তোমাক ক’ব খুজিছোঁ, ঈশ্বৰে এই পৃথিৱীৰ নীচ আৰু তুচ্ছ বস্তুবোৰক, যিবোৰ একো নহয়, তাক বাছি লৈছে যাতে যি আছে তাক নাইকিয়া কৰিব পাৰে, যাতে কোনেও তেওঁৰ সন্মুখত গর্ব নকৰে।
আমাৰ জীৱনৰ প্ৰতিটো দিনতে আমি অনুভৱ কৰিব লাগে যে আমাৰ ঈশ্বৰৰ প্ৰয়োজন আছে আৰু আমি তেওঁৰ অটল প্ৰেমৰ ওপৰত নিৰ্ভৰশীল। কিয়নো যিজনে নিজৰ ওপৰত গর্ব কৰে, সি ভাবে যে সি নিজেই সকলো কৰিব পাৰে, নিজৰ ক্ষমতা আৰু দক্ষতাৰ ওপৰত ভৰষা কৰি।
ঈশ্বৰে ইমানেই বিচাৰে যে তেওঁৰ সন্তানসকলে গর্বৰ পৰা মুক্ত হৈ জীয়াই থাকক। কিয়নো তেওঁ অহংকাৰীক দূৰৰ পৰাই চায়, কিন্তু যিসকলে জানে যে তেওঁৰ উপস্থিতি অবিহনে জীয়াই থাকিব নোৱাৰে, তেওঁলোকক তেওঁ অনুগ্ৰহ কৰে।
যেতিয়া তোমাৰ মনত নিজকে ওখ কৰিবলৈ মন যায়, তেতিয়া মনত পেলাবা যে ঈশ্বৰ অবিহনে তুমি কেনে আছিলা। চোৱা, তোমাৰ প্ৰতি তেওঁ কিমান ভাল আছিল। আৰু সকলো গৌৰৱ আৰু সন্মান ভগৱানক দিয়া, কিয়নো আগতে তুমি আন্ধাৰ আছিলা, এতিয়া তোমাৰ জীৱনত এক ডাঙৰ পোহৰ জ্বলি উঠিছে। সেয়েহে কেতিয়াও কোনো কথাত গর্ব নকৰিবা, কিয়নো তুমি যি আছা আৰু যি আছে, সকলোবোৰ ঈশ্বৰে তোমাৰ জীৱনত বৰ্ষণ কৰা অপাৰ অনুগ্ৰহৰ বাবে। (১ কৰিন্থীয়া ১.২৮-২৯)
তোমালোকে অহঙ্কাৰেৰে পুনৰ কথা নক’বা, তোমালোকৰ মুখৰ পৰা দৰ্পৰ কথা নোলাওক৷ কিয়নো যিহোৱা সৰ্ব্বজ্ঞানী ঈশ্বৰ হয়, তেওঁৰ দ্বাৰাই কাৰ্যবোৰ তৰ্জুত জোখা হয়।
কিন্তু যি জনে গৌৰৱ কৰে, তেওঁ ইয়াতহে গৌৰৱ কৰে, যে, তেওঁ মোৰ বিষয়ে বুজে আৰু জানে, যে মই পৃথিৱীত দয়া, বিচাৰ আৰু ধাৰ্মিকতা সিদ্ধ কৰোঁতা যিহোৱা; কিয়নো এইবোৰত মই সন্তোষ পাওঁ, ইয়াক যিহোৱাই কৈছে।
তেনেহ’লে আত্ম-শ্লাঘা ক’ত? তাক দূৰ কৰা হ’ল। কেনেকুৱা বিধানেৰে? কৰ্মবোৰৰ দ্বাৰাই নে? নহয়; বিশ্বাসৰ বিধানেৰেহে।
যদিও মই তেওঁৰ আগত আপোনালোকৰ অৰ্থে গৌৰৱ কৰিলোঁ, তথাপি মোক লাজত পেলোৱা হোৱা নাই; কিন্তু যেনেকৈ আমি আপোনালোকৰ আগত সকলো কথা সঁচাকৈ কলোঁ, তেনেকৈ তীতৰ আগত কৰা আমাৰ সেই গৌৰৱ সঁচাহে হ’ল।
জগতত যি তুচ্ছ আৰু ঘৃণিত, যাৰ কোনো মূল্যই নাই, সেই সকলক ঈশ্বৰে মনোনীত কৰিলে যাতে জগতৰ মূল্যৱান সকলক তেওঁ মূল্যহীন কৰিব পাৰে। ঈশ্বৰে এই কাম কৰিলে যাতে কোনো মানুহে তেওঁৰ ওচৰত অহংকাৰ কৰিব নোৱাৰে।
কিয়নো মোক দিয়া অনুগ্ৰহৰ দ্বাৰাই মই আপোনালোকৰ প্ৰত্যেক জনক কওঁ যে, উপযুক্ত বিবেচনাতকৈ কোনেও নিজকে বৰ বুলি বিবেচনা নকৰক; কিন্তু ঈশ্বৰে যাক যি পৰিমাণে বিশ্বাস দিলে, তেওঁ সেই অনুসাৰে নিজৰ বিষয়ে গভীৰ মনেৰে বিবেচনা কৰক।
আনলোকে তোমাৰ প্ৰশংসা কৰক, কিন্তু তোমাৰ নিজৰ মুখে নকৰক; অচিনাকী লোকে কৰক, কিন্তু তোমাৰ নিজৰ ওঁঠে নকৰক।
কিন্তু আমাৰ প্ৰভু যীচু খ্ৰীষ্টৰ ক্ৰুচৰ বাহিৰে আন কোনো কথাত গৌৰৱ কৰা মোৰ পৰা নহওক; তেওঁৰ দ্বাৰাই জগত খন মোৰ বাবে আৰু মই জগত খনৰ বাবে ক্রুচত হত হলোঁ।
আমি যে অপৰিমিত ৰূপে আনৰ পৰিশ্ৰমৰ কথাত গৌৰৱ কৰিছোঁ, এনে নহয়; কিন্তু আশা কৰোঁ, লোকৰ বিশ্বাস বাঢ়িলে, আমাৰ পৰিমাণ-জৰী অনুসাৰে আপোনালোকৰ মাজত বাহুল্যৰূপে যেন বৃদ্ধি হ’ম৷
দুষ্টলোকে নিজৰ মনৰ দুষ্ট ইচ্ছাত অহংকাৰ কৰে; লুভীয়া লোকে নিজৰ লাভৰ বাবে যিহোৱাক অভিশাপ দিয়ে আৰু তেওঁক হেয়জ্ঞান কৰে।
তোমাৰ মুখে কেতিয়াও বেগা-বেগীকৈ কথা নকওঁক। ঈশ্বৰৰ আগত বেগা-বেগীকৈ কোনো কথা উচ্চাৰণ নকৰিবা; কিয়নো ঈশ্বৰ স্বৰ্গত আৰু তুমি পৃথিবীত আছা; এই হেতুকে তোমাৰ কথা যেন অলপ হয়।
কিয়নো জগতত যিবোৰ আছে, অৰ্থাৎ মাংসৰ অভিলাষ, চকুৰ অভিলাষ, আৰু জীৱন কালৰ অহংকাৰ, এইবোৰ পিতৃ ঈশ্বৰৰ পৰা উৎপন্ন নহয়, জগতৰ পৰাহে হয়।
যিহোৱাই এই কথা কৈছে: জ্ঞানীয়ে নিজ জ্ঞানত গৌৰৱ নকৰক, বীৰে নিজ পৰাক্ৰমত, আৰু ধনীয়ে নিজ ধনত গৌৰৱ নকৰক।
তাতে তেওঁ মোক ক’লে, ‘মোৰ যি অনুগ্ৰহ, সেয়ে তোমাৰ বাবে জুৰিব; কিয়নো দূৰ্ব্বলতাত মোৰ শক্তি সিদ্ধ হয়’; সেই বাবে মই মহা-আনন্দেৰে মোৰ নানা দূৰ্ব্বলতাত গৌৰৱহে কৰিম, কিয়নো তাতে খ্ৰীষ্টৰ শক্তি মোৰ ওপৰত বাস কৰে৷
তেওঁলোক পৰচর্চা, পৰনিন্দা কৰোঁতা, ঈশ্বৰৰ ঘৃণাৰ পাত্ৰ; হিংসাত্মক, উদ্ধত, অহংকাৰী, কুকল্পনা জন্মোৱা, পিতৃ-মাতৃক নমনা লোক৷
কিয়নো অব্ৰাহামে যদি কৰ্মৰ দ্বাৰাই ধাৰ্মিক বুলি গণিত হৈছিল, তেনেহলে গৌৰৱ কৰাৰ কাৰণ তেওঁৰ আছিল; কিন্তু ঈশ্বৰৰ আগত সেই গৌৰৱ কৰাৰ কোনো কাৰণ নাছিল।
যিজনে নিজৰ হৃদয়ত ভাৰসা কৰে, তেওঁ অজ্ঞানী হ’য়; কিন্তু যি মানুহে প্ৰজ্ঞাৰ পথত চলে, তেওঁ বিপদৰ পৰা ৰক্ষা পায়।
প্ৰতিজনে নিজ কৰ্ম বিবেচনা কৰক; আৰু তেতিয়া তেওঁ অন্যৰ তুলনাত নহয় কিন্তু নিজৰ বিষয়তহে গৌৰৱ কৰাৰ কাৰণ পাব।
তাতে ইস্ৰায়েলৰ ৰজাই উত্তৰ দি ক’লে, “তোমালোকে তেওঁক কোৱাগৈ, ‘কোনো লোকেও যেন ৰণৰ সাজ গাত পিন্ধি, তেওঁ সাজ সোলোকোৱা জনৰ দৰে অহংকাৰ নকৰক’।”
মই অহঙ্কাৰীবোৰক কলোঁ, “তোমালোকে অহঙ্কাৰেৰে কাৰ্য নকৰিবা;” দুষ্টবোৰক ক’লো, “পৰিত্রাণ পাবলৈ নি:সংশয় নহবা; দুষ্টবোৰ জয়ী হ’বলৈ অত্যন্ত নিশ্চিন্ত নহওক।
মানুহৰ উৰ্দ্ধদৃষ্টি অৱনত হ’ব; আৰু লোকসকলৰ গৰ্ব্ব নাশ কৰা হ’ব; আৰু ভবিষ্যতৰ সেই সোধবিচাৰ দিনা কেৱল যিহোৱাই উন্নত হ’ব।
অহংকাৰী হৃদয়ৰ প্ৰত্যেক লোকক যিহোৱাই ঘিণ কৰে; যদিও তেওঁলোকে হাতত ধৰাধৰিকৈ থাকে, তথাপিও তেওঁলোকে দণ্ড নোপোৱাকৈ নাথাকিব।
সেইদৰে জিভাও অতি ক্ষুদ্ৰ অঙ্গ কিন্তু ই মহা-দৰ্পৰ কথা কয়। লক্ষ্য কৰা, যে সৰু জুইৰ ফিৰিঙতি এটিয়ে কিমান ডাঙৰ হাবি পুৰি পেলায়! সেইদৰে জিভাও হৈছে এক অগ্নি স্বৰূপ, আমাৰ অঙ্গ-প্ৰত্যঙ্গবোৰৰ মাজত জিভা অধৰ্মময় জগত স্বৰূপ; সেয়ে গোটেই শৰীৰক কলঙ্কিত কৰি আমাৰ জীৱনৰ লগতে নিজেও নৰকৰ অগ্নিৰে প্ৰজ্বলিত হয়।
সেইদৰে হে ডেকা লোক সকল, আপোনালোক পৰিচাৰক সকলৰ বশীভূত হওক; আপোনালোক সকলোৱে নম্ৰতাৰে নিজকে ভালদৰে মেৰিয়াই বান্ধি লওঁক আৰু ইজনে সিজনক সেৱা কৰক; যিহেতু, ঈশ্বৰে অহংকাৰী সকলক প্ৰতিৰোধ কৰে, কিন্তু নম্ৰ সকলক অনুগ্ৰহ দান কৰে।
যেতিয়া কোনো মানুহ ধনী হয়, ভয় নাখাবা; তেওঁৰ পৰিয়ালৰ গৌৰৱ যেতিয়া বৃদ্ধি পায়, তুমি ভয় নকৰিবা। কিয়নো তেওঁলোকে মৰণৰ কালত একোকে লৈ নাযাব; তেওঁলোকৰ ধন-সম্পদ তেওঁলোকৰ লগত নামি নাযাব।
অজ্ঞানীলোকৰ মুখৰ পৰা তেওঁৰ অহঙ্কাৰৰ অঙ্কুৰ ওলাই; কিন্তু জ্ঞানীলোকৰ ওঁঠে সেইবোৰ সংৰক্ষিত কৰে।
কিয়নো অনুগ্ৰহৰ যোগেদি বিশ্বাসৰ দ্বাৰাই আপোনালোকে পৰিত্ৰাণ পালে; আৰু সেয়ে আমাৰ পৰা নহয়; কিন্তু সেয়া ঈশ্বৰৰহে এক দান। কোনেও যেন গর্ব কৰিব নোৱাৰে, সেয়ে কর্মৰ পৰাও নহয়।
কিয়নো নিজকে নিজে প্ৰশংসা কৰা লোক সকলৰ লগত আমি নিজক গণনা বা তুলনা কৰিবলৈ সাহস নকৰোঁ; কিয়নো যেতিয়া তেওঁলোকে ইজনে সিজনক জোখে আৰু নিজকে আন এজনৰ লগত তুলনা কৰে, তেতিয়া তেওঁলোকে যেন নিজকে সুক্ষ্মদৃষ্টি কৰে৷
আপোনালোকে বিৰোধ বা অনৰ্থক দৰ্পেৰে একো নকৰিব; কিন্তু নম্ৰভাবে প্ৰত্যেকে নিজতকৈ অানক উত্তম বুলি মান্য কৰক৷
যি কোনোৱে নিজকে নিজে বৰ বুলি মানিব, তেওঁক সৰু কৰা হ’ব; আৰু যি কোনোৱে নিজকে নিজে সৰু বুলি মানিব, তেওঁক বৰ কৰা হ’ব।
কিন্তু বলৱন্ত যি আমি, আমি নিজক সন্তুষ্ট নকৰি, দূৰ্বল লোক সকলৰ দূৰ্বলতাৰূপ ভাৰ বোৱা উচিত।
যি জনে গোপনে চুবুৰীয়াৰ অপবাদ চৰ্চ্চে, তেওঁক মই উচ্ছন্ন কৰিম; গর্বিত দৃষ্টি আৰু অহংকাৰী মনৰ লোকক মই সহ্য নকৰিম।
বাহিনীসকলৰ যিহোৱাই তেওঁৰ অহংকাৰ অমৰ্যাদা কৰিবলৈ, আৰু তেওঁৰ সকলো গৌৰৱ, আৰু পৃথিৱীৰ মান্যৱন্ত লোকক অপমানিত কৰিবলৈ পৰিকল্পনা কৰিছে।
এইদৰে তোমালোকৰ পোহৰ মানুহৰ আগত প্ৰকাশিত হওক; তাতে তেওঁলোকে তোমালোকৰ ভাল কৰ্ম দেখি, স্বৰ্গত থকা তোমালোকৰ পিতৃৰ স্তুতি কৰিব।
কিয়নো আপুনি যে আন লোক সকলতকৈ বিশিষ্ট সেয়া কোনে দেখা পায়? ঈশ্বৰৰ পৰা যি দান হিচাপে পোৱা নাই, তেনে কি বস্তুৱেই বা আপোনাৰ আছে? আপুনি যেতিয়া দান হিচাপে পাই, তেতিয়া দান যেন পোৱা নাই, এনে দ্বিধাবোধ কৰি অহংকাৰ কিয় কৰে?
অহংকাৰ আৰু তুচ্ছ ভাব লৈ যিসকলে ধাৰ্মিকসকলৰ বিৰুদ্ধে দর্প কথা কয়, সেই মিছলীয়া ওঁঠবোৰ বোবা হওঁক।
কিয়নো যি কোনোৱে নিজকে বৰ বুলি মানে, তেওঁক সৰু কৰা হ’ব; আৰু যি কোনোৱে নিজকে সৰু বুলি মানে, তেওঁক বৰ কৰা হ’ব।
কিয়নো সেই কালত মানুহবোৰ নিজকে নিজে প্ৰেম কৰোঁতা, ধন লুভীয়া, দর্পী, অহংকাৰী, নিন্দক, পিতৃ-মাতৃৰ প্ৰতি অবাধ্য, অকৃতজ্ঞ, অপবিত্ৰ,
তুমি দুষ্টবোৰৰ কাৰণে অস্থিৰ নহবা; কুকার্য কৰাবোৰক দেখি হিংসা নকৰিবা। কিন্তু অলপতে দুষ্টলোক শেষ হৈ যাব; তুমি যত্নেৰে বিচাৰিলেও তেওঁলোকৰ ঠাইত তেওঁলোকক পোৱা নাযাব। কিন্তু নম্ৰসকলে দেশ অধিকাৰ কৰিব; প্ৰচুৰ আশীর্বাদ পাই তেওঁলোক আনন্দিত হব। দুষ্টই ধাৰ্মিকলোকৰ বিৰুদ্ধে কুমন্ত্ৰণা কৰে; তেওঁলোকৰ বিৰুদ্ধে দাঁত কৰঁচে। প্ৰভুৱে তেওঁলোকক দেখি হাঁহিছে; কিয়নো তেওঁ দেখিছে যে, তেওঁলোকৰ শেষ দিন চাপি আহিছে। দুখী-দৰিদ্ৰক বিনাশ কৰিবলৈ আৰু সৎ পথত চলাসকলক বধ কৰিবলৈ, দুষ্টবোৰে নিজৰ তৰোৱাল উলিয়াইছে আৰু নিজৰ নিজৰ ধনু ভিৰাইছে। কিন্তু তেওঁলোকৰ তৰোৱাল তেওঁলোকৰ নিজৰ বুকুতে সোমাব, আৰু তেওঁলোকৰ ধনু ভঙা হব। দুষ্টলোকৰ প্রচুৰ ধনৰাশিতকৈয়ো, ধাৰ্মিকৰ অলপ সম্পত্তিয়েই ভাল। কিয়নো দুষ্টবোৰৰ বাহু ভঙা হব। কিন্তু যিহোৱাই ধাৰ্মিকসকলক ধৰি ৰাখিব। সিদ্ধ লোকৰ সকলো দিন যিহোৱাই জানে, আৰু তেওঁলোকৰ আধিপত্য চিৰকাললৈকে থাকিব। সঙ্কটৰ সময়ত তেওঁলোক লাজত নপৰিব, আৰু আকালৰ সময়ত তেওঁলোক তৃপ্ত হব। কিয়নো তেওঁলোক ঘাঁহৰ দৰে শীঘ্রেই শুকাই যাব, সেউজীয়া তৃণৰ নিচিনাকৈ জঁয় পৰিব।
তুমি যদি অজ্ঞানী হোৱা, তেনেহ’লে তুমি নিজকে প্রশংসা কৰা, বা যদি তুমি কু-কল্পনা কৰা, তেনেহ’লে তোমাৰ মুখত তোমাৰ হাত দিয়া।
সাৱধান! মানুহক দেখুৱাবলৈ তেওঁলোকৰ আগত তোমালোকে নিজ নিজ ধাৰ্মিকতাৰ কৰ্ম নকৰিবা; তেনেকুৱা কৰিলে তোমালোকৰ স্বৰ্গত থকা পিতৃৰ ওচৰৰ পৰা তোমালোকে একো পুৰস্কাৰ নাপাবা।
অহঙ্কাৰীবোৰে মোক অতিশয় ঠাট্টা-বিদ্রূপ কৰে; তথাপিও মই তোমাৰ ব্যৱস্থাৰ পৰা অলপো এফলীয়া হোৱা নাই।
আপোনালোকৰ পৰস্পৰৰ ভাব একে হওক। বৰ বৰ বিষয়বোৰ চিন্তা নকৰি, সামান্য লোকৰ দৰে চলক৷ নিজৰ নিজৰ মনত জ্ঞানী নহব।
যিহোৱাক ভয় কৰায়েই দুষ্টতাক ঘিণ কৰা হয়; মই অহংকাৰ, গর্ব, কুপথ, আৰু বিপথগামী কথা ঘিণ কৰোঁ।
আপোনালোকে অহংকাৰ কৰা ভাল নহয়; অলপ খমিৰে যে সনা পিঠাগুড়িৰ গোটেই লদা ফুলাই, ইয়াক আপোনালোকে নাজানে নে?
কিয়নো তেওঁলোকে অসাৰতাৰ গর্ব কথা কয় আৰু মানুহক মাংসিক অভিলাষ পূর্ণ কৰাৰ বাসনা জগায়। যি সকলে ভুল পথত জীৱন-যাপন কৰা লোক সকলৰ সঙ্গৰ পৰা হাত সাৰি আহিবলৈ চেষ্টা কৰে, এনে লোক সকলক তেওঁলোকে পাপ স্বভাৱৰ মাংসিক অভিলাষলৈ প্রলুব্ধ কৰে।
তেওঁ অহংকাৰী আৰু একোকে নাজানে, কিন্তু বাদ-বিচাৰ আৰু বাগযুদ্ধৰূপ ৰোগত ৰোগাগ্ৰস্ত হয়৷ সেইবোৰৰ পৰাই হিংসা, বিবাদ, নিন্দা, দুষ্ট-ধাৰণাৰ উৎপন্ন হয়৷
যেতিয়া তোমাৰ শত্ৰুৰ পতন হয়, তেতিয়া আনন্দ নকৰিবা, আৰু যেতিয়া তেওঁ উজুতি খায়, তেতিয়া তোমাৰ মনক উল্লাসিত হ’বলৈ নিদিবা। কিয়নো যিহোৱাই চাব আৰু অগ্রাহ্য কৰিব, আৰু তেওঁৰ পৰা তেওঁৰ ক্ৰোধ দূৰ কৰিব।
কাৰণ তেওঁ এনে এজন মানুহ যি তোমাৰ আহাৰৰ হিচাপ লয়। তেওঁ তোমাক কয়, “ভোজন-পান কৰা!” কিন্তু তেওঁৰ হৃদয় তোমাৰ সৈতে নাথাকে।
কাৰণ যদিও যিহোৱা সকলোৰে উচ্চত, তথাপি তেওঁ হীন অৱস্থাৰ লোকলৈ দৃষ্টি ৰাখে; কিন্তু অহংকাৰী লোকক তেওঁ দূৰৈৰ পৰাই জানে।
তোমালোকে অন্য লোকৰ সোধ-বিচাৰ নকৰিবা, তেতিয়াহে তোমালোকৰো বিচাৰ কৰা নহ’ব। নাইবা মাছ খুজিলে সাপ দিব? তোমালোক দুষ্ট হৈয়ো যদি নিজৰ সন্তানক উত্তম বস্তু দিব জানা, তেনেহলে তোমালোকৰ স্বৰ্গত থকা পিতৃৰ ওচৰত যি সকলে বিচাৰে, সেই লোক সকলক জানো তেওঁ অধিকৰূপে ভাল বস্তু নিদিব? এতেকে, লোকে তোমালোকক যেনে ব্যৱহাৰ কৰিলে তোমালোকে ভাল পোৱা, তোমালোকেও তেওঁলোকক তেনেদৰে ব্যৱহাৰ কৰিবা; কিয়নো এয়ে বিধান আৰু ভাববাদী সকলৰ শিক্ষাৰ সাৰ। ঠেক দুৱাৰেদি সোমোৱা; কিয়নো যিয়ে সৰ্ব্বনাশলৈ নিয়ে, সেই দুৱাৰ ডাঙৰ আৰু বাটো বহল। তাৰ মাজেদি সোমোৱা লোকো অনেক। কিন্তু যিয়ে জীৱনলৈ নিয়ে, সেই দুৱাৰ সৰু আৰু বাটো ঠেক। অতি কম লোকেহে ইয়াক বিচাৰি পায়। ভুৱা ভাৱবাদী সকলৰ বিষয়ে সাৱধান হোৱা। সিহঁতে তোমালোকৰ ওচৰলৈ মেৰৰ বেশ লৈ আহে, অথচ ভিতৰি সিহঁত হিংস্র ৰাংকুকুৰ। সিহঁতৰ জীৱনৰ ফলৰ দ্বাৰাই তোমালোকে সিহঁতক চিনি পাবা। মানুহে জানো কাঁইটীয়া জোপোহাৰ মাজৰ পৰা আঙুৰ ফল বা কাঁইট গছৰ পৰা ডিমৰু ফল পাব পাৰে? ঠিক তেনেদৰে প্রত্যেক ভাল গছত ভাল ফল ধৰে আৰু বেয়া গছত বেয়া ফল ধৰে। ভাল গছত বেয়া ফল আৰু বেয়া গছত ভাল ফল ধৰিব নোৱাৰে। যি গছত ভাল ফল নধৰে, সেই গছ কাটি জুইত পেলোৱা হয়। কিয়নো যেনেকুৱা বিচাৰেৰে তোমালোকে সোধ-বিচাৰ কৰা, তেনেকুৱা বিচাৰেৰে তোমালোকৰো বিচাৰ কৰা হ’ব, আৰু যি জোখেৰে তোমালোকে জোখা, সেই জোখেৰে তোমালোককো জোখা হ’ব।
কিন্তু আপোনালোকে যদি পৰস্পৰৰ মাজত খোৱা-কামোৰা কৰি থাকে, তেনেহলে সাৱধান হ’ব, যাতে আপোনালোকে এইদৰে ইজনে সিজনৰ অনিষ্ট সাধন নকৰে৷
তেওঁলোকে ক’য়, “যিহোৱাই নেদেখিব; যাকোবৰ ঈশ্বৰে মন নকৰিব।” হে বিবেকহীনবোৰ, তোমালোকে বিবেচনা কৰা; হে নিৰ্বোধবোৰ, কেতিয়া তোমালোকৰ সুবুদ্ধি হ’ব?
“মই তোমালোকক সঁচাকৈ কওঁ, যদি তোমালোকে মন পৰিৱর্তন কৰি শিশু সকলৰ দৰে হব নোৱাৰা, তেনেহলে কোনোমতেই স্বৰ্গৰাজ্যত প্ৰৱেশ কৰিব নোৱাৰিবা৷ কিন্তু তেওঁ সন্মত নহ’ল৷ বৰং পৰিশোধ নকৰা পর্যন্ত তেওঁক বন্দীশালত বন্দী কৰি থলে। তেতিয়া তেওঁৰ সহদাসবোৰে এই ঘটনা দেখি অতিশয় দুঃখিত হ’ল৷ সিহঁতে ৰজাৰ ওচৰলৈ গৈ যি যি ঘটিল, সেই সকলো বিষয় তেওঁক জনালে। তেতিয়া ৰজাই সেই দাসক মাতি কলে, ‘দুষ্ট দাস! তই মোক কাকুতি-মিনতি কৰাত মই তোৰ সকলো ধাৰ ক্ষমা কৰিলোঁ তেনেহলে মই যেনেকৈ তোক দয়া কৰিছিলোঁ, তয়ো তেনেকৈ তোৰ সহদাসক দয়া কৰা উচিত নাছিল নে’? তেতিয়া ৰজাৰ খং উঠিল আৰু দিবলগীয়া আটাইখিনি ঋণ পৰিশোধ নকৰা পর্যন্ত দাস জনক যাতনাকাৰীৰ হাতত শোধাই দিলে। ঠিক সেইদৰে তোমালোক প্ৰতিজনে যদি তোমালোকৰ ভাইক অন্তৰেৰে সৈতে ক্ষমা নকৰা, তেনেহলে মোৰ স্বৰ্গীয় পিতৃয়েও তোমালোকক এইদৰে কৰিব।” এতেকে যি কোনোৱে এই শিশুটিৰ দৰে নিজকে নম্ৰ কৰে, তেৱেঁই স্বৰ্গৰাজ্যত সর্ব্বশ্ৰেষ্ঠ৷
অাপুনি লোকৰ দাসৰ যে বিচাৰ কৰিছে, অাপুনি নো কোন? তেওঁ নিজ প্ৰভুৰ আগত হয় থিৰে থাকে নাইবা পৰে; কিন্তু তেওঁক থিৰ কৰা যাব; কিয়নো প্ৰভুৱে তেওঁক থিৰ কৰিব পাৰে।
যিহোৱাই অহঙ্কাৰীলোকৰ উত্তৰাধিকাৰী উচ্ছন্ন কৰে, কিন্তু তেওঁ বিধৱা লোকৰ সম্পত্তি সুৰক্ষিত কৰে।
এতেকে ঈশ্বৰৰ মনোনীত প্ৰিয় আৰু পবিত্ৰ লোক সকলৰ যি উপযুক্ত, সেই মতে দয়া, স্নেহ, মধুৰ ভাব, নম্ৰতা, মৃদুতা আৰু চিৰসহিষ্ণুতা, এই সকলোকে পিন্ধক; আপোনালোক পৰস্পৰ সহনীয় হওক; ইজনে সিজনৰ প্ৰতি দয়ালু হওক; আৰু যদি কাৰোবাৰ বিৰুদ্ধে কাৰোবাৰ দোষ দিয়াৰ কাৰণ থাকে, তেনেহলে পৰস্পৰে ক্ষমা কৰক; কিয়নো প্ৰভুৱে যেনেকৈ আপোনালোকক ক্ষমা কৰিলে, আপোনালোকেও তেনেকৈ ক্ষমা কৰক৷
অহঙ্কাৰীবোৰে মোৰ অহিতে মিছা কথা ৰচিছে; কিন্তু মই হ’লে সমস্ত চিত্তেৰে তোমাৰ আদেশবোৰ পালন কৰোঁ।
আপোনালোকে বিৰোধ বা অনৰ্থক দৰ্পেৰে একো নকৰিব; কিন্তু নম্ৰভাবে প্ৰত্যেকে নিজতকৈ অানক উত্তম বুলি মান্য কৰক৷ কিয়নো মোৰ সেৱা শুশ্ৰূষাত আপোনালোকৰ যি যি ক্ৰুটি আছিল, তাক সম্পূৰ্ণ কৰিবলৈ, তেখেত প্ৰাণপণ কৰি খ্ৰীষ্টৰ কাৰ্যৰ কাৰণে মৃতপ্ৰায় হৈছিল। প্ৰতিজনে নিজৰ বিষয়ে নহয়, কিন্তু অানৰ বিষয়ে ভাবক।
মোৰ হাতে সকলো নিৰ্ম্মাণ কৰিলে, সেই বাবেই এই সকলো হ’ল, ইয়াক যিহোৱাই কৈছে; দুখীয়া, ভগ্ন-চিত্তীয়া, আৰু মোৰ বাক্যত কঁপা জনলৈহে মই অনুমতি দিম।
হে মোৰ প্ৰিয় ভাইসকল, অাপোনালোকে এই কথা জানিব যে, প্ৰত্যেক ব্যক্তি শুনিবলৈ প্ৰস্তুত থাকিব, ক’বলৈ ধীৰ আৰু ক্ৰোধলৈয়ো ধীৰ হওক,
হে ভাই সকল, কোনো মানুহ যদি কোনো অপৰাধত পৰে, তেনেহলে আত্মিক যি আপোনালোক, আপোনালোকে মৃদুশীল আত্মাৰে তেনেকুৱা জনক পুনৰ সুস্থ কৰক; কিন্তু পাছত নিজে নিজৰ পৰীক্ষাত নপৰিবৰ বাবে আপুনিও সাৱধান হ’ব৷ এই হেতুকে আহক, সুযোগ পালে সকলোৰে বাবে, বিশেষকৈ পৰিয়াল স্বৰূপ বিশ্বাস কৰা লোক সকলৰ বাবে উত্তম কৰ্ম কৰোঁ আহক। চাওক, মই নিজ হাতেৰে কিমান দিঘলীয়া চিঠি আপোনালোকলৈ লিখিলোঁ। যি সকল লোকে মাংসিক ৰূপে ভাল প্ৰভাৱ বিস্তাৰ কৰিব বিচাৰে, সেই সকলেহে আপোনালোকক চুন্নৎ হবলৈ বাধ্য কৰাই, কিন্তু তেওঁলোকে খ্ৰীষ্টৰ ক্ৰুচৰ অৰ্থে তাড়না নাপাবৰ কাৰণেহে ইয়াকে কৰে। কিয়নো চুন্নৎ হোৱা সকলে নিজেও বিধান পালন নকৰে; আপোনালোকৰ মাংসত তেওঁলোকে যেন গৌৰৱ কৰিব পাৰে, এই কাৰণে আপোনালোক চুন্নৎ হোৱাতো তেওঁলোকে ইচ্ছা কৰে। কিন্তু আমাৰ প্ৰভু যীচু খ্ৰীষ্টৰ ক্ৰুচৰ বাহিৰে আন কোনো কথাত গৌৰৱ কৰা মোৰ পৰা নহওক; তেওঁৰ দ্বাৰাই জগত খন মোৰ বাবে আৰু মই জগত খনৰ বাবে ক্রুচত হত হলোঁ। কিয়নো চুন্নতো একো নহয়, অচুন্নতো একো নহয়; কিন্তু নতুন সৃষ্টিহে গুৰুত্বপূৰ্ণ। যিমান মানুহ এই সূত্ৰ অনুসাৰে চলিব, তেওঁলোকৰ ওপৰত শান্তি আৰু দয়া থাকক; আৰু ইস্ৰায়েলৰ ঈশ্বৰৰ ওপৰতো থাকক৷ এতিয়াৰ পৰা কোনেও মোক অসুবিধা নিদিয়ক; কিয়নো মই নিজ শৰীৰত যীচুৰ নানা চিন লৈ ফুৰি আছোঁ। ভাই সকল, আমাৰ প্ৰভু যীচু খ্ৰীষ্টৰ অনুগ্ৰহ আপোনালোকৰ আত্মাৰ লগত থাকক। আমেন। আপোনালোকে ইজনে সিজনৰ ভাৰ কঢ়িয়াওক আৰু খ্ৰীষ্টৰ বিধান সম্পূৰ্ণকৈ পালন কৰক।
ৰজাৰ সন্মুখত নিজকে নিজে প্রশংসা নকৰিবা; আৰু মহান লোকৰ বাবে ৰখা ঠাইত তুমি থিয় নহ’বা। উচ্চপদস্থ ব্যক্তিৰ উপস্থিতিত অপদস্থ হোৱাতকৈ, “ইয়ালৈ আহাঁ”, এই বুলি তেওঁ তোমাক কোৱা ভাল। তোমাৰ সাক্ষ্য কি আছিল,
হে ঈশ্বৰ, মোৰ বুজ বিচাৰ লোৱা আৰু মোৰ অন্তঃকৰণ জানা; মোক পৰীক্ষা কৰি চোৱা আৰু মোৰ সঙ্কল্পবোৰ জানা; মোৰ ভিতৰত দুষ্টতাৰ কোনো পথ আছে কি নাই, তাক চোৱা, আৰু মোক অনন্তকালৰ পথত গমন কৰোঁৱা।
ধনী লোক নিজৰ দৃষ্টিত জ্ঞানী হ’ব পাৰে; কিন্তু বিবেচনা শক্তি থকা দৰিদ্ৰ লোকে তেওঁক বিচাৰি উলিয়াব।
হে বিধানত গৌৰৱ কৰা জন, আপুনি বিধান উলঙ্ঘন কৰি ঈশ্বৰৰ অসন্মান নকৰে নে? কিয়নো “ঈশ্বৰৰ নাম তোমালোকৰ কাৰণেই অনা-ইহুদী সকলৰ মাজত নিন্দিত হৈছে,” ঠিক এনেদৰে লিখাও আছে৷
তেওঁলোকে মানুহক দেখুৱাবলৈ নিজৰ সকলো কৰ্ম কৰে; তেওঁলোকে নিজৰ নিজৰ তাবিজ ডাঙৰকৈ লয়, আৰু কাপোৰৰ দহি দীঘলকৈ ৰাখে৷ ভোজত প্ৰধান ঠাই, আৰু নাম-ঘৰত প্ৰধান আসন, হাট-বজাৰত নমস্কাৰ আৰু লোক সকলে ‘ৰব্বি’ সম্বোধন কৰিলে তেওঁলোকে ভালপায়।
হে বীৰ, তুমি দুষ্কৰ্মত কিয় গৰ্ব্ব কৰিছা? ঈশ্বৰৰ দয়া চিৰকাললৈকে থাকে। তুমি ধ্বংসৰ পৰিকল্পনা কৰিছা; হে ছলনাকাৰী, তোমাৰ জিভা চোকা খুৰৰ নিচিনা; তুমি ভাল কামতকৈ বেয়া কামহে ভাল পোৱা, সত্য কথাতকৈ মিছা কথা কবলৈহে ভাল পোৱা। [চেলা]।
যি সময়লৈকে ‘আজি’ বোলা সময় আছে, সেই সময়লৈ অাপোনালোকে প্রতিদিনে এজনে আন জনক উৎসাহ দিয়ক, তাতে আপোনালোকৰ কোনো এজনৰ হৃদয় পাপৰ ছলনাত পৰি কঠিন নহওক।
তুমি নিজৰ চকুত থকা চতি ডাললৈ মন নকৰি, ভায়েৰাৰ চকুত থকা সৰু কুটা ডাললৈ কিয় চাইছা? তোমাৰ নিজৰ চকুত এডাল চতি লাগি থাকোতেই, তোমাৰ ভাইক “আহা, তোমাৰ চকুৰ পৰা কুটা ডাল উলিয়াবলৈ দিয়া” এই কথা কেনেকৈ কব পাৰা? হে কপটীয়া, প্ৰথমতে নিজৰ চকুৰ পৰা সেই চতি ডাল উলিয়াই পেলোৱা, তেতিয়াহে তোমাৰ ভাইৰ চকুৰ পৰা কুটা ডাল উলিয়াবলৈ ভালকৈ দেখিবা।
সকলো অধ্যৱসায়ৰ দ্বাৰাই তোমাৰ হৃদয়ক অধিক যত্নেৰে ৰক্ষা কৰা, কিয়নো তাৰ পৰাই জীৱন উৎপন্ন হয়।
কিন্তু আপুনি কিয় নিজৰ ভায়েৰাৰ সোধ-বিচাৰ কৰিছে? আপোনাৰ ভায়েৰাক নো কিয় হেয়জ্ঞান কৰিছে? কিয়নো আমি সকলোৱে ঈশ্বৰৰ বিচাৰৰ আসনৰ আগত থিয় হ’ম।
কিন্তু ঈশ্বৰে আমাক অতিকৈ অনুগ্ৰহ দান কৰে। শাস্ত্ৰে এইদৰে কয়, “ঈশ্বৰ অহংকাৰী লোকৰ বিপক্ষ হয়, কিন্তু নম্ৰ লোক সকলক তেওঁ অনুগ্ৰহ দান কৰে।”
দুষ্টলোকে নিজৰ সমর্থনত গৰ্ব্ব কৰি কয়; “ঈশ্বৰে ইয়াক বিচাৰি নাপাব;” তেওঁলোকৰ চিন্তাবোৰ এয়ে যে, “ঈশ্বৰ বুলি কোনো নাই।”
আপোনালোক ভ্ৰান্ত নহ’ব; কু-সঙ্গই সদাচাৰ নষ্ট কৰে। ধাৰ্মিকভাৱে সচেতন হওক৷ পাপ নকৰিব; কিয়নো ঈশ্বৰৰ কথাত কোনো কোনো জনৰ যোগ্য জ্ঞান নাই। আপোনালোকে লাজ পাবলৈ মই এই কথা কৈছোঁ।
মানুহে কোৱা সকলো কথালৈ কাণসাৰ নিদিবা, হয়তো তোমাৰ দাসে তোমাক শাও দিয়াহে শুনিবা। কাৰণ তুমিও তোমাৰ হৃদয়ত জানা যে, তুমি নিজেও আনক অনেকবাৰ সেইদৰে শাও দিছা।
মই তোমাৰ প্ৰশংসা কৰোঁ; কিয়নো মই অতি বিস্ময় আৰু আশ্চর্যজনক ভাৱে নিৰ্ম্মিত হলোঁ; তোমাৰ কাৰ্যবোৰ আচৰিত, তাক মই ভালদৰেই জানো।