যাত্ৰা 29:41ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019দ্বিতীয় মেৰ-ছাগ পোৱালিটো গধূলি উৎসৰ্গ কৰিবা। ৰাতিপুৱাৰ ভক্ষ্য আৰু পেয় নৈবেদ্যৰ দৰেই কৰিবা; সেয়ে সুমধুৰ সুগন্ধ উৎপন্ন কৰি যিহোৱাৰ উদ্দেশ্যে অগ্নিকৃত উপহাৰ হ’ব। অধ্যায়টো চাওক |
পাছত আহজ ৰজাই ঊৰিয়া পুৰোহিতক এই নির্দেশ দিলে যে, “ডাঙৰ বেদীটোৰ ওপৰত ৰাতিপুৱাৰ হোমবলি আৰু সন্ধিয়া শস্য উৎসর্গ কৰিব; তাৰ উপৰি ৰজাৰ হোমবলি আৰু শস্য উৎসর্গ, দেশৰ সকলো লোকৰ হোমবলি, তেওঁলোকৰ শস্য আৰু পেয় উৎসর্গ কৰিব; সকলো হোমবলি আৰু আন আন সকলো বলি উৎসর্গৰ তেজ আপুনি সেই যজ্ঞবেদীৰ ওপৰত ছটিয়াই দিব। কিন্তু পিতলৰ যজ্ঞবেদীটো ঈশ্বৰৰ সহায় লাভৰ অর্থে মই ব্যৱহাৰ কৰিম।”