Biblia Todo Logo
পৰস্পৰ সংযোগসমূহ
- বিজ্ঞাপন -



মাৰ্ক 3:34

ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

পাছত তেওঁৰ চাৰিওফালে বহি থকা লোক সকলক চাই তেওঁ ক’লে, “এওঁলোকলৈ চোৱা, এওঁলোকেই মোৰ আই আৰু মোৰ ভাই;

অধ্যায়টো চাওক কপি কৰক

12 পৰস্পৰ সংযোগসমূহ  

ভাইসকলৰ আগত মই তোমাৰ নাম প্ৰচাৰ কৰিম; সমাজৰ মাজত তোমাৰ গুণানুকীর্তন কৰিম।

তেতিয়া যীচুৱে তেওঁলোকক ক’লে, “ভয় নকৰিবা; তোমালোক যোৱা, মোৰ ভাই সকলক গালীল প্ৰদেশলৈ যাবৰ বাবে সম্বাদ দিয়াগৈ; তেওঁলোকে তাতে মোক দেখা পাব”।

তাতে তেওঁ উত্তৰ দি তেওঁলোকক ক’লে, “মোৰ আই আৰু মোৰ ভাই সকল কোন”?

তেওঁলোকৰ অবিশ্বাসত তেওঁ বিস্ময় মানিলে। পাছত তেওঁ চাৰিওফালৰ গাঁৱলৈ গৈ উপদেশ দিলে।

যীচুৱে তেওঁক ক’লে, “তুমি মোক নুচুবা, কিয়নো মোৰ পিতৃৰ ওচৰলৈ এতিয়ালৈকে মই উঠা নাই। কিন্তু তুমি মোৰ ভাই সকলৰ ওচৰলৈ গৈ তেওঁলোকক কোৱাগৈ, যি জন মোৰ পিতৃ আৰু তোমালোকৰো পিতৃ; আৰু মোৰ ঈশ্বৰ আৰু তোমালোকৰো ঈশ্বৰ, তেওঁৰ ওচৰলৈ মই উঠি যাওঁ৷”

কিয়নো ঈশ্বৰৰ পুত্ৰ যেন অনেক ভাই সকলৰ মাজত প্ৰথমে জন্মা হয়, এই কাৰণে ঈশ্বৰে যি সকলক আগেয়ে জানিলে, তেওঁলোকক তেওঁৰ সেই পুত্ৰৰ প্ৰতিমূৰ্তিৰ অনুৰূপ হ’বলৈ, আগেয়ে নিৰূপণো কৰিলে;




আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন