Biblia Todo Logo
পৰস্পৰ সংযোগসমূহ
- বিজ্ঞাপন -



যিহি 1:27

ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

আৰু তেওঁৰ কঁকালত যেন বস্তুটোৰ পৰা ওপৰলৈ, মই ভিতৰে চাৰিওফালে উজ্জ্বল ধাতুৰ দৰে জুইৰ আকৃতি যেন দেখিলোঁ; আৰু তেওঁৰ কঁকাল যেন বস্তুটোৰ পৰা তললৈ জুইৰ আকৃতি যেন দেখিলোঁ আৰু তেওঁৰ চাৰিওফালে দীপ্তি আছিল।

অধ্যায়টো চাওক কপি কৰক

11 পৰস্পৰ সংযোগসমূহ  

মহিমা আৰু প্ৰতাপ তেওঁৰ সাক্ষাতে আছে। তেওঁৰ স্থানত শক্তি আৰু আনন্দ থাকে।

আমাৰ ঈশ্বৰ আহিছে, তেওঁ নীৰৱ হৈ নাথাকিব; তেওঁৰ আগে আগে গ্রাসকাৰী অগ্নি আহিব, তেওঁৰ চাৰিওফালে অতিশয় ধুমুহা বব।

তেওঁৰ চাৰিওফালে মেঘ আৰু ঘন অন্ধকাৰে ঘেৰি আছে; ধাৰ্মিকতা আৰু ন্যায় বিচাৰ তেওঁৰ সিংহাসনৰ ভিত্তিমূল।

ইস্ৰায়েলী লোকসকলৰ দৃষ্টিত, যিহোৱাৰ প্ৰতাপ পৰ্ব্বতৰ ওপৰত গ্ৰাসকাৰী অগ্নিৰ দৰে প্ৰকাশিত হ’ল।

তেতিয়া মই দেখিলোঁ যে, উত্তৰ দিশৰ পৰা ধুমুহা বতাহ আহি আছিল - তেতিয়া এখন ডাঙৰ মেঘ চিকমিকোৱা অগ্নিৰ দীপ্তিৰে সৈতে তাৰ ভিতৰত আৰু চাৰিওফালে বিয়পি আছিল আৰু সেই মেঘৰ ভিতৰত থকা জুই জাংফাই ৰঙৰ আছিল।

তেতিয়া চোৱা! মই মনুষ্যৰূপে এক মূৰ্ত্তি যেন দেখা পালোঁ; আৰু তেওঁৰ কঁকালৰ তলৰ পৰা যেন অগ্নিৰ দৰে আৰু তেওঁৰ কঁকালৰ পৰা ওপৰ অংশ উজ্বল ধাতুৰ দৰে দেখা গ’ল!

তেওঁৰ হাতৰ ৰশ্মি জ্বলি থকা পোহৰৰ দৰে, আৰু তাতেই তেওঁ তেওঁৰ পৰাক্রম ধৰি ৰাখে।

কিয়নো আপোনাৰ ঈশ্বৰ যিহোৱা গ্ৰাস কৰোঁতা অগ্নিস্বৰূপ আৰু নিজৰ মৰ্য্যদা ৰখাত উদ্যোগী ঈশ্বৰ।

তেতিয়া যি সকলে ঈশ্বৰক নাজানে আৰু আমাৰ প্রভু যীচুৰ শুভবার্তা পালন নকৰে, সেই লোক সকলক তেওঁ দণ্ড দিব।

কিয়নো আমাৰ ঈশ্বৰ গ্ৰাসকাৰী অগ্নিস্বৰূপ।




আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন