তাতে তেওঁ উত্তৰ দি তেওঁলোকক ক’লে, “মোৰ আই আৰু মোৰ ভাই সকল কোন”?
তেওঁৰ আত্মীয় সকলে যেতিয়া এই কথা শুনিলে, তেতিয়া তেওঁলোকে তেওঁক, ‘তেওঁ বলীয়া হ’ল’ বুলি কৈ ধৰিবলৈ ওলাই গ’ল।
তেতিয়া লোক সকল তেওঁৰ চাৰিওকাষে বহি আছিল; আৰু তেওঁলোকে তেওঁক ক’লে, “চাওক, আপোনাৰ মা, ভাই আৰু ভনী সকলে বাহিৰত আপোনাক বিচাৰিছে”।
পাছত তেওঁৰ চাৰিওফালে বহি থকা লোক সকলক চাই তেওঁ ক’লে, “এওঁলোকলৈ চোৱা, এওঁলোকেই মোৰ আই আৰু মোৰ ভাই;
ই সেই বাঢ়ৈ নহয় নে? মৰিয়মৰ পুত্ৰ আৰু যাকোব, যোচিৰ, যিহূদা আৰু চিমোনৰ ককায়েক নহয় নে? ইয়াৰ ভনী কেইজনীও আমাৰ ইয়াত নাই নে?” এইদৰে তেওঁলোকে তেওঁত বিঘিনি পালে।
তেতিয়া তেওঁলোকক তেওঁ ক’লে, “তোমালোকে কি কাৰণে মোক বিচাৰি ফুৰিছা? মই মোৰ পিতৃৰ ঘৰত থকা যে উচিত, ইয়াক জানো তোমালোকে নাজানা?”
যীচুৱে তেওঁক ক’লে, “হে নাৰী, এই কথাত মোৰ সৈতে কি কাম? মোৰ এতিয়াও সময় হোৱা নাই।”
এই কাৰণে এতিয়াৰে পৰা কোনো এজনকে আমি মাংস অনুসাৰে নাজানিম; একেদৰে খ্ৰীষ্টক আগেয়ে মাংস অনুসাৰে জানিলেও, এতিয়াৰ পৰা নাজানিম।
যিজনে নিজ পিতৃ আৰু মাতৃৰ বিষয়ে ক’লে, ‘মই তেওঁলোকক দেখা নাই।’ নিজৰ ভাই-ককাইক স্বীকাৰ নকৰিলে, এনেকি নিজৰ সন্তানবোৰকে নিচিনিলে; তেওঁ তোমাৰ বাক্যক পহৰা দিছে আৰু তোমাৰ ব্যৱস্থা ৰক্ষা কৰিছে।