Biblia Todo Logo
অনলাইন বাইবেল

- বিজ্ঞাপন -




গীত 66:4 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

4 গোটেই পৃথিবীৰ লোকে তোমাৰ প্ৰণিপাত কৰিব, তোমাৰ উদ্দেশ্যে গীত গান কৰিব; তেওঁলোকে তোমাৰ নাম কীৰ্ত্তন কৰিব”। [চেলা]

অধ্যায়টো চাওক কপি কৰক




গীত 66:4
12 পৰস্পৰ সংযোগসমূহ  

পৃথিবীৰ শেষ সীমাত থকা লোকসকলেও যিহোৱাক সোঁৱৰণ কৰি উলটি আহিব; আন জাতিবোৰৰ সকলো ফৈদে তেওঁক প্ৰণিপাত কৰিব।


হে সমুদায় জাতি, যিহোৱাৰ প্ৰশংসা কৰা; হে সমুদায় লোক, তেওঁৰ মহিমা কীর্তন কৰা।


আপোনাক কোনে ভয় নকৰিব, হে প্ৰভু আৰু কোনে আপোনাৰ নাম প্ৰশংসা নকৰিব? কিয়নো কেৱল আপুনি পবিত্ৰ; সকলো জাতিয়ে আপোনাৰ আগত আহি আপোনাক আৰাধনা কৰিব৷ কিয়নো আপোনাৰ ন্যায় বিধান প্ৰকাশিত কৰা হ’ল৷”


কিয়নো সূৰ্যৰ উদয়স্থানৰ পৰা অস্তগমণস্থান পর্যন্ত সকলো জাতিৰ মাজত মোৰ নাম মহান হ’ব আৰু প্ৰত্যেক স্থানত মোৰ নামৰ উদ্দেশ্যে ধূপ জ্বলোৱা আৰু শুচি নৈবেদ্য উৎসৰ্গ কৰা হ’ব; কিয়নো মোৰ নাম জাতিবোৰৰ মাজত মহান হ’ব” বাহিনীগণৰ যিহোৱাই কৈছে,


তেওঁক শাসন ক্ষমতা, মহিমা, আৰু ৰাজকীয় পৰাক্রম দিয়া হ’ল; সেয়ে সকলো দেশৰ লোক, আৰু সকলো ভাষাৰ লোকে তেওঁৰ পৰিচৰ্যা কৰা উচিত। তেওঁৰ শাসন ক্ষমতা চিৰকাললৈকে থকা ক্ষমতা, সেয়ে কেতিয়াও লুপ্ত নহব; আৰু তেওঁৰ ৰাজ্য এনেকুৱা যে, সেই ৰাজ্য কেতিয়াও ধ্বংস নহ’ব।


মোৰ সমগ্র পবিত্ৰ পৰ্ব্বতত সিহঁতে আঘাত বা ধ্বংস নকৰিব; কাৰণ পানীয়ে যি দৰে সমুদ্ৰক ঢাকে, সেইদৰে যিহোৱাৰ জ্ঞানে পৃথিৱী পৰিপূৰ্ণ কৰিব।


তোমাৰ ধাৰ্মিকতাৰে উত্তৰ দি আশ্চর্যজনক কার্য কৰিবা; ঈশ্বৰ আমাৰ উদ্ধাৰকর্তা; পৃথিবীৰ অন্তলৈকে তুমি আমাৰ বিশ্বাসভূমি; সমুদ্ৰ আৰু সেইবোৰৰ পৰা দূৰৈত থকা সকলৰো।


আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন