Biblia Todo Logo
পৰস্পৰ সংযোগসমূহ
- বিজ্ঞাপন -



যাত্ৰা 29:40

ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

প্ৰথম মেৰ-ছাগ পোৱালিটোৰ লগত হিনৰ চাৰি ভাগৰ এভাগ খুন্দি উলিওৱা হিন তেল মিহলোৱা এক ঐফাৰ দহ ভাগৰ এভাগ মিহি আটাগুড়ি, আৰু পেয় নৈবেদ্যৰ বাবে হিনৰ চাৰিভাগৰ এভাগ দ্ৰাক্ষাৰস দিবা।

অধ্যায়টো চাওক কপি কৰক

34 পৰস্পৰ সংযোগসমূহ  

যাকোবে তেওঁৰে সৈতে কথা বতৰা হোৱা সেই ঠাইতে এটা শিলৰ স্তম্ভ স্থাপন কৰিলে আৰু তাৰ ওপৰত পেয় নৈবেদ্য উৎসর্গ কৰিলে। তেওঁ তাৰ ওপৰত তেলো ঢালি দিলে।

পাছদিনা ৰাতিপুৱা বলি উৎসৰ্গৰ সময়ত ইদোম দেশৰ ফালৰ পৰা পানীবৈ আহিল। পানীৰে দেশখন ভৰি পৰিল।

এক ওমৰ ঐফাৰ দহ ভাগৰ এভাগ।

তাৰে এটা ৰাতিপুৱা, আনটো গধূলি উৎসৰ্গ কৰিবা।

দ্বিতীয় মেৰ-ছাগ পোৱালিটো গধূলি উৎসৰ্গ কৰিবা। ৰাতিপুৱাৰ ভক্ষ্য আৰু পেয় নৈবেদ্যৰ দৰেই কৰিবা; সেয়ে সুমধুৰ সুগন্ধ উৎপন্ন কৰি যিহোৱাৰ উদ্দেশ্যে অগ্নিকৃত উপহাৰ হ’ব।

পাঁচ শ চেকল তেজপাত, আৰু এক হিন জিতগছৰ তেল ল’বা।

নদীৰ উপত্যকাৰ মাজৰ মৃসণ বস্তুবোৰ তোমালোকৰ বাবে আৰোপিত। সেইবোৰেই তোমালোকৰ উপাসনাৰ সামগ্রী। সেইবোৰৰ উদ্দেশ্যে তোমালোকে পেয় নৈবেদ্য আৰু শস্যৰ নৈবেদ্য ঢালিছা।

কিয়নো যি দেশ তেওঁলোকক দিম বুলি মই হাত দাঙি শপত কৰিছিলোঁ, সেই দেশলৈ মই যেতিয়া তেওঁলোকক আনিলোঁ, তেতিয়া তেওঁলোকে যি যি ঠাইত কোনো ওখ পৰ্ব্বত আৰু কোনো ঘনপতীয়া গছ দেখা পালে, সেই সেই ঠাইত তেওঁলোকে নিজ নিজ বলি উৎসৰ্গ কৰিছিল, সেই সেই ঠাইত বিৰক্তিজনক নিজ নিজ নৈবেদ্য দিছিল, সেই সেই ঠাইত নিজ নিজ সুঘ্ৰাণাৰ্থক দ্ৰব্য থৈছিল আৰু সেই সেই ঠাইত পেয় নৈবেদ্য ঢালিছিল।

আৰু তুমি পানী জোখ কৰি লৈ এক হীনৰ ছয় ভাগৰ এভাগ পানী পান কৰিবা।

আৰু পৰ্ব্বতবোৰত ন-জোনত, বিশ্ৰাম-দিনত ইস্ৰায়েল বংশৰ আটাই নিৰূপিত উৎসৱত হোম-বলি ভক্ষ্য নৈবেদ্য আৰু পেয় নৈবেদ্য উৎসৰ্গ কৰিবলৈ অধিপতিজন বাধ্য হ’ব; ইস্ৰায়েল বংশক প্ৰায়শ্চিত্ত কৰিবলৈ তেওঁ পাপাৰ্থক বলি, ভক্ষ্য নৈবেদ্য, হোম-বলি আৰু মঙ্গলাৰ্থক বলি উৎসৰ্গ কৰিব।’

আৰু তেওঁ এটা এটা ভতৰাৰ এক এক ঐফা আৰু এটা এটা মতা মেৰ-ছাগৰ লগত এক এক ঐফা আৰু এক এক ঐফাৰ লগত এক এক হীন তেল দি ভক্ষ্য নৈবেদ্য উৎসৰ্গ কৰিব।

পৰ্ব্বতবোৰ আৰু নিৰূপিত সময়ত ভক্ষ্য নৈবেদ্য এটা এটা ভতৰাৰ লগত এক এক ঐফা, এটা এটা মতা মেৰৰ লগত এক এক ঐফা, মেৰ পোৱালিবোৰৰ লগত তেওঁৰ শক্তি অনুসাৰে, আৰু এক এক ঐফাৰ লগত এক এক হীম তেল হ’ব।

আৰু তুমি ঐফাৰ ছয় ভাগৰ এভাগ আৰু মিহি আটাগুড়ি ভেজাবলৈ হীনৰ তিনিভাগৰ এভাগ তেল দি প্ৰতি ৰাতিপুৱা তাৰ লগত এক এক ভক্ষ্য নৈবেদ্য উৎসৰ্গ কৰিবা; সেয়ে চিৰস্থায়ী নিয়ম অনুসাৰে নিত্যে নিত্যে যিহোৱাৰ উদ্দেশ্যে দিব লগীয়া ভক্ষ্য নৈবেদ্য।

মতা মেৰ-ছাগটোৰ লগত দিয়া ভক্ষ্য নৈবেদ্য এক ঐফা হ’ব আৰু মেৰ-ছাগ পোৱালিবোৰৰ লগত দিয়া ভক্ষ্য নৈবেদ্য তেওঁৰ শক্তি অনুসাৰে হ’ব আৰু এক এক ঐফাৰ লগত এক এক হীন তেল হ’ব।

আৰু ভতৰাটোৰ লগত এক ঐফা, মতা মেৰ-ছাগটোৰ লগত এক ঐফা, মেৰ-ছাগ পোৱালিবোৰৰ লগত তেওঁৰ শক্তি অনুসাৰে আৰু এক এক ঐফাৰ লগত এক এক হীন তেল দি তেওঁ ভক্ষ্য নৈবেদ্য যুগুত কৰিব।

তেওঁলোকে যিহোৱাৰ উদ্দেশ্যে দ্ৰাক্ষাৰসৰ পানীয় নৈবেদ্য ঢালিবলৈ নাপাব; তেওঁলোকৰ বলিবোৰে তেওঁক সন্তুষ্ট নকৰিব; তেনে বলিদানবোৰ শোকার্ত লোকসকলৰ আহাৰৰ নিচিনা হ’ব; সেইবোৰ যিসকলে খাব, তেওঁলোক সকলো অশুচি হ’ব; কিয়নো সেই আহাৰ কেৱল তেওঁলোকৰ নিজৰ ভোক গুচাবৰ কাৰণেই হব, কিন্তু যিহোৱাৰ গৃহলৈ নাহিব।

হে পুৰোহিতসকল, তোমালোকে চট কাপোৰ পৰিধান কৰি বিলাপ কৰা! হে যজ্ঞ-বেদিৰ পৰিচাৰকসকল, বিলাপ কৰা। হে মোৰ ঈশ্বৰৰ দাসবোৰ, আহাঁ, চট কাপোৰ পিন্ধি ওৰে ৰাতি পৰি থাকা। কিয়নো তোমালোকৰ ঈশ্বৰৰ গৃহৰ পৰা ভক্ষ্য আৰু পেয় নৈবেদ্য প্রতিৰোধ কৰা হৈছে।

যিহোৱাৰ গৃহৰ পৰা ভক্ষ্য আৰু পেয় নৈবেদ্য বন্ধ কৰা হ’ল। যিহোৱাৰ দাসবোৰ, পুৰোহিতসকলে শোক কৰিছে।

কোনে জানে? তেওঁ ঘূৰি মন পালটাব পাৰে, আৰু নিজৰ পাছত আশীৰ্ব্বাদ দি যাব পাৰে, তোমালোকৰ ঈশ্বৰ যিহোৱাৰ উদ্দেশে দিবলৈ ভক্ষ্য নৈবেদ্য থৈ যাব পাৰে।

তাৰ ভক্ষ্য নৈবেদ্য ঐফাৰ দহভাগৰ দুভাগ তেল মিহলোৱা মিহি আটা গুৰি; সেয়ে যিহোৱাৰ উদ্দেশ্য সুঘ্ৰাণৰ অৰ্থে অগ্নিকৃত উপহাৰ হ’ব; আৰু তাৰ পেয় নৈবেদ্য এক হীন দ্ৰাক্ষাৰস চাৰিভাগৰ এভাগ হ’ব।

বেদীৰ ওপৰত অগ্নি সদায় জ্বলি থাকিব। ই কেতিয়াও নুমাই নাযাব।

তেতিয়া সেয়ে যদি সমাজে নজনাকৈ ভূলক্ৰমে কৰা হয়, তেন্তে গোটেই সমাজে যিহোৱাৰ উদ্দেশ্যে সুঘ্ৰাণৰ অৰ্থে হোমৰ কাৰণে এটা দমৰা আৰু নিয়ম মতে তাৰ ভক্ষ্য আৰু পেয় নৈবেদ্য আৰু পাপাৰ্থক বলিৰ কাৰণে এটা মতা মেৰ-ছাগ উৎসৰ্গ কৰিব।

আৰু পেয় নৈবেদ্যৰ বাবে হীনৰ তিনি ভাগৰ এভাগ দ্ৰাক্ষাৰস উৎসৰ্গ কৰিবা।

নিত্য হোম আৰু পেয় নৈবেদ্যৰ বাহিৰেও প্ৰতি বিশ্ৰাম-বাৰে এই হোম হ’ব।

এই নিয়ম অনুসাৰে তোমালোকে সাত দিনলৈকে প্ৰতি দিনে যিহোৱাৰ উদ্দেশ্যে সুঘ্ৰাণৰ অৰ্থে ভক্ষ্যস্বৰূপ অগ্নিকৃত উপহাৰ উৎসৰ্গ কৰিবা; নিত্য হোম আৰু তাৰ পেয় নৈবেদ্যৰ বাহিৰেও ইয়াক উৎসৰ্গ কৰিবা।

আৰু ভক্ষ্য নৈবেদ্যৰ কাৰণে হীনৰ চাৰিভাগৰ এভাগ খুন্দি উলিওৱা তেল মিহলোৱা ঐফাৰ দহ ভাগৰ এভাগ মিহি আটাগুড়ি ল’বা।

আৰু পাপাৰ্থক বলিৰ কাৰণে এটা মতা ছাগলী উৎসৰ্গ কৰিবা। নিত্য হোম-বলি আৰু তাৰ ভক্ষ্য ও পেয় নৈবেদ্যৰ বাহিৰেও তোমালোকে এই সকলোকে উৎসৰ্গ কৰিবা।

আৰু প্ৰদীপৰ অৰ্থে তেল, সুগন্ধি ধূপ, নিত্য ভক্ষ্য নৈবেদ্য, অভিষেকাৰ্থক তেল, হাৰোণ পুৰোহিতৰ পুত্ৰ ইলিয়াজৰৰ জিম্মাত থাকিব। গোটেই আবাস আৰু তাত থকা সকলো পবিত্ৰ স্থান আৰু তাৰ সকলো বস্তু তেওঁৰ জিম্মাত থাকিব।”

তেওঁলোকৰ বলিবোৰৰ মেদযুক্ত আহাৰ কোনে ভোজন কৰিছিল, আৰু পেয় নৈবেদ্যৰ দ্ৰাক্ষাৰস কোনে পান কৰিছিল? এতিয়া সেইবোৰেই উঠি তোমালোকক সহায় কৰক; সেইবোৰেই তোমালোকৰ আশ্ৰয় হওঁক!

কিন্তু আপোনালোকৰ বিশ্বাসৰূপ যজ্ঞত আৰু সেৱাৰ কাৰ্যত, যদিওবা মই নৈবেদ্য স্বৰূপে ঢলা যাওঁ, তথাপি মই আনন্দ কৰোঁ; আৰু আপোনালোক সকলোৰে সৈতে আনন্দ কৰোঁ।




আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন