তোমাৰ জীৱন, তোমাৰ উদ্দেশ্য আৰু তুমি কেনেকুৱা চিন্তা আৰু কাম কৰা, এইবোৰৰ বিষয়ে বাইবেলে আমাক সদায় চিন্তা কৰিবলৈ কয়। এই পৃথিৱীয়ে আমাক সদায় ইয়াৰ ধাৰা আৰু নিয়ম মানি চলিবলৈ হেঁচা দিয়ে, কিন্তু ঈশ্বৰৰ বাক্যই আমাক সেইবোৰৰ পৰা আঁতৰি থাকি তেওঁৰ নীতি-নিয়ম অনুসৰি জীয়াই থাকিবলৈ উৎসাহিত কৰে। বাইবেলৰ এটা মূল বাৰ্তা হ’ল যে যীচুৰ অনুগামী হিচাপে আমাক এই অন্ধকাৰ জগতত পোহৰ আৰু নিৰ্জীৱ পৃথিৱীত নিমখ স্বৰূপে জীয়াই থাকিবলৈ কোৱা হৈছে। মথিৰ পুস্তকত কোৱা হৈছে, "তোমালোক পৃথিৱীৰ পোহৰ; পৰ্ব্বতৰ ওপৰত থকা নগৰ গুপ্ত কৰিব নোৱাৰি।...এইদৰে তোমালোকৰ পোহৰ মানুহৰ আগত প্ৰকাশিত হওঁক, যাতে তেওঁলোকে তোমালোকৰ সৎকৰ্ম্ম দেখি, স্বৰ্গত থকা তোমালোকৰ পিতৃৰ মহিমা কৰে।" (মথি ৫:১৪,১৬)
ভিন্ন হোৱা মানে সমাজৰ নৈতিক আৰু সাংস্কৃতিক নিয়ম মানি নচলা, বৰং ঈশ্বৰে আমাক শিকোৱা মূল্যবোধ আৰু নীতি-নিয়ম অনুসৰি জীয়াই থকা। এইটো কঠিন হ’ব পাৰে আৰু কেতিয়াবা বাধা বা অত্যাচাৰৰ সন্মুখীন হ’ব লগা হ’ব পাৰে, কিন্তু ইয়াৰ পুৰস্কাৰ অতি মহান। ভিন্ন হোৱা মানে অহংকাৰী হোৱা, আনক বিচাৰ কৰা বা একা-একাকৈ জীয়াই থকা নহয়। বৰং ভিন্ন হোৱা মানে চুবুৰীয়া-প্ৰতিবেশীক ভালপোৱা, ক্ষমা কৰা, দয়া দেখুওৱা আৰু সততাৰে জীৱন যাপন কৰা। আমাৰ কৰ্ম আৰু মনোভাৱৰ দ্বাৰা আমি আমাৰ চাৰিওফালৰ মানুহক ঈশ্বৰৰ মহানতা আৰু প্ৰেম প্ৰকাশ কৰিব পাৰোঁ।
যেতিয়া আমি ঈশ্বৰৰ ইচ্ছা অনুসৰি ভিন্নভাৱে জীয়াই থাকোঁ, তেতিয়া আমি আমাৰ চাৰিওফালৰ পৰিৱেশত ইতিবাচক প্ৰভাৱ পেলাওঁ আৰু আমাৰ চুবুৰীয়া-প্ৰতিবেশীৰ লগত শুভবাৰ্তা ভাগ-বতৰা কৰোঁ। আমাৰ জীৱন-যাপনৰ ধৰণে আনৰ ওপৰত কেনেকুৱা প্ৰভাৱ পেলায় সেইটো হয়তো আমি সম্পূৰ্ণৰূপে বুজি নাপাওঁ, কিন্তু আমি বিশ্বাস কৰিব পাৰোঁ যে ঈশ্বৰে আমাৰ সাক্ষ্যবোৰ ব্যৱহাৰ কৰি জীৱন পৰিৱৰ্তন কৰে আৰু তেওঁৰ নাম মহিমান্বিত কৰে।
কিন্তু আপোনালোক মনোনীত বংশ, ৰাজকীয় পুৰোহিত সমূহ, পবিত্ৰ জাতি, আৰু ঈশ্বৰৰ নিজ অধিকাৰৰ অৰ্থে এক বিশেষ লোক হৈছে যাতে, যি জনে আপোনালোকক আন্ধাৰৰ পৰা তেওঁৰ আচৰিত পোহৰলৈ আমন্ত্ৰণ কৰিলে, আপোনালোকে যেন তেওঁৰ সদগুণ প্ৰকাশ কৰে৷ এই কাৰণে
“কাৰণ মোৰ চিন্তাধাৰা তোমালোকৰ চিন্তাধাৰা নহয়, বা তোমালোকৰ পথ মোৰ পথ নহয়” এইয়া যিহোৱাৰ ঘোষনা।
আপোনালোক জগতৰ অনুৰূপ নহ’ব; কিন্তু মন নতুন কৰাৰ যোগেদি ৰূপান্তৰিত হওক, তাতে আপোনালোকে পৰীক্ষা কৰি জানি লওঁক, কোনটো উত্তম, গ্ৰহণীয় আৰু সিদ্ধ, কিয়নো এয়ে ঈশ্বৰৰ ইচ্ছা৷
কাৰণ আমাৰ এই শৰীৰত যেনেকৈ অনেক অঙ্গ-প্ৰত্যঙ্গ আছে, অথচ সেই সকলো অঙ্গ-প্ৰত্যঙ্গৰ একে ৰূপৰ কাৰ্য নহয়,
কিয়নো যেনেকৈ শৰীৰ এক আৰু তাৰ অঙ্গ-প্ৰত্যঙ্গ অনেক, কিন্তু সেই শৰীৰৰ সকলো অঙ্গ-প্ৰত্যঙ্গ অনেক হ’লেও এক শৰীৰ হয়, তেনেকৈ খ্ৰীষ্টও।
তোমালোক জগতৰ পোহৰ। পৰ্বতৰ ওপৰত থকা নগৰ গুপ্ত হ’ব নোৱাৰে।মানু্হে চাকি লগাই পাত্রৰে ঢাকি নথয়, কিন্তু গছাৰ ওপৰত থয় আৰু ই ঘৰৰ সকলোকে পোহৰ দিয়ে।এইদৰে তোমালোকৰ পোহৰ মানুহৰ আগত প্ৰকাশিত হওক; তাতে তেওঁলোকে তোমালোকৰ ভাল কৰ্ম দেখি, স্বৰ্গত থকা তোমালোকৰ পিতৃৰ স্তুতি কৰিব।
কিয়নো আপোনালোকৰ মাজৰ পৰীক্ষাসিদ্ধ মানুহবোৰ প্ৰকাশিত হ’বলৈ, আপোনালোকৰ মাজত নানা মতো হ’ব লাগে।
আপোনালোকে জগতক বা জগতত থকা বিষয়বোৰক প্ৰেম নকৰিব; কোনোৱে যদি জগতক প্ৰেম কৰে, তেনেহলে পিতৃ ঈশ্বৰৰ প্ৰেম তেওঁৰ অন্তৰত নাই।কিয়নো জগতত যিবোৰ আছে, অৰ্থাৎ মাংসৰ অভিলাষ, চকুৰ অভিলাষ, আৰু জীৱন কালৰ অহংকাৰ, এইবোৰ পিতৃ ঈশ্বৰৰ পৰা উৎপন্ন নহয়, জগতৰ পৰাহে হয়।জগত আৰু জগতৰ কামনা-বাসনা শেষ হৈ গুচি যাব ধৰিছে; কিন্তু যিজনে ঈশ্বৰৰ ইচ্ছা পালন কৰে, তেওঁ চিৰকাললৈকে থাকে।
আপোনালোকৰ আৰু মোৰ, উভয় পক্ষৰ আন্তৰিক বিশ্বাসৰ দ্বাৰাই আপোনালোকৰ মাজত নিজেও আশ্বাস পাবলৈ, মই ইচ্ছা কৰিছোঁ।
এতেকে, প্ৰভুৱে কৈছে, “তোমালোকে সিহঁতৰ মাজৰ পৰা ওলাই আহা আৰু পৃথক হোৱা, আৰু কোনো অশুচি বস্তুক নুচুবা, তাতে মই তোমালোকক গ্ৰহণ কৰিম,
আপোনালোকক আমন্ত্ৰণ কৰা জন যেনে পবিত্ৰ, আপোনালোকো সকলো আচাৰ-ব্যৱহাৰত তেনে পবিত্ৰ হওক৷কিয়নো লিখা আছে, ‘তোমালোক পবিত্ৰ হোৱা, কাৰণ মই পবিত্ৰ।’
মোৰ এনে অনেক মেৰ আছে, যি এই গৰালৰ নহয়। মই অৱশ্যেই সিহঁতক আনিব লাগে। সিহঁতেও মোৰ মাত শুনিব আৰু তেতিয়া সকলো একেটা জাক হ’ব আৰু সিহঁতৰ ৰখীয়াও হ’ব এজন।
সূৰ্যৰ গৌৰৱ এক প্ৰকাৰৰ উজ্বল, চন্দ্ৰৰ গৌৰৱ আন এক ধৰণৰ, নক্ষত্ৰবোৰৰো গৌৰৱ অন্য ধৰণৰ; আকৌ তৰাবোৰৰ ক্ষেত্ৰতো এটা তৰাতকৈ আনটো তৰাৰ উজ্বল ভিন্ন হয়।
আপোনালোকে প্ৰৱঞ্চনাপূর্ণ অভিলাষত নষ্ট হোৱা পুৰাতন পুৰুষ অৰ্থাৎ পূর্বকালৰ জীৱন-যাপনৰ বন্ধন সোলোকাই থবলৈ শিক্ষা পালে।সেই শিক্ষা অনুসাৰে আপোনালোক যেন নিজৰ নিজৰ মনৰ আত্মাত পুনৰায় নতুন হৈ উঠি,সত্যতাৰ ধাৰ্মিকতা আৰু পবিত্ৰতাত ঈশ্বৰৰ প্ৰতিমূৰ্তিৰ দৰে সৃষ্ট হোৱা নতুন পুৰুষক যেন পিন্ধিব পাৰে।
এতেকে ঈশ্বৰৰ মনোনীত প্ৰিয় আৰু পবিত্ৰ লোক সকলৰ যি উপযুক্ত, সেই মতে দয়া, স্নেহ, মধুৰ ভাব, নম্ৰতা, মৃদুতা আৰু চিৰসহিষ্ণুতা, এই সকলোকে পিন্ধক;
কিয়নো যি জন যীচুৰ কথা আমি ঘোষণা কৰোঁ, এনে আন কোনো যীচুৰ কথা কোনোৱে যদি আহি ঘোষণা কৰে বা আপোনালোকে যি আত্মা পোৱা নাই এনে অন্যবিধ আত্মাও যদি পোৱা নাইবা যি শুভবাৰ্তা আপোনালোকে গ্ৰহণ কৰা নাই, এনে অন্যবিধ শুভবাৰ্তাও যদি গ্ৰহণ কৰে, তেনেহলে আপোনালোকে সেয়া ভালকৈ সহন কৰক৷
তোমালোক পৃথিৱীৰ লোণ; কিন্তু লোণৰ সোৱাদ যদি হেৰাই যায়, তেনেহলে সেই লোণ কিহেৰে লুণীয়া কৰা যাব? তেতিয়া সেইবোৰ পুণৰ কোনো কামৰ নহব, কেৱল বাহিৰলৈ পেলোৱাৰ আৰু মানুহৰ গচকাৰ যোগ্যহে হ’ব।
হে ব্যভিচাৰী সকল, জগতৰ সৈতে ৰখা মিত্ৰতাই ঈশ্বৰৰ শত্ৰুতা, ইয়াক আপোনালোকে নাজানে নে? এতেকে যি জনে জগতৰ প্ৰেমিক হবলৈ ইচ্ছা কৰে, তেওঁ নিজকে নিজে ঈশ্বৰৰ শত্ৰু কৰি লয়।
কাৰণ ইহুদী বা গ্ৰীক ইয়াৰ মাজত একো প্ৰভেদ নাই; কিয়নো সকলোৰে একমাত্ৰ প্ৰভু আছে; যিমান মানুহে তেওঁক বিশ্বাস কৰে, তেওঁলোকৰ বাবে তেওঁ ধনৱান৷
সকলো মঙহ একে ৰূপ মঙহ নহয়; কিন্তু মানুহ বা পশুৰ হওক, চৰাই বা মাছৰেই হওক, বেলেগ বেলেগ আকৃতিৰ মঙহ আছে।
এতেকে আমি যিমান সিদ্ধ লোক আছোঁ, সকলোৱে সেইৰূপে ভাবক আৰু যদি কোনো বিষয়ত আপোনালোকৰ অন্য ভাব থাকে, তেনেহলে ঈশ্বৰে সেই বিষয়ে আপোনালোকলৈ প্ৰকাশ কৰিব।
তোমালোকক উপকাৰ কৰা সকলকে যদি তোমালোকে কেৱল উপকাৰ কৰা, তেনেহলে কি প্ৰশংসা পাবা? কিয়নো পাপীয়েও সেইদৰে কৰ্ম কৰে।
এতেকে আপোনালোক ঈশ্বৰৰ প্ৰিয় সন্তান হিচাপে তেওঁৰ অনুকাৰী হওক।ইয়াৰ দ্বাৰাই আপোনালোকে প্রভুৰ সন্তোষজনক কি, সেই বিষয়ে বিবেচনা কৰি নির্ণয় কৰিব পাৰিব।আন্ধাৰৰ ফলহীন কাৰ্যবোৰৰ অংশীদাৰ নহব; বৰং সেইবোৰৰ দোষ দেখুৱাই দিয়ক;কিয়নো তেওঁলোকে গুপুতে যি যি কৰে, সেইবোৰ উচ্চাৰণ কৰিবলৈকো লাজৰ বিষয়।পোহৰৰ দ্বাৰাই সকলো প্ৰকাশিত হয়কিয়নো পোহৰতে সকলো স্পষ্ট হৈ পৰে। সেই বাবে কোৱা হৈছে: “হে টোপনিওৱা জন সাৰ পোৱা আৰু মৃত লোক সকলৰ মাজৰ পৰা উঠা; তাতে আপোনালোকৰ ওপৰত খ্ৰীষ্টই পোহৰ দিব।”এতেকে কিদৰে জীৱন-যাপন কৰিছে, তালৈ সাৱধানে দৃষ্টি কৰক; অজ্ঞানৰ দৰে নহয়, কিন্তু জ্ঞানীৰ দৰে চলক;সুসময়ক কিনি লব; কিয়নো এই কাল মন্দ।এই হেতুকে আপোনালোক নিৰ্ব্বোধ নহব, কিন্তু প্ৰভুৰ ইচ্ছা কি তাক জ্ঞাত হওক।দ্ৰাক্ষাৰসেৰে মতলীয়া নহব; কিয়নো তাত নষ্টামি আছে; কিন্তু পবিত্ৰ আত্মাৰে পৰিপূৰ্ণ হওক;ধৰ্মগীত, স্তুতি-গীত আৰু আত্মিক গানেৰে আপোনালোকে পৰস্পৰে আলোচনা কৰক আৰু প্ৰভুৰ উদ্দেশ্যে হৃদয়েৰে গান আৰু প্রসংশা কৰক।খ্ৰীষ্টে যেনেকৈ আপোনালোকক প্ৰেম কৰিলে আৰু আমাৰ কাৰণে ঈশ্বৰৰ উদ্দেশ্যে সুগন্ধযুক্ত নৈবেদ্য আৰু বলি স্বৰূপে নিজকে শোধাই দিলে, তেনেকৈ আপোনালোকেও প্ৰেমৰ পথত চলক।
যাতে ঈশ্বৰৰ নিষ্কলঙ্ক সন্তান হ’বৰ কাৰণে, আপোনালোক যেন পবিত্ৰ, নিৰ্দ্দোষী আৰু শুদ্ধ হয় আৰু জগতত যি কুটিল আৰু বিপথগামী লোক আছে, তেখেত সকলৰ মাজত আপোনালোক দীপ্তি স্বৰূপ হওক৷
কিয়নো আপুনি যে আন লোক সকলতকৈ বিশিষ্ট সেয়া কোনে দেখা পায়? ঈশ্বৰৰ পৰা যি দান হিচাপে পোৱা নাই, তেনে কি বস্তুৱেই বা আপোনাৰ আছে? আপুনি যেতিয়া দান হিচাপে পাই, তেতিয়া দান যেন পোৱা নাই, এনে দ্বিধাবোধ কৰি অহংকাৰ কিয় কৰে?
ভাবি চাওক, পিতৃ ঈশ্বৰে আমাক কেনে প্ৰেম প্ৰদান কৰিলে, আমি যেন ঈশ্বৰৰ সন্তান বুলি অভিহিত হওঁ আৰু আমি হৈছোও! এই বাবে জগতৰ মানুহে আমাক নাজানে, কাৰণ জগতে তেওঁক নাজানিলে৷
এতেকে কোনো যদি খ্ৰীষ্টত আছে, তেনেহলে তেওঁ নতুন সৃষ্টি। পুৰণিবোৰ লুপ্ত হ’ল; চাওক, নতুন হ’ল।
কিন্তু যিহোৱাই চমূৱেলক ক’লে, “তুমি তেওঁৰ বাহ্যিকতালৈ বা উচ্চতালৈ দৃষ্টি নকৰিবা; কাৰণ মই তেওঁক অগ্ৰাহ্য কৰিলোঁ। কাৰণ মানুহে যেনেকৈ চাই যিহোৱাই তেনেকৈ নাচায়; কাৰণ মানুহে, যি দেখা পায়, তালৈ চায়, কিন্তু যিহোৱাই মানুহৰ অন্তৰলৈ চায়।”
মই খ্ৰীষ্টে সৈতে ক্ৰুচত হত হ’লো; মই জীয়াই আছোঁ বুলিলেও, সেয়ে এতিয়া মই নহয়, খ্ৰীষ্টহে মোৰ লগত জীয়াই আছে; মোৰ শৰীৰত যি জীৱন এতিয়া আছে, ঈশ্বৰৰ পুত্ৰত কৰা বিশ্বাসতহে মই সেই জীৱন-যাপন কৰিছোঁ। তেওঁ মোক প্ৰেম কৰিলে আৰু মোৰ কাৰণে নিজকে সমৰ্পণ কৰিলে।
বোলে, “তোমাৰ মাতৃৰ গৰ্ভত তোমাক নিৰ্ম্মাণ কৰাৰ আগতে মই তোমাক জানিলোঁ। আৰু তুমি গৰ্ভৰ পৰা বাহিৰ হোৱা আগতে মোৰ গৌৰৱৰ অৰ্থেই মই তোমাক পৃথক কৰিলোঁ; আৰু মই তোমাক মোৰ ভাববাদী হবলৈ নিযুক্ত কৰিলোঁ গোটেই জাতিবোৰৰ বাবে।”
কিন্তু তোমালোকৰ মাজত তেনে নহয়৷ তোমালোকৰ মাজত যি কোনোৱে মহান হ’বলৈ ইচ্ছা কৰে, তেওঁ তোমালোকৰ পৰিচাৰক হওক,
কিয়নো সকলো মানুহলৈ পৰিত্ৰাণ অনা ঈশ্বৰৰ অনুগ্ৰহ প্ৰকাশিত হ’ল;আৰু আমি ভক্তি লঙ্ঘন আৰু সাংসাৰিক অভিলাষ অস্বীকাৰ কৰি, গম্ভীৰ, ধার্মিক আৰু সৎ ভাবেৰে এই বর্তমান সংসাৰত যেন জীৱন-যাপন কৰিব পাৰোঁ, তাৰ বাবে এই অনুগ্ৰহে আমাক এনে শিক্ষা দিছে।
ধন্য সেই লোক, যি দুষ্টসকলৰ পৰামৰ্শ মতে নচলে, পাপীবিলাকৰ পথত থিয় নহয়, নিন্দকবোৰৰ সমাবেশত নবহে;
আমি জানো যে, যি সকলে ঈশ্বৰক প্ৰেম কৰে, সেই সকল তেওঁৰ অভিপ্ৰায় অনুসাৰে আমন্ত্ৰিত, তেওঁলোকৰ বাবে তেওঁ মঙ্গলৰ অৰ্থে সকলো উত্তম কাৰ্য একেলগে কৰিছে।
এতেকে আপুনি যদি খ্ৰীষ্টৰ সৈতে তোলা হ’ল; তেনেহলে য’ত ঈশ্ৱৰৰ সোঁ হাতে খ্ৰীষ্ট বহি আছে, সেই ঠাইৰ বিষয়ে অনুসন্ধান কৰক৷আৰু যি নিজ সৃষ্টিকৰ্ত্তাৰ প্ৰতিমূৰ্তিৰ দৰে, তত্ব জ্ঞানৰ কাৰণে নতুন কৰোঁৱা হৈ আছে, সেই নতুন পুৰুষক বস্ত্ৰ স্ৱৰূপে পিন্ধিলে৷এই জ্ঞানত কোনো গ্ৰীক বা ইহুদী, চুন্নৎ বা অচুন্নৎ, অসভ্য লোক, স্কুথীয়া, দাস, স্বাধীন, এনে কোনো থাকিব নোৱাৰে; কিন্তু খ্ৰীষ্টই সকলো বিষয় আৰু সকলোতে থাকে৷ এতেকে ঈশ্বৰৰ মনোনীত প্ৰিয় আৰু পবিত্ৰ লোক সকলৰ যি উপযুক্ত, সেই মতে দয়া, স্নেহ, মধুৰ ভাব, নম্ৰতা, মৃদুতা আৰু চিৰসহিষ্ণুতা, এই সকলোকে পিন্ধক;আপোনালোক পৰস্পৰ সহনীয় হওক; ইজনে সিজনৰ প্ৰতি দয়ালু হওক; আৰু যদি কাৰোবাৰ বিৰুদ্ধে কাৰোবাৰ দোষ দিয়াৰ কাৰণ থাকে, তেনেহলে পৰস্পৰে ক্ষমা কৰক; কিয়নো প্ৰভুৱে যেনেকৈ আপোনালোকক ক্ষমা কৰিলে, আপোনালোকেও তেনেকৈ ক্ষমা কৰক৷এই সকলোৰে ওপৰত প্ৰেমত থাকক; ই সৰ্ব্বসিদ্ধিৰ বান্ধনি।এতিয়া আপোনালোকৰ সকলোৰে হৃদয়ত খ্ৰীষ্টৰ শান্তিয়ে কৰ্ত্তৃত্ব কৰক; আপোনালোক তাৰ কাৰণেই এক শৰীৰত আমন্ত্ৰিত হ’ল; আৰু কৃতজ্ঞ হওক।খ্ৰীষ্টৰ বাক্যৰ জ্ঞান আপোনালোকৰ সৈতে বাহুল্যৰূপে বাস কৰক। ধৰ্মগীত, স্তুতি-গীত আৰু আত্মিক গানেৰে পৰস্পৰে শিক্ষা আৰু চেতনা দি, অনুগ্ৰহৰ কথাত কৃতজ্ঞতাৰে নিজ নিজ হৃদয়ত ঈশ্বৰৰ উদ্দেশ্যে গান কৰক।আৰু আপোনালোকে যি কৰিব পাৰে, সেইবোৰ বাক্যতে হওক বা কাৰ্যতে হওক, সকলোকে প্ৰভু যীচুৰ নামত কৰক; আৰু তেওঁৰ দ্বাৰাই পিতৃ ঈশ্বৰৰ ধন্যবাদ কৰক। হে ভাৰ্যা সকল, আপোনালোক নিজ নিজ স্বামীৰ বশীভূত হওক কিয়নো এয়ে প্ৰভুৰ মতে উচিত।হে পুৰুষ সকল, আপোনালোকে নিজ নিজ ভাৰ্যাক প্ৰেম কৰক আৰু তেওঁলোকলৈ তিতা ব্যৱহাৰ নকৰিব।ওপৰৰ বিষয়বোৰ ভাবক, কিন্তু পৃথিৱীত যি আছে সেই বিষয়ে নাভাবিব;
এই কাৰণে আমি কেতিয়াও পৰস্পৰৰ সোধ-বিচাৰ নকৰিম; কিন্তু ইয়াৰ পৰিৱর্তে আপোনালোকে এই বিচাৰ কৰক, কোনেও যেন নিজ ভাইৰ আগত বিপত্তিজনক বস্তু বা ফান্দ পাতি নাৰাখে।
কিয়নো আপোনালোক সকলোৱেই পোহৰ আৰু দিনৰ সন্তান। আমি ৰাতি বা আন্ধাৰৰ লোক নহওঁ।এই হেতুকে আহক, আমি আন লোকবোৰৰ নিচিনাকৈ টোপনিয়াই নাথাকি, পৰ দি আৰু সংযত হৈ থাকোহঁক।
কিয়নো আপোনালোক নিজ ঈশ্বৰ যিহোৱাৰ পবিত্ৰ লোক; পৃথিবীত থকা সকলো জাতিৰ মাজৰ পৰা, নিজৰ এক বিশেষ জাতি হ’বলৈ, আপোনালোকৰ ঈশ্বৰ যিহোৱাই আপোনালোককহে মনোনীত কৰি আনিলে।
তোমালোক জগতৰ হোৱা হ’লে, জগতে তোমালোকক নিজৰ লোকৰ দৰে প্ৰেম কৰিলেহেঁতেন; কিন্তু তোমালোক জগতৰ নোহোৱা। মই তোমালোকক জগতৰ মাজৰ পৰা মনোনীত কৰিলোঁ, এই কাৰণে জগতে তোমালোকক ঘৃণা কৰে।
ঠেক দুৱাৰেদি সোমোৱা; কিয়নো যিয়ে সৰ্ব্বনাশলৈ নিয়ে, সেই দুৱাৰ ডাঙৰ আৰু বাটো বহল। তাৰ মাজেদি সোমোৱা লোকো অনেক।কিন্তু যিয়ে জীৱনলৈ নিয়ে, সেই দুৱাৰ সৰু আৰু বাটো ঠেক। অতি কম লোকেহে ইয়াক বিচাৰি পায়।
যিহেতু অনা-ইহুদী সকলে কৰি অহা, ইন্দ্ৰিয়পৰায়ণতা, আবেগ, সুৰাসক্ত, পানার্থক আমোদ-প্ৰমোদ, ঘিণলগীয়া মূৰ্তিপূজা - এইবোৰত যি সময় পাৰ কৰিলে সেয়াই যথেষ্ট৷তাতে আপোনালোকে তেওঁলোকৰ সৈতে সেইবোৰ কর্ম নকৰা দেখি তেওঁলোকে আচৰিত মানি আপোনালোকক নিন্দা কৰে।
কিন্তু মই কওঁ, আপোনালোকে আত্মাৰে চলক; তাতে কোনোমতে আপোনালোকে মাংসৰ অভিলাষ পুৰ নকৰিব।কিয়নো মাংসই আত্মাৰ বিৰুদ্ধে আৰু আত্মাই মাংসৰ বিৰুদ্ধে অভিলাষ কৰে; কাৰণ আপোনালোকে যি কৰিবলৈ ইচ্ছা কৰে, তাক যেন আপোনালোকে নকৰে, তাৰ কাৰণে এই দুয়ো পৰস্পৰ বিৰুদ্ধা-বিৰুদ্ধী।
ৰাতিৰ অধিক ভাগ গ’ল, দিন ওচৰ চাপিল; এই কাৰণে আহক, আন্ধাৰৰ কৰ্ম এৰি থৈ পোহৰৰ সাজ পিন্ধোহঁক। ৰঙ্গৰস, মত্ততা, লম্পট আচৰণ, কামাভিলাষ, বিবাদ আৰু ঈৰ্ষা, এইবোৰ ত্যাগ কৰি, দিনৰ উপযুক্ত শিষ্টাচৰণ কৰোঁহক।কিন্তু আপোনালোকে প্ৰভু যীচু খ্ৰীষ্টৰ সেই নৈতিক চৰিত্ৰ স্বীকাৰ কৰক আৰু অভিলাষ পূৰ্ণ কৰিবৰ বাবে নিজ নিজ মাংসৰ অৰ্থে একো আয়োজন নকৰিব।
আপোনালোকৰ শৰীৰ যে ঈশ্বৰৰ মন্দিৰ আৰু ঈশ্বৰৰ পৰা পোৱা পবিত্ৰ আত্মা যে আপোনালোকৰ অন্তৰত থাকে, ইয়াক আপোনালোকে নাজানে নে কি? আপোনালোক এতিয়া নিজৰ নহয়।আপোনালোকে জানো নাজানে, যে ঈশ্বৰৰ পবিত্ৰ লোক সকলেই জগতৰ সোধ-বিচাৰ কৰিব? যেতিয়া আপোনালোকেই জগতৰ বিচাৰ কৰিব, তেনেহলে এতিয়া আপোনালোকে জানো অতি সামান্য বিষয়বোৰ বিচাৰ কৰিব নোৱাৰে?কিয়নো আপোনালোকক মূল্য দি কিনা হৈছে; এই হেতুকে আপোনালোকৰ শৰীৰৰ দ্বাৰা ঈশ্বৰক মহিমাম্বিত কৰক।
শেষতে, হে ভাই সকল, যি যি সত্য, আদৰণীয়, ন্যায়, শুদ্ধ, প্ৰেমময়, আৰু সুখ্যাতিযুক্ত যি কোনো সদগুণ আৰু যি কোনো প্ৰশংসাযুক্ত, সেইবোৰ বিষয় আলোচনা কৰক।
এতেকে আপোনালোকে, পৃথিৱীত থকা এই সকলোকে মাৰি পেলাওঁক; নিজ নিজ অঙ্গ-প্ৰত্যঙ্গ স্বৰূপ যি ব্যভিচাৰ, অশুচিতা, কামাভিলাষ, কু-অভিলাষ আৰু লোভ, যেনে মূৰ্তিপূজা৷
কিয়নো আমি মাংসত থাকিলেও, মাংস অনুসাৰে যুদ্ধ নকৰোঁ;কিয়নো আমাৰ যুদ্ধ অস্ত্ৰ-শস্ত্ৰৰে কৰা মাংসিক যুদ্ধ নহয় কিন্তু স্ৱর্গীয় শক্তিৰ দ্ৱাৰাই দূৰ্গও বিনাশ কৰাৰ যোগ্য, - ইয়াতে কোনো ভুল ধাৰণা নাথাকক৷ আমি মনৰ তৰ্ক-বিতৰ্ক আৰু ঐশ্বৰীক জ্ঞানৰ বিৰুদ্ধে উত্থাপিত হোৱা উদ্ধত বিষয়বোৰ ভাঙি পেলাই, সকলো ভাব বন্দী কৰি, খ্ৰীষ্টৰ আজ্ঞাধীন কৰিছোঁ;
সকলোৱে সহিত ঐক্য, আৰু যি পবিত্ৰতাৰ অবিহনে কোনেও প্ৰভুৰ দৰ্শন নাপাব, সেই পবিত্ৰতাকো খেদি যাওঁক;
অৱশেষত, প্ৰভুত আৰু তেওঁৰ শক্তিৰ পৰাক্ৰমত বলৱন্ত হওক।ঈশ্বৰৰ আটাই যুদ্ধৰ সাজ পিন্ধি লওঁক যাতে চয়তানৰ নানা বিধ কৌশলৰ বিৰুদ্ধে থিয় হব পাৰে।
ধন্য সেই লোক, যি দুষ্টসকলৰ পৰামৰ্শ মতে নচলে, পাপীবিলাকৰ পথত থিয় নহয়, নিন্দকবোৰৰ সমাবেশত নবহে;কিন্তু যিহোৱাৰ ব্যৱস্থাত সন্তুষ্ট হয়, আৰু দিনে ৰাতিয়ে তেওঁৰ ব্যৱস্থা ধ্যান কৰে।
যি জনে নিজৰ মহিমা আৰু সদগুণেৰে আমাক আমন্ত্রণ কৰিলে, তেওঁক গভীৰভাৱে জনাৰ মাধ্যমেদি তেওঁৰ ঐশ্বৰিক শক্তিয়ে আমাক ঈশ্বৰৰ প্রতি ভক্তিপূর্ণ জীৱন-যাপন কৰাৰ সকলো বিষয় দান কৰিলে।তেওঁ এইবোৰৰ দ্বাৰাই আমাক মূল্যবান আৰু অতি মহৎ প্ৰতিজ্ঞাবোৰ দান কৰিলে। তেওঁ এনেদৰে কৰিলে যাতে আপোনালোকে সেই প্রতিজ্ঞাবোৰৰ দ্বাৰাই জগতৰ মন্দ অভিলাষবোৰৰ দুর্নীতিৰ পৰা মুক্ত হৈ ঐশ্বৰিক স্বভাৱৰ সহভাগী হ’ব পাৰে।
কিয়নো আমি ঈশ্বৰৰ কাৰিকৰী; যি সৎ কাম ঈশ্বৰে আমাৰ কাৰণে আগেয়ে প্রস্তুত কৰিলে, সেই পথত চলিবলৈ আৰু সৎ কাম কৰিবলৈ ঈশ্বৰে আমাক খ্রীষ্ট যীচুত সৃষ্টি কৰিলে।
কিয়নো মাংস অনুসাৰে জীয়াই থকা সকলে মাংসিক বিষয় ভাবে; কিন্তু আত্মা অনুসাৰে জীয়াই থকা সকলে আত্মিক বিষয় ভাবে।কাৰণ মাংসৰ ভাব হ’ল মৃত্যু; কিন্তু আত্মাৰ ভাব হৈছে জীৱন আৰু শান্তি,
মই তোমাৰ বাক্য তেওঁলোকক দিলোঁ; কিন্তু জগতে তেওঁলোকক ঘৃণা কৰে, কাৰণ তেওঁলোক জগতৰ নহয়; মই যেনেকৈ জগতৰ নহওঁ৷তেওঁলোকক এই জগতৰ পৰা নিবলৈ মই তোমাক প্ৰার্থনা নকৰোঁ, কিন্তু তুমি তেওঁলোকক চয়তানৰ পৰা ৰক্ষা কৰা।তেওঁলোক জগতৰ নহয়, মই যেনেকৈ জগতৰ নহওঁ।
সকলো অধ্যৱসায়ৰ দ্বাৰাই তোমাৰ হৃদয়ক অধিক যত্নেৰে ৰক্ষা কৰা, কিয়নো তাৰ পৰাই জীৱন উৎপন্ন হয়।
মাউৰা আৰু বিধৱা সকলক তেওঁলোকৰ ক্লেশৰ কালত চাবলৈ যোৱা আৰু সংসাৰৰ পৰা নিজকে নিষ্কলঙ্কৰূপে ৰাখা, এয়েই পিতৃ ঈশ্বৰৰ আগত শুদ্ধ আৰু নিৰ্মল ধৰ্ম-কৰ্ম।
এতেকে প্ৰভুত বন্দীয়াৰ যি মই; মই আপোনালোকক এই মিনতি কৰোঁ যে, ঈশ্বৰে যি আমন্ত্রণেৰে আপোনালোকক আমন্ত্রিত কৰিলে; সেই আমন্ত্ৰণৰ যোগ্য আচৰণ কৰি জীৱন-যাপন কৰক।যি জন নামিছিল, তেওঁ সেই একেই ব্যক্তি; যি জনে সকলো পূর্ণ কৰিবৰ কাৰণে আকাশতকৈ বহুত ওপৰলৈ উঠিল।সেই খ্ৰীষ্টই লোক সকলক এইৰূপে বৰ দান দিলে; কিছুমানক পাঁচনি, কিছুমানক ভাৱবাদী, কিছুমানক শুভবার্তা প্ৰচাৰক, কিছুমানক পালক আৰু শিক্ষক হবলৈ ক্ষমতা দিলে।ঈশ্বৰৰ পবিত্ৰ লোক সকলক প্রস্তুত কৰিবৰ বাবে পৰিচর্যাৰ কার্য কৰিবলৈ আৰু খ্ৰীষ্টৰ শৰীৰ বৃদ্ধি কৰিবলৈ তেওঁ এই সকলো বৰ দান দিলে।যেতিয়ালৈকে আমি সকলোৱে ঈশ্বৰৰ পুত্ৰ বিষয়ক বিশ্বাসৰ আৰু জ্ঞানৰ ঐক্যতাত এক নহও আৰু সম্পূর্ণ সিদ্ধতা অর্থাৎ খ্ৰীষ্টৰ নিচিনাকৈ সম্পূর্ণ সিদ্ধ নহওঁ, তেতিয়ালৈকে আমি কার্য কৰি বৃদ্ধি পাই থাকিম।তেতিয়া পুণৰ আমি শিশুৰ নিচিনা হৈ নাথাকো। ভ্রান্তিজনক প্রৱঞ্চনাৰ ধূর্ততাত মানুহৰ ছলনাৰ দ্বাৰা ভুল শিক্ষা পাই বতাহত ঢলং-পলং হৈ ইফালে সিফালে নিয়া নহওঁ।কিন্তু প্ৰেমৰ সৈতে সত্য কথা কম আৰু সকলোভাৱে যি খ্ৰীষ্ট মূৰ স্বৰূপ, তেওঁৰ উদ্দেশ্যে সকলো বিষয়ত আমি বৃদ্ধি পাম।মানুহৰ শৰীৰৰ অঙ্গবোৰ যেনেদৰে একেলগে যুক্ত হৈ থাকে আৰু সেইবোৰে কৰণীয় কার্য সাধন কৰি গোটেই শৰীৰৰ বৃদ্ধি কৰে, সেইদৰে খ্ৰীষ্টৰ পৰা উৎপন্ন হোৱা সকলো বিশ্বাসী, খ্ৰীষ্টৰ শৰীৰত সংযুক্ত আৰু সংলগ্ন হৈ পৰস্পৰৰ সৈতে প্ৰেমত একত্ৰিত হৈ বৃদ্ধি সাধন কৰে। কিয়নো শৰীৰৰ অঙ্গ-প্রত্যঙ্গ পৰস্পৰৰ ওপৰত নির্ভৰশীল।এতেকে প্ৰভু যীচুৰ হৈ মই দৃঢ়ভাৱে কওঁ যে, বিশ্বাস নকৰা অনা-ইহুদী লোক সকলৰ দৰে আপোনালোকে জীৱন-যাপন নকৰিব। কিয়নো তেওঁলোকৰ মনৰ চিন্তা অসাৰ।কিয়নো ভাল-বেয়া বিষয়ত তেওঁলোকৰ হৃদয় অন্ধকাৰময় আছিল। তেওঁলোকে হৃদয়েৰে কঠিনতাৰ কাৰণে তেওঁৰ বার্তা শুনিবলৈ নিবিচাৰে আৰু সেই বাবেই যীচুৱে আমাক দিয়া অনন্ত জীৱনৰ পৰা তেওঁলোক বঞ্চিত হৈ থাকে।তেওঁলোকৰ বিবেক অসাৰ হৈছে; তেওঁলোক সকলো প্রকাৰৰ লোভত পৰি অশুচি কর্মবোৰত লিপ্ত হৈ কামনাৰ হাতত নিজক শোধাই দিছে।আপোনালোকে সকলো সময়তে অতি নম্ৰভাৱে, মৃদুতাৰে আৰু সহিষ্ণুতাৰে প্ৰেমত থাকি পৰস্পৰক গ্ৰহণ কৰক।
এতেকে পিতৃৰ মহিমাৰ যোগে যেনেকৈ খ্ৰীষ্টক মৃত সকলৰ মাজৰ পৰা তোলা হ’ল, তেনেকৈ আমিও যেন নতুনতাত জীৱন-যাপন কৰোঁ, এই কাৰণে বাপ্তিস্মৰ যোগেদি আমি তেওঁৰ সৈতে মৃত্যুৰ উদ্দেশ্যে মৈদামত থোৱা হ’লোঁ।
তোমাৰ অলপ বয়সক হেয়জ্ঞান কৰিবলৈ কাকো নিদিবা; কিন্তু তুমি বাক্যত, আচাৰ-ব্যৱহাৰত, প্ৰেমত, বিশ্বাসত আৰু শুদ্ধতাত, বিশ্বাস কৰা লোক সকলৰ আৰ্হি হোৱা।
ইয়াৰ পৰিৱৰ্তে খ্ৰীষ্টক প্ৰভু হিচাপে আপোনালোকৰ হৃদয়ত পবিত্ৰ ৰূপে মানিব; যি কোনোৱে আপোনালোকৰ অন্তৰত থকা আশাৰ বিষয়ে বিচাৰ লয়, তেওঁক আপোনালোকে নিজৰ পক্ষে উত্তৰ দিবলৈ সষ্টম থাকিব, কিন্তু নম্ৰতা আৰু সন্মানেৰে সৈতে এইবোৰ কৰিব৷যি সকলে খ্ৰীষ্টত থাকি কৰা আপোনালোকৰ সদাচৰণৰ নিন্দা কৰে, আপোনালোক যি বিষয়ত নিন্দিত হয়, সেই বিষয়ত তেওঁলোক যেন লাজত পৰিব, এই কাৰণে আপোনালোকে উত্তম বিবেক ৰাখিব।
কিয়নো ঈশ্বৰৰ ইচ্ছা এই যে, আপোনালোক যেন পবিত্ৰ হয় অর্থাৎ সকলো ধৰণৰ ব্যভিচাৰৰ পৰা যেন দূৰৈত থাকে।আপোনালোক প্রত্যেকে নিজৰ নিজৰ ভার্যাৰ লগত কেনেদৰে পবিত্রতাৰে আৰু সন্মানজনক ভাৱে সহবাস কৰিব লাগে, সেই বিষয়ে জানে।
যুবকে কেনেকৈ নিজৰ পথ শুদ্ধভাৱে ৰাখিব পাৰে? তোমাৰ বাক্য অনুসাৰে সাৱধানেৰে চলাৰ দ্বাৰাই পাৰে।
সেয়েহে সকলোৱে প্ৰেমত আৰু সৎকৰ্মত উদগণি দিবলৈ পৰস্পৰে গভীৰ ভাবে চিন্তা কৰি চাওঁ আহক;কোনো কোনো জনৰ দস্তুৰ মতে আমি গোট হৈ সমৱেত হোৱাৰ অভ্যাস ত্যাগ নকৰোঁ আহক; কিয়নো দিন যিমান ওচৰ হৈ আহিছে, সিমানে অধিককৈ পৰস্পৰে পৰস্পৰক উদগাওহক।
এতেকে, হে ভাই সকল, ঈশ্বৰৰ সকলো দয়াৰ দ্বাৰাই মই আপোনালোকক এই মিনতি কৰোঁ যে, আপোনালোকে নিজ নিজ শৰীৰক ঈশ্বৰৰ গ্ৰহণীয়, জীৱিত, আৰু পবিত্ৰ বলি স্বৰূপে উৎসৰ্গ কৰক; এয়েই আপোনালোকৰ যুক্তিসঙ্গত আৰাধনা।
কিন্তু তুমি যৌৱন কালৰ অভিলাষৰ পৰা পলোৱা আৰু ধাৰ্মিকতা, বিশ্বাস, প্ৰেম, শান্তি আৰু নিৰ্মল মনেৰে প্ৰভুলৈ প্ৰার্থনা কৰা লোক সকলৰ সৈতে এক হৈ সেইবোৰক অনুসৰণ কৰা৷
হে প্ৰিয় সন্তানসকল, অাপোনালোক হ’ল ঈশ্বৰৰ আৰু অাপোনালোকে সেই আত্মা বোৰৰ ওপৰত জয় কৰিলে; কিয়নো জগতত থকা জনতকৈ আপোনালোকত থকা জন মহান।
যি যি প্ৰলোভন মানুহবোৰৰ মাজলৈ আহে, সেইবোৰৰ বাহিৰে আন পৰীক্ষা আপোনালোকলৈ ঘটা নাই; কিন্তু ঈশ্বৰ বিশ্বাসী; তেওঁ আপোনালোকলৈ শক্তিৰ অতিৰিক্ত পৰীক্ষা ঘটিবলৈ নিদিব; কিন্তু আপোনালোকে যেন সহিব পাৰিব, তাৰ কাৰণে পৰীক্ষাৰ সৈতে সাৰিবলৈ তেওঁ উপায়ো কৰি দিব।
ঈশ্বৰে নিজৰ প্ৰতাপৰ ধন অনুসাৰে এনে শক্তি আপোনালোকক দান কৰক যাতে, তেওঁৰ আত্মাৰ দ্বাৰাই আপোনালোকৰ আন্তৰিক পুৰুষ শক্তিশালী হয়।বিশ্বাসৰ দ্বাৰাই আপোনালোকৰ হৃদয়বোৰত খ্ৰীষ্ট নিবাস কৰক, যাতে আপোনালোক তেওঁৰ প্রেমৰ ভিত্তিমূলত শিপা ধৰি সুদৃঢ় হয়।
তুমি সমস্ত মনেৰে সৈতে যিহোৱাক বিশ্বাস কৰা; আৰু তোমাৰ নিজৰ বিবেচনাত তুমি নিৰ্ভৰ নকৰিবা।তোমাৰ সকলো পথত তেওঁক স্বীকাৰ কৰিবা, আৰু তেওঁ তোমাৰ পথবোৰ পোন কৰিব।
খ্ৰীষ্টৰ বাক্যৰ জ্ঞান আপোনালোকৰ সৈতে বাহুল্যৰূপে বাস কৰক। ধৰ্মগীত, স্তুতি-গীত আৰু আত্মিক গানেৰে পৰস্পৰে শিক্ষা আৰু চেতনা দি, অনুগ্ৰহৰ কথাত কৃতজ্ঞতাৰে নিজ নিজ হৃদয়ত ঈশ্বৰৰ উদ্দেশ্যে গান কৰক।আৰু আপোনালোকে যি কৰিব পাৰে, সেইবোৰ বাক্যতে হওক বা কাৰ্যতে হওক, সকলোকে প্ৰভু যীচুৰ নামত কৰক; আৰু তেওঁৰ দ্বাৰাই পিতৃ ঈশ্বৰৰ ধন্যবাদ কৰক।
আমি জানোঁ যে, ঈশ্বৰৰ পৰা জন্ম পোৱা জনে পাপ নকৰে; কিন্তু যিজনে ঈশ্ৱৰৰ পৰা জন্ম পালে, ঈশ্ৱৰে তেওঁক চয়তানৰ পৰা ধৰি ৰাখে; আৰু চয়তানে তেওঁক স্পৰ্শ কৰিব নোৱাৰে।
কিন্তু তোমালোকে প্ৰথমে ঈশ্বৰৰ ৰাজ্য আৰু ধাৰ্মিকতা বিচাৰা; তাতে এই সকলোবোৰ তোমালোকক দিয়া হ’ব।
কিয়নো যদি আমি জীয়াই থাকো, তেনেহলে প্ৰভুৰ উদ্দেশ্যে জীওঁ; আৰু যদি মৰোঁ, তেনেহলে প্ৰভুৰ উদ্দেশ্যেই মৰোঁ; এই কাৰণে যদিও জীওঁ বা মৰোঁ, আমি প্ৰভুৰেই হৈ আছোঁ।
যিজন ঈশ্বৰে আপোনালোকক তেওঁৰ ৰাজ্য আৰু মহিমালৈ আমন্ত্ৰণ কৰিলে, সেই জন ঈশ্বৰৰ দৃষ্টিত আপোনালোকে যেন যোগ্য জীৱন-যাপন কৰে।
কিন্তু আত্মাৰ ফল হ’ল, প্ৰেম, আনন্দ, শান্তি, চিৰসহিষ্ণুতা, দয়া, মঙ্গলভাৱ, বিশ্বাস,মৃদুভাব, ইন্দ্ৰিয়-দমন৷ এইবোৰৰ বিৰুদ্ধে কোনো বিধান নাই।
আপোনালোকৰ মুখৰ পৰা কোনো বেয়া কথা নোলাওক, কিন্তু শুনা সকলক অনুগ্ৰহ দান কৰিবলৈ ভাল কথা কওক।
তেতিয়াহলে এইবোৰ কথাত আমি কি ক’ম? যদি ঈশ্বৰ আমাৰ সপক্ষ হয়, তেনেহলে আমাৰ বিপক্ষ কোন হ’ব পাৰে?
কিন্তু যি সকলৰ ভিতৰত ঈশ্বৰৰ আত্মা নাই, তেওঁলোকে ঈশ্বৰৰ আত্মাৰ কথা গ্ৰাহ্য নকৰে; কিয়নো তেওঁৰ মানত সেইবোৰ মূৰ্খতা। তেওঁ সেই কথাৰ তত্বও পাব নোৱাৰে। কিয়নো সেই বিষয়বোৰ মাত্র আত্মিকৰূপেহে বিচাৰ কৰা হয়।কিন্তু আত্মিক ব্যক্তি জনে সকলো বিষয়কে বিচাৰ কৰে; তেওঁ আন কাৰো বিচাৰৰ অধীন নহয়।“কিয়নো, প্রভুৰ মন কোনে বুজি পাব পাৰে যে তেওঁ প্ৰভুক নির্দেশ দিব পাৰে?” কিন্তু খ্ৰীষ্টৰ মন আমাৰ অন্তৰত আছে।
তুমিয়েই মোৰ অন্তর্ভাগ সৃষ্টি কৰিলা, তুমি মোক মাতৃৰ গৰ্ভতে গঠন কৰিলা।মই তোমাৰ প্ৰশংসা কৰোঁ; কিয়নো মই অতি বিস্ময় আৰু আশ্চর্যজনক ভাৱে নিৰ্ম্মিত হলোঁ; তোমাৰ কাৰ্যবোৰ আচৰিত, তাক মই ভালদৰেই জানো।
সকলো সময়তে আনন্দত থাকক।নিৰন্তৰে প্ৰাৰ্থনাকৰি থাকক।সকলো বিষয়তে ঈশ্বৰক ধন্যবাদ দিয়ক; কিয়নো আপোনালোকৰ প্ৰতি খ্ৰীষ্ট যীচুত ঈশ্বৰৰ এই ইচ্ছা।
আপোনালোকৰ আচাৰ-ব্যৱহাৰ নিৰ্ল্লোভী হওক, অৰ্থাৎ ধন সম্পত্তিক প্ৰেম কৰা নহওক; আপোনালোকৰ যি আছে, তাতে আপোনালোক সন্তুষ্ট হৈ থাকক; কিয়নো তেৱেঁ কৈছে, মই তোমাক কেতিয়াও নেৰিম, কেতিয়াও ত্যাগ নকৰিম।এতেকে আমি সাহসেৰে ক’ব পাৰোঁ যে, প্ৰভু মোৰ সহায়কৰ্তা; মই ভয় নকৰিম; মানুহে মোক কি কৰিব?
কিন্তু ওপৰৰ পৰা অহা যি জ্ঞান, সেয়ে প্ৰথমে শুদ্ধ, পাছত শান্তিযুক্ত, ক্ষান্ত স্বভাৱী, কোমল-স্বভাৱী, দয়া আদি উত্তম ফলেৰে পৰিপূৰ্ণ, নিঃসংশয় আৰু নিৰ্মল।যি সকল লোক মিলনকাৰী, তেওঁলোকৰ দ্বাৰাই ৰোপন কৰা শান্তিত ধাৰ্মিকতাৰ ফল পোৱা যায়।
এতেকে আপোনালোকে যেন পবিত্ৰ আত্মাৰ শক্তিৰে আশাত উপচি পৰিব পাৰে, তাৰ বাবে আশাৰ আকৰ ঈশ্বৰে আপোনালোকক আৰু বিশ্বাস কৰাৰ সকলোকে আনন্দ আৰু শান্তিৰে পৰিপূৰ্ণ কৰক।
যিহোৱাত আনন্দ কৰা; তাতে তেওঁ তোমাৰ মনৰ বাঞ্ছা পূর্ণ কৰিব।যিহোৱাই তেওঁলোকক সহায় আৰু ৰক্ষা কৰে; দুষ্ট লোকসকলৰ হাতৰ পৰা তেৱেঁই তেওঁলোকক উদ্ধাৰ কৰি পৰিত্রাণ দিয়ে, কিয়নো তেওঁলোকে তেওঁতে আশ্ৰয় লৈছে।তোমাৰ পথ যিহোৱাত সমৰ্পণ কৰা; তেওঁত ভাৰসা ৰাখা; তাতে তেৱেঁই সকলো কৰিব।
ভয় নকৰিবা, কাৰণ মই তোমাৰ লগত আছোঁ; ব্যাকুল নহ’বা, কাৰণ মই তোমাৰ ঈশ্বৰ; মই তোমাক শক্তি দিম, মই তোমাক সহায় কৰিম, আৰু মোৰ বিজয় যুক্ত সোঁ হাতেৰে তোমাক ধৰি ৰাখিম।
যিহোৱা মোৰ ৰক্ষক, মোৰ অভাৱ নহব।তেওঁ মোক কুমলীয়া ঘাঁহনি পথাৰত শুৱায়; আৰু য’ত শান্তি আছে, এনে পানীৰ কাষে কাষে মোক চলায়।তেওঁ মোৰ প্ৰাণ পুনৰায় সুস্থ কৰে; নিজ নামৰ নিমিত্তে তেওঁ মোক ধৰ্মপথত চলায়।
কিন্তু ঈশ্বৰে আমাৰ বাবে তেওঁৰ প্ৰেমৰ প্ৰমাণ দিছে, কাৰণ ইতিপূৰ্বে যেতিয়া আমি পাপী আছিলোঁ, তেতিয়া খ্ৰীষ্টে আমাৰ বাবে আপোন প্ৰাণ দিলে।
আপোনালোকে একোলৈ চিন্তা নকৰিব, কিন্তু সকলো বিষয়তে আপোনালোকৰ যাচনা, ধন্যবাদযুক্ত প্ৰাৰ্থনা আৰু নিবেদনেৰে সৈতে ঈশ্বৰৰ আগত জনোৱা হওক।তাতে সকলো বুদ্ধিতকৈ উত্তম, যি ঈশ্বৰৰ শান্তি, সেয়ে খ্ৰীষ্ট যীচুত আপোনালোকৰ হৃদয় আৰু ভাবনাক পহৰা দিব।
খোজা, তেতিয়াহে তোমালোকক দিয়া হ’ব; বিচাৰা, তেতিয়াহে পাবা; টুকুৰিওৱা, তেতিয়াহে তোমালোকলৈ দুৱাৰ মুকলি কৰা হ’ব।কিয়নো যি জনে খোজে, সেই জনে পায়; যি জনে বিচাৰে, সেই জনে দেখা পায় আৰু যি জনে টুকুৰিয়ায়, সেই জনলৈকে দুৱাৰ মুকলি কৰা হয়।
ধাৰ্মিক লোকে সহায়ৰ কাৰণে কাতৰোক্তি কৰিলে যিহোৱাই শুনে; যিহোৱাই সকলো সঙ্কটৰ পৰা তেওঁলোকক ৰক্ষা কৰে।যিহোৱা ভগ্নচিত্তীয়াসকলৰ ওচৰ; খেদিত মন হোৱাসকলক তেওঁ পৰিত্ৰাণ কৰে।
প্ৰেম সহনশীল আৰু স্নহশীল; প্ৰেমে হিংসা নকৰে বা গৰ্ব নকৰে; ই অহংকাৰী বা অশিষ্টাচাৰী নহয়,ই নিজৰ লাভ নিবিচাৰে, সহজে কুপিত নহয় আৰু ই অন্যায় আচৰণ নকৰে৷ই অধাৰ্মিকতাত আনন্দ নকৰে, কিন্তু সত্যতাত আনন্দ কৰে,প্ৰেমে সকলোকে আকোৱালি লয়, সকলোকে বিশ্বাস কৰে, সকলোকে আশা কৰে আৰু সকলোকে সহ্য কৰে।
যিহোৱাই কৈছে, “তোমালোক ক্ষান্ত হোৱা, মই যে ঈশ্বৰ, ইয়াকে জানা! সকলো জাতিয়ে মোকেই গৌৰৱান্বিত কৰিব, পৃথিৱীয়ে মোকেই গৌৰৱান্বিত কৰিব।”
এই কাৰণে মই তোমালোকক এইবোৰ কথা ক’লোঁ, যাতে তোমালোকে মোৰ শান্তি পোৱা৷ জগতত তোমালোকে কষ্ট পাবা; কিন্তু নিৰ্ভয় হোৱা; মই জগতৰ ওপৰত জয় কৰিলোঁ।”
তাতে তেওঁ মোক ক’লে, ‘মোৰ যি অনুগ্ৰহ, সেয়ে তোমাৰ বাবে জুৰিব; কিয়নো দূৰ্ব্বলতাত মোৰ শক্তি সিদ্ধ হয়’; সেই বাবে মই মহা-আনন্দেৰে মোৰ নানা দূৰ্ব্বলতাত গৌৰৱহে কৰিম, কিয়নো তাতে খ্ৰীষ্টৰ শক্তি মোৰ ওপৰত বাস কৰে৷
এই হেতুকে আহক, সুযোগ পালে সকলোৰে বাবে, বিশেষকৈ পৰিয়াল স্বৰূপ বিশ্বাস কৰা লোক সকলৰ বাবে উত্তম কৰ্ম কৰোঁ আহক।
পৰস্পৰৰ প্ৰতি স্নেহশীল হওক আৰু কোমল চিত্তৰ লোক হওক; ঈশ্বৰে আপোনালোকক যেনেকৈ খ্ৰীষ্টত ক্ষমা কৰিলে, তেনেকৈ আপোনালোকেও পৰস্পৰে ক্ষমা কৰক।
যীচুৱে তেওঁক ক’লে, “‘তুমি সকলো হৃদয়, সকলো প্ৰাণ, আৰু সকলো চিত্তেৰে তোমাৰ প্ৰভু পৰমেশ্বৰক প্ৰেম কৰা৷’এইটোৱেই প্ৰধান আৰু প্ৰথম আজ্ঞা।এইদৰে দ্বিতীয়টো আজ্ঞা হ’ল- ‘তোমাৰ চুবুৰীয়াক তোমাৰ নিচিনাকৈ প্ৰেম কৰা’।
সেই কাৰণে ঈশ্ৱৰৰ পৰাক্ৰমী হাতৰ অধীনত নিজকে নম্ৰ কৰক, তাতে উপযুক্ত সময়ত ঈশ্ৱৰে আপোনালোকক উন্নত কৰিব৷আপোনালোকৰ সকলো চিন্তাৰ ভাৰ তেওঁৰ ওপৰত পেলাই দিয়ক; কিয়নো আপোনালোকৰ কাৰণে তেওঁ চিন্তা কৰে।
যীচুৱে তেওঁক ক’লে, “ময়েই বাট, সত্য আৰু জীৱন; মোৰ যোগেদি নগ’লে, পিতৃৰ ওচৰলৈ কোনো নাযাব নোৱাৰে।
তেওঁৰ বাহিৰে আন কতো পৰিত্রাণ নাই, কিয়নো স্বৰ্গৰ তলত আৰু মানুহৰ মাজত যাৰ দ্বাৰা আমি উদ্ধাৰ পাম, এনে আন কোনো নাম নাই।”
কিন্তু তেওঁ যেনেকৈ পোহৰত আছে, তেনেকৈ আমিও যদি পোহৰত চলোঁ, তেনেহলে পৰস্পৰ মাজত আমাৰ সহভাগিতা আছে আৰু তেওঁৰ পুত্ৰ, যীচুৰ তেজে সকলো পাপৰ পৰা আমাক শুচি কৰে।
কিয়নো পাপৰ বেচ মৃত্যু; কিন্তু আমাৰ প্ৰভু খ্ৰীষ্ট যীচুৰ দ্বাৰাই ঈশ্বৰে দিয়া বিনামূলীয়া দান অনন্ত জীৱন।
কিয়নো অনুগ্ৰহৰ যোগেদি বিশ্বাসৰ দ্বাৰাই আপোনালোকে পৰিত্ৰাণ পালে; আৰু সেয়ে আমাৰ পৰা নহয়; কিন্তু সেয়া ঈশ্বৰৰহে এক দান।কোনেও যেন গর্ব কৰিব নোৱাৰে, সেয়ে কর্মৰ পৰাও নহয়।
ইয়াৰ পাছত যীচুৱে আকৌ লোক সকলৰ লগত কথা কবলৈ ধৰিলে, “মই জগতৰ পোহৰ; যি জন মোৰ পাছে পাছে আহে, তেওঁ আন্ধাৰত নুফুৰি, জীৱনৰ পোহৰ পাব।”
কিয়নো শুভবাৰ্তাত মই লাজ নাপাও; কাৰণ প্ৰথমে ইহুদী, পাছত গ্ৰীক লোকলৈ আৰু বিশ্বাস কৰা প্ৰত্যেক জনলৈ, এয়া পৰিত্রাণৰ অৰ্থে ঈশ্বৰৰ শক্তি।
যি জনে আপোনালোকত সৎকৰ্ম আৰম্ভ কৰিলে, সেই জনে যীচু খ্ৰীষ্টৰ আগমণৰ দিনলৈকে সিদ্ধ কৰি থাকিব বুলি দৃঢ় প্ৰত্যয় কৰিলোঁ৷
কাৰণ তাৰ বাবেই তোমালোক আমন্ত্ৰিত হ’লা; কিয়নো তোমালোক যেন খ্ৰীষ্টৰ খোজৰ অনুগামী হোৱা, এই কাৰণে তেওঁ তোমালোকৰ অৰ্থে দুখভোগ কৰি, তোমালোকৰ কাৰণে এটি আৰ্হি থৈ গ’ল।