মৰুপ্রান্তৰ চেলাৰ পৰা চিয়োন-জীয়াৰীৰ পৰ্ব্বতলৈ দেশৰ শাসনকৰ্ত্তাৰ ওচৰলৈ মেৰ-ছাগ পোৱালিবোৰ পঠাই দিয়া।
তাৰ পাছত তেওঁ মোৱাবীয়াসকলক আক্ৰমণ কৰি তেওঁলোকক মাটিত শুৱাই লেজুৰে জুখিলে৷ অৰ্থাৎ বধ কৰিবৰ অৰ্থে দুই লেজু আৰু জীয়াই ৰাখিবৰ বাবে সম্পূৰ্ণ এক লেজু জুখিলে৷ পাছত মোৱাবীয়াসকলে দায়ূদৰ দাস হ’ল আৰু তেওঁলৈ প্ৰশংসাৰে উপহাৰ আনিবলৈ ধৰিলে।
অমচিয়াই লৱণ উপত্যকাত দহ হাজাৰ ইদোমীয়া লোকক বধ কৰিলে আৰু যুদ্ধত চেলা নগৰ অধিকাৰ কৰি সেই ঠাইৰ নাম যক্তিয়েল ৰাখিলে; সেই নাম আজিলৈকে আছে।
মোৱাবৰ ৰজা মেচাই মেৰ-ছাগ পুহি সেইবোৰৰ বংশ বৃদ্ধি কৰিছিল। তেওঁ ইস্ৰায়েলৰ ৰজাক কৰ হিচাবে এক লাখ মেৰ-ছাগ পোৱালি আৰু এক লাখ মতা মেৰ-ছাগৰ ঊল দিব লাগিছিল।
সেয়ে আপুনি ষাঁড়-গৰু, মতা মেৰ-ছাগ, আৰু মেৰ-ছাগ পোৱালিবোৰ, ভক্ষ্য ও পেয়-নৈবেদ্যৰ বাবে কিনক। যিৰূচালেমত থকা আপোনাৰ ঈশ্বৰৰ গৃহৰ যজ্ঞ-বেদিৰ ওপৰত সেই বোৰ উৎসৰ্গ কৰিব।
এই বিশেষ দিনত তেওঁ নোবত ৰ’ব; চিয়োন জীয়াৰীৰ পৰ্ব্বতত, যিৰূচালেমৰ পাহাৰত হাতৰ মুঠি জোকাৰিব।
মৰুভূমি আৰু তাৰ নগৰবোৰে কান্দক, কেদৰে বসতি কৰা গাওঁবোৰে উচ্চধ্বনি কৰক; চেলা-নিবাসীসকল গান কৰক, পৰ্ব্বতৰ টিঙৰ পৰা জয় ধ্বনি কৰক।
দেশৰ সকল প্ৰজাই ইস্ৰায়েলৰ অধিপতিজনক সেই উপহাৰ দিব।
তোমালোক পশুৰ জাকৰ বাবে পহৰা দিয়া দুৰ্গ, আৰু তোমালোকলৈ চিয়োন জীয়ৰীৰ পাহাৰ, পূৰ্বৰ শাসন, যিৰূচালেম জীয়ৰীৰ ৰাজ্য আহিব।