8 পৃথিবীৰ চূড়ান্ত সীমাত থকা লোকসকলে তোমাৰ অদ্ভুত লক্ষণবোৰ দেখি ভয় কৰে; সূর্য উঠা দিশৰ পৰা অস্ত যোৱালৈকে আনন্দিত কৰে।
যিমান দিনলৈকে এই পৃথিৱী থাকিব, সিমান দিন শস্য ৰোৱা আৰু শস্য দোৱাৰ সময় থাকিব; সিমান দিন শীতকাল আৰু গ্ৰীষ্মকাল, গৰম আৰু ঠাণ্ডা, দিন আৰু ৰাতি এইবোৰ চলি থাকিব।”
তুমি চিৰকাল আছা নে, তোমাৰ জীৱনৰ দিন আৰম্ভণিৰ পৰা আছে নে, তুমি প্ৰভাতক আজ্ঞা দিছিলা নে? আৰু অৰুণক তাৰ উদয় স্থান জনাইছিলা নে?
তেওঁ ধুমুহাক প্রশমিত কৰে, তাৰ ঢৌবোৰক শান্ত কৰে।
তেতিয়া আমাৰ মুখ হাঁহিৰে ভৰি পৰিল, আমাৰ জিভা আনন্দ-গানেৰে পৰিপূৰ্ণ হ’ল; আন জাতিৰ লোকসকলে তেতিয়া কোৱাকুই কৰিলে, “যিহোৱাই তেওঁলোকৰ কাৰণে অনেক মহৎ কার্য কৰিলে।”
হে মিচৰ, তেওঁ তোমাৰ মাজত চিন আৰু অদ্ভুত লক্ষণবোৰ পঠালে; ফৰৌণ আৰু তেওঁৰ সকলো পৰিচাৰকৰ বিৰুদ্ধে পঠাই দিলে।
দিনৰ ওপৰত অধিকাৰ কৰিবলৈ সূৰ্য নিৰ্ম্মাণ কৰিলে, তেওঁৰ ধন্যবাদ কৰা, কাৰণ তেওঁৰ প্রেম অনন্তকাল স্থায়ী।
হে সূৰ্য আৰু চন্দ্ৰ, তেওঁৰ প্ৰশংসা কৰা; হে দীপ্তিময় সকলো তৰা, তেওঁৰ প্ৰশংসা কৰা!
সূৰ্যই দৰাৰ দৰে নিজৰ শোৱনি কোঁঠাৰ পৰা ওলাই আহে; নিজৰ পথত বীৰৰ দৰে আনন্দেৰে লৰ মাৰে।
তুমি মোৰ ওচৰত বিচাৰা, তাতে মই তোমাক অধিকাৰৰ অৰ্থে জাতিবোৰ দিম, পৃথিবীৰ সকলো সীমা তোমাৰ অধিকাৰলৈ আহিব।
চৰণীয়া পথাৰবোৰ জাক জাক মেৰ-ছাগৰ বস্ত্ৰেৰে বিভূষিত হৈছে; উপত্যকাবোৰ শস্যৰে ঢকা হৈছে; সেইবোৰে জয়-ধ্বনি কৰে আৰু গীত গান কৰে।
তোমালোকে ঈশ্বৰক কোৱা, “তোমাৰ কাৰ্যবোৰ কেনে আতঙ্কজনক! তোমাৰ পৰাক্ৰমৰ কাৰণে শত্ৰুবোৰে তোমাত আত্মসমর্পণ কৰিব।
দিন তোমাৰ, আৰু ৰাতিও তোমাৰেই; তুমিয়েই চন্দ্ৰ আৰু সূৰ্যক নিজ নিজ স্থানত স্থাপন কৰিলা।
তুমি ৰাহবক খণ্ড খণ্ড কৰি, হত হোৱা লোকৰ দৰে কৰিলা; তোমাৰ বাহুবলেৰে তুমি তোমাৰ শত্রুবোৰক ছিন্ন-ভিন্ন কৰিলা।
অনেক পানী বেগেৰে বৈ যোৱা শব্দৰ দৰে, দেশবাসীসকলে গৰ্জন কৰিব; কিন্তু প্রভুৱে তেওঁলোকক তিৰস্কাৰ কৰিব; তাতে তেওঁলোক বহু দূৰলৈ পলাই যাব, আৰু বতাহৰ আগত পৰ্ব্বতৰ ওপৰত বিধৱালোকে পিন্ধা কাপোৰৰ দৰে, আৰু বতাহৰ আগত ঘূৰি ঘূৰি যোৱা ধুলিৰ দৰে তেওঁলোকক খেদি দিয়া হ’ব।
আকাশৰ ফালে যেতিয়া আপোনালোকে চকু তুলি চায় আৰু সূৰ্য, চন্দ্ৰ, তৰা আদি কৰি আকাশৰ বাহিনীবোৰ দেখে, তেতিয়া আপোনালোক সাৱধান হ’ব। আপোনালোকৰ ঈশ্বৰ যিহোৱাই আকাশৰ তলত থকা সকলো জাতিকে দিয়া এই সকলোবোৰ বস্তুলৈ আকৰ্ষিত হৈ সেইবোৰক সেৱা আৰু ভক্তি-পূজা কৰাৰ পৰাও সাৱধান হ’ব।
সেই ক্ষণতে বৰ ভুমিকম্প হ’ল; তাতে নগৰৰ দহ ভাগৰ এভাগ পৰিল৷ সেই ভুমিকম্পৰ দ্বাৰাই প্ৰায় সাত হাজাৰ লোক হত হ’ল; আৰু অৱশিষ্ট সকলে ভয়ত স্বৰ্গৰ ঈশ্বৰৰ মহিমা স্বীকাৰ কৰিলে।