যিহো 5:6ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019কাৰণ মিচৰৰ পৰা ওলাই অাহোতে ইস্ৰায়েলৰ সন্তান সকলে চল্লিশ বছৰ মৰুভূমিত ভ্ৰমণ কৰি আছিল; তাতে যিহোৱাৰ গোটেই জাতিৰ লোকসকল, বিশেষকৈ যুদ্ধ কৰিব পৰা পুৰুষসকলে যিহোৱাৰ কথা নুশুনাৰ বাবে বিনষ্ট হৈছিল৷ যিহোৱাই আমাক যি দেশ দিম বুলি আমাৰ পূৰ্বপুৰুষসকলৰ আগত প্ৰতিজ্ঞা কৰিছিল, সেই গাখীৰ আৰু মৌজোল বৈ থকা দেশ তেওঁলোকক দেখিবলৈ নিদিওঁ বুলি যিহোৱাই তেওঁলোকৰ আগত শপত খাইছিল। অধ্যায়টো চাওক |
যেন, কাণে শুনাকৈ যিৰূচালেমৰ প্রতিজনলৈ এই কথা প্ৰচাৰ কৰা হয়। আৰু তেওঁ কৈছিল যে, মই যেন এই কথা তেওঁলোকক কওঁ: “মই, যিহোৱাৰ, অতি পুৰ্বে তুমি মোক মানি চলা আৰু আমাৰ অংগীকাৰত বিশ্বাস কৰা সেই সকলো কথা মোৰ মনত আছে। বাগ্দান কৰা কালত কন্যাই দৰাক কৰাৰ দৰে মোক আনন্দিত কৰিছিলা; তুমি মোক প্রেম কৰিছিলা, আৰু মৰুভূমিৰ মাজেৰে মোৰ পাছে পাছে তুমি গমন কৰিছিলা;