Biblia Todo Logo
পৰস্পৰ সংযোগসমূহ
- বিজ্ঞাপন -



আদি 34:31

ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

তাতে চিমিয়োন আৰু লেবীয়ে ক’লে, “চিখিমে আমাৰ ভনীক জানো বেশ্যাৰ দৰে ব্যৱহাৰ কৰা উচিত আছিল?”

অধ্যায়টো চাওক কপি কৰক

6 পৰস্পৰ সংযোগসমূহ  

যিহেতু চিখিমে তেওঁলোকৰ ভনীয়েক দীনাক ভ্রষ্ট কৰিলে, সেয়ে যাকোবৰ পুত্রসকলে চিখিম আৰু তেওঁৰ বাপেক হমোৰক ছলনাৰে উত্তৰ দিলে।

ভনীয়েকক ভ্রষ্ট কৰাৰ কাৰণে যাকোবৰ আন আন পুত্ৰসকলেও হত হোৱা লোকসকলৰ কাষলৈ গৈ নগৰখন লুটপাত কৰিলে।

যাকোবে চিমিয়োন আৰু লেবীক ক’লে, “তোমালোকে এই দেশ-নিবাসী কনানীয়া আৰু পৰিজ্জীয়া লোকসকলৰ মাজত মোক ঘৃণাৰ পাত্র কৰি বিপদত পেলালা; মোৰ লোক সংখ্যাত তাকৰ। যদি তেওঁলোকে মোৰ অহিতে একগোট হৈ মোক আক্রমণ কৰে, তেতিয়া মই সপৰিবাৰে বিনষ্ট হ’ম।”

তাৰ পাছত ঈশ্বৰে যাকোবক ক’লে, “উঠা, তুমি এতিয়া বৈৎএললৈ গৈ তাত নিবাস কৰাগৈ আৰু তুমি তোমাৰ ককাই এচৌৰ আগৰ পৰা পলাই যোৱা সময়ত, যিজন সৰ্বশক্তিমান ঈশ্বৰে তোমাক দৰ্শন দিছিল, সেই ঈশ্বৰৰ উদ্দেশ্যে তাত এটা যজ্ঞবেদি নিৰ্ম্মাণ কৰাগৈ।”

সিহঁতৰ খং অভিশপ্ত হওক, সেয়ে প্ৰচণ্ড, প্ৰকোপ আৰু নিষ্ঠুৰ মই যাকোবৰ মাজত সিহঁতক ভাগ কৰিম; আৰু ইস্ৰায়েলৰ মাজত সিহঁতক ছিন্ন-ভিন্ন কৰিম।

কাৰণ ঈৰ্ষাই মানুহক ক্রোধাম্বিত কৰে; তেওঁ যেতিয়া প্ৰতিশোধ লয়, তেতিয়া তেওঁ দয়া নেদেখোৱায়।




আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন