Biblia Todo Logo
পৰস্পৰ সংযোগসমূহ
- বিজ্ঞাপন -



যিৰি 34:5

ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

তুমি শান্তিৰে মৰিবা। তোমাৰ আগেয়ে হোৱা তোমাৰ পূৰ্বপুৰুষ ৰজাসকলৰ কাৰণে লোকসকলে যেনেকৈ সুগন্ধি দ্ৰব্য জ্বলাইছিল, তেনেকৈ তোমাৰ বাবেও জ্বলাব, আৰু তেওঁলোকে “হায় প্ৰভু” এই বুলি কৈ তোমাৰ কাৰণে বিলাপ কৰিব; কিয়নো এতিয়া মই এই কথা কলোঁ। এয়ে যিহোৱাৰ ঘোষণা’।”

অধ্যায়টো চাওক কপি কৰক

10 পৰস্পৰ সংযোগসমূহ  

‘এই কাৰণতে শুনা, মই তোমাক তোমাৰ পূর্বপুৰুষসকলৰ ওচৰলৈ লৈ যাম; তোমাক শান্তিৰে মৈদাম দিয়া হ’ব। এই ঠাই আৰু ইয়াৰ লোকসকলৰ ওপৰত মই যি অমঙ্গল আনিম, তোমাৰ‍ চকুৱে তাক নেদেখিব’।” তেতিয়া লোককেইজনে হুল্দাৰ এই বার্তা লৈ ৰজাৰ ওচৰলৈ উলটি গ’ল।

পাছত তেওঁ দায়ূদৰ নগৰত নিজৰ বাবে যি মৈদাম খান্দিছিল, তাৰ ভিতৰত লোকসকলে তেওঁক মৈদাম দিলে৷ গন্ধ-বণিকসকলৰ কাৰ্যেৰে যুগুত কৰা নানাবিধৰ সুগন্ধি দ্ৰব্যৰে পৰিপূৰ্ণ শয্যাত তেওঁক শুৱাই থৈছিল৷ আৰু তেওঁৰ সন্মানৰ অৰ্থে এক বৃহৎ সুগন্ধি দ্ৰব্যৰ জুই জ্বলাইছিল।

‘চোৱা, মই তোমাৰ ওপৰ-পিতৃসকলৰ লগত তোমাক নিম আৰু তোমাক শান্তিৰে তোমাক মৈদামলৈ নিয়া হ’ব; আৰু মই এই ঠাই আৰু ইয়াৰ নিবাসীসকলৰ ওপৰত যিবোৰ অমঙ্গল ঘটাম, সেইবোৰৰ একোকে তোমাৰ চকুৱে নেদেখিব’।” পাছত তেওঁলোকে উলটি আহি ৰজাক এই বাতৰি দিলে।

এই হেতুকে যোচিয়াৰ পুত্ৰ যিহূদাৰ ৰজা যিহোয়াকীমৰ বিষয়ে যিহোৱাই এইদৰে কৈছে: “হায় হায় মোৰ ভাই! বা হায় হায় মোৰ ভগ্নী!” এই বুলি লোকে তেওঁৰ বিষয়ে বিলাপ নকৰিব; আৰু হায় হায় মোৰ প্ৰভু, বা “হায় হায় তেওঁৰ গৌৰৱ, এনে বুলি বিলাপ নকৰিব!”

হে যিহূদাৰ ৰজা চিদিকিয়া, তুমি যিহোৱাৰ বাক্য শুনা! যিহোৱাই তোমাৰ বিষয়ে এইদৰে কৈছে: ‘তুমি তৰোৱালৰ দ্বাৰাই নমৰিবা;

আমাৰ নাকৰ নিশ্বাসস্বৰূপ যিহোৱাৰ সেই অভিষিক্ত জনক সিহঁতৰ গাতত ধৰা হ’ল, যি জনৰ বিষয়ে আমি কৈছিলোঁ, “জাতি সমূহৰ মাজত আমি তেওঁৰ ছাঁত জীয়াই থাকিম।”

‘মোৰ জীৱনৰ শপত, প্ৰভু যিহোৱাই কৈছে - যি ৰজাই তেওঁ নিজ থকা ঠাইত তেওঁক ৰজা পাতিলে, যাৰ শপত তেওঁ তুচ্ছ কৰিলে আৰু যাৰ নিয়মটি তেওঁ ভাঙিলে, বাবিলৰ মাজত তেওঁৰ তাতেই মৃত্যু হ’ব।

তেতিয়া ৰজা নবূখদনেচৰে দানিয়েলৰ আগত উবুৰি হৈ পৰিল, আৰু সন্মান জনালে; আৰু তেওঁৰ উদ্দেশ্যে নৈবেদ্য যুগুত কৰি ধূপ উৎসৰ্গ কৰিবলৈ আজ্ঞা দিলে।

তেতিয়া তেওঁলোকৰ যুজাৰু লোকসকল উঠি আহিল আৰু গোটেই ৰাতি গৈ চৌল আৰু তেওঁৰ পুত্ৰসকলৰ শৱবোৰ বৈৎচানৰ গড়ৰ পৰা নমাই যাবেচলৈ লৈ গ’ল। পাছত তেওঁলোকে তাতে সেইবোৰ পুৰিলে।




আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন