Biblia Todo Logo
অনলাইন বাইবেল
- বিজ্ঞাপন -




ৰোমীয়া 1:30 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

30 তেওঁলোক পৰচর্চা, পৰনিন্দা কৰোঁতা, ঈশ্বৰৰ ঘৃণাৰ পাত্ৰ; হিংসাত্মক, উদ্ধত, অহংকাৰী, কুকল্পনা জন্মোৱা, পিতৃ-মাতৃক নমনা লোক৷

অধ্যায়টো চাওক কপি কৰক




ৰোমীয়া 1:30
42 পৰস্পৰ সংযোগসমূহ  

তাতে ইস্ৰায়েলৰ ৰজাই উত্তৰ দি ক’লে, “তোমালোকে তেওঁক কোৱাগৈ, ‘কোনো লোকেও যেন ৰণৰ সাজ গাত পিন্ধি, তেওঁ সাজ সোলোকোৱা জনৰ দৰে অহংকাৰ নকৰক’।”


তেতিয়া হনানীৰ পুত্ৰ যেহূ দৰ্শকে তেওঁৰ লগত সাক্ষাত কৰিবলৈ গ’ল আৰু ৰজা যিহোচাফটক ক’লে, “দুৰ্জনক সহায় কৰা আৰু যিহোৱাক ঘিণ কৰোঁতা সকলক প্ৰেম কৰা জানো তোমাৰ উচিত? এই কাৰণে তোমাৰ ওপৰত যিহোৱাৰ ক্ৰোধ আহিছে।


তুমি কৈছিলা, ‘চোৱা, মই ইদোমক পৰাজয় কৰিলোঁ,’ আৰু তাতে তোমাৰ হৃদয়ে দৰ্প কৰিবলৈ তোমাৰ সফলতাত গৰ্ব্বী হৈছে; তুমি এতিয়া নিজ ঘৰতে থাকা; কিয় নিজ অমঙ্গলৰ অৰ্থে যুদ্ধ কৰি তুমি আৰু তোমাৰে সৈতে যিহূদাক পতিত কৰিবলৈ বিচাৰিছা?”


দুষ্টলোকে নিজৰ মনৰ দুষ্ট ইচ্ছাত অহংকাৰ কৰে; লুভীয়া লোকে নিজৰ লাভৰ বাবে যিহোৱাক অভিশাপ দিয়ে আৰু তেওঁক হেয়জ্ঞান কৰে।


এইদৰেই তেওঁলোক নিজ নিজ কৰ্মৰ দ্বাৰাই অশুচি হ’ল; কাৰ্যৰ দ্বাৰা তেওঁলোকে নিজকে ব্যভিচাৰী কৰিলে।


সেই সকল হৈছে দুষ্ট লোক, যিসকলে ধন-সম্পত্তিত ভাৰসা কৰে আৰু প্রচুৰ ধনৰ বাবে অহংকাৰ কৰে।


যিসকল অহংকাৰী লোক, তেওঁলোক তোমাৰ চকুৰ সন্মুখত থিয় হ’ব নোৱাৰিব; সকলো দুষ্কর্ম কৰা লোকক তুমি ঘৃণা কৰা।


হে বীৰ, তুমি দুষ্কৰ্মত কিয় গৰ্ব্ব কৰিছা? ঈশ্বৰৰ দয়া চিৰকাললৈকে থাকে।


যিহোৱাক ঘিণাওঁতাবোৰে তেওঁৰ সন্মুখত অৱনত হ’ব; তেওঁলোকৰ দণ্ড চিৰকাল স্থায়ী হ’ব।


তেওঁলোকৰ মুখৰ পৰা দাম্ভিক কথাবোৰ বাহিৰ হৈ আহে; সকলো দুষ্টলোকে গৰ্ব্ব কৰে।


লজ্জিত হওঁক সেইসকল, যিসকলে মূৰ্ত্তি পূজা কৰে; যিসকলে অসাৰ প্রতিমাত গর্ব কৰে; যিহোৱাৰ আগত সকলো দেৱতাই প্ৰণিপাত কৰক।


হে আমাৰ ঈশ্বৰ যিহোৱা, তুমি তেওঁলোকৰ প্রার্থনাৰ উত্তৰ দিছিলা; তুমি তেওঁলোকলৈ এজন ক্ষমাৱান ঈশ্বৰ আছিলা, তথাপিও তেওঁলোকৰ ভুল কর্মৰ প্রতিফল দিছিলা।


তাত আমাৰ এজন দুষ্ট কাৰ্য কল্পনা কৰা লোক আছে, লোকসকলে তেওঁক পৰিকল্পনাৰ পৰিচালক বুলি কয়।


উত্তৰৰ বতাহে যেনেকৈ বৃষ্টি আনে, তেনেকৈ যিজনে গুপুত কথা কয় তেওঁৰ মুখমণ্ডল ঘৃণনীয়।


যি চকুৱে নিজৰ পিতৃক উপহাস কৰে, আৰু মাতৃৰ আজ্ঞা পালন কৰিবলৈ ঘিণ কৰে, তেওঁৰ চকু উপত্যকাৰ কাউৰীবোৰৰ দ্বাৰাই কাঢ়ি উলিওৱা হ’ব, আৰু শগুণে তেওঁক খাব।


কিন্তু যি জনে মোক বিচাৰি নাপায়, তেওঁ নিজৰ অনিষ্ট কৰে। যিসকলোৱে মোক ঘিণ কৰে, তেওঁলোকে মৃত্যুক ভাল পায়।”


কেৱল ইয়াকেহে মই জানিব পাতিলোঁ যে, ঈশ্বৰে মানুহক সৰল কৰি স্ৰজন কৰিছিল, কিন্তু মানুহ নানা যুক্তিৰ আলম লৈ অবাটে গ’ল।


মই এইদৰে কৰিম যাতে ইস্ৰায়েলৰ গোটেই বংশ তেওঁলোকৰ হৃদয় মোলৈ পুনৰায় ঘূৰাই আনিব পাৰিম, কিয়নো তেওঁলোকৰ প্রতিমাবোৰে তেওঁলোকক মোৰ পৰা আঁতৰ কৰি ৰাখিছে!’


তোমাৰ মাজত পিতৃ-মাতৃক হেয়জ্ঞান কৰা হৈছে, তোমাৰ মাজত বিদেশীক অত্যাচাৰ কৰা হৈছে; তোমাৰ মাজত পিতৃহীন আৰু বিধৱাক অন্যায় কৰা হৈছে।


আৰু চন্দুক যোৱা সময়ত মোচিয়ে কয়, “হে যিহোৱা উঠা, তোমাৰ শত্ৰুবোৰ ছিন্ন ভিন্ন হওঁক আৰু তোমাক ঘিণ কৰোঁতাসকল তোমাৰ আগৰ পৰা পলাই যাওঁক।”


কাৰণ ঈশ্বৰে কৈছে, ‘তোমাৰ পিতৃ-মাতৃক সন্মান কৰা’; আৰু ‘যি কোনোৱে নিজৰ পিতৃ-মাতৃক কুবচন কয়, তেওঁৰ মৃত্যুদণ্ড হব।’


সেই সময়ৰ পৰা যীচুৱে তেওঁৰ শিষ্য সকলক জনাবলৈ ধৰিলে যে, তেওঁ অৱশ্যেই যিৰূচালেমলৈ যাব লাগিব, আৰু তাত পৰিচাৰক, প্ৰধান পুৰোহিত আৰু বিধানৰ অধ্যাপক সকলৰ পৰা অনেক দুখভোগ পাই মৃত্যুভোগ কৰি তিন দিনৰ দিনা পুনৰায় উঠিব লাগিব।


আৰু পিতৃ-মাতৃ, ভাই-ককাই, জ্ঞাতি-কুটুম্ব আৰু বন্ধু সকলৰ দ্বাৰাই তোমালোক শত্ৰুৰ হাতত সমৰ্পিত হ’বা, তাতে তোমালোকৰ কিছুমানক তেওঁলোকে বধ কৰাব।


জগতে তোমালোকক ঘৃণা কৰিব নোৱাৰে; মোকহে ঘৃণা কৰে; কিয়নো মই জগতৰ বিষয়ে এই সাক্ষ্য দিওঁ যে, জগতৰ সকলো কাম মন্দ।


কিয়নো কিছুদিনৰ আগেয়ে থুদা নামৰ এজনে আহি, নিজকে বৰ এজন বুলি দাবী কৰিছিল আৰু কম-বেচি পৰিমাণে প্রায় চাৰি শ মানুহে থুদাৰ লগ হৈছিল। তেওঁক বধ কৰা হ’ল আৰু তেওঁৰ অনুগামীবোৰও সিচঁৰিত হৈ কোনো চিন-চাব নোহোৱা হ’ল।


আপুনি যদি নিজকে ইহুদী বুলি কয়, তেনেহলে বিধানত নিৰ্ভৰ কৰক আৰু ঈশ্বৰত আনন্দেৰে গৌৰৱ কৰক,


হে বিধানত গৌৰৱ কৰা জন, আপুনি বিধান উলঙ্ঘন কৰি ঈশ্বৰৰ অসন্মান নকৰে নে?


তেনেহ’লে আত্ম-শ্লাঘা ক’ত? তাক দূৰ কৰা হ’ল। কেনেকুৱা বিধানেৰে? কৰ্মবোৰৰ দ্বাৰাই নে? নহয়; বিশ্বাসৰ বিধানেৰেহে।


আমি যে অপৰিমিত ৰূপে আনৰ পৰিশ্ৰমৰ কথাত গৌৰৱ কৰিছোঁ, এনে নহয়; কিন্তু আশা কৰোঁ, লোকৰ বিশ্বাস বাঢ়িলে, আমাৰ পৰিমাণ-জৰী অনুসাৰে আপোনালোকৰ মাজত বাহুল্যৰূপে যেন বৃদ্ধি হ’ম৷


কিয়নো মোৰ ভয় আছে যে, মই আপোনালোকৰ ওচৰলৈ যোৱা সময়ত আপোনালোকক যি ৰূপত দেখিবলৈ ইচ্ছা নকৰোঁ, কিজানি সেইৰূপত দেখিম আৰু আপোনালোকে মোক যিৰূপে দেখিবলৈ ইচ্ছা নকৰে, মোক সেইৰূপত দেখে; তাতে কিজানি আপোনালোকৰ মাজত বাদ-বিবাদ, ঈৰ্ষা, খং-ৰাগ, বিৰোধ, পৰচৰ্চা, দৰ্প, হুৰামুৰা, এই সকলো ঘটিব;


যি কোনোৱে নিজ পিতৃ-মাতৃক অমান্য কৰিব, তেওঁ অভিশপ্ত হওক; তাতে সকলো লোকে কব ‘আমেন।’


কিন্তু তেওঁক ঘিণ কৰাসকলক বিনষ্ট কৰি তেওঁ তেওঁলোকক প্ৰতিফল দিয়ে; তেওঁক ঘিণ কৰা লোকলৈ তেনে কৰাত তেওঁ পলম নকৰে; যিহোৱাই তেওঁৰ সাক্ষাতেই তেওঁলোকক প্ৰতিফল দিব।


ঈশ্বৰ নামেৰে খ্যাত আৰু উপাসনাৰ যোগ্য যি সকলো আছে, এই সকলোৰে বিৰুদ্ধে থিয় হৈ সেই অবাধ্যতাৰ পুৰুষে নিজকে ওখত প্রতিস্থিত কৰিব; এনে কি, ঈশ্বৰৰ মন্দিৰত বহি নিজকে নিজে ঈশ্বৰ বুলি ঘোষণা কৰিব।


কিয়নো সেই কালত মানুহবোৰ নিজকে নিজে প্ৰেম কৰোঁতা, ধন লুভীয়া, দর্পী, অহংকাৰী, নিন্দক, পিতৃ-মাতৃৰ প্ৰতি অবাধ্য, অকৃতজ্ঞ, অপবিত্ৰ,


কিয়নো পূর্বে আমিও নির্ব্বোধ, আজ্ঞা নমনা, ভ্ৰান্ত, নানা বিধ অভিলাষ আৰু সুখভোগৰ সেৱাকর্ম কৰা, হিংসা আৰু ঈৰ্ষাত কাল নিওৱা, ঘৃণনীয় আৰু পৰস্পৰে ঘৃণাকাৰী আছিলোঁ।


সেইদৰে জিভাও অতি ক্ষুদ্ৰ অঙ্গ কিন্তু ই মহা-দৰ্পৰ কথা কয়। লক্ষ্য কৰা, যে সৰু জুইৰ ফিৰিঙতি এটিয়ে কিমান ডাঙৰ হাবি পুৰি পেলায়!


কিন্তু এতিয়া আপোনালোকে নিজৰ নিজৰ পৰিকল্পনাত অহংকাৰ কৰি আছে; এনে অহংকাৰ অতি মন্দ।


কিয়নো তেওঁলোকে অসাৰতাৰ গর্ব কথা কয় আৰু মানুহক মাংসিক অভিলাষ পূর্ণ কৰাৰ বাসনা জগায়। যি সকলে ভুল পথত জীৱন-যাপন কৰা লোক সকলৰ সঙ্গৰ পৰা হাত সাৰি আহিবলৈ চেষ্টা কৰে, এনে লোক সকলক তেওঁলোকে পাপ স্বভাৱৰ মাংসিক অভিলাষলৈ প্রলুব্ধ কৰে।


তেওঁলোক বিবাদকাৰী, স্ব-ভাগ্য নিন্দক আৰু নিজ নিজ অভিলাষৰ অনুগামী; তেওঁলোকৰ মুখে গৰ্ব-কথা কয়; তেওঁলোকে লাভৰ অৰ্থে মানুহৰ মুখৰ প্ৰশংসা কৰে।


আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন