আৰু মই তেওঁলোকক জাতিবোৰৰ মাজত ছিন্নভিন্ন কৰিলোঁ, তেওঁলোক দেশবোৰৰ মাজত গোট গোট হ’ল; তেওঁলোকৰ আচাৰ-ব্যৱহাৰ আৰু কাৰ্য অনুসাৰে মই তেওঁবিলাকক বিচাৰ সিদ্ধ দণ্ড দিলোঁ।
এই হেতুকে, প্ৰভু যিহোৱাই কৈছে, “হে ইস্ৰায়েল বংশ, প্ৰতিজনৰ আচাৰ-ব্যৱহাৰ অনুসাৰে, মই তোমালোকৰ বিচাৰ কৰিম!” “তোমালোক উলটি আহা আৰু তোমালোকৰ সকলো অধৰ্মৰ পৰা ঘূৰা যেন অপৰাধ তোমালোকৰ বিৰুদ্ধে সৰ্ব্বনাশৰ কাৰণ নহ’ব।
মই জাতিবোৰৰ মাজত তোমাক ছিন্ন-ভিন্ন কৰিম, দেশবোৰৰ মাজত তোমাক গোট গোট কৰিম আৰু তোমাৰ মাজৰ পৰা তোমাৰ লেতেৰাবোৰ নিকা কৰিম।
এই হেতুকে মই তেওঁলোকৰ ওপৰত মোৰ ক্ৰোধ বৰষাম, মোৰ ক্ৰোধাগ্নিয়ে তেওঁলোকক সংহাৰ কৰিম! মই তেওঁলোকৰ নিজৰ নিজৰ আচাৰ-ব্যৱহাৰৰ ফল তেওঁলোকৰ মূৰত ফলিওৱাম।’ এইদৰে প্ৰভু যিহোৱাই কৈছে।”
মই, যিহোৱায়ে ইয়াক কলোঁ যে এয়ে ঘটিব আৰু মই ইয়াক সিদ্ধ কৰিম! মই দয়া নকৰিম আনকি ক্ষান্তও নহ’ম। তোমাৰ আচৰণ আৰু কাৰ্য অনুসাৰে তোমাক দণ্ড দিয়া হ’ব!” এইয়াই প্ৰভু যিহোৱাৰ ঘোষণা।
আৰু জাতিবোৰে জানিব, যে, ইস্ৰায়েল বংশই নিজ অপৰাধতে দেশান্তৰলৈ গৈছিল; কাৰণ তেওঁলোকে মোৰ অহিতে বিদ্ৰোহ কৰাত, মই তেওঁলোকৰ পৰা মোৰ মুখ ঢাকি তেওঁলোকৰ শত্ৰুৰ হাতত তেওঁলোকক শোধাই দিছিলোঁ, আৰু তেওঁলোক সকলোৱে তৰোৱালৰ দ্বাৰাই পতিত হৈছিল।
তেওঁলোকৰ অশৌচ আৰু নানা অপৰাধ অনুসাৰে, মই তেওঁলোকলৈ কাৰ্য কৰিছিলোঁ, আৰু তেওঁলোকৰ পৰা মোৰ মুখ ঢাকিছিলোঁ।
তোমাৰ তিনি ভাগৰ এভাগ লোক তোমাৰ মাজত মহামাৰীত মৰিব আৰু আকালৰ দ্বাৰাই নষ্ট হ’ব; দ্বিতীয় ভাগ তোমাৰ চাৰিওফালে তৰোৱালত পতিত হ’ব; আৰু তৃতীয় ভাগ মই চাৰিওফালে বায়ুত উড়ুৱাই দিম আৰু ফাকৰ পৰা তৰোৱাল উলিয়াই তেওঁলোকৰ পাছে পাছে খেদি যাম।
এতিয়া তোমালৈ অন্ত উপস্থিত হ’ল, কিয়নো মই তোমাৰ ওপৰলৈ মোৰ ক্ৰোধ পঠিয়াম আৰু মই তোমাৰ আচাৰ-ব্যৱহাৰ অনুসাৰে বিচাৰ কৰিম; তাৰ পাছত তোমাৰ আটাই ঘিণলগীয়া কাৰ্যৰ ফল তোমালৈ পৰিশোধ কৰিম।
এতিয়া মই তোমাৰ ওপৰত মোৰ ক্ৰোধ বৰষাম আৰু তোমাৰ অহিতে মোৰ কোপ তোমাৰ ওপৰত সম্পূৰ্ণ কৰিম, মই তোমাৰ আচাৰ-ব্যৱহাৰ অনুসাৰে বিচাৰ কৰিম আৰু তোমাৰ সকলো ঘিণলগীয়া কাৰ্যৰ ফল তোমালৈ পৰিশোধ কৰিম।
আৰু তোমালোক জাতি সমূহৰ মাজত বিনাশ হ’বা, আৰু তোমালোকৰ শত্ৰুবোৰৰ দেশে তোমালোকক গ্ৰাস কৰিব।
মই এক আজ্ঞা দিম, চালনীত যেনেকৈ শস্য চলা হয়, তেনেকৈ সকলো জাতিৰ মাজত মই ইস্রায়েল বংশক চালিম; কিন্তু শস্যৰ এটা ধানো মাটিত নপৰিব।
উঠা, আৰু এই ঠাই এৰি যোৱা, অশুচিতাৰ কাৰণে এই ঠাই তোমালোক থাকিবৰ বাবে নহয়; ইয়াক সম্পূৰ্ণৰূপে ধ্বংস কৰা হ’ব।
তেওঁ প্ৰতিজনক নিজ নিজ কৰ্ম অনুসাৰে প্ৰতিফল দিব;
তাৰ পাছত যিহোৱাই পৃথিবীৰ ইমুৰৰ পৰা সিমুৰলৈকে জাতিবোৰৰ মাজত আপোনালোকক সিচঁৰিত কৰিব; আপোনালোকে সেই ঠাইত আপোনালোকৰ বা আপোনালোকৰ পূর্ব-পুৰুষসকলৰ অজানা কাঠৰ আৰু শিলৰ আন দেৱ-মূর্তিৰ সেৱা-পূজা কৰিব।