4 তেওঁলোকৰ মুখৰ পৰা দাম্ভিক কথাবোৰ বাহিৰ হৈ আহে; সকলো দুষ্টলোকে গৰ্ব্ব কৰে।
দুষ্টবোৰৰ জয়-ধ্বনি যে অলপদিনীয়া, আৰু অধাৰ্মিকৰ আনন্দ যে খন্তেকীয়া, ইয়াক তুমি নাজানা নে?
কিন্তু যিসকলে নিজ ইচ্ছাৰে খলা-বমা পথেদি এফলীয়া হৈ যায়, যিহোৱাই তেওঁলোকক কু-কার্য কৰা সকলৰ লগত দূৰ কৰিব। ইস্ৰায়েলৰ ওপৰত শান্তি হওঁক।
তেওঁলোকে সাপৰ নিচিনাকৈ নিজৰ নিজৰ জিভা ধাৰ কৰিলে; তেওঁলোকৰ ওঁঠৰ তলত কালসৰ্পৰ বিষ থাকে! [চেলা]
অহংকাৰ আৰু তুচ্ছ ভাব লৈ যিসকলে ধাৰ্মিকসকলৰ বিৰুদ্ধে দর্প কথা কয়, সেই মিছলীয়া ওঁঠবোৰ বোবা হওঁক।
হে বীৰ, তুমি দুষ্কৰ্মত কিয় গৰ্ব্ব কৰিছা? ঈশ্বৰৰ দয়া চিৰকাললৈকে থাকে।
তেওঁলোকৰ পাপ, মুখৰ আৰু ওঁঠৰ কথা, তেওঁলোকে শাও দিয়া আৰু মিছা কথা কোৱাৰ কাৰণে; তেওঁলোকে তেওঁলোকৰ অহংকাৰত ধৰা পৰক।
চোৱা, তেওঁলোকে মুখেৰে আবেগ প্রকাশ কৰে, তেওঁলোকৰ ওঁঠত তৰোৱাল আছে; কিয়নো তেওঁলোকে ক’য়, “কোনে আমাৰ কথা শুনি পাব?”
তেওঁলোক এনে বংশ; যিসকলৰ দাঁত তৰোৱালৰ দৰে, আৰু গালৰ হাড় ছুৰিৰ দৰে, সেয়ে তেওঁলোকে দেশৰ পৰা দৰিদ্ৰ সকলক আৰু মানুহৰ মাজৰ পৰা অভাৱী সকলক গ্রাস কৰিব পাৰে।
তেতিয়া তেওঁলোকে ক’লে, ‘আহাঁ, আমি যিৰিমিয়াৰ অহিতে কু-মন্ত্ৰণা কৰোঁহক; কিয়নো পুৰোহিতৰ পৰা ব্যৱস্থা, জ্ঞানীসকলৰ পৰা মন্ত্ৰণা আৰু ভাববাদীৰ পৰা বাক্য লুপ্ত নহ’ব; আহাঁ, আমি জিভাৰে তাক প্ৰহাৰ কৰোঁ, তাৰ কোনো বাক্যত মন নিদিওঁ।
মই একেৰাহে চাই আছিলোঁ, কাৰণ সেই গৰ্ব্বৰ কথাবোৰ সেই শিঙটোৱে কৈ আছিল। মই চালোঁ সেই জন্তুটো যেতিয়া বধ কৰা হৈছিল, আৰু তাৰ শৰীৰ ধ্বংস কৰা হৈছিল; তেতিয়া তাক অগ্নিশিখাত পেলাই দিয়া হৈছিল।
তেওঁ সৰ্ব্বোপৰি জনাৰ বিৰুদ্ধে কথা ক’ব, আৰু সৰ্ব্বোপৰি ঈশ্বৰৰ পবিত্ৰ জনক তাড়না কৰিব, তেওঁ পর্ব আৰু বিধান সলনি কৰিবলৈ চেষ্টা কৰিব। আৰু এক কাল, দুই কাল আৰু আধা কালৰ বাবে এই সকলো তেওঁৰ হাতত শোধাই দিয়া হ’ব।
মই সেই শিঙবোৰলৈ মন কৰি থাকোতেই, মই দেখিলোঁ যে সেইবোৰৰ মাজৰ পৰা আন এটা সৰু শিং গজি ওলাইছে। পূৰ্বৰ শিংবোৰৰ তিনিটা শিং গুৰিৰ পৰা উঘলা হৈছিল; আৰু সেই শিংটোত মানুহৰ চকুৰ দৰে দুটা চকু, আৰু গৰ্ব্ব কৰি ডাঙৰ ডাঙৰ কথা কোৱা এখন মুখ আছিল।
সি ডাঙৰ হ’ল এনে কি, সি বাহিনীসকলৰ স্বৰ্গীয় অধিপতিৰ দৰে ডাঙৰ হ’ল। সি তেওঁৰ পৰা নিত্য বলিদান কাঢ়ি লৈছিল, আৰু তেওঁৰ পবিত্র স্থান দূষিত কৰিছিল।
ফৰীচী সকলে যীচুৰ এই আচৰিত কার্যৰ কথা শুনি ক’লে, “এই মানুহে ভূতবোৰৰ ৰজা বেলচবূবৰ সহায় অবিহনে ভূতক নেখেদায়।”
সৰ্পৰ বংশধৰ সকল! নিজে বেয়া হৈ কেনেকৈ আপোনালোকে ভাল কথা ক’ব পাৰিব? মানুহৰ মন যি কথাৰে পূর্ণ থাকে, মুখে সেই কথাকে কয়।
তোমালোকে অহঙ্কাৰেৰে পুনৰ কথা নক’বা, তোমালোকৰ মুখৰ পৰা দৰ্পৰ কথা নোলাওক৷ কিয়নো যিহোৱা সৰ্ব্বজ্ঞানী ঈশ্বৰ হয়, তেওঁৰ দ্বাৰাই কাৰ্যবোৰ তৰ্জুত জোখা হয়।