Biblia Todo Logo
পৰস্পৰ সংযোগসমূহ
- বিজ্ঞাপন -



আদি 34:30

ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

যাকোবে চিমিয়োন আৰু লেবীক ক’লে, “তোমালোকে এই দেশ-নিবাসী কনানীয়া আৰু পৰিজ্জীয়া লোকসকলৰ মাজত মোক ঘৃণাৰ পাত্র কৰি বিপদত পেলালা; মোৰ লোক সংখ্যাত তাকৰ। যদি তেওঁলোকে মোৰ অহিতে একগোট হৈ মোক আক্রমণ কৰে, তেতিয়া মই সপৰিবাৰে বিনষ্ট হ’ম।”

অধ্যায়টো চাওক কপি কৰক

33 পৰস্পৰ সংযোগসমূহ  

তোমাক যেতিয়া মিচৰীয়াসকলে দেখিব, তেতিয়া তেওঁলোকে ক’ব, ‘এই মহিলাগৰাকী সেই লোকজনৰ ভাৰ্যা।’ পাছত তেওঁলোকে মোক বধ কৰি তোমাক জীয়াই ৰাখিব।

মই তোমাৰ পৰা এক মহাজাতি সৃষ্টি কৰিম আৰু তোমাক আশীৰ্ব্বাদ কৰি তোমাৰ নাম খ্যাতিমন্ত কৰিম; তাতে তুমি আশীৰ্ব্বাদৰ আকৰ হ’বা।

কনান দেশৰ মাজেদি অব্ৰাম চিখিম নগৰলৈ গ’ল আৰু তাৰ পাছত মোৰিৰ ওক গছজোপা পর্যন্ত গ’ল। সেইসময়ত কনানীয়াসকলে সেই দেশত বাস কৰিছিল।

তাৰ উপৰি অব্ৰাম আৰু লোটৰ পশু-ৰখীয়াৰ মাজতো বিবাদ আৰম্ভ হৈছিল। সেই সময়ত কনানীয়া আৰু পৰিজ্জীয়াসকলো সেই দেশত বাস কৰিছিল।

তেতিয়া চিখিম নামৰ সেই দেশৰ ৰজা হিব্বীয়া হমোৰৰ পুতেকে তাইক দেখা পালে। চিখিমে দীনাক ধৰি নি বেয়া ব্যৱহাৰ কৰিলে।

তেওঁলোকে লোকসকলৰ ধন-সম্পদ, ভার্য্যা আৰু তেওঁলোকৰ শিশুসকলক বন্দী কৰি নিলে; এনেকি ঘৰত থকা বস্তুবোৰো তেওঁলোকে লুট কৰি নিলে।

তাতে চিমিয়োন আৰু লেবীয়ে ক’লে, “চিখিমে আমাৰ ভনীক জানো বেশ্যাৰ দৰে ব্যৱহাৰ কৰা উচিত আছিল?”

পুত্র-বোৱাৰীৰ উপৰিও যাকোবৰ লগত মিচৰ দেশলৈ যিসকল লোক আহিছিল, তেওঁৰ নিজৰ বংশধৰৰ এই লোকসকল আছিল সৰ্ব্বমুঠ ছয়ষষ্ঠী জন।

মিচৰ দেশত যোচেফৰ যি দুজন পুত্ৰ জন্মিছিল আৰু যাকোবৰ পৰিয়ালৰ যিসকল লোক মিচৰলৈ গৈছিল, তেওঁলোক সৰ্ব্বমুঠ সত্তৰ জন আছিল।

পাছে অম্মোনৰ সন্তান সকল দায়ূদলৈ ঘিণলগীয়া হ’ল বুলি জানি, মানুহ পঠিয়াই বৈৎ-ৰহোবৰ আৰু চোবাৰ বিশ হাজাৰ অৰামীয়া পদাতিক সৈন্য আৰু মাখাৰ ৰজাক ও তেওঁৰ এক হাজাৰ লোক আৰু টোবৰ বাৰ হাজাৰ লোকক বেচ দি অনালে।

তেতিয়া অহীথোফলে অবচালোমক ক’লে, “আপোনাৰ পিতৃয়ে নিজ ৰাজগৃহ প্ৰতিপাল কৰিবৰ বাবে যি উপপত্নীসকল থৈ গৈছে, আপুনি তেওঁলোকলৈ গমণ কৰকগৈ; তাতে আপুনি যে নিজ পিতৃৰ দৃষ্টিত ঘিণলগীয়া হৈছে, তাক গোটেই ইস্ৰায়েলে শুনিব৷ তেতিয়া আপোনাৰ লগত থকা সকলো লোকৰ হাত বলৱান হ’ব।”

হদদে কৰা অপকাৰৰ বাহিৰেও, তেওঁ চলোমনৰ গোটেই আয়ুসৰ কালত ইস্ৰায়েলৰ শত্ৰু হৈ থাকিল৷ তেওঁ ইস্ৰায়েলক ঘিণ কৰিলে আৰু অৰামৰ ওপৰত ৰাজত্ব কৰিলে।

এলিয়াই উত্তৰ দি ক’লে, “মই ইস্ৰায়েলক দুখ দিয়া নাই, কিন্তু তুমি আৰু তোমাৰ পিতৃ-বংশইহে দুখ দিছা, তোমালোকে যিহোৱাৰ আজ্ঞা ত্যাগ কৰিলা আৰু বাল দেৱতাৰ মুৰ্ত্তিবোৰৰ পাছত চলি আছা।

তেওঁ কৰা আচৰিত কৰ্মবোৰ সোঁৱৰণ কৰা, তেওঁৰ অদ্ভুত কাম আৰু তেওঁৰ শাসন-প্ৰণালীবোৰ সোৱঁৰা।

মই কৈছিলোঁ সেই সময়ত তোমালোকৰ সদস্য কম আছিল, সেয়ে অতি তাকৰ, আৰু দেশত প্ৰবাসী আছিলা।

যেতিয়া অম্মোনৰ লোকসকলে দেখিলে যে, দায়ূদৰ বাবে তেওঁলোক ঘিণলগীয়া হ’ল, হানুন আৰু অম্মোনৰ লোকসকলে অৰাম-নহৰয়িম, মাখা, আৰু চোবাৰ পৰা ৰথ আৰু অশ্বাৰোহীসকলক অনাৰ বাবে এক হাজাৰ কিক্কৰ ৰূপ পঠালে।

আখৰ কর্মীৰ পুত্র আছিল, তেওঁ যিহোৱাৰ উদ্দেশে সংগ্ৰহ কৰি ৰখা বস্তু চুৰ কৰি ইস্ৰায়েললৈ সংকট কঢ়িয়াই আনিছিল।

সেই কালত তেওঁলোকৰ সংখ্যা অধিক নাছিল, তেওঁলোক অতি তাকৰ আছিল আৰু তাত তেওঁলোক প্ৰবাসী আছিল;

তেওঁলোকে মোচি আৰু হাৰোণক ক’লে, “যিহোৱাই আপোনালোকলৈ দৃষ্টি কৰি দণ্ড দিয়ক; কাৰণ আপোনালোকে ফৰৌণ আৰু তেওঁৰ দাস সকলৰ সাক্ষাতে আমাক দোষী কৰিলে। আমাক বধ কৰিবলৈ আপোনালোকে তেওঁলোকৰ হাতত তৰোৱাল তুলি দিলে।”

দয়ালু লোকে নিজৰ উপকাৰ কৰে; কিন্তু নিৰ্দয় লোকে নিজৰ অনিষ্ট কৰে।

যিজনে নিজৰ পৰিয়ালক দুখ দিয়ে, তেওঁৰ বায়ুৰূপ আধিপত্য হ’ব; আৰু অজ্ঞানী লোক বুদ্ধিমানৰ দাস হ’ব।

ডকাইতে নিজৰ পৰিয়াললৈ সমস্যা আনে; কিন্তু ভেঁটি ঘিণ কৰা জন কুশলে থাকে।

পৃথিবীত থকা কোনো পশুৰ আকৃতিৰে বা আকাশত উড়ি ফুৰা ডেউকা লগা চৰাইৰ আকৃতিৰে

যিহোৱাই আপোনালোকক মানুহৰ মাজত সিচঁৰিত কৰিব আৰু যিহোৱাই যি ঠাইলৈ আপোনালোকক লৈ যাব, তাত ক’ম সংখ্যক লোকহে জাতিবোৰৰ মাজত থাকিব।

আন সকলো জাতিতকৈ আপোনালোক লেখত অধিক বুলি যে যিহোৱাই আপোনালোকক স্নেহ কৰিলে বা মনোনীত কৰিলে, এনে নহয়; কিয়নো আন সকলো জাতিৰ তুলনাত আপোনালোক লেখত তাকৰহে আছিল।

পাছত যিহোচূৱাই ক’লে, “তুমি আমাক কিয় দুখত পেলালা? যিহোৱাই আজি তোমাকো দুখত পেলাব।” পাছত সমুদায় ইস্ৰায়েলে তাক আৰু তাৰ সকলোকে শিল দলিয়াই বধ কৰিলে আৰু সকলোকে জুইত পুৰিলে৷

এইদৰে পলেষ্টীয়াসকলৰ নগৰ ৰক্ষী সৈন্যদলক চৌলে পৰাস্ত কৰা কথা ইস্ৰায়েলৰ সকলো লোকে শুনিলে, আৰু ইস্ৰায়েল সকল ফিলিষ্টীয়া সকলৰ কাৰণে ঘৃণাৰ পাত্ৰ হ’ল, তাৰ পাছত গিলগলত চৌলক লগ ধৰিবলৈ সৈন্যসকল একগোট হ’ল।

চমূৱেলে ক’লে, “মই কেনেকৈ যাম? চৌলে যদি এই কথা শুনে, তেন্তে তেওঁ মোক বধ কৰিব।” যিহোৱাই ক’লে, “তুমি এজনী চেঁউৰী গৰু লগত লৈ যোৱা, আৰু ক’বা, মই যিহোৱাৰ উদ্দেশে বলিদান কৰিবলৈ আহিছোঁ।”

পাছত দায়ূদে মনতে ভাবিলে, ‘মই এতিয়া কোনো এদিন চৌলৰ হাতত বিনষ্ট হ’ম। পলেষ্টীয়াসকলৰ দেশলৈ পলাই যোৱাৰ বাহিৰে, মোৰ আন কোনো উপায় নাই; তালৈ গ’লে চৌলে ইস্ৰায়েলৰ সকলো অঞ্চলত মোক বিচাৰিবলৈ ক্ষান্ত হ’ব, আৰু মই তেওঁৰ হাতৰ পৰা ৰক্ষা পাম’।

আখীচে দায়ূদক বিশ্বাস কৰিছিল আৰু কৈছিল, “তেওঁ নিজ জাতি ইস্ৰায়েলৰ আগত নিজকে অতি ঘিণলগীয়া কৰিছে, গতিকে তেওঁ সদায় মোৰ দাস হৈ থাকিব।”




আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন