Biblia Todo Logo
পৰস্পৰ সংযোগসমূহ
- বিজ্ঞাপন -



যিৰি 34:4

ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

হে যিহূদাৰ ৰজা চিদিকিয়া, তুমি যিহোৱাৰ বাক্য শুনা! যিহোৱাই তোমাৰ বিষয়ে এইদৰে কৈছে: ‘তুমি তৰোৱালৰ দ্বাৰাই নমৰিবা;

অধ্যায়টো চাওক কপি কৰক

7 পৰস্পৰ সংযোগসমূহ  

তাতে মীখায়াই ক’লে, “বাৰু, তোমালোক সকলোৱে যিহোৱাৰ বাক্য শুনা: মই যিহোৱাক নিজ সিংহাসনত বহি থকা দেখিলোঁ আৰু তেওঁৰ সোঁফালে আৰু বাওঁফালে স্বৰ্গৰ সকলো বাহিনী থিয় হৈ আছিল।

হে যাকোবৰ বংশ, হে ইস্রায়েলৰ আটাই লোকসকল,

কিয়নো চিদিকিয়া বাবিললৈ যাব, আৰু মই তেওঁৰ বিচাৰ নকৰালৈকে তাতেই তেওঁ থকিব” - এয়ে যিহোৱাৰ ঘোষণা। তোমালোকে যদিও কলদীয়াসকলৰ সৈতে ৰণ কৰিছা, তথাপি কৃতকাৰ্য্য নহ’বা,”

আৰু তুমি তেওঁৰ হাতৰ পৰা ৰক্ষা নাপাবা, কিন্তু নিশ্চয়ে ধৰা পৰি তেওঁৰ হাতত সমৰ্পিত হ’বা; তুমি যেতিয়া বাবিললৈ যাবা তেতিয়া তোমাৰ চকুৱে বাবিলৰ ৰজাৰ চকুৱে চকুৱে দেখিব, আৰু তেওঁ সম্মুখা-সম্মুখী হৈ তোমাৰ লগত কথা হ’ব।’

তুমি শান্তিৰে মৰিবা। তোমাৰ আগেয়ে হোৱা তোমাৰ পূৰ্বপুৰুষ ৰজাসকলৰ কাৰণে লোকসকলে যেনেকৈ সুগন্ধি দ্ৰব্য জ্বলাইছিল, তেনেকৈ তোমাৰ বাবেও জ্বলাব, আৰু তেওঁলোকে “হায় প্ৰভু” এই বুলি কৈ তোমাৰ কাৰণে বিলাপ কৰিব; কিয়নো এতিয়া মই এই কথা কলোঁ। এয়ে যিহোৱাৰ ঘোষণা’।”

বোলে, তুমি যিহোৱাৰ গৃহৰ বাহিৰৰ দুৱাৰ মুখত থিয় হৈ, তাত এই বাক্য প্ৰচাৰ কৰা আৰু কোৱা, ‘যিহোৱাক প্ৰণিপাত কৰিবলৈ এই দুৱাৰবোৰত সোমোৱা হে যিহূদাৰ লোকসকল, যিহোৱাৰ বাক্য শুনা।

হে ইস্ৰায়েলীয়াসকল, তোমালোকে যিহোৱাৰ বাক্য শুনা; কিয়নো দেশৰ বাসিন্দাসকলৰ বিৰুদ্ধে যিহোৱাৰ এক অভিযোগ আছে। সেয়া হৈছে, দেশখনত বিশ্বস্ততা বা সত্যবাদিতা নাই আৰু ঈশ্বৰ সম্বন্ধে কোনো জ্ঞান নাই।




আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন