Biblia Todo Logo
পৰস্পৰ সংযোগসমূহ
- বিজ্ঞাপন -



যিহি 1:28

ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

বৃষ্টিৰ নিচিনা মেঘত থকা ধনুখনৰ আকৃতি যেনে, তেওঁৰ চাৰিওফালৰ দীপ্তিৰ আকৃতি তেনে। যিহোৱাৰ গৌৰৱৰ দৰে পদাৰ্থটোৰ ৰূপ দেখা গ’ল। তাক দেখামাত্ৰে মই উবুৰি হৈ পৰিলোঁ আৰু বাক্য কওঁতা এজনাৰ মাত মোৰ কাণত পৰিল।

অধ্যায়টো চাওক কপি কৰক

30 পৰস্পৰ সংযোগসমূহ  

তেতিয়া অব্ৰামে উবুৰি খাই মাটিত মুখ থৈ প্রণিপাত কৰিলে আৰু ঈশ্বৰে তেওঁৰে সৈতে কথা ক’বলৈ ধৰিলে।

হাৰোণে ইস্ৰায়েলী লোকসকলৰ সমাজক এই কথা কৈ থাকোতে, তেওঁলোকে মৰুপ্রান্তৰ ফাললৈ চাই দেখিলে যে, মেঘৰ মাজত যিহোৱাৰ মহিমা প্ৰকাশিত হৈছে।

ৰাতিপুৱা তোমালোকে যিহোৱাৰ মহিমা দেখিবলৈ পাবা; কাৰণ যিহোৱাৰ বিৰুদ্ধে তোমালোকে কৰা অভিযোগ তেওঁ শুনিলে। আমি নো কোন যে, তোমালোকে আমাৰ বিৰুদ্ধে অভিযোগ কৰিছা?”

সেই চীনয় পৰ্ব্বতৰ ওপৰত যিহোৱাৰ প্ৰতাপ স্থাপিত আছিল, আৰু ছয় দিনলৈকে মেঘে পৰ্ব্বত ঢাকি ৰাখিছিল। সপ্তম দিনত তেওঁ মেঘৰ মাজৰ পৰা মোচিক মাতিলে।

ইস্ৰায়েলী লোকসকলৰ দৃষ্টিত, যিহোৱাৰ প্ৰতাপ পৰ্ব্বতৰ ওপৰত গ্ৰাসকাৰী অগ্নিৰ দৰে প্ৰকাশিত হ’ল।

তেতিয়া যিহোৱাৰ গৌৰৱ কৰূব কেইজনৰ পৰা উঠি গৈ গৃহৰ দুৱাৰ ডলিৰ ওপৰত আছিল; আৰু গৃহটি মেঘেৰে আৰু চোতালখন যিহোৱাৰ গৌৰৱৰ দীপ্তিৰে পৰিপূৰ্ণ হৈছিল।

তেতিয়া মই উঠি উপত্যকালৈ ওলাই গ’লো আৰু দেখিলোঁ যে, কবাৰ নদীৰ ওচৰত মই দেখা গৌৰৱৰ নিচিনাকৈ যিহোৱাৰ গৌৰৱ সেই ঠাইত ৰৈ আছিল; তেতিয়া মই উবুৰি হৈ পৰিলোঁ।

আৰু চোৱা! পূৱফালৰ পৰা ইস্ৰায়েলৰ ঈশ্বৰৰ গৌৰৱ আহিল; তেওঁৰ ধ্বনি বহু জল সমূহৰ শব্দৰ দৰে আৰু পৃথিৱী তেওঁৰ গৌৰৱেৰে উজ্জ্বল হ’ল!

তাৰ পাছত তেওঁ উত্তৰ বাট-চৰাটোৰ বাটেদি মোক গৃহটিৰ আগলৈ নিলে আৰু মই চাই দেখিলোঁ, যিহোৱাৰ গৌৰৱে যিহোৱাৰ গৃহটি পৰিপূৰ্ণ কৰিলে; তাতে মই উবুৰি হৈ পৰিলোঁ!

মই সেই উপত্যকাত যি অৱস্থাত সেই দৰ্শন দেখিছিলোঁ, সেইদৰে ইস্ৰায়েলৰ ঈশ্বৰৰ গৌৰৱো সেই ঠাইত আছিল।

তাতে মই থিয় হৈ থকা ঠাইৰ ওচৰলৈ তেওঁ আহিল। তেওঁ যেতিয়া আহিল, মই শঙ্কিত হলোঁ, আৰু মাটিত উবুৰি হৈ পৰিলোঁ। তেওঁ মোক ক’লে, “হে মানুহৰ সন্তান, বুজি লোৱা, কিয়নো এই দৰ্শন শেষৰ সময়ৰ বিষয়ে।”

আৰু যিহোৱাৰ সন্মূখৰ পৰা অগ্নি ওলাই, বেদীৰ ওপৰত থকা হোম-বলি আৰু তেলখিনি পুৰি ভস্ম কৰিলে। তাকে দেখি সকলো লোকে আনন্দ-ধ্বনি কৰি উবুৰি হৈ পৰিল।

তেওঁ তৎক্ষণাৎ মাটিত পৰিল আৰু এক আকাশ-বাণী শুনিবলৈ পালে, বোলে, “হে চৌল, হে চৌল, মোক কিয় তাড়না কৰিছা?”

তেওঁলোক ইস্ৰায়েলীয়া৷ তেওঁলোক তোলনীয়া পুত্ৰ, ঐশ্বৰ্য, নানা ধৰ্ম নিয়ম, বিধান-শাস্ত্ৰ, আৰাধনা, আৰু প্ৰতিজ্ঞা সমূহ, তেওঁলোকৰ হয়৷

কিয়নো এতিয়া আমি দৰ্পণত দেখাৰ দৰে, অস্পষ্টকৈ দেখিছোঁ; কিন্তু তেতিয়া মূখা-মূখিকৈ দেখিম। এতিয়া মোৰ জ্ঞান খণ্ডমাত্ৰ; কিন্তু তেতিয়া, মই যেনেকৈ সম্পূৰ্ণকৈ জনা হ’লোঁ, তেনেকৈ সম্পূৰ্ণ ৰূপত জানিম।

তেতিয়া আন এজন বলৱান দূতক মই স্বৰ্গৰ পৰা নমা দেখিলোঁ। তেওঁ মেঘেৰে আবৃত আৰু তেওঁৰ মুৰত ৰামধনু আছিল৷ তেওঁৰ মুখ সূৰ্য্যৰ নিচিনা, তেওঁৰ ভৰি অগ্নিস্তম্ভৰ নিচিনা।

সেই বহি থকা জন দেখিবলৈ সুৰ্য্যকান্ত আৰু চাৰ্দ্দীয়া মণিৰ নিচিনা৷ সেই সিংহাসনৰ চাৰিওফালে এখন ৰামধনু আছিল, সেই ৰামধনু খন দেখিবলৈ মৰকত মণিৰ নিচিনা আছিল৷

কিয়নো যেতিয়া অগ্নিশিখা যজ্ঞ-বেদিৰ পৰা আকাশৰ ফালে ওপৰলৈ উঠিল তেতিয়া মানোহ আৰু তেওঁৰ পত্নিয়ে দেখাতে যিহোৱাৰ দূত সেই যজ্ঞ-বেদিৰ শিখাত ওপৰলৈ উঠি গ’ল; তাতে তেওঁলোকে এই দৃশ্য দেখি দুজনে মাটিত উবুৰিহৈ প্রণাম কৰিলে।




আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন