সকলো বিষয়তে ঈশ্বৰক ধন্যবাদ দিয়ক; কিয়নো আপোনালোকৰ প্ৰতি খ্ৰীষ্ট যীচুত ঈশ্বৰৰ এই ইচ্ছা।
তেওঁৰ ধন্যবাদ কৰি তেওঁৰ দুৱাৰবোৰত প্রৱেশ কৰা, তেওঁৰ প্ৰশংসা কৰি তেওঁৰ চোতাল কেইখনত সোমোৱা; তেওঁৰ স্তুতি কৰা, তেওঁৰ নামৰ ধন্যবাদ কৰা।
আৰু আপোনালোকে যি কৰিব পাৰে, সেইবোৰ বাক্যতে হওক বা কাৰ্যতে হওক, সকলোকে প্ৰভু যীচুৰ নামত কৰক; আৰু তেওঁৰ দ্বাৰাই পিতৃ ঈশ্বৰৰ ধন্যবাদ কৰক।
হে যিহোৱা, মই মোৰ সমস্ত হৃদয়েৰে তোমাৰ ধন্যবাদ কৰিম, আৰু তোমাৰ সকলো আচৰিত কার্যবোৰ বর্ণনা কৰিম।
আপোনালোকে একোলৈ চিন্তা নকৰিব, কিন্তু সকলো বিষয়তে আপোনালোকৰ যাচনা, ধন্যবাদযুক্ত প্ৰাৰ্থনা আৰু নিবেদনেৰে সৈতে ঈশ্বৰৰ আগত জনোৱা হওক।
যিহোৱাৰ উদ্দেশ্যে ধন্যবাদ কৰা উত্তম; হে সৰ্ব্বোপৰি জনা, তোমাৰ নামৰ উদ্দেশ্যে স্তুতি গান কৰা উত্তম; কিন্তু বনৰীয়া ষাঁড়ৰ শিঙৰ দৰে তুমি মোৰ শক্তিক তুলি ধৰিলা; তুমি মোৰ ওপৰত নতুন অভিষিক্ত তেল ঢালি দিলা। মোৰ শত্ৰুবোৰৰ পতন মই নিজ চকুৰে দেখিলোঁ; মোৰ বিৰুদ্ধে উঠা সেই দুষ্টবোৰৰ সর্বনাশ মই নিজ কাণেৰে শুনিবলৈ পালোঁ। ধাৰ্মিকলোক খাজুৰ গছৰ দৰে উজ্বলি উঠিব; লিবানোনৰ এৰচ গছৰ নিচিনাকৈ বাঢ়ি যাব। তেওঁলোকক যিহোৱাৰ গৃহত ৰোপন কৰা হ’ল; তেওঁলোক আমাৰ ঈশ্বৰৰ চোতাল কেইখনত প্ৰফুল্লিত হ’ব। তেওঁলোকে বৃদ্ধ বয়সতো ফল উৎপন্ন কৰিব; তেওঁলোক ৰসাল আৰু সেউজীয়া হৈ থাকিব; তাতে প্রচাৰিত হ’ব যে যিহোৱা ন্যায়বান; তেৱেঁই মোৰ শিলা, তেওঁত কোনো অধার্মিকতা নাই। ৰাতিপুৱা তোমাৰ অসীম প্রেমৰ কথা আৰু প্ৰতি ৰাতি তোমাৰ বিশ্বস্ততা প্রচাৰ কৰা উত্তম;
আহাঁ, আমি ধন্যবাদ জনাই জনাই তেওঁৰ আগত উপস্থিত হওঁ; স্তুতি-গানেৰে তেওঁৰ উদ্দেশ্যে আনন্দ ধ্বনি কৰোঁহক। কিয়নো যিহোৱা মহান ঈশ্বৰ, সকলো দেৱতাবোৰৰ ওপৰত তেৱেঁই মহান ৰজা।
সেই দিনা তোমালোকে ক’বা, “যিহোৱাৰ ধন্যবাদ কৰা, আৰু তেওঁৰ নাম লোৱা; লোকসকলৰ মাজত তেওঁৰ কাৰ্যবোৰ প্ৰকাশ কৰা, তেওঁৰ নাম মহিমান্বিত বুলি ঘোষণা কৰা। যিহোৱাৰ উদ্দেশ্যে গান কৰা, কিয়নো তেওঁ মহৎ কাৰ্য কৰিলে; সমগ্র পৃথিৱীত এই সকলো জানিবলৈ দিয়া হওক।
এতেকে আহক, আমি তেওঁৰেই দ্বাৰাই সদায় ঈশ্বৰৰ উদ্দেশ্যে স্তৱৰূপ যজ্ঞ, তেওঁৰ নাম স্বীকাৰকাৰী ওঁঠৰ ফল উৎসৰ্গ কৰোঁহক।
যিহোৱাই মোৰ বল আৰু মোৰ ঢাল; মোৰ হৃদয়ে তেওঁতে ভাৰসা কৰে। সেইবাবেই মই সহায় পাইছোঁ। সেইবাবেই মোৰ অন্তৰ আনন্দত ভৰি পৰিছে; মই মোৰ গীতেৰে তেওঁৰ ধন্যবাদ কৰোঁ।
যাতে মোৰ অন্তৰ নীৰৱে নাথাকে বৰং তোমাৰ উদ্দেশ্যে প্রশংসাৰ গীত গায়; হে মোৰ ঈশ্বৰ যিহোৱা, মই অনন্ত কাললৈকে তোমাৰ ধন্যবাদ কৰিম।
খ্রীষ্ট যীচুত ঈশ্বৰে যি অনুগ্রহ আপোনালোকক দান কৰিলে, তাৰ কাৰণে মই সদায় মোৰ ঈশ্বৰক ধন্যবাদ দিওঁ।
ভাইসকল, আপোনালোকৰ কাৰণে আমি সদায় ঈশ্বৰক ধন্যবাদ দিওঁ; আমি এনেদৰে ধন্যবাদ কৰা উচিত, কাৰণ আপোনালোকৰ বিশ্বাস অতিশয়ৰূপে বৃদ্ধি পাইছে আৰু আপোনালোক সকলোৱে প্রেমত পৰস্পৰৰ প্রতি উপচি পৰিছে;
এতিয়া আপোনালোকৰ সকলোৰে হৃদয়ত খ্ৰীষ্টৰ শান্তিয়ে কৰ্ত্তৃত্ব কৰক; আপোনালোক তাৰ কাৰণেই এক শৰীৰত আমন্ত্ৰিত হ’ল; আৰু কৃতজ্ঞ হওক।
তোমালোকে যিহোৱাৰ প্ৰশংসা কৰা! তোমালোকে যিহোৱাৰ ধন্যবাদ কৰা, কিয়নো তেওঁ মঙ্গলময়; কাৰণ তেওঁৰ দয়া চিৰকাললৈকে থাকে।
কিয়নো ঈশ্বৰৰ সৃষ্ট সকলো বস্তুৱেই উত্তম আৰু ধন্যবাদেৰে সৈতে গ্ৰহণ কৰিলে, একোৱেই অগ্ৰাহ্য নহয়, যিহেতু ঈশ্বৰৰ বাক্য আৰু প্ৰাৰ্থনাৰ দ্বাৰাই সকলোকে পবিত্ৰ কৰা হয়।
যি মানুহে জীৱনত ধন্যবাদৰ বলি উৎসৰ্গ কৰে, তেৱেঁই মোক গৌৰৱাম্বিত কৰে; যি মানুহে সঠিক পথত চলে, মই তেওঁক ঈশ্বৰৰ পৰিত্ৰাণ দেখিবলৈ দিম।
তেতিয়াৰে পৰা মই আপোনালোকৰ কাৰণে ঈশ্বৰক ধন্যবাদ দিবলৈ আৰু মোৰ প্ৰাৰ্থনা কালত আপোনালোকৰ নাম উল্লেখ কৰিবলৈ ৰখা নাই।
দেৱতাবোৰেও ঈশ্বৰৰ ধন্যবাদ কৰা, কাৰণ তেওঁৰ প্রেম অনন্তকাল স্থায়ী। যি জনাই বাচানৰ ৰজা ওগক বধ কৰিলে, তেওঁৰ ধন্যবাদ কৰা, কাৰণ তেওঁৰ প্রেম অনন্তকাল স্থায়ী। যি জনাই তেওঁলোকৰ দেশ আধিপত্য স্বৰূপে দিলে, তেওঁৰ ধন্যবাদ কৰা, কাৰণ তেওঁৰ প্রেম অনন্তকাল স্থায়ী। যি জনাই তেওঁলোকৰ দেশ নিজ দাস ইস্ৰায়েলক অধিকাৰৰ কাৰণে দিলে, তেওঁৰ ধন্যবাদ কৰা, কাৰণ তেওঁৰ প্রেম অনন্তকাল স্থায়ী। যি জনাই আমাৰ হীন অৱস্থাত আমাক সুঁৱৰিলে, তেওঁৰ ধন্যবাদ কৰা, কাৰণ তেওঁৰ প্রেম অনন্তকাল স্থায়ী। যি জনাই আমাক আমাৰ শত্ৰুবোৰৰ পৰা উদ্ধাৰ কৰিলে, তেওঁৰ ধন্যবাদ কৰা, কাৰণ তেওঁৰ প্রেম অনন্তকাল স্থায়ী। যি জনাই সমুদায় প্ৰাণীকে আহাৰ দিয়ে, তেওঁৰ ধন্যবাদ কৰা, কাৰণ তেওঁৰ প্রেম অনন্তকাল স্থায়ী। স্বৰ্গৰ ঈশ্বৰৰ ধন্যবাদ কৰা, কাৰণ তেওঁৰ প্রেম অনন্তকাল স্থায়ী। প্ৰভুসকলৰো প্ৰভুৰ ধন্যবাদ কৰা, কাৰণ তেওঁৰ প্রেম অনন্তকাল স্থায়ী।
প্ৰথমতে, যীচু খ্ৰীষ্টৰ যোগেদি অাপোনালোক সকলোৰে বিষয়ে মই ঈশ্বৰৰ ধন্যবাদ কৰিছোঁ, কাৰণ গোটেই জগতত অাপোনালোকৰ বিশ্বাস প্ৰচাৰিত হ’ল৷
আমি নিবেদন কৰোঁ আৰু আনন্দেৰে সৈতে তেওঁৰ ধন্যবাদ কৰোঁ, কাৰণ পিতৃয়ে আমাক পবিত্ৰ লোক সকলৰ যি অধিকাৰ পোহৰত আছে, সেই অধিকাৰৰ অংশীদাৰ হ’বলৈ যোগ্য কৰিলে৷
তাতে তেওঁলোকৰ মাজৰ এজনে, নিজকে সুস্থ হোৱা দেখি, বৰ মাতেৰে ঈশ্বৰৰ প্ৰশংসা কৰি উলটি আহিল; আৰু যীচুৰ চৰণত উবুৰি হৈ পৰি তেওঁৰ স্তুতি কৰিবলৈ ধৰিলে; সেই লোক জন, চমৰীয়া আছিল।
হে যিহোৱা, তোমাৰ সমুদায় সৃষ্টিয়ে তোমাৰ ধন্যবাদ কৰিব; তোমাৰ ভক্তসকলে তোমাৰ ধন্যবাদ কৰিব।
হে মোৰ পূৰ্বপুৰুষ পিতৃসকলৰ ঈশ্বৰ, মই আপোনাৰ ধন্যবাদ আৰু প্ৰশংসা কৰিছোঁ; কাৰণ আপুনি মোক প্রজ্ঞা আৰু শক্তি দিলে। আমি প্রাৰ্থনাত আপোনাৰ পৰা যি বিচাৰিছিলোঁ; এতিয়া আপুনি মোক জনালে; ৰজাৰ চিন্তনীয় বিষয় আপুনি আমাক জনালে।”
হে সমুদায় পৃথিৱী, তোমালোকে যিহোৱাৰ উদ্দেশ্যে আনন্দ ধ্বনি কৰা। আনন্দ মনেৰে যিহোৱাৰ সেৱা কৰা; আনন্দ গানেৰে সৈতে তেওঁৰ উপস্থিতিৰ সন্মুখলৈ আহাঁ; তোমালোকে ইয়াকে জানা যে, যিহোৱাই ঈশ্বৰ; তেঁৱেই আমাক নিৰ্ম্মাণ কৰিলে, আমি তেওঁৰেই; আমি তেওঁৰ প্ৰজা আৰু তেওঁৰ চৰণীয়া পথাৰৰ মেৰ-ছাগ। তেওঁৰ ধন্যবাদ কৰি তেওঁৰ দুৱাৰবোৰত প্রৱেশ কৰা, তেওঁৰ প্ৰশংসা কৰি তেওঁৰ চোতাল কেইখনত সোমোৱা; তেওঁৰ স্তুতি কৰা, তেওঁৰ নামৰ ধন্যবাদ কৰা। কিয়নো যিহোৱা মঙ্গলময়, তেওঁৰ দয়া চিৰকাল স্থায়ী; তেওঁৰ বিশ্বস্ততা পুৰুষে পুৰুষে স্থায়ী।
যিহোৱাৰ ধন্যবাদ কৰা, তেওঁৰ নামেৰে প্ৰাৰ্থনা কৰা; জাতি সমূহৰ মাজত কৰা তেওঁৰ কাৰ্যবোৰ জনোৱা।
আমি সদায় প্ৰাৰ্থনা কালত আপোনালোক সকলোৰে নাম সোঁৱৰণ কৰোঁ আৰু আপোনালোকৰ কাৰণে ঈশ্বৰক ধন্যবাদ দিওঁ।
হে যিহোৱা, মোৰ সমস্ত চিত্তেৰে মই তোমাৰ ধন্যবাদ কৰিম; দেৱতাবোৰৰ আগত মই তোমাৰ প্ৰশংসাৰ গান কৰিম। তোমাৰ পবিত্ৰ মন্দিৰৰ ফালে প্ৰণিপাত কৰিম; তোমাৰ চিৰস্থায়ী প্রেম আৰু বিশ্ৱস্ততাৰ কাৰণে তোমাৰ নামৰ ধন্যবাদ কৰিম; কিয়নো তোমাৰ নাম আৰু তোমাৰ আজ্ঞাবোৰ সকলোতকৈ মহান।
মই চিৰকাল যিহোৱাৰ গভীৰ প্রেমৰ কীর্তন কৰিম; মই নিজ মুখেৰে পুৰুষানুক্ৰমে সকলোৰে সন্মুখত তোমাৰ বিশ্বস্ততা প্রচাৰ কৰিম। তুমি ৰাহবক খণ্ড খণ্ড কৰি, হত হোৱা লোকৰ দৰে কৰিলা; তোমাৰ বাহুবলেৰে তুমি তোমাৰ শত্রুবোৰক ছিন্ন-ভিন্ন কৰিলা। আকাশ-মণ্ডল তোমাৰ আৰু পৃথিবীও তোমাৰেই; জগত আৰু তাত থকা সকলোকে তুমিয়েই স্থাপন কৰিলা। উত্তৰ আৰু দক্ষিণ তোমাৰেই সৃষ্টি; তাবোৰ আৰু হৰ্মোণে তোমাৰ নামত আনন্দ-ধ্বনি কৰে। তোমাৰ বাহু পৰাক্ৰমেৰে ভৰা; তোমাৰ হাত শক্তিশালী, তোমাৰ সোঁ হাত প্রবল। ধাৰ্মিকতা আৰু ন্যায়বিচাৰ তোমাৰ সিংহাসনৰ ভিত্তিমূল; প্রেম আৰু বিশ্ৱস্ততা তোমাৰ আগে আগে চলে। ধন্য সেই লোক, যি লোকে আনন্দ-ধ্বনিৰে তোমাৰ আৰাধনা কৰে; হে যিহোৱা, তেওঁলোকে তোমাৰ মুখৰ দীপ্তিত চলাফুৰা কৰে। ওৰে দিনটো তেওঁলোকে তোমাৰ নামত উল্লাস কৰে; তোমাৰ ধাৰ্মিকতাত তেওঁলোকে তোমাক তুলি ধৰে। তুমিয়েই তেওঁলোকৰ শক্তিৰ শোভা; তোমাৰ অনুগ্ৰহতে আমাৰ শক্তি উন্নত হ’ব। আমাৰ ৰজা ইস্ৰায়েলৰ পবিত্ৰ ঈশ্বৰ জনা দ্বাৰায়েই নিযুক্ত, আমাৰ সেই ঢাল যিহোৱাৰেই। এসময়ত তুমি দর্শনত তোমাৰ ভক্তসকলক কৈছিলা, “এজন বীৰৰ ওপৰত মই সহায় কৰাৰ ভাৰ অৰ্পণ কৰিলোঁ; লোকসকলৰ মাজৰ পৰা এজনক মনোনীত কৰি উন্নত কৰিলোঁ। মই ঘোষণা কৰিম যে, তোমাৰ গভীৰ প্রেমৰ কার্য চিৰকালৰ বাবে স্থাপন হৈছে; তোমাৰ বিশ্বস্ততা আকাশমণ্ডলৰ দৰেই স্থায়ী।
যিহোৱাক ধন্যবাদ দিবলৈ, হেমন, আৰু যিদূথূন লগত নামেৰে মনোনীত অৱশিষ্ট লোকসকলক একেলগে ৰাখিলে, কাৰণ “যিহোৱাৰ দয়া চিৰকাললৈকে থাকে,”
কিয়নো এইবোৰ আপোনালোকৰ কাৰণেহে হৈছে, যাতে অনেক লোকে ঈশ্বৰৰ মহিমাৰ অর্থে অনুগ্রহ পায় ধন্যবাদত উপচি পৰে।
কাৰণ আগেয়ে আপোনালোক পাপৰ দাস আছিল, কিন্তু এতিয়া যি আদৰ্শৰ শিক্ষালৈ সমৰ্পিত হ’ল আৰু অন্তৰেৰে সৈতে সেই বিষয় মানিবলৈ যে আপোনালোক আজ্ঞাধীন হ’ল, তাৰ কাৰণে ঈশ্বৰৰ ধন্যবাদ হওক।
যি জনাই অকলে মহৎ মহৎ আচৰিত কৰ্ম কৰে, তেওঁৰ ধন্যবাদ কৰা, কাৰণ তেওঁৰ প্রেম অনন্তকাল স্থায়ী। যি জনাই জ্ঞানেৰে আকাশ-মণ্ডল সৃষ্টি কৰিলে, তেওঁৰ ধন্যবাদ কৰা, কাৰণ তেওঁৰ প্রেম অনন্তকাল স্থায়ী। যি জনাই জল সমূহৰ ওপৰত ভূ-মণ্ডল বিস্তাৰ কৰিলে, তেওঁৰ ধন্যবাদ কৰা, কাৰণ তেওঁৰ প্রেম অনন্তকাল স্থায়ী। যি জনাই মহা জ্যোতিবোৰ নিৰ্ম্মাণ কৰিলে, তেওঁৰ ধন্যবাদ কৰা, কাৰণ তেওঁৰ প্রেম অনন্তকাল স্থায়ী। দিনৰ ওপৰত অধিকাৰ কৰিবলৈ সূৰ্য নিৰ্ম্মাণ কৰিলে, তেওঁৰ ধন্যবাদ কৰা, কাৰণ তেওঁৰ প্রেম অনন্তকাল স্থায়ী। যি জনাই ৰাতিৰ ওপৰত অধিকাৰ কৰিবলৈ চন্দ্ৰ আৰু তৰাবোৰ নিৰ্ম্মাণ কৰিলে, তেওঁৰ ধন্যবাদ কৰা, কাৰণ তেওঁৰ প্রেম অনন্তকাল স্থায়ী।
হান্নাই প্ৰাৰ্থনা কৰিলে আৰু ক’লে, “মোৰ মনে যিহোৱাত আনন্দ কৰিছে; মোৰ শক্তি যিহোৱাত মোৰ গৰ্ব্ব হৈছে; শত্ৰুবোৰৰ আগত মই দৃঢ়তাৰে কথা ক’ব পৰা হৈছোঁ কাৰণ মই আপোনাৰ পৰিত্ৰাণত উল্লাসিত হৈছোঁ।
হে যিহোৱাৰ ভক্তগণ, তোমালোকে তেওঁৰ উদ্দেশ্যে প্ৰশংসাৰ গান কৰা, তেওঁৰ পবিত্ৰ নামৰ ধন্যবাদ কৰা।
সেয়ে মই যিহোৱাৰ ধার্মিকতাৰ ধন্যবাদ কৰিম, তেওঁ ন্যায় বিচাৰ কৰে; মই সৰ্ব্বোপৰি যিহোৱাৰ প্ৰশংসাৰ গান কৰিম।
কিন্তু সেই ঈশ্বৰ ধন্য, যি জনাই আমাক সদায় খ্ৰীষ্টত জয়যুক্ত হ’বলৈ পথ দেখুৱাই আৰু আমাৰ দ্বাৰাই তেওঁৰ জ্ঞানৰূপ সুগন্ধ সকলো ঠাইতেই প্ৰকাশ কৰে।
অহ! তোমাৰ মঙ্গল কিমান যে মহান! যি মঙ্গল তুমি তোমাক ভয় কৰোঁতা লোকসকলৰ বাবে সঞ্চয় কৰি থৈছা; তোমাত আশ্ৰয় লোৱা সকলোৰে সন্মুখতে তুমি সেই মঙ্গল সিদ্ধ কৰি থাকা।
হে মোৰ ঈশ্বৰ যিহোৱা, তুমি তোমাৰ অনেক আচৰিত কার্য কৰিছা, আমাক লৈ তোমাৰ পৰিকল্পনা অনেক, তোমাৰ লগত কাকো তুলনা কৰিব নোৱাৰি, মই যদি সেইবোৰ ঘোষণা আৰু বৰ্ণনা কৰোঁ, গণনা কৰিব নোৱাৰাকৈ অলেখ হ’ব।
যি জনে বিশেষ দিন মানে, তেওঁ প্ৰভুৰ উদ্দেশ্যে সেইদিন মানক; যি জনে খায়, তেওঁ প্ৰভুৰ উদ্দেশ্যে খাওক; কিয়নো তেওঁ ঈশ্বৰৰ ধন্যবাদ কৰে৷ যি জনে নাখায়, তেৱোঁ প্ৰভুৰ উদ্দেশ্যে নাখাওঁক; আৰু ঈশ্বৰৰ ধন্যবাদ কৰক।
যি জনাই মিচৰৰ প্ৰথমে জন্মাসকলক আঘাত কৰিলে, তেওঁৰ ধন্যবাদ কৰা, কাৰণ তেওঁৰ প্রেম অনন্তকাল স্থায়ী। যি জনাই ইস্ৰায়েলক তেওঁলোকৰ মাজৰ পৰা উলিয়াই আনিলে, তেওঁৰ ধন্যবাদ কৰা, কাৰণ তেওঁৰ প্রেম অনন্তকাল স্থায়ী। যি জনাই পৰাক্ৰমী হাত আৰু মেলা বাহুৰে তেওঁলোকক উলিয়াই আনিলে, তেওঁৰ ধন্যবাদ কৰা, কাৰণ তেওঁৰ প্রেম অনন্তকাল স্থায়ী। যি জনাই চূফ সাগৰক দুভাগ কৰিলে, তেওঁৰ ধন্যবাদ কৰা, কাৰণ তেওঁৰ প্রেম অনন্তকাল স্থায়ী। যি জনাই ইস্ৰায়েলক তাৰ মাজেদি পাৰ কৰালে, তেওঁৰ ধন্যবাদ কৰা, কাৰণ তেওঁৰ প্রেম অনন্তকাল স্থায়ী। যি জনাই ফৰৌণ আৰু তেওঁৰ সৈন্য সমূহক চূফ সাগৰত পেলাই দিলে, তেওঁৰ ধন্যবাদ কৰা, কাৰণ তেওঁৰ প্রেম অনন্তকাল স্থায়ী।
মানুহৰ প্রতি যিহোৱাৰ আচৰিত কার্যৰ কাৰণে আৰু তেওঁৰ গভীৰ প্রেমৰ কাৰণে তেওঁলোকে তেওঁৰ প্ৰশংসা কৰক। কিয়নো তেওঁ পিপাসিত প্ৰাণক তৃপ্ত কৰে; আৰু ক্ষুধাতুৰ প্ৰাণক উত্তম দ্ৰব্যেৰে পূৰ কৰে।
তুমিয়েই মোৰ অন্তর্ভাগ সৃষ্টি কৰিলা, তুমি মোক মাতৃৰ গৰ্ভতে গঠন কৰিলা। মই তোমাৰ প্ৰশংসা কৰোঁ; কিয়নো মই অতি বিস্ময় আৰু আশ্চর্যজনক ভাৱে নিৰ্ম্মিত হলোঁ; তোমাৰ কাৰ্যবোৰ আচৰিত, তাক মই ভালদৰেই জানো।
যিজনাই মোক শক্তি দিলে আৰু মোক বিশ্বাসী জ্ঞান কৰি পৰিচৰ্যা পদত নিযুক্ত কৰিলে, সেই প্ৰভু খ্ৰীষ্ট যীচুক মই ধন্যবাদ জনাওঁ৷
দায়ূদে গোটেই সমাজৰ আগতে যিহোৱাৰ ধন্যবাদ কৰিলে। দায়ূদে ক’লে, “হে আমাৰ পিতৃ ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱা আপুনি যুগে যুগে চিৰকাললৈকে ধন্য। হে যিহোৱা, আপুনি মহত্ব, পৰাক্ৰমী, প্ৰশংসনীয়, বিজয়ী, আৰু প্ৰতাপী। কাৰণ স্বৰ্গত আৰু পৃথিৱীত যি যি আছে, সেই সকলোৱেই আপোনাৰ। ৰাজ্যও আপোনাৰেই, আৰু চাৰিও দিশে শাসনকৰ্তা ৰূপে যিহোৱা আৰু আপুনি মৰ্য্যদাপূৰ্ণ। আপোনাৰ পৰাই ধন আৰু গৌৰৱ হয়, আৰু আপুনি সকলোৰে ওপৰত শাসন কৰি আছে। আপোনাৰ হাততেই বল আৰু পৰাক্ৰম আছে। সকলোকে মহত্ব ও শক্তিশালী কৰিবৰ কাৰণে আপোনাৰ অধিকাৰ আছে। সেয়ে, হে আমাৰ ঈশ্বৰ, আমি আপোনাৰ ধন্যবাদ কৰোঁ, আৰু আপোনাৰ নামৰ গৌৰৱ ও প্ৰশংসা কৰোঁ।
এই হেতুকে আমি অলৰ ৰাজ্যৰ অধিকাৰী হোৱাত, আহা, যি অনুগ্ৰহৰ দ্বাৰাই আমি ভক্তি আৰু ভয়েৰে সন্তোষজনক ৰূপত ঈশ্বৰৰ আৰাধনা কৰিব পাৰোঁ, সেই অনুগ্ৰহ গ্ৰহন কৰি লওঁহক;
তুৰীবাদক আৰু গায়কসকলে যিহোৱাৰ প্ৰশংসা আৰু ধন্যবাদ কৰোঁতে একেটা ধ্বনি কৰি সকলোৱে এজন মানুহে বজোৱাদি বজালে৷ তেওঁলোকে তুৰী ও তাল আদি বাদ্যেৰে সৈতে, মহা শব্দেৰে যিহোৱাৰ প্ৰশংসা কৰিলে, বোলে “কিয়নো যিহোৱা মঙ্গলময় সেই বাবে তেওঁৰ দয়া চিৰকাললৈকে থাকে৷” তেতিয়া সেই গৃহ অৰ্থাৎ যিহোৱাৰ গৃহ মেঘেৰে পৰিপূৰ্ণ হ’ল৷
তোমালোকে যিহোৱাৰ উদ্দেশ্যে এটি নতুন গীত গোৱা; হে সমগ্র পৃথিৱীৰ লোক, তোমালোকে যিহোৱাৰ উদ্দেশ্যে গীত গোৱা। বিভিন্ন জাতিৰ মাজত তোমালোকে কোৱা, “যিহোৱা ৰজা। জগতখনক স্থিৰভাৱে স্থাপিত কৰা হ’ল; সেয়ে কেতিয়াও বিচলিত নহ’ব। তেওঁ ন্যায়েৰে লোকসকলৰ বিচাৰ কৰিব।” আকাশমণ্ডলে আনন্দ কৰক, পৃথিৱীয়ে উল্লাস কৰক; সমুদ্ৰ আৰু তাৰ সকলোৱে গৰ্জ্জন কৰক। পথাৰ আৰু তাত থকা সকলো উল্লাসিত হওক; তেতিয়া অৰণ্যৰ সকলো বৃক্ষই আনন্দ গান কৰিব। যিহোৱাৰ সন্মুখতে গান কৰিব; কিয়নো তেওঁ আহি আছে; তেওঁ পৃথিৱীৰ বিচাৰ কৰিবলৈ আহি আছে। তেওঁ ধাৰ্মিকতাৰে জগতৰ বিচাৰ কৰিব; নিজ সত্যতাৰে জাতি সমূহৰ বিচাৰ কৰিব। যিহোৱাৰ উদ্দেশ্যে গীত গোৱা, তেওঁৰ নামৰ ধন্যবাদ কৰা; দিনে দিনে তেওঁৰ পৰিত্ৰাণৰ কথা প্ৰচাৰ কৰা। বিভিন্ন জাতিৰ মাজত তেওঁৰ গৌৰৱ প্ৰচাৰ কৰা, সমুদায় লোকৰ মাজত তেওঁৰ আচৰিত কৰ্ম ঘোষণা কৰা।
হে ঈশ্বৰ, আমি তোমাৰ ধন্যবাদ কৰিম; আমি তোমাৰ ধন্যবাদ কৰিম, কিয়নো তুমি তোমাৰ উপস্থিতি প্রকাশ কৰিলা; লোকসকলে তোমাৰ আচৰিত কাৰ্যবোৰ বৰ্ণনা কৰি আছে।
আৰু কোৱা, “হে আমাৰ উদ্ধাৰকৰ্তা ঈশ্বৰ, আমাক উদ্ধাৰ কৰা। তোমাৰ পবিত্ৰ নামৰ ধন্যবাদ কৰিবলৈ, তোমাৰ প্ৰশংসাত জয়-ধ্বনি কৰিবলৈ; আমাক একলগ কৰি আন জাতিবোৰৰ পৰা আমাক উদ্ধাৰ কৰা। যাতে আমি আপোনাৰ পবিত্র নামত ধন্যবাদ কৰিব পাৰোঁ আৰু আপোনাৰ প্রশংসাত মহিমা কৰিব পাৰোঁ।
তেওঁলোকে যিহোৱাৰ উদ্দেশে গীত গায় ধন্যবাদ আৰু প্ৰশংসা-স্তুতি কৰি ক’লে, “তেওঁ মঙ্গলময়! ইস্ৰায়েললৈ তেওঁৰ দয়া চিৰকাললৈকে থাকে।” যিহোৱাৰ গৃহৰ ভিত্তিমূল স্থাপন কৰা দেখি তেওঁলোকে আনন্দেৰে উচ্চধ্বনি কৰি যিহোৱাৰ প্ৰশংসা কৰিলে।
হে যিহোৱা, আমাক নহয়, আমাক নহয়, কিন্তু তোমাৰ নামকহে গৌৰৱাম্বিত কৰা; তোমাৰ অসীম প্রেম আৰু বিশ্ৱস্ততাৰ অর্থেই কৰা।
যেতিয়া দানিয়েলে সেই বিধানৰ নথী-পত্ৰ চহী হোৱা বুলি জানিলে, তেতিয়া তেওঁ নিজৰ ঘৰলৈ গল; সেই সময়ত তেওঁৰ ওপৰ-কোঁঠালিৰ খিড়িকিবোৰ যিৰূচালেমৰ ফালে খোলা আছিল, আৰু তেওঁ আগেয়ে দিনটোত তিনিবাৰ আঁঠু কাঢ়ি নিজৰ ঈশ্বৰৰ আগত প্ৰাৰ্থনা কৰাৰ দৰেই তেওঁ প্রাৰ্থনা কৰিলে আৰু ধন্যবাদ দিলে।
এতেকে আপোনালোকে খ্রীষ্ট যীচুক যেনেকৈ গ্ৰহণ কৰিলে, তেনেকৈ তেওঁতেই জীৱন-যাপন কৰক৷ তেওঁতেই দৃঢ় ৰূপে শিপা ধৰি, তেওঁত গঁথা হৈ, যেনেকৈ শিক্ষা পাইছিল, তেনেকৈ বিশ্বাসত স্থিৰ হৈ থাকক, আৰু ধন্যবাদত উপচি পৰক।
যিহোৱাৰ দৰে আন কোনো পবিত্ৰ নাই, কিয়নো আপোনাৰ বাহিৰে আন কোনো নাই; আমাৰ যিহোৱাৰ সদৃশ কোনো শিলা নাই।
হে যিহোৱা, আকাশ-মণ্ডলে তোমাৰ আচৰিত কৰ্মৰ প্ৰশংসা কৰে; পবিত্ৰ লোকসকলৰ সমাজত তোমাৰ বিশ্বস্ততাৰ প্ৰশংসা কৰে।
তেওঁৰ উদ্দেশ্যে গীত গোৱা, তেওঁৰ উদ্দেশ্যে প্ৰশংসাৰ গান কৰা; তেওঁৰ আচৰিত কাৰ্যবোৰৰ বিষয়ে কোৱা।
যি জনাই মৰুভূমিৰ মাজেদি নিজৰ লোকসকলক চলাই নিলে, তেওঁৰ ধন্যবাদ কৰা, কাৰণ তেওঁৰ প্রেম অনন্তকাল স্থায়ী। যি জনাই মহান ৰজাসকলক প্ৰহাৰ কৰিলে, তেওঁৰ ধন্যবাদ কৰা, কাৰণ তেওঁৰ প্রেম অনন্তকাল স্থায়ী। যি জনাই প্রতাপী ৰজাসকলক বধ কৰিলে, তেওঁৰ ধন্যবাদ কৰা, কাৰণ তেওঁৰ প্রেম অনন্তকাল স্থায়ী। যি জনাই ইমোৰীয়াবোৰৰ ৰজা চীহোনক বধ কৰিলে, তেওঁৰ ধন্যবাদ কৰা, কাৰণ তেওঁৰ প্রেম অনন্তকাল স্থায়ী। দেৱতাবোৰেও ঈশ্বৰৰ ধন্যবাদ কৰা, কাৰণ তেওঁৰ প্রেম অনন্তকাল স্থায়ী। যি জনাই বাচানৰ ৰজা ওগক বধ কৰিলে, তেওঁৰ ধন্যবাদ কৰা, কাৰণ তেওঁৰ প্রেম অনন্তকাল স্থায়ী।
হে যিহোৱা, পৃথিৱীৰ সকলো ৰজাই তোমাৰ ধন্যবাদ কৰিব; কিয়নো তেওঁলোকে তোমাৰ মুখৰ বাক্য শুনিলে। তেওঁলোকে যিহোৱাৰ পথৰ বিষয়ে গান কৰিব; কিয়নো যিহোৱাৰ গৌৰৱ মহান।
প্ৰভুৰ প্ৰিয় ভাইসকল, আপোনালোকৰ কাৰণে ঈশ্বৰক সকলো সময়তে ধন্যবাদ দিয়া আমাৰ কৰ্তব্য; কিয়নো আপোনালোকক আত্মাৰ শুদ্ধিকৰণ কাৰ্যৰে পবিত্ৰতালৈ আনিলে আৰু সত্যক বিশ্বাস কৰাৰ মাধ্যমেৰে পৰিত্রাণ পাবৰ কাৰণে ঈশ্বৰে আদিৰে পৰা আপোনালোকক প্রথম ফলৰূপে মনোনীত কৰিলে।
তুমিয়েই মোৰ ঈশ্বৰ, মই তোমাৰ ধন্যবাদ কৰিম; তুমিয়েই মোৰ ঈশ্বৰ, মই তোমাৰ মহিমা কীর্তন কৰিম। তোমালোকে যিহোৱাৰ ধন্যবাদ কৰা, কিয়নো তেওঁ মঙ্গলময়; তেওঁৰ অসীম প্রেম চিৰকাললৈকে থাকে।
পৃথিবীৰ চূড়ান্ত সীমাত থকা লোকসকলে তোমাৰ অদ্ভুত লক্ষণবোৰ দেখি ভয় কৰে; সূর্য উঠা দিশৰ পৰা অস্ত যোৱালৈকে আনন্দিত কৰে।
দায়ূদে গোটেই সমাজক ক’লে, “এতিয়া তোমালোকে নিজৰ ঈশ্বৰ যিহোৱাৰ ধন্যবাদ কৰা।” গোটেই সমাজে তেওঁলোকৰ পূৰ্ব-পুৰুষৰ ঈশ্বৰ যিহোৱাৰ ধন্যবাদ কৰিলে, আৰু মুৰ দোঁৱাই যিহোৱাৰ প্রশংসা কৰিলে আৰু ৰজাৰ আগত প্ৰণিপাত কৰিলে।
যাতে মই উচ্চস্বৰে প্রশংসাৰ গীত গাই তোমাক ধন্যবাদ জনাব পাৰোঁ; তোমাৰ আচৰিত কৰ্মবোৰ প্ৰচাৰ কৰিব পাৰোঁ।
মই জীয়াই থাকোঁমানে যিহোৱাৰ উদ্দেশ্যে গান কৰিম; মই থকালৈকে মোৰ ঈশ্বৰৰ উদ্দেশ্যে প্ৰশংসাৰ গীত গাম। তেওঁৰ ওচৰত মোৰ ধ্যান মধুৰ হওক; মই যিহোৱাত আনন্দ কৰিম।
আৰু সেইবোৰৰ পৰা স্তুতি-গীত আৰু আমোদকাৰীসকলৰ ধ্বনি উঠিব, মই তেওঁলোকক বৃদ্ধি কৰিম, তেতিয়া তেওঁলোক কম নহ’ব; মই তেওঁলোকক গৌৰৱযুক্তও কৰিম, তাতে তেওঁলোক সামান্য নহ’ব।
এইদৰে মই জীয়াই থাকোমানে তোমাৰ ধন্যবাদ কৰিম, তোমাৰ নামত মই মোৰ হাত প্রার্থনাৰ সময়ত ওপৰলৈ তুলি ধৰিম। লোকসকলে মগজু আৰু তেলীয়া মাংসত যেনেকৈ সন্তুষ্ট, তেনেকৈ মোৰ প্ৰাণ তৃপ্ত হ’ব; আৰু মোৰ মুখে আনন্দিত মনেৰে তোমাৰ প্ৰশংসা কৰিব।
কিন্তু আপোনালোক মনোনীত বংশ, ৰাজকীয় পুৰোহিত সমূহ, পবিত্ৰ জাতি, আৰু ঈশ্বৰৰ নিজ অধিকাৰৰ অৰ্থে এক বিশেষ লোক হৈছে যাতে, যি জনে আপোনালোকক আন্ধাৰৰ পৰা তেওঁৰ আচৰিত পোহৰলৈ আমন্ত্ৰণ কৰিলে, আপোনালোকে যেন তেওঁৰ সদগুণ প্ৰকাশ কৰে৷ এই কাৰণে
যি জনাই তেওঁলোকৰ দেশ আধিপত্য স্বৰূপে দিলে, তেওঁৰ ধন্যবাদ কৰা, কাৰণ তেওঁৰ প্রেম অনন্তকাল স্থায়ী। যি জনাই তেওঁলোকৰ দেশ নিজ দাস ইস্ৰায়েলক অধিকাৰৰ কাৰণে দিলে, তেওঁৰ ধন্যবাদ কৰা, কাৰণ তেওঁৰ প্রেম অনন্তকাল স্থায়ী। যি জনাই আমাৰ হীন অৱস্থাত আমাক সুঁৱৰিলে, তেওঁৰ ধন্যবাদ কৰা, কাৰণ তেওঁৰ প্রেম অনন্তকাল স্থায়ী। যি জনাই আমাক আমাৰ শত্ৰুবোৰৰ পৰা উদ্ধাৰ কৰিলে, তেওঁৰ ধন্যবাদ কৰা, কাৰণ তেওঁৰ প্রেম অনন্তকাল স্থায়ী। যি জনাই সমুদায় প্ৰাণীকে আহাৰ দিয়ে, তেওঁৰ ধন্যবাদ কৰা, কাৰণ তেওঁৰ প্রেম অনন্তকাল স্থায়ী। স্বৰ্গৰ ঈশ্বৰৰ ধন্যবাদ কৰা, কাৰণ তেওঁৰ প্রেম অনন্তকাল স্থায়ী।
তেতিয়া লোক সকলে শিলচটা আতৰাই দিলে। যীচুৱে ওপৰলৈ চকু তুলি ক’লে, “হে পিতৃ, তুমি মোৰ কথা শুনাৰ কাৰণে মই তোমাক ধন্যবাদ দিওঁ।
ধৰ্মগীত, স্তুতি-গীত আৰু আত্মিক গানেৰে আপোনালোকে পৰস্পৰে আলোচনা কৰক আৰু প্ৰভুৰ উদ্দেশ্যে হৃদয়েৰে গান আৰু প্রসংশা কৰক। খ্ৰীষ্টে যেনেকৈ আপোনালোকক প্ৰেম কৰিলে আৰু আমাৰ কাৰণে ঈশ্বৰৰ উদ্দেশ্যে সুগন্ধযুক্ত নৈবেদ্য আৰু বলি স্বৰূপে নিজকে শোধাই দিলে, তেনেকৈ আপোনালোকেও প্ৰেমৰ পথত চলক। সদায় আমাৰ প্ৰভু যীচু খ্ৰীষ্টৰ নামেৰে সকলো বিষয়ৰ কাৰণে পিতৃ ঈশ্বৰৰ ধন্যবাদ কৰক।
তোমালোকে যিহোৱাৰ প্ৰশংসা কৰা। যিহোৱাৰ নামৰ প্ৰশংসা কৰা। হে যিহোৱাৰ দাসবোৰ, তেওঁৰ প্রশংসা কৰা। তেওঁ অনেক জাতিক আঘাত কৰিলে, পৰাক্ৰমী ৰজাসকলক বধ কৰিলে। ইমোৰীয়াবোৰৰ ৰজা চীহোন, বাচানৰ ৰজা ওগক বধ কৰিলে; কনানৰ সমুদায় ৰাজ্য তেওঁ বিনষ্ট কৰিলে। তেওঁলোকৰ দেশবোৰ তেওঁ অধিকাৰৰ কাৰণে দিলে; নিজৰ লোক ইস্ৰায়েলক অধিকাৰৰ কাৰণে দিলে। হে যিহোৱা, তোমাৰ নাম অনন্তকাল স্থায়ী; হে যিহোৱা তোমাৰ স্মৰণ পুৰুষানুক্ৰমে স্থায়ী। কিয়নো যিহোৱাই নিজ লোকসকলৰ বিচাৰ কৰিব, নিজ দাসবোৰক কৃপা কৰিব। জাতি সমূহৰ প্রতিমাবোৰ ৰূপৰ আৰু সোণৰ; সেইবোৰ মনুষ্যৰ হাতৰ কাৰ্য। সেইবোৰৰ মুখ আছে, কিন্তু সেইবোৰে কথা ক’ব নোৱাৰে; চকু আছে, কিন্তু নেদেখে; কাণ আছে, কিন্তু নুশুনে, সেইবোৰৰ মুখত শ্বাস-প্ৰশ্বাসো নাই। সেইবোৰ নিৰ্ম্মাণ কৰোঁতাসকল সেইবোৰৰেই নিচিনা; সেইবোৰত ভাৰসা কৰোঁতা প্ৰতিজনো সেইবোৰৰেই নিচিনা। হে ইস্ৰায়েলৰ বংশ, যিহোৱাৰ ধন্যবাদ কৰা; হে হাৰোণৰ বংশ, যিহোৱাৰ ধন্যবাদ কৰা; তোমালোক যিসকলে যিহোৱাৰ গৃহত, আমাৰ ঈশ্বৰৰ গৃহৰ চোতাল কেইখনত থিয় হৈ থাকা, তেওঁৰ প্ৰশংসা কৰা! হে লেবীৰ বংশ, যিহোৱাৰ ধন্যবাদ কৰা; হে যিহোৱালৈ ভয় ৰখা ভক্তসকল, তোমালোকে যিহোৱাৰ ধন্যবাদ কৰা। চিয়োনৰ পৰা যিহোৱাৰ ধন্যবাদ হওঁক; তেওঁ যিৰূচালেমত নিবাস কৰে। তোমালোকে যিহোৱাৰ প্ৰশংসা কৰা। তোমালোকে যিহোৱাৰ প্ৰশংসা কৰা, কিয়নো যিহোৱা মঙ্গলময়; তেওঁৰ নামৰ উদ্দেশ্যে গীত-গান কৰা, কিয়নো তেওঁ দয়াময়।
হে মোৰ ঈশ্বৰ, তোমাৰ বিশ্বাসযোগ্যতাৰ স্তুতি কৰিম; হে ইস্ৰায়েলৰ পবিত্ৰ জনা, মই বীণাৰে তোমাৰ উদ্দেশ্যে প্ৰশংসাৰ গান কৰিম।
ইয়াতে আপোনালোকেও প্ৰাৰ্থনা কৰাৰ যোগেদি আমাৰ অৰ্থে সহকাৰী হৈ আছে। অনেকৰ দ্বাৰাই যি অনুগ্ৰহৰ বৰ আমাক দিয়া হ’ল, তাৰ কাৰণে, অনেকৰ দ্বাৰাই আমাৰ অৰ্থে ঈশ্বৰৰ ধন্যবাদ কৰা হয়।
খ্ৰীষ্টৰ বাক্যৰ জ্ঞান আপোনালোকৰ সৈতে বাহুল্যৰূপে বাস কৰক। ধৰ্মগীত, স্তুতি-গীত আৰু আত্মিক গানেৰে পৰস্পৰে শিক্ষা আৰু চেতনা দি, অনুগ্ৰহৰ কথাত কৃতজ্ঞতাৰে নিজ নিজ হৃদয়ত ঈশ্বৰৰ উদ্দেশ্যে গান কৰক।
ঈশ্বৰৰ নামতে আমি সকলো সময়তে গর্ব কৰি আহিছোঁ; চিৰকাল আমি তোমাৰ নামৰ ধন্যবাদ কৰি থাকিম। (চেলা)
হে যিহোৱা আপুনি মোৰ ঈশ্বৰ; মই আপোনাক মহিমাম্বিত কৰিম, মই আপোনাৰ নাম প্ৰশংসা কৰিম; কাৰণ আপুনি আচৰিত কৰ্ম কৰিলে, বহু আগৰ কল্পনাবোৰ বিশ্বস্ততাৰে আৰু সত্যতাৰে সিদ্ধ কৰিলে।
সকলো প্রশংসা যিহোৱাৰেই; তেওঁ মোৰ কাকুতিৰ স্বৰ শুনিলে। যিহোৱাই মোৰ বল আৰু মোৰ ঢাল; মোৰ হৃদয়ে তেওঁতে ভাৰসা কৰে। সেইবাবেই মই সহায় পাইছোঁ। সেইবাবেই মোৰ অন্তৰ আনন্দত ভৰি পৰিছে; মই মোৰ গীতেৰে তেওঁৰ ধন্যবাদ কৰোঁ।
তাৰ পাছত তেওঁ লোকসকলৰ সৈতে মন্ত্ৰণা কৰি ৰণলৈ সাজু হোৱাসকলৰ আগে আগে “যিহোৱাৰ স্তুতি গান কৰা; কিয়নো তেওঁৰ দয়া চিৰকাললৈকে থাকে”, এই কথা কৈ কৈ, যিহোৱাৰ উদ্দেশ্যে গীত গাবলৈ আৰু পবিত্ৰ শোভাৰে যিহোৱাৰ প্ৰশংসা কৰিবলৈ কিছুমান লোকক নিযুক্ত কৰিলে।
হে গোটেই পৃথিবীৰ লোকসকল, তোমালোকে ঈশ্বৰৰ উদ্দেশ্যে আনন্দ-ধ্বনি কৰা। কিয়নো, হে ঈশ্বৰ, তুমি আমাক পৰীক্ষা কৰিলা, ৰূপ খপাৰ দৰে আমাক পৰীক্ষা কৰিলা। তুমি আমাক জালেৰে মেৰিয়াই আনিলা; তুমি আমাৰ কঁকালত অতি গধূৰ বোজা দিছিলা। তুমি আমাৰ মূৰৰ ওপৰেদি অশ্বাৰোহীক চলাইছিলা, আমি অগ্নি আৰু জলৰ মাজেদি গতি কৰিছিলোঁ; কিন্তু তুমি আমাক বিস্তির্ণ ঠাইলৈ উলিয়াই আনিলা। মই হোম-বলিৰে তোমাৰ গৃহলৈ আহিম; আমি তোমাৰ ওচৰত প্ৰতিজ্ঞা পূৰণ কৰিম। মুখে প্ৰকাশ কৰা মোৰ সঙ্কল্পবোৰ কৰোঁ, দুখৰ কালত মোৰ ওঁঠে উচ্চাৰণ কৰা কথা তোমালৈ সিদ্ধ কৰিম। মেৰ-ছাগ ছাগলী আৰু ধূপেৰে সৈতে, মই তোমাৰ উদ্দেশে হৃষ্টপুষ্ট হোম-বলি উৎসৰ্গ কৰিম; ছাগলীৰ সৈতে দামুৰিকো বলিদান উৎসর্গ কৰিম। [চেলা] হে ঈশ্বৰলৈ ভয় ৰাখোঁতাসকল, আহাঁ, শুনা; তেওঁ মোৰ প্ৰাণৰ কাৰণে যি কৰিলে, মই তাক ঘোষণা কৰোঁ। মই মোৰ মুখেৰে তেওঁৰ আগত প্ৰাৰ্থনা কৰিলোঁ, আৰু মোৰ জিভাৰ দ্বাৰাই তেওঁক গৌৰৱাম্বিত কৰা হ’ল। যদি মই অন্তঃকৰণত অধৰ্ম মানিলোহেঁতেন, তেন্তে প্ৰভুৱে নুশুনিলেহেঁতেন; কিন্তু সচাঁকৈয়ে ঈশ্বৰে শুনিলে; তেওঁ মোৰ প্ৰাৰ্থনাৰ স্বৰলৈ কাণ পাতিলে। তোমালোকে তেওঁৰ নামৰ গৌৰৱ কীৰ্ত্তন কৰা; তেওঁৰ প্ৰশংসা গৌৰৱাম্বিত কৰা।
হে জাতিবিলাক, আমাৰ সেই ঈশ্বৰৰ ধন্যবাদ কৰা, আৰু তেওঁৰ প্ৰশংসাৰ ধ্বনি শুনুৱা; যি জনাই আমাক জীয়াই ৰাখে, যি জনাই আমাৰ ভৰি লৰচৰ হ’বলৈ নিদিয়ে।
কিয়নো ঈশ্বৰে নিজৰ হিত-সঙ্কল্পৰ কাৰণে আপোনালোকৰ অন্তৰত ইচ্ছা কৰোঁতা আৰু কাৰ্য সাধন কৰোঁতা, এই উভয়ৰ সাধনকৰ্তা হৈছে।
হে যিহোৱা, আপুনি মহত্ব, পৰাক্ৰমী, প্ৰশংসনীয়, বিজয়ী, আৰু প্ৰতাপী। কাৰণ স্বৰ্গত আৰু পৃথিৱীত যি যি আছে, সেই সকলোৱেই আপোনাৰ। ৰাজ্যও আপোনাৰেই, আৰু চাৰিও দিশে শাসনকৰ্তা ৰূপে যিহোৱা আৰু আপুনি মৰ্য্যদাপূৰ্ণ।
কিয়নো হে যিহোৱা, তুমি তোমাৰ কার্যৰ দ্বাৰাই মোক আনন্দিত কৰিছা; মই তোমাৰ হাতে কৰা কাৰ্য দেখি আনন্দেৰে গীত গান কৰোঁ। হে যিহোৱা, তোমাৰ কাৰ্যবোৰ কেনে মহৎ! তোমাৰ চিন্তাবোৰ কেনে গভীৰ!
এইদৰে আপোনালোক সকলো দানশীলতাৰ অৰ্থে সকলো বিষয়তে ধনৱন্ত হব, আৰু সেই দানশীলতাই আমাৰ দ্বাৰাই ঈশ্বৰলৈ ধন্যবাদ সাধন কৰাব।
কিয়নো পৃথিৱীৰ পৰা আকাশ-মণ্ডল যিমান ওখ, তেওঁলৈ ভয় ৰাখোঁতাসকলৰ প্রতি তেওঁৰ দয়াও সিমান মহৎ। পূৱৰ পৰা পশ্চিমলৈ যিমান দূৰ, তেওঁ আমাৰ অপৰাধো আমাৰ পৰা সিমান দূৰ কৰিলে।
“হে আমাৰ প্ৰভু, আমাৰ ঈশ্বৰ, তুমিয়েই মহিমা, সমাদৰ আৰু পৰাক্ৰম পোৱাৰ যোগ্য; কিয়নো তুমিয়েই সকলোকে স্ৰজিলা, তোমাৰ ইচ্ছাৰ কাৰণে সকলোবোৰ আছে, আৰু সকলোবোৰ সৃষ্ট হ’ল।”
আৰু হিষ্কিয়াই হোমাৰ্থক আৰু মঙ্গলাৰ্থক বলিদান, পৰিচৰ্যা, স্তুতিগান আৰু যিহোৱাৰ ছাউনিৰ নানা দুৱাৰত প্ৰশংসা কৰিবলৈ পুৰোহিত লেবীয়াসকলক নিজ নিজ কাৰ্য অনুসাৰে পাল অনুক্ৰমে নিজ নিজ পালত নিযুক্ত কৰিলে।
তোমালোকে যিহোৱাৰ প্ৰশংসা কৰা। স্বর্গৰ পৰা যিহোৱাৰ প্ৰশংসা কৰা; উচ্চ স্থানত তেওঁৰ প্ৰশংসা কৰা। হে বনৰীয়া জন্তু আৰু ঘৰচীয়া পশুবোৰ, আৰু বগাই ফুৰা উৰগ আৰু ডেউকা লগা পক্ষীসমূহ, তেওঁৰ প্রশংসা কৰা! হে পৃথিৱীৰ ৰজাসকল আৰু সমুদায় জাতি, অধিপতি আৰু পৃথিৱীৰ শাসকগণ, তেওঁৰ প্রশংসা কৰা! হে যুৱক আৰু যুৱতীসকল, বৃদ্ধ আৰু শিশুসকল, তেওঁৰ প্ৰশংসা কৰা! এই সকলোবোৰে যিহোৱাৰ প্ৰশংসা কৰক; কিয়নো কেৱল তেওঁৰেই নাম মহান; তেওঁৰ গৌৰৱ পৃথিৱী আৰু আকাশ-মণ্ডলৰ ওপৰলৈকে বিস্তাৰিত। তেওঁ নিজৰ লোকসকলৰ কাৰণে এটি শিং উত্তোলন কৰিলে; সেয়া তেওঁৰ সকলো ভক্তৰ বাবে প্রশংসা, সেয়া তেওঁৰ ওচৰত থকা ইস্রায়েল জাতিৰ বাবে প্রশংসা। তোমালোকে যিহোৱাৰ প্ৰশংসা কৰা। হে যিহোৱাৰ সকলো দূত, তেওঁৰ প্ৰশংসা কৰা; হে যিহোৱাৰ সকলো বাহিনী, তেওঁৰ প্ৰশংসা কৰা! হে সূৰ্য আৰু চন্দ্ৰ, তেওঁৰ প্ৰশংসা কৰা; হে দীপ্তিময় সকলো তৰা, তেওঁৰ প্ৰশংসা কৰা! হে স্বর্গৰ স্বর্গ, তেওঁৰ প্ৰশংসা কৰা! হে আকাশ-মণ্ডলৰ উর্দ্ধস্থানৰ জল সমূহ, তেওঁৰ প্রশংসা কৰা! সেইবোৰ সকলোৱে যিহোৱাৰ নামৰ প্ৰশংসা কৰক; কিয়নো তেওঁ আজ্ঞা দিলে আৰু এইবোৰৰ সৃষ্টি হ’ল।
হে মোৰ ঈশ্বৰ, হে মোৰ ৰজা, মই তোমাৰ গৌৰৱ কীৰ্ত্তন কৰিম; যুগে যুগে অনন্ত কাললৈকে তোমাৰ নামৰ ধন্যবাদ কৰিম।
যি জনে আপোনালোকত সৎকৰ্ম আৰম্ভ কৰিলে, সেই জনে যীচু খ্ৰীষ্টৰ আগমণৰ দিনলৈকে সিদ্ধ কৰি থাকিব বুলি দৃঢ় প্ৰত্যয় কৰিলোঁ৷
আমি জানো যে, যি সকলে ঈশ্বৰক প্ৰেম কৰে, সেই সকল তেওঁৰ অভিপ্ৰায় অনুসাৰে আমন্ত্ৰিত, তেওঁলোকৰ বাবে তেওঁ মঙ্গলৰ অৰ্থে সকলো উত্তম কাৰ্য একেলগে কৰিছে।
সেই ক্ষণতে তেওঁ পবিত্ৰ আত্মাত উল্লাসিত হৈ ক’লে, “হে পিতৃ, স্বৰ্গ আৰু পৃথিৱীৰ প্ৰভু, তুমি জ্ঞানী আৰু বিদ্যাৱন্ত লোকৰ পৰা এইবোৰ কথা গুপুতে ৰাখি, শিশু সকলৰ আগত প্ৰকাশ কৰিলা, এই বাবে তোমাক ধন্যবাদ দিওঁ৷ হয় পিতৃ, সেইদৰে তোমাৰ দৃষ্টিত সন্তোষজনক হোৱা কাৰণে তোমাক ধন্যবাদ দিওঁ।”
মই সঙ্কটৰ কালত যিহোৱাৰ নামেৰে প্ৰাৰ্থনা কৰিলোঁ; যিহোৱাই মোক উত্তৰ দিলে আৰু এক বহল ঠাইত থলে। যিহোৱা মোৰ পক্ষত আছে, মই ভয় নকৰোঁ; মানুহে মোক কি কৰিব পাৰে?
যি জনাই মহা জ্যোতিবোৰ নিৰ্ম্মাণ কৰিলে, তেওঁৰ ধন্যবাদ কৰা, কাৰণ তেওঁৰ প্রেম অনন্তকাল স্থায়ী। দিনৰ ওপৰত অধিকাৰ কৰিবলৈ সূৰ্য নিৰ্ম্মাণ কৰিলে, তেওঁৰ ধন্যবাদ কৰা, কাৰণ তেওঁৰ প্রেম অনন্তকাল স্থায়ী। যি জনাই ৰাতিৰ ওপৰত অধিকাৰ কৰিবলৈ চন্দ্ৰ আৰু তৰাবোৰ নিৰ্ম্মাণ কৰিলে, তেওঁৰ ধন্যবাদ কৰা, কাৰণ তেওঁৰ প্রেম অনন্তকাল স্থায়ী।
তোমালোকে যিহোৱাৰ প্ৰশংসা কৰা। যিহোৱাৰ উদ্দেশ্যে এটি নতুন গীত গোৱা, ভক্তসকলৰ সমাজত তেওঁৰ প্ৰশংসাৰ গান কৰা,
আমাৰ হৃদয়ত ঈশ্বৰৰ যি শক্তিয়ে কার্য কৰে, তেওঁ সেই শক্তি অনুসাৰে আমি যি যাচনা কৰোঁ বা চিন্তা কৰোঁ, তাতকৈও অধিক বেচি কৰিব পাৰে। মণ্ডলীত আৰু খ্ৰীষ্ট যীচুত যুগে যুগে সদাসর্ব্বদায় তেওঁৰেই মহিমা হওক। আমেন।
কিন্তু আমি যদি আমাৰ পাপবোৰ স্বীকাৰ কৰোঁ, তেনেহলে বিশ্বাসী আৰু ধাৰ্মিক যি তেওঁ, তেওঁ আমাৰ পাপবোৰ ক্ষমা কৰে আৰু সকলো অধৰ্মৰ পৰা আমাক শুচি কৰে।
আমাৰ প্ৰভু যীচু খ্ৰীষ্টৰ পিতৃ ঈশ্বৰৰ প্রশংসা হওক। তেওঁ স্বর্গীয় ঠাইবোৰত থকা সকলো আত্মিক আশীর্বাদেৰে সৈতে খ্রীষ্টত আমাক আশীর্বাদ কৰিলে।
কোনে যিহোৱাৰ মহৎ কাৰ্যবোৰ বৰ্ণনা কৰিব পাৰে? কোনে তেওঁৰ সকলো প্ৰশংসা প্ৰকাশ কৰিব পাৰে? এইদৰে তেওঁলোকে ঘাঁহ খোৱা গৰুৰ মুৰ্ত্তিৰে সৈতে ঈশ্বৰৰ গৌৰৱ সলনি কৰিলে। তেওঁলোকৰ উদ্ধাৰকর্তা ঈশ্বৰক তেওঁলোকে পাহৰি গ’ল, যি জনাই মিচৰত অনেক মহৎ কাৰ্য কৰিছিল; হাম দেশত কৰা নানা আচৰিত কাৰ্যবোৰৰ বিষয়ে আৰু চূফ সাগৰৰ দাঁতিত কৰা পৰাক্রম কার্যবোৰৰ কথা তেওঁলোকে পাহৰি গ’ল। সেয়ে তেওঁ ক’লে, তেওঁলোকক ধ্বংস কৰিব লাগিব। কিন্তু তেওঁৰ মনোনীত ব্যক্তি মোচি ভগা গড়ত থিয় হৈ তেওঁলোকৰ মধ্যস্থ হ’ল, আৰু তেওঁলোকক ধ্বংস কৰা ক্রোধৰ পৰা যেন তেওঁ মন ঘূৰায়, তাৰ বাবে তেওঁ তেওঁৰ সন্মুখত থিয় হ’ল। তাৰ পাছত তেওঁলোকে সেই মনোহৰ দেশক তুচ্ছ কৰিলে, তেওঁলোকে যিহোৱাৰ কথাত বিশ্বাস নকৰিলে; নিজ নিজ তম্বুত তেওঁলোকে ভোৰ ভোৰালে, যিহোৱাৰ বাক্যলৈ তেওঁলোকে কর্ণপাত নকৰিলে। তাতে তেওঁ তেওঁলোকৰ বিৰুদ্ধে হাত উঠাই শপত খাই ক’লে, “মই তেওঁলোকক মৰুভূমিতে নিপাত কৰিম; তেওঁলোকৰ বংশধৰসকলক জাতিবোৰৰ মাজত নিপাত কৰিম। বিভিন্ন দেশত ছিন্ন-ভিন্ন কৰিম। পাছত তেওঁলোক বাল পিয়োৰৰ প্রতি আসক্ত হ’ল; মৃত লোকৰ উদ্দেশ্যে দিয়া বলিৰ মাংস ভোজন কৰিলে। এই দৰে তেওঁলোকে নিজৰ অপকৰ্মৰ দ্বাৰাই যিহোৱাক ক্রোধত উত্তেজিত কৰিলে। তাতে তেওঁলোকৰ মাজত মহামাৰীৰ প্রাদুর্ভাৱ হ’ল। ধন্য সেই লোকসকল, যি সকলে ন্যায় কার্য কৰে আৰু সকলো সময়তে ধৰ্মাচৰণ কৰে।
কিন্তু আমি হ’লে যিহোৱাৰ ধন্যবাদ কৰিম, এতিয়াৰ পৰা অনন্ত কাল পর্যন্ত কৰিম। তোমালোকে যিহোৱাৰ প্ৰশংসা কৰা।
যিহোৱাৰ উদ্দেশ্যে গান কৰা, কিয়নো তেওঁ মহৎ কাৰ্য কৰিলে; সমগ্র পৃথিৱীত এই সকলো জানিবলৈ দিয়া হওক।
অকল সেয়ে নহয়, কিন্তু আমাৰ নানা দুখ-কষ্টৰ মাজতো আমি উল্লাস কৰোঁ৷ কিয়নো আমি জানো যে, এই সকলো দুখ-কষ্টই আমাক ধৈর্যৰ পথত আগবঢ়াই লৈ যায়৷ ধৈৰ্যই বক্তিত্ব গঠন কৰে আৰু ব্যক্তিত্বই আশা জন্মায় ৷ সেই আশাই লাজত নেপেলায়; কিয়নো আমাক দান কৰা পবিত্ৰ আত্মাৰ যোগেদি আমাৰ হৃদয়ত ঈশ্বৰৰ প্ৰেম বাকি দিয়া হৈছে।
যিহোৱা ধন্য হওঁক; যেতিয়া মই ঘেৰি থকা এখন নগৰৰ মাজত আছিলোঁ, তেওঁ মোলৈ আশ্চর্যজনক ভাৱে তেওঁৰ গভীৰ প্রেম দেখুৱালে।
কিয়নো আমাৰ মহা-পুৰোহিত এনেকুৱা নহয় যে, তেওঁ আমাৰ দূৰ্বলতাত আমাৰ লগত দুখ উপলব্ধি কৰিব নোৱাৰে; কাৰণ তেওঁ পাপ নকৰাকৈয়ে সকলো বিষয়ত আমাৰ দৰে পৰীক্ষিত হৈছিল। এতেকে বিশ্বাসেৰে সৈতে অনুগ্রহৰ সিংহাসনৰ ওচৰলৈ আহক, যাতে আমাৰ প্রয়োজনত সহায় হবলৈ আমি দয়া লাভ কৰি অনুগ্রহ পাব পাৰোঁ।
শোক অৱস্থাৰ পৰা তুমি মোক নৃত্যৰ উৎসৱলৈ আনিলা; শোকৰ চট কাপোৰ খুলি তুমি মোক আনন্দৰ বস্ত্র পিন্ধালা, যাতে মোৰ অন্তৰ নীৰৱে নাথাকে বৰং তোমাৰ উদ্দেশ্যে প্রশংসাৰ গীত গায়; হে মোৰ ঈশ্বৰ যিহোৱা, মই অনন্ত কাললৈকে তোমাৰ ধন্যবাদ কৰিম।
ঈশ্ৱৰ আৰু আমাৰ প্ৰভু যীচু খ্ৰীষ্টৰ পিতৃ ধন্য; তেওঁৰ প্ৰচুৰ দয়া অনুসাৰে মৃত লোকৰ মাজৰ পৰা যীচু খ্ৰীষ্টৰ পুনৰুত্থানৰ দ্বাৰাই জীৱনময় আশাৰ কাৰণে আৰু অক্ষয়, নিৰ্ম্মল আৰু অজৰ উত্তৰাধিকাৰৰ কাৰণে আমাক নতুন জন্ম দিলে; সেই উত্তৰাধিকাৰ স্বৰ্গত আপোনালোকৰ কাৰণে সঞ্চিত আছে; ই চিৰস্থায়ী, কলঙ্কিত নহয়; শুদ্ধ৷
যিহোৱা কৃপাময় আৰু দয়াৰে পৰিপূৰ্ণ, ক্ৰোধত ধীৰ আৰু দয়াত মহান। যিহোৱা সকলোৰে বাবে মঙ্গলময়; তেওঁৰ কৰুণা তেওঁৰ সৃষ্ট সকলো বস্তুৰ ওপৰত আছে।
সেই দিনা তুমি ক’বা, “হে যিহোৱা, মই আপোনাৰ ধন্যবাদ কৰিম; কাৰণ যদিও আপুনি মোৰ ওপৰত ক্ৰোধ আছিল, তথাপিও আপোনাৰ ক্ৰোধ আঁতৰিল, আৰু আপুনি মোক শান্ত্বনা দিলে।
আমাৰ প্ৰভু যীচু খ্ৰীষ্টৰ যোগেদি মই ঈশ্বৰৰ ধন্যবাদ কৰোঁ। এতেকে এহাতে মই আপোন মনেৰে ঈশ্বৰৰ বিধানৰ, কিন্তু আনহাতে মাংসেৰে পাপৰ বিধানৰ সেৱাকৰ্ম কৰোঁ।
ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱা ধন্য হওক। অনাদি কালৰ পৰা অনন্ত কাললৈকে।” তেতিয়া সকলো লোকে ক’লে, “আমেন” আৰু যিহোৱাৰ প্ৰশংসা কৰিলে।
মানুহৰ প্রতি যিহোৱাৰ আচৰিত কার্যৰ কাৰণে আৰু তেওঁৰ গভীৰ প্রেমৰ কাৰণে তেওঁলোকে তেওঁৰ প্ৰশংসা কৰক।
হে বাহিনীসকলৰ ঈশ্বৰ যিহোৱা, তোমাৰ তুল্য পৰাক্ৰমী কোন আছে, হে প্রভু? তোমাৰ বিশ্বস্ততাই তোমাক বেৰি ৰাখিছে।
এতেকে আহক, আমি তেওঁৰেই দ্বাৰাই সদায় ঈশ্বৰৰ উদ্দেশ্যে স্তৱৰূপ যজ্ঞ, তেওঁৰ নাম স্বীকাৰকাৰী ওঁঠৰ ফল উৎসৰ্গ কৰোঁহক। কিন্তু উপকাৰ আৰু সহভাগিতাৰ কাৰ্য নাপাহৰিব; কিয়নো এনে যজ্ঞত ঈশ্বৰ সন্তুষ্ট হয়।
যেতিয়া তেওঁলোকে গীত গাবলৈ আৰু প্ৰশংসা কৰিবলৈ আৰম্ভ কৰিলে, তেতিয়া যিহূদাৰ বিৰুদ্ধে অহা অম্মোনৰ আৰু মোৱাবৰ সন্তান সকলৰ বিৰুদ্ধে যিহোৱাই গুপুত ঠাইত খাপ দি থকা শত্ৰুৰ সেনাসকলক নিযুক্ত কৰিলে; তাতে তেওঁলোক পৰাস্ত হ’ল।