যিহি 36:20ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019তেতিয়া তেওঁলোক যি জাতিবোৰৰ গুৰিলৈ গ’ল, সেই জাতিবোৰ গুৰিলৈ গৈ তেওঁলোকে মোৰ পবিত্ৰ নাম অপবিত্ৰ কৰিলে; কিয়নো লোকে তেওঁলোকৰ বিষয়ে কৈছিল, ইহঁত যিহোৱাৰ প্ৰজা, আৰু তেওঁৰেই দেশৰ পৰা ওলাই অহা লোক। অধ্যায়টো চাওক |
তথাপি চোৱা! তাৰ মাজত ৰক্ষা পোৱা লোকসকল তেওঁলোকৰ পুত্রসকল আৰু জীয়েকসকলৰ লগত বাহিৰলৈ ওলাই যাব। চোৱা! তেওঁলোক তোমালোকৰ ওচৰলৈ ওলাই আহিব আৰু তোমালোকে তেওঁলোকৰ আচাৰ-ব্যৱহাৰ আৰু তেওঁলোকৰ কাৰ্য দেখিবলৈ পাবা; তেতিয়া যিৰূচালেমলৈ মই ঘটোৱা অমঙ্গলৰ বিষয়ে আৰু তাৰ বিৰুদ্ধে মই ঘটোৱা সকলোৰে বিষয়ে তোমালোকে শান্তনা পাবা।
এতিয়াও যদি আপোনালোকে শিঙা, বাঁহী, বীণা, সুৰবাহাৰ, পেপা, আৰু সকলো ধৰণৰ বাদ্যযন্ত্ৰৰ ধ্বনি শুনাৰ সময়ত মই সজা সোণৰ মূৰ্তিত উবুৰি হৈ সাষ্টাঙ্গে প্রণিপাত কৰিবলৈ যুগুত হয়, তেনেহ’লে সকলো ভালে হ’ব; কিন্তু যদি আপোনালোকে সেৱা নকৰে, তেনেহ’লে সেই মুহূৰ্ত্ততেই আপোনালোকক প্ৰজ্বলিত অগ্নিকুণ্ডত পেলোৱা হ’ব। মোৰ হাতৰ পৰা আপোনালোকক উদ্ধাৰ কৰিব পৰা দেৱতা কোন আছে?”