যিহি 32:25ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019হত লোকসকলৰ মাজত, এলম, তাইৰ আটাই লোক সকলে সৈতে তাৰ বাবে এক শয্যা যুগুত কৰা হ’ল; তাইৰ চাৰিওফালে তাৰ মৈদামবোৰ আছে; তেওঁলোক আটাইবোৰ অচুন্নৎ, তেওঁলোক তৰোৱালৰ দ্বাৰাই হত হ’ল, কিয়নো তেওঁলোকে জীৱিতসকলৰ দেশত ত্ৰাস জন্মাইছিল, আৰু গাতলৈ নামি যোৱাসকলেৰে সৈতে নিজৰ লাজৰ ভাৰ বৈছে; এলম, হত লোকসকলৰ মাজত ৰখা হৈছে! অধ্যায়টো চাওক |
হে ইস্ৰায়েল বংশ, তোমালোকে মোক আহাৰ, অৰ্থাৎ তেল আৰু তেজ উৎসৰ্গ কৰা সময়ত, মোৰ গৃহটি অপবিত্ৰ কৰিবৰ কাৰণে মোৰ ধৰ্মধামত ভৰি দিবলৈ অচুন্নৎ হৃদয়ৰ আৰু অচুন্নৎ মাংসৰ বিজাতীয়সকলক মোৰ ধৰ্মধামলৈ যে আনিলা, তোমালোকৰ আটাই ঘিণলগীয়া কাৰ্যৰ মাজত সেইটোৱেই তোমালোকৰ পক্ষে যথেষ্ঠ হওক; তোমালোকৰ আটাই ঘিণলগীয়া কাৰ্যৰ বাহিৰেও তোমালোকে মোৰ নিয়মটি ভাঙিলা।