তুমি মেৰ-ছাগটো কাটি টুকুৰা টুকুৰ কৰিবা। তাৰ ভিতৰৰ অংশ আৰু ঠেংবোৰ ধুবা; ধুই মাংসৰ টুকুৰাবোৰৰ সৈতে মুৰটো একেলগে বেদীৰ ওপৰত থবা।
তোমালোকে তাক কেঁচাই, নাইবা পানীত সিজায়ো নাখাবা; তাৰ পৰিৱৰ্তে মুৰ, ঠেং, আৰু তাৰ ভিতৰত থকা অংশই সৈতে জুইত খৰিকাত দিহে খাবা।
তুমি সেই মেৰ-ছাগটো বধ কৰিবা। তাৰ পাছত সেই বধ কৰা মেৰ-ছাগটোৰ তেজ লৈ বেদীৰ ওপৰৰ চাৰিওফালে ছটিয়াই দিবা।
তাৰ পাছত সম্পূৰ্ণ মেৰ-ছাগটো বেদীত জ্বলাই দিবা; সেয়ে মোৰ অৰ্থাৎ যিহোৱাৰ উদ্দেশ্যে হোম-বলি হ’ব। এয়ে মোৰ বাবে সুমধুৰ সুগন্ধ উৎপন্ন কৰিব; এয়ে যিহোৱাৰ উদ্দেশ্যে অগ্নিকৃত উপহাৰ হ’ব।
হে যিৰূচালেমৰ লোকসকল, যিহোৱাই ৰক্ষা কৰিবলৈ, তোমালোকৰ হৃদয় ধুই দুষ্টতা দূৰ কৰা। তোমালোকৰ অন্তৰত কু-ভাবনা আৰু কিমান দিন ৰাখিবা?
কিন্তু তাৰ নাড়ী-ভুৰু আৰু ঠেং পানীৰে ধুব লাগিব; তাৰ পাছত পুৰোহিতে সেই সকলো উৎসৰ্গ কৰিব আৰু বেদীৰ ওপৰত দগ্ধ কৰিব; সেয়ে হোম-বলি, যিহোৱাৰ উদ্দেশ্যে সুঘ্ৰাণ দিয়া অগ্নিকৃত উপহাৰ।
কিন্তু তেওঁ তাৰ নাড়ী-ভুৰু আৰু ঠেং পানীত ধুব লাগিব। তেতিয়া পুৰোহিতে বেদীৰ ওপৰত সেই সকলোকে দগ্ধ কৰিব। সেয়ে হোম-বলি, যিহোৱাৰ উদ্দেশ্যে সুঘ্ৰাণ দিয়া অগ্নিকৃত উপহাৰ হ’ব।
তেওঁ মেৰটোৰ ভিতৰ অংশৰ নাড়ী-ভুৰু আৰু ঠেংকেইখন পানীত ধুলে, আৰু সম্পূৰ্ণ মেৰটো বেদীত পুৰিলে। এয়ে হোম-বলি, সুঘ্ৰাণৰ অৰ্থে যিহোৱাৰ উদ্দেশ্যে দিয়া অগ্নিকৃত উপহাৰ। যিহোৱাই দিয়া আজ্ঞাৰ দৰেই মোচিয়ে এই সকলোকে কৰিলে।
তেওঁ নাড়ী-ভুৰুখিনি আৰু ঠেং-কেইটা ধুই, বেদীত হোমৰ ওপৰত দগ্ধ কৰিলে।
হে অন্ধ ফৰীচী সকল, আপোনালোকে আগেয়ে বাটি-কাঁহীৰ ভিতৰফাল পৰিষ্কাৰ কৰক, তেতিয়াহে তাৰ বাহিৰ ফালো শুচি হ’ব।