তেতিয়া মই তাৰ পানীবোৰ নিৰ্ম্মল কৰিম আৰু তাৰ নৈ বোৰ তেলৰ নিচিনাকৈ বোৱাম।” এয়েই হৈছে প্ৰভু যিহোৱাৰ ঘোষণা!
মই অনেক জল সমূহৰ কাষৰ পৰা তাৰ আটাই পশুক উচ্ছন্ন কৰিম; আৰু মানুহৰ ভৰিয়ে বা পশুৰ খুৰাই তাৰ পানীখিনি ঘোলা নলৰিব!
“যেতিয়া মই মিচৰ দেশ ধ্বংসস্থান আৰু উচ্ছন্ন কৰিম, তাত উৎপন্ন হোৱা আটাই বস্তু তাত নাইকিয়া কৰিম; যেতিয়া মই তাৰ নিবাসী আটাইকে প্ৰহাৰ কৰিম, তেতিয়া, মই যে যিহোৱা, ইয়াকে তেওঁলোকে জানিব!