তাৰ পাছত সম্পূৰ্ণ মেৰ-ছাগটো বেদীত জ্বলাই দিবা; সেয়ে মোৰ অৰ্থাৎ যিহোৱাৰ উদ্দেশ্যে হোম-বলি হ’ব। এয়ে মোৰ বাবে সুমধুৰ সুগন্ধ উৎপন্ন কৰিব; এয়ে যিহোৱাৰ উদ্দেশ্যে অগ্নিকৃত উপহাৰ হ’ব।
তেতিয়া অব্ৰাহামে চকু তুলি চাই নিজৰ পাছফালে এটা মতা মেৰ-ছাগক দেখা পালে আৰু তাৰ শিংকেইটা জোপোহাৰ মাজত জপটিয়াই লাগি আছিল। অব্ৰাহামে গৈ সেই মেৰ-ছাগটো আনি নিজৰ পুত্ৰৰ সলনি তাকে হোমবলি উৎসর্গ কৰিলে।
তেতিয়া ঈশ্বৰে ক’লে, “তুমি প্ৰেম কৰা তোমাৰ একমাত্র পুত্র ইচহাকক লৈ মোৰিয়া দেশলৈ যোৱা; তাত যি পাহাৰটোৰ কথা মই তোমাক কম, তাৰ ওপৰতে তুমি ল’ৰাক হোমবলিৰূপে উৎসর্গ কৰাগৈ।”
তেতিয়া ইচহাকে তেওঁৰ পিতৃ অব্ৰাহামক মাতিলে, “হে মোৰ পিতৃ।” তাতে অব্রাহামে ক’লে, “মোৰ বোপা, মই ইয়াতে আছোঁ।” সি ক’লে, “হোমবলি উৎসর্গৰ কাৰণে চাওঁক জুই আৰু কাঠ আছে, কিন্তু মেৰ-ছাগৰ পোৱালি ক’ত?”
তাৰ পাছত নোহে যিহোৱাৰ উদ্দেশ্যে এটা যজ্ঞ-বেদি নিৰ্ম্মাণ কৰিলে; তেওঁ কিছুমান শুচি পশু আৰু পক্ষী লৈ সেই বেদীৰ ওপৰত হোম-বলি উৎসৰ্গ কৰিলে।
যিহোৱাই সেই হোম-বলিৰ সুঘ্ৰাণত সন্তোষ পাই নিজৰ মনেতে ক’লে, “সৰু কালৰে পৰা মানুহৰ মন মন্দতাৰ ফালে ঢাল খোৱা; কিন্তু মই মানুহৰ কাৰণে ভূমিক আৰু কেতিয়াও শাও নিদিওঁ; সেয়ে, মই যি দৰে কৰিলোঁ, পুনৰায় সেইদৰে সকলো প্ৰাণীক ধ্বংস নকৰোঁ।
তেতিয়া যিহোৱাৰ অগ্নি পৰি, সেই হোম-বলি, খৰি, শিল, আৰু মাটি গ্ৰাস কৰিলে, আৰু খালত থকা পানীকো চেলেকি পেলালে।
পাছত ৰজাই বলিদান কৰিবৰ অৰ্থে গিবিয়োনলৈ গ’ল, কিয়নো সেই ঠাই আটাইতকৈ প্ৰধান পবিত্ৰ ঠাই আছিল৷ চলোমনে তাত থকা যজ্ঞবেদীৰ ওপৰত এক হাজাৰ হোম-বলি দিলে।
তোমাৰ উৎসর্গৰ বাবে মই তোমাক দোষী কৰা নাই; তোমাৰ হোমবলিবোৰ সদায় মোৰ সন্মুখত আছে।
তুমি মেৰ-ছাগটো কাটি টুকুৰা টুকুৰ কৰিবা। তাৰ ভিতৰৰ অংশ আৰু ঠেংবোৰ ধুবা; ধুই মাংসৰ টুকুৰাবোৰৰ সৈতে মুৰটো একেলগে বেদীৰ ওপৰত থবা।
তুমি তেওঁলোকৰ হাতত পৰা আহাৰ লৈ, সেইবোৰ হোমবলিৰ সৈতে সুঘ্ৰাণৰ অৰ্থে বেদীত জ্বলাই দিবা। ই যিহোৱাৰ উদ্দেশ্যে অগ্নিকৃত উপহাৰ হ’ব।
যিহোৱাই কৈছে, “মোলৈ তোমালোকৰ বহু সংখ্যক বলিদান কি?” মেৰ-ছাগ পোৱালি আৰু হৃষ্টপুষ্ট পশুৰ তেলেৰে দিয়া হোম বলি মোৰ যথেষ্ট আছে; ভতৰা গৰু, মেৰ-ছাগ, বা ছাগলীবোৰৰ তেজত মই সন্তুষ্ট নহওঁ।
চিবাৰ পৰা মোৰ ওচৰলৈ কুন্দুৰু, আৰু দূৰ দেশৰ পৰা সুগন্ধি বচ কি অভিপ্ৰায়েৰে আহিছে? তোমালোকৰ হোম-বলিবোৰ গ্ৰহণীয় নহয়, নাইবা তোমালোকৰ মঙ্গলাৰ্থক বলি মোৰ সন্তোষজনক নহয়।
তাৰ পাছত পুৰোহিতে তাৰ ডেউকা দুখন কাটিব, কিন্তু সম্পূৰ্ণৰূপে তাক দুভাগ নকৰিব, আৰু বেদীত জুই আৰু কাঠৰ ওপৰত তাক দগ্ধ কৰিব; সেয়ে হোম-বলি, যিহোৱাৰ উদ্দেশ্যে সুঘ্ৰাণ দিয়া অগ্নিকৃত উপহাৰ।
কিন্তু তেওঁ তাৰ নাড়ী-ভুৰু আৰু ঠেং পানীত ধুব লাগিব। তেতিয়া পুৰোহিতে বেদীৰ ওপৰত সেই সকলোকে দগ্ধ কৰিব। সেয়ে হোম-বলি, যিহোৱাৰ উদ্দেশ্যে সুঘ্ৰাণ দিয়া অগ্নিকৃত উপহাৰ হ’ব।
আৰু মঙ্গলাৰ্থক বলিৰ পৰা তেল এৰুৱাই লোৱাৰ দৰে তাৰো আটাইবোৰ তেল এৰুৱাই ল’ব; তাৰ পাছত পুৰোহিতে যিহোৱাৰ উদ্দেশ্যে সুঘ্ৰাণৰ অৰ্থে বেদীৰ ওপৰত তাক দগ্ধ কৰিব; এইদৰে পুৰোহিতে সেই লোক জনৰ পাপৰ অৰ্থে প্ৰায়শ্চিত্ত কৰিব আৰু তেওঁৰ পাপ ক্ষমা হ’ব।
তেওঁ মেৰটোৰ ভিতৰ অংশৰ নাড়ী-ভুৰু আৰু ঠেংকেইখন পানীত ধুলে, আৰু সম্পূৰ্ণ মেৰটো বেদীত পুৰিলে। এয়ে হোম-বলি, সুঘ্ৰাণৰ অৰ্থে যিহোৱাৰ উদ্দেশ্যে দিয়া অগ্নিকৃত উপহাৰ। যিহোৱাই দিয়া আজ্ঞাৰ দৰেই মোচিয়ে এই সকলোকে কৰিলে।
আৰু যিহোৱাৰ সন্মূখৰ পৰা অগ্নি ওলাই, বেদীৰ ওপৰত থকা হোম-বলি আৰু তেলখিনি পুৰি ভস্ম কৰিলে। তাকে দেখি সকলো লোকে আনন্দ-ধ্বনি কৰি উবুৰি হৈ পৰিল।
আৰু সকলো হৃদয়, সকলো বুদ্ধি আৰু সকলো শক্তিৰে তেওঁক প্ৰেম কৰা আৰু নিজৰ নিচিনাকৈ চুবুৰীয়াক প্ৰেম কৰা, এয়ে সকলো হোমবলি বা বলিদানতকৈয়ো অধিক।”
খ্ৰীষ্টে যেনেকৈ আপোনালোকক প্ৰেম কৰিলে আৰু আমাৰ কাৰণে ঈশ্বৰৰ উদ্দেশ্যে সুগন্ধযুক্ত নৈবেদ্য আৰু বলি স্বৰূপে নিজকে শোধাই দিলে, তেনেকৈ আপোনালোকেও প্ৰেমৰ পথত চলক।
সকলো বিষয়তে মোৰ প্ৰচুৰতা আছে৷ মই সম্পূর্ণ হ’লো৷ মই ইপাফ্ৰদীতৰ দ্ৱাৰাই আপোনালোকৰ পৰা উপহাৰবোৰ পালোঁ, সেয়া সুগন্ধৰ আঘ্ৰাণ স্বৰূপ আৰু ঈশ্বৰৰ গ্ৰাহ্য আৰু সন্তোষজনক যজ্ঞ স্বৰূপ৷
তেতিয়া চমূৱেলে পিয়াহ খোৱা মেৰ পোৱালি এটি লৈ যিহোৱাৰ উদ্দেশ্যে হোমবলি উৎসৰ্গ কৰিলে আৰু চমূৱেলে ইস্ৰায়েলৰ অৰ্থে যিহোৱাৰ আগত কাতৰোক্তি কৰিলে। তেতিয়া যিহোৱাই তেওঁক উত্তৰ দিলে।