয়ে উচ্চস্বৰে গান কৰিব।
চোৱা! তোমাৰ উপদ্রৱকাৰীলৈ সেই সময়ত মই যি কৰিব লাগে, তাকে কৰিম; মই সহায়হীন খোৰাক ৰক্ষা কৰিম আৰু খেদি দিয়াত সিচঁৰিত হোৱাসকলক গোটাম; যি যি দেশত তেওঁলোক লজ্জিত হৈছিল, সেই সকলোতে মই তেওঁলোকক প্রশংসা আৰু সুখ্যাতি দান কৰিম।
আৰু যিৰূচালেমৰ বিৰুদ্ধে অহা আটাই জাতিৰ অৱশিষ্ট থকা প্ৰতিজনে বছৰে বছৰে বাহিনীসকলৰ যিহোৱা ৰজাৰ আগত প্ৰণিপাত কৰিবলৈ আৰু পঁজা-পৰ্ব্ব পালন কৰিবলৈ উঠি আহিব।
হে ঈশ্বৰ, লোকসকলে তোমাৰ প্ৰশংসা কৰক; সকলো লোকে তোমাৰ প্ৰশংসা কৰক। জাতিবোৰে উল্লাসিত হৈ আনন্দৰ গীত গাব; এই লোকবোৰৰ ন্যায় বিচাৰ তুমি ন্যায়েৰে কৰিবা, পৃথিবীৰ জাতিবোৰক নিয়ন্ত্রণ কৰিবা। [চেলা]
কিন্তু আহি থকা দিনত এইদৰে ঘটিব, যিহোৱাৰ গৃহ থকা পৰ্ব্বতটো আন পৰ্ব্বতবোৰৰ ওপৰত স্থাপন কৰা হ’ব। এই গৃহটি পাহাৰবোৰতকৈয়ো উচ্চ কৰা হ’ব; আৰু লোকসকল সোঁত বোৱাদি তালৈ যাব। চিয়োন জীয়ৰী, বেদনা অনুভৱ কৰা, প্রসৱ কৰিবলৈ লোৱা মহিলাৰ দৰে, উৎপন্ন কৰিবলৈ পৰিশ্রম কৰা, কাৰণ তোমালোক এতিয়া নগৰৰ পৰা বাহিৰ ওলাই গৈ, পথাৰত থাকিব লাগিব, আৰু বাবিললৈ যাব লাগিব; সেই ঠাইতে তোমালোকে উদ্ধাৰ পাবা, সেই ঠাইতেই যিহোৱাই তোমাৰ শত্ৰুৰ হাতৰ পৰা তোমাক মুক্ত কৰিব। এতিয়া অনেক দেশ তোমালোকৰ বিৰুদ্ধে একত্রিত হ’ব; তেওঁলোকে কৈছে, তেওঁক কলুষিত হ’ব দিয়া, আমাৰ চকুক চিয়োনক আগ্রহেৰে চাব দিয়া।” ভাববাদীয়ে কৈছে, “তেওঁলোকে যিহোৱাৰ কল্পনাবোৰ নাজানে, নাইবা তেওঁলোকে তেওঁৰ আঁচনিবোৰ নুবুজে; কাৰণ তেওঁ মৰণা মৰা ঠাইত ডাঙৰি গোটোৱাৰ দৰে তেওঁলোকক গোটাইছে।” যিহোৱাই কৈছে, “হে চিয়োন জীয়ৰী উঠা, আৰু প্রহাৰ কৰা; কাৰণ মই তোমাৰ শিং লোহাৰ আৰু তোমাৰ খুৰা পিতলৰ কৰিম; তুমি অনেক লোকক মাৰি চূৰ্ণ কৰিবা; মই যিহোৱাই নিজৰ বাবে তেওঁলোকৰ অন্যায়ৰ সম্পত্তি উৎসৰ্গ কৰিম, তেওঁলোকৰ অধিকাৰ গোটেই পৃথিবীৰ প্ৰভুৰ উদ্দেশ্যে উৎসৰ্গ কৰিম।” অনেক দেশৰ লোক যাব আৰু ক’ব, “আহাঁ, আমি যিহোৱাৰ পৰ্ব্বতটোলৈ উঠোহঁক, আৰু যাকোবৰ ঈশ্বৰৰ গৃহলৈ যাওঁহক। তেওঁ আমাক তেওঁৰ পথৰ বিষয়ে শিক্ষা দিব, আৰু আমি তেওঁৰ পথত চলিম;” কিয়নো চিয়োনৰ পৰা বিধান, আৰু যিৰূচালেমৰ পৰা যিহোৱাৰ বাক্য বাহিৰ ওলাব।
বিভিন্ন জাতিৰ মাজত তেওঁৰ গৌৰৱ প্ৰচাৰ কৰা, সমুদায় লোকৰ মাজত তেওঁৰ আচৰিত কৰ্ম ঘোষণা কৰা। কিয়নো যিহোৱা মহান আৰু অতি প্ৰশংসাৰ যোগ্য; তেওঁ সকলো দেৱতাতকৈয়ো ভয়ানক।
যি বিদেশীসকলে নিজকে যিহোৱাৰ সৈতে সংযুক্ত কৰে, তেওঁক পৰিচৰ্যা কৰিবলৈ, আৰু যি সকলে যিহোৱাৰ নাম প্ৰেম কৰিবলৈ, আৰু তেওঁৰ উপাসনা কৰিবলৈ, আৰু দাস হ’বলৈ যি পৰজাতিসকলে তেওঁৰ লগ লয়, যি প্রতিজনে অপবিত্ৰ নকৰাকৈ বিশ্ৰাম-বাৰ পালন কৰে, আৰু মোৰ নিয়মেৰে উপবাস ৰাখে- সেই সকলোকে মই নিজৰ পবিত্ৰ পৰ্ব্বতলৈ আনিম, আৰু মোৰ প্ৰাৰ্থনা-গৃহত তেওঁলোকক আনন্দিত কৰিম; তেওঁলোকৰ হোম-বলি আৰু তেওঁলোকৰ বলিদান মোৰ যজ্ঞ-বেদিৰ ওপৰত গ্ৰহণ কৰা হ’ব, কাৰণ মোৰ গৃহক সকলো জাতিৰ প্ৰাৰ্থনা-গৃহ বুলি কোৱা হ’ব।
আপোনাক কোনে ভয় নকৰিব, হে প্ৰভু আৰু কোনে আপোনাৰ নাম প্ৰশংসা নকৰিব? কিয়নো কেৱল আপুনি পবিত্ৰ; সকলো জাতিয়ে আপোনাৰ আগত আহি আপোনাক আৰাধনা কৰিব৷ কিয়নো আপোনাৰ ন্যায় বিধান প্ৰকাশিত কৰা হ’ল৷”
এই হেতুকে, তোমালোক যোৱা; আৰু সকলো জাতিকে শিষ্য কৰি, পিতৃ, পুত্ৰ আৰু পবিত্ৰ আত্মাৰ নামেৰে তেওঁলোকক বাপ্তাইজ কৰা;
সেই সকলোকে মই নিজৰ পবিত্ৰ পৰ্ব্বতলৈ আনিম, আৰু মোৰ প্ৰাৰ্থনা-গৃহত তেওঁলোকক আনন্দিত কৰিম; তেওঁলোকৰ হোম-বলি আৰু তেওঁলোকৰ বলিদান মোৰ যজ্ঞ-বেদিৰ ওপৰত গ্ৰহণ কৰা হ’ব, কাৰণ মোৰ গৃহক সকলো জাতিৰ প্ৰাৰ্থনা-গৃহ বুলি কোৱা হ’ব।
কিয়নো সূৰ্যৰ উদয়স্থানৰ পৰা অস্তগমণস্থান পর্যন্ত সকলো জাতিৰ মাজত মোৰ নাম মহান হ’ব আৰু প্ৰত্যেক স্থানত মোৰ নামৰ উদ্দেশ্যে ধূপ জ্বলোৱা আৰু শুচি নৈবেদ্য উৎসৰ্গ কৰা হ’ব; কিয়নো মোৰ নাম জাতিবোৰৰ মাজত মহান হ’ব” বাহিনীগণৰ যিহোৱাই কৈছে,
কাৰণ মই তেওঁলোকৰ কাৰ্য আৰু কল্পনাবোৰ জানো। যি সময়ত সকলো জাতিক; আৰু সকলো ভাষা কোৱা লোকসকলক মই গোট খুৱাম, এনে সময় আহিছে। তেওঁলোকে আহিব আৰু মোৰ প্ৰতাপ দেখিবলৈ পাব। মই তেওঁলোকৰ মাজত এক মহৎ চিন স্থাপন কৰিম। তাৰ পাছত মই তেওঁলোকৰ মাজৰ পৰা ৰক্ষা পোৱাসকলক জাতিবিলাকলৈ পঠাম: মোৰ কীৰ্ত্তি নুশুনা, বা মোৰ প্ৰতাপ নেদেখা তৰ্চীচ, পুল, আৰু ধনুৰ্দ্ধৰ লুদ, তুবল, যাবন এই জাতিবিলাকলৈ, আৰু দূৰত থকা দ্বীপনিবাসীসকলৰ ওচৰলৈ পঠাম। তেওঁলোকে জাতিবিলাকৰ মাজত মোৰ প্ৰতাপ প্ৰচাৰ কৰিব।”
হে সমুদ্ৰৰ ভিতৰত থকাসকল আৰু তাত থকা সকলোবোৰ, হে দ্বীপবোৰ আৰু তাৰ নিবাসীসকল তোমালোকে যিহোৱাৰ উদ্দেশ্যে নতুন গীত গোৱা, আৰু পৃথিৱীৰ সীমাৰ পৰা তেওঁৰ প্ৰশংসাৰ গান কৰা। মৰুভূমি আৰু তাৰ নগৰবোৰে কান্দক, কেদৰে বসতি কৰা গাওঁবোৰে উচ্চধ্বনি কৰক; চেলা-নিবাসীসকল গান কৰক, পৰ্ব্বতৰ টিঙৰ পৰা জয় ধ্বনি কৰক। তেওঁলোকে যিহোৱাৰ গৌৰৱ স্বীকাৰ কৰক, আৰু দ্বীপবোৰৰ মাজত তেওঁৰ প্ৰশংসা কৰক।
হে মোৰ বল, হে মোৰ কোঁঠ, আৰু সঙ্কটৰ কালৰ মোৰ আশ্ৰয় হে যিহোৱা, পৃথিৱীৰ অন্তৰ পৰা জাতিবোৰে তোমাৰ ওচৰলৈ আহি ক’ব, “আমাৰ পূৰ্বপুৰুষসকলে মিছা, এনে কি অসাৰ আৰু অনুপকাৰী বস্তুৰ বাহিৰে একো অধিকাৰ কৰা নাই।
গোটেই পৃথিবীৰ লোকে তোমাৰ প্ৰণিপাত কৰিব, তোমাৰ উদ্দেশ্যে গীত গান কৰিব; তেওঁলোকে তোমাৰ নাম কীৰ্ত্তন কৰিব”। [চেলা]
‘ঈশ্বৰে কৈছে, শেষৰ দিনা সকলো মানুহৰ ওপৰত মোৰ আত্মা বাকি দিম, তাতে তোমালোকৰ সতি-সন্ততি সকলে ভাববাণী প্ৰচাৰ কৰিব, তোমালোকৰ যুৱক সকলে দৰ্শন পাব, তোমালোকৰ বৃদ্ধ লোক সকলে সপোন দেখিব। আৰু সেই কালত মই তোমালোকৰ দাস, দাসী সকলৰ ওপৰত মোৰ আত্মা বাকি দিম, তাতে তেওঁলোকে ভাববাণী প্ৰচাৰ কৰিব, আৰু মই আকাশত অদ্ভুত লক্ষণ আৰু পৃথিৱীতো নানা পৰাক্ৰমৰ চিন যেনে, তেজ, জুই আৰু ধোঁৱা স্বৰূপ মেঘ দেখুৱাম৷ সেই সময়ত অতিশয় বেগেৰে ধুমুহা বতাহ ব’লাৰ নিচিনা এটা শব্দ স্বৰ্গৰ পৰা অকস্মাতে আহি যি ঘৰত পাঁচনি সকল বহি আছিল, সেই গোটেই ঘৰটো জুৰিলে। প্ৰভুৰ সেই মহৎ আৰু প্ৰসিদ্ধ দিন অহাৰ পুৰ্বেই, সূৰ্য আন্ধাৰ আৰু চন্দ্ৰ তেজৰ দৰে হ’ব। কিন্তু যি কোনোৱে প্ৰভুৰ নামত প্ৰাৰ্থনা কৰে, সি পৰিত্ৰাণ পাব।’
তেওঁ কৈছে, যাকোবৰ ফৈদসকলক পুন:স্হাপন কৰিবলৈ, আৰু ইস্ৰায়েলৰ জীৱিত লোকসকলক পুনৰায় স্থাপন কৰিবৰ অৰ্থে তুমি মোৰ দাস হোৱা অতি সৰু বিষয়। মই তোমাক ধর্মহীন লোকৰ আগত দ্বীপ্তিস্বৰূপ কৰিম। সেয়ে হ’য়তো পৃথিবীৰ অন্ত:লৈকে তুমি মোৰ পৰিত্ৰাণৰ উপায় হ’বা
যিহোৱা তেওঁলোকৰ ওচৰত ভীষণৰূপে ভয়ানক হ’ব; তেওঁ পৃথিৱীৰ সকলো দেৱ-দেবীক শক্তিহীন কৰিব; তেতিয়া সকলো জাতিৰ লোকে যিহোৱাৰ আৰাধনা কৰিব; নিজ নিজ দেশৰ পৰা, সমুদ্রৰ উপকূলসমূহৰ পৰা তেওঁৰ ওচৰত প্রণিপাত কৰিব।
হে সমুদায় পৃথিৱী, তোমালোকে যিহোৱাৰ উদ্দেশ্যে আনন্দ ধ্বনি কৰা। আনন্দ মনেৰে যিহোৱাৰ সেৱা কৰা; আনন্দ গানেৰে সৈতে তেওঁৰ উপস্থিতিৰ সন্মুখলৈ আহাঁ;
যিহোৱা মিচৰত জনাজাত হ’ব, আৰু সেই দিনা মিচৰীয়াসকলে যিহোৱাক জানিব। তেওঁলোকে বলিদান আৰু উৎসৰ্গৰ সৈতে তেওঁৰ আৰাধনা কৰিব, আৰু যিহোৱাৰ উদ্দেশ্যে সঙ্কল্প কৰিব, আৰু সিদ্ধও কৰিব।
“বাহিনীসকলৰ যিহোৱাই এই কথা কৈছে: ‘লোকসকল আকৌ আহিব, আনকি ভিন ভিন নগৰত নিবাস কৰা লোকসকলো আহিব। আৰু এখন নগৰৰ নিবাসীসকলে আন এখন নগৰলৈ গৈ ক’ব, ‘ব’লা, যিহোৱাৰ অনুগ্ৰহ প্ৰাৰ্থনা কৰিবলৈ আৰু বাহিনীসকলৰ যিহোৱাক বিচাৰিবলৈ আমি বেগাই যাওঁহঁক! ময়ো যাম’! হয়, অনেক দেশৰ লোক আৰু পৰাক্ৰমী জাতি সমূহ যিৰূচালেমত বাহিনীসকলৰ যিহোৱাক বিচাৰিবলৈ আৰু যিহোৱাৰ অনুগ্ৰহ প্ৰাৰ্থনা কৰিবলৈ আহিব’!” বাহিনীসকলৰ যিহোৱাই এই কথা কৈছে: ‘সেই দিনা জাতি সমূহৰ মাজৰ আটাই ভাষা ক’ব পৰা দহ জন লোকে এজন যিহুদী লোকৰ কাপোৰৰ আঁচল ধৰি ক’ব, “আমি তোমালোকৰ লগত যাম, কিয়নো আমি শুনিছোঁ, ঈশ্বৰ তোমালোকৰ লগত আছে!”
পাছত সপ্তম দূতে তুৰী বজাওঁতে, স্বৰ্গত এইবোৰ মহা-বাণী হ’ল, বোলে, “এই জগতৰ ৰাজ্য, আমাৰ প্ৰভুৰ আৰু তেওঁৰ খ্ৰীষ্টৰ হ’ল৷ আৰু তেওঁ চিৰকাল ৰাজশাসন কৰিব”।
তেওঁক শাসন ক্ষমতা, মহিমা, আৰু ৰাজকীয় পৰাক্রম দিয়া হ’ল; সেয়ে সকলো দেশৰ লোক, আৰু সকলো ভাষাৰ লোকে তেওঁৰ পৰিচৰ্যা কৰা উচিত। তেওঁৰ শাসন ক্ষমতা চিৰকাললৈকে থকা ক্ষমতা, সেয়ে কেতিয়াও লুপ্ত নহব; আৰু তেওঁৰ ৰাজ্য এনেকুৱা যে, সেই ৰাজ্য কেতিয়াও ধ্বংস নহ’ব।
হে পৃথিৱীৰ ৰজাসকল আৰু সমুদায় জাতি, অধিপতি আৰু পৃথিৱীৰ শাসকগণ, তেওঁৰ প্রশংসা কৰা! হে যুৱক আৰু যুৱতীসকল, বৃদ্ধ আৰু শিশুসকল, তেওঁৰ প্ৰশংসা কৰা! এই সকলোবোৰে যিহোৱাৰ প্ৰশংসা কৰক; কিয়নো কেৱল তেওঁৰেই নাম মহান; তেওঁৰ গৌৰৱ পৃথিৱী আৰু আকাশ-মণ্ডলৰ ওপৰলৈকে বিস্তাৰিত।
কাৰণ মই তেওঁলোকৰ কাৰ্য আৰু কল্পনাবোৰ জানো। যি সময়ত সকলো জাতিক; আৰু সকলো ভাষা কোৱা লোকসকলক মই গোট খুৱাম, এনে সময় আহিছে। তেওঁলোকে আহিব আৰু মোৰ প্ৰতাপ দেখিবলৈ পাব।
সেই সময়ত লোকসকলে ক’ব, “যিৰূচালেম যিহোৱাৰ সিংহাসন বুলি প্ৰখ্যাত হব, আৰু সকলো জাতিয়ে তাৰ ওচৰত যিৰূচালেমত যিহোৱাৰ নামেৰে গোট খাব আৰু তেওঁলোকে নিজ নিজ দুষ্ট মনৰ কঠিনতা অনুসাৰে আৰু নচলিব।
হে যিহোৱা, তোমাৰ সমুদায় সৃষ্টিয়ে তোমাৰ ধন্যবাদ কৰিব; তোমাৰ ভক্তসকলে তোমাৰ ধন্যবাদ কৰিব। তেওঁলোকে তোমাৰ ৰাজ্যৰ গৌৰৱ বর্ণনা কৰিব আৰু তোমাৰ মহৎ কাৰ্যবোৰৰ বিষয়ে ক’ব, যাতে সকলো মানুহে তোমাৰ পৰাক্রমী কার্য আৰু তোমাৰ ৰাজ্যৰ গৌৰৱপূর্ণ কথাবোৰ জানিব পাৰে।
তেতিয়া সেই দিনা অনেক জাতিয়ে যিহোৱাৰ লগ ল’ব। তেওঁ ক’ব, “তোমালোক মোৰ প্ৰজা হ’বা; আৰু মই তোমাৰ মাজত বাস কৰিম।” তেতিয়া বাহিনীসকলৰ যিহোৱাই যে মোক তোমাৰ ওচৰলৈ পঠালে, ইয়াকে তুমি জানিবা।