Biblia Todo Logo
পৰস্পৰ সংযোগসমূহ
- বিজ্ঞাপন -



যিহো 5:7

ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

পাছত তেওঁলোকৰ সলনি তেওঁলোকে পোৱা সন্তান সকলেহে দেখিবলৈ পালে; যিহোচূৱাই তেওঁলোকৰেই চুন্নৎ কৰোৱালে; কিয়নো তেওঁলোক অচুন্নৎ আছিল। আহি থাকোতে বাটত তেওঁলোকৰ চুন্নৎ কৰা হোৱা নাছিল।

অধ্যায়টো চাওক কপি কৰক

5 পৰস্পৰ সংযোগসমূহ  

তেওঁলোকে ক’লে, “আমি এনে কাম কৰিব নোৱাৰোঁ; যাৰ চুন্নৎ কৰা হোৱা নাই, এনে কাৰো লগত আমাৰ ভনীক বিয়া দিয়াটো আমাৰ বাবে অসন্মানৰ বিষয়।

কিন্তু তোমালোকে নিজৰ যি ল’ৰা-ছোৱালীবোৰৰ বিষয়ে লুটদ্ৰব্য হ’ব বুলি কৈছিলা, মই তেওঁলোকক তাত সোমোৱাম; আৰু তোমালোকে যি দেশ অগ্ৰাহ্য কৰিলা, তেওঁলোকে তাৰ পৰিচয় পাব।

তাৰোপৰি তোমালোকে কৈছিলা, তোমালোকৰ সৰু সৰু ল’ৰা–ছোৱালীবোৰ ক্ষতিগ্রস্ত হ’ব; কিন্তু শিশুবোৰে সেই দেশত প্রৱেশ কৰিব। কাৰণ, সিহঁতৰ ভাল বা বেয়া বুজাৰ জ্ঞান বর্তমানো হোৱা নাই। সিহঁতকেই মই এই দেশ দিম আৰু সিহঁতেইহে তাক অধিকাৰ কৰিব।

কাৰণ মিচৰৰ পৰা ওলাই অাহোতে ইস্ৰায়েলৰ সন্তান সকলে চল্লিশ বছৰ মৰুভূমিত ভ্ৰমণ কৰি আছিল; তাতে যিহোৱাৰ গোটেই জাতিৰ লোকসকল, বিশেষকৈ যুদ্ধ কৰিব পৰা পুৰুষসকলে যিহোৱাৰ কথা নুশুনাৰ বাবে বিনষ্ট হৈছিল৷ যিহোৱাই আমাক যি দেশ দিম বুলি আমাৰ পূৰ্বপুৰুষসকলৰ আগত প্ৰতিজ্ঞা কৰিছিল, সেই গাখীৰ আৰু মৌজোল বৈ থকা দেশ তেওঁলোকক দেখিবলৈ নিদিওঁ বুলি যিহোৱাই তেওঁলোকৰ আগত শপত খাইছিল।

এইদৰে গোটেই জাতিৰ চুন্নৎ কৰাৰ পাছত, তেওঁলোক সুস্থ নোহোৱালৈকে ছাউনিৰ মাজত নিজ নিজ ঠাইতেই থাকিল।




আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন