যিহি 32:24ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019এলম, আৰু তাইৰ মৈদামৰ চাৰিওফালে তাইৰ লোক সমূহ তাত আছে; তেওঁলোক আটাইবোৰ হত হ’ল; তৰোৱলৰ দ্বাৰাই পতিত হ’ল! যিসকল তৰোৱালৰ দ্বাৰাই পতিত হ’ল, তেওঁলোক অচুন্নৎ অৱস্থাৰেই পৃথিৱীৰ অৰ্দ্ধভাগলৈ নামি গ’ল, যিসকলে জীৱিতসকলৰ দেশত ত্ৰাস জন্মাইছিল আৰু গাতলৈ নামি যোৱাসকলেৰে সৈতে নিজৰ লাজৰ ভাৰ বৈছে। অধ্যায়টো চাওক |
জল সমূহৰ কাষত থকা গছবোৰৰ কোনো গছে নিজ উচ্চতাত গৰ্ব্ব নকৰিবৰ নিমিত্তে, বা তাৰ ওপৰ ভাগ মেঘস্পৰ্শী নকৰিবলৈ, নাইবা সেইবোৰৰ বৃহৎবোৰৰ মাজৰ পানী পান কৰাসকলৰ মাজৰ কোনেও উচ্চতাত নিজকে ওখ নেদেখুৱাবৰ বাবে, মই ইয়াকে কৰিলোঁ। কিয়নো সেই আটাইবোৰ মৃত্যুলৈ, পৃথিৱীৰ আধা ভাগলৈ, গাতলৈ নামিব লগাবোৰে সৈতে মনুষ্য সন্তান সকলৰ মাজত সমৰ্পিত হ’ল।”