Biblia Todo Logo
পৰস্পৰ সংযোগসমূহ
- বিজ্ঞাপন -



নহি 4:20

ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

তোমালোকে যি ঠাইত তূৰীৰ মাত শুনিবা, সেই ঠাইলৈ তৎক্ষণাত গৈ তোমালোকে সমবেত হ’বা। আমাৰ ঈশ্বৰে আমাৰ বাবে যুদ্ধ কৰিব।”

অধ্যায়টো চাওক কপি কৰক

10 পৰস্পৰ সংযোগসমূহ  

যোৱাবে ক’লে, “যদি অৰামীয়াসকল মোতকৈ অধিক বলৱান হয়, তেন্তে অবিচয় তুমি আহি মোক নিশ্চয় উদ্ধাৰ কৰিবা। কিন্তু যদি তোমাতকৈ অম্মোনৰ সৈন্যসকল অধিক বলৱান হয়, তেন্তে মই আহি তোমাক উদ্ধাৰ কৰিম।

মই প্ৰধান লোকসকলক, কৰ্মচাৰী সকলক, আৰু অৱশিষ্ট লোকসকলক ক’লোঁ, “এই কৰ্ম বৃহৎ আৰু বিস্তৃত, আৰু আমি দেৱালৰ ওপৰত ইজনে সিজনৰ পৰা দুৰত থাকি পৃথকে আছোঁ।

সেয়ে আমি এই কাৰ্য কৰি আছোঁ। তেওঁলোকৰ মাজত আধা সংখ্যক লোকে বেলি ওলোৱাৰ পৰা তৰা দেখালৈকে যাঠী ধৰি থাকে।

যিহোৱাই তোমালোকৰ বাবে যুদ্ধ কৰিব; আৰু আপোনালোক কেৱল নিৰৱে থাকা।”

যিহোৱাই তেওঁলোকৰ ৰথৰ চকা সোলোকালে, আৰু অশ্বাৰোহী বিলাকে অতি কষ্টেৰে ৰথ চলালে। সেয়ে মিচৰীয়া সকলে ক’লে, “আহাঁ, আমি ইস্ৰায়েলৰ সন্মুখৰ পৰা পলাওহঁক; কিয়নো যিহোৱাই তেওঁলোকৰ ফলীয়া হৈ, আমাৰ বিৰুদ্ধে যুদ্ধ কৰিছে।”

কিন্তু যিহোৱাই যুদ্ধ কৰিবলৈ ওলাই যাব আৰু সেই নগৰবোৰৰ বিৰুদ্ধে তেওঁ যুঁজ কৰাৰ দৰেই যুঁজ কৰিব।

আপোনালোকৰ ঈশ্বৰ যিহোৱা আপোনালোকৰ আগে আগে আছে আৰু তেওঁ আপোনালোকৰ হৈ যুদ্ধ কৰিব। মিচৰ দেশত আপোনালোকৰ চকুৰ সন্মুখত তেওঁ যি কৰিছিল, ইয়াতো তেওঁ সেই একে কার্য কৰিব।

কিয়নো, তোমালোকক ৰক্ষা কৰিবলৈ আৰু শত্রুবোৰৰ বিৰুদ্ধে যুদ্ধ কৰিবলৈ তোমালোকৰ ঈশ্বৰ যিহোৱায়েই তোমালোকৰ লগত গৈছে।”

তোমালোকে তেওঁলোকলৈ ভয় নকৰিবা; কিয়নো তোমালোকৰ ঈশ্বৰ যিহোৱাই নিজে তোমালোকৰ পক্ষে যুদ্ধ কৰিব।”

তোমালোকৰ এজনেই হাজাৰ জনক খেদি দিব; কিয়নো, তোমালোকৰ ঈশ্বৰ যিহোৱাই তোমালোকক যেনেকৈ কৈছিল, তেনেকৈ তেওঁ নিজেই তোমালোকৰ পক্ষে যুদ্ধ কৰোঁতা।




আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন