Biblia Todo Logo
পৰস্পৰ সংযোগসমূহ
- বিজ্ঞাপন -



নহি 4:21

ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

সেয়ে আমি এই কাৰ্য কৰি আছোঁ। তেওঁলোকৰ মাজত আধা সংখ্যক লোকে বেলি ওলোৱাৰ পৰা তৰা দেখালৈকে যাঠী ধৰি থাকে।

অধ্যায়টো চাওক কপি কৰক

6 পৰস্পৰ সংযোগসমূহ  

তোমালোকে যি ঠাইত তূৰীৰ মাত শুনিবা, সেই ঠাইলৈ তৎক্ষণাত গৈ তোমালোকে সমবেত হ’বা। আমাৰ ঈশ্বৰে আমাৰ বাবে যুদ্ধ কৰিব।”

সেই সময়ত ময়ো লোকসকলক ক’লোঁ, “প্ৰতিজন লোক আৰু তেওঁৰ দাসে যিৰূচালেমৰ মাজত ৰাতিটো অতিবাহিত কৰক, সেয়ে তেওঁলোক ৰাতি আমাৰ ৰখীয়া হ’ব, আৰু দিনত কাম কৰিব।”

তথাপি মই যি হৈছোঁ; ঈশ্বৰৰ অনুগ্ৰহেৰেহে হৈছোঁ; আৰু মোলৈ তেওঁৰ যি অনুগ্ৰহ, সেয়ে ব্যৰ্থ নহ’ল; কিন্তু মই তেওঁলোকতকৈ অধিক পৰিশ্ৰম কৰিলোঁ; কিন্তু ময়েই যে কৰিলোঁ, এনে নহয়, ঈশ্বৰৰ অনুগ্ৰহে মোৰ লগত কৰিলে।

এতেকে, হে মোৰ প্ৰিয় ভাই আৰু ভনী সকল আপোনালোকে সুস্থিৰ আৰু দৃঢ় সংকল্প কৰক, ঈশ্বৰৰ কার্যত সকলো সময়তে নিজকে সম্পূর্ণৰূপে সপি দিয়ক৷ আপোনালোকে জানে যে, ঈশ্বৰৰ বাবে কৰা পৰিশ্ৰম ব্যৰ্থ নহয়।

আমি ভাল কৰ্ম কৰি কৰি যেন ক্লান্ত নহওঁ; কিয়নো আমি ক্লান্ত নহ’লে উচিত সময়ত দাবলৈ পাম।

তেওঁৰ কাৰ্যসাধক শক্তিয়ে মোৰ জীৱনত পৰাক্ৰমেৰে কাৰ্য সাধন কৰি আছে, সেই শক্তি অনুসাৰে তেওঁৰ কাৰণে প্ৰাণপণ কৰি মই পৰিশ্ৰমো কৰি আছোঁ।




আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন