Biblia Todo Logo
পৰস্পৰ সংযোগসমূহ
- বিজ্ঞাপন -



যিহি 32:13

ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

মই অনেক জল সমূহৰ কাষৰ পৰা তাৰ আটাই পশুক উচ্ছন্ন কৰিম; আৰু মানুহৰ ভৰিয়ে বা পশুৰ খুৰাই তাৰ পানীখিনি ঘোলা নলৰিব!

অধ্যায়টো চাওক কপি কৰক

6 পৰস্পৰ সংযোগসমূহ  

মানুহ বা পশু তাৰ মাজেদি নাযাব আৰু চল্লিশ বছৰলৈকে তাত বাস কৰা নহ’ব!

এই কাৰণে প্ৰভু যিহোৱাই এই কথা কৈছে: চোৱা! মই তোমাৰ বিৰুদ্ধে এখন তৰোৱাল আনিম আৰু তোমাৰ মাজৰ পৰা মানুহ আৰু পশু সকলোকে উচ্ছন্ন কৰিম।

মই নদীবোৰ শুকান ঠাই কৰিম, আৰু এই দেশ দুষ্ট লোকসকলৰ হাতত বেচি দিম। মই তাত থকা সকলোকে বিদেশী লোকৰ হাতৰ দ্বাৰাই উচ্ছন্ন কৰোৱাম! মই, যিহোৱাই ইয়াক ঘোষণা কৰিলোঁ!”

তেতিয়া মই তাৰ পানীবোৰ নিৰ্ম্মল কৰিম আৰু তাৰ নৈ বোৰ তেলৰ নিচিনাকৈ বোৱাম।” এয়েই হৈছে প্ৰভু যিহোৱাৰ ঘোষণা!

“হে মনুষ্য সন্তান, তুমি মিচৰৰ ৰজা ফৰৌণৰ বাবে বিলাপ কৰা, আৰু তেওঁক কোৱা, ‘তুমি নিজকে জাতিবোৰৰ মাজত ডেকা সিংহ বুলি ভাবিছা, কিন্তু তুমি সমুদ্ৰত থকা মকৰ মাথোন; তোমাৰ নদীবোৰত তুমি উৎপাত কৰিছা, তোমাৰ ভৰিৰে জল সমূহ আস্ফালন কৰিছা আৰু তাৰ সুঁতিবোৰ ঘোলা কৰিছা’!”

এয়ে তোমালোকৰ মানত সামান্য বিষয় নে, যে, তোমালোকে উত্তম ঘাঁহনিত চৰিছা, আকৌ তোমালোকৰ চৰণীয়াৰ অৱশিষ্ট ঘাঁহখিনি তোমালোকৰ ভৰিৰে গচকিছা, আৰু নিৰ্ম্মল জল পান কৰি, তোমালোকৰ ভৰিৰে অৱশিষ্ট ভাগ ঘোলা কৰিছা?




আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন