কিয়নো দীমোনৰ পানী তেজেৰে পৰিপূৰ্ণ; কিন্তু মই দীমোনলৈ আৰু বেছি দুখ আনিম। মোৱাবৰ পৰা ৰক্ষা পোৱা লোকসকল, আৰু দেশৰ অৱশিষ্ট থকা লোকসকলক এটা সিংহই আক্রমণ কৰিব।
সেই ঠাইত বসতি কৰাৰ আৰম্ভণীতে, তেওঁলোকে যিহোৱাক ভয় কৰা নাছিল; এই হেতুকে যিহোৱাই তেওঁলোকৰ মাজলৈ সিংহ পঠাই দিলে আৰু সেইবোৰে তেওঁলোকৰ কিছুমানক মাৰি পেলালে।
সেই ক্রন্দন মোৱাবৰ সীমাৰ চাৰিওফালে, আৰু তাৰ বিলাপ এগালীমৰ পৰা বেৰ-এলীমমলৈকে শুনা গৈছে।
আৰু যিহোৱাই কৈছে, মই তেওঁলোকক বধ কৰিবলৈ তৰোৱাল, ছিৰিবলৈ কুকুৰ, খাবলৈ আৰু বিনষ্ট কৰিবলৈ আকাশৰ পক্ষী আৰু পৃথিৱীৰ জন্তু, এই চাৰি বিধক মই তেওঁলোকৰ ওপৰত নিযুক্ত কৰিম।
ইস্ৰায়েল ছিন্ন-ভিন্ন মেৰস্বৰূপ; সিংহবোৰে তাক খেদি দিলে; প্ৰথমে অচূৰৰ ৰজাই তাক গ্ৰাস কৰিলে আৰু শেষত বাবিলৰ ৰজা এই নবূখদনেচৰে তাৰ হাড়বোৰ ভাঙিলে।
আৰু যদি তোমালোকে মোৰ বাক্যলৈ কাণ নিদিয়া তেন্তে মই তোমালোকৰ পাপৰ কাৰণে তোমালোকক আৰু সাতগুণ দণ্ড দিম।
তেন্তে মইয়ো তোমালোকৰ বিপৰীত আচৰণ কৰিম আৰু তোমালোকৰ পাপৰ কাৰণে, মই তোমালোকলৈ সাতগুণ আপদ ঘটাম।
তেন্তে মইও ক্ৰোধত তোমালোকৰ বিপৰীত আচৰণ কৰিম, আৰু তোমালোকৰ পাপৰ কাৰণে তোমালোকক সাতগুণ দণ্ড দিম।
যেনেদৰে কোনো মানুহ সিংহৰ মুখৰ পৰা পলাই গৈ এটা ভালুকৰ সন্মুখত পৰে, নাইবা নিজৰ ঘৰত সোমাই দেৱালত হাত দিওঁতে তেওঁক সাপে খুটে, তেনেদৰেই হ’ব সেইদিন।
আৰু আমি তেওঁলোকলৈ বাণ মাৰিলোঁ; দীবোনলৈকে হিচবোন বিনষ্ট হ’ল। মেদবালৈ বিস্তৃত নোফহলৈকে আমি সকলোকে ধ্বংস কৰিলোঁ।”