তাৰ পাছত তেওঁ পুনৰায় গৰ্ভৱতী হৈ এটি পুত্ৰ প্ৰসৱ কৰিলে। তেওঁ ক’লে, “এইবাৰ মই যিহোৱাৰ প্ৰশংসা কৰিম।” সেয়ে তেওঁ ল’ৰাটোৰ নাম যিহূদা ৰাখিলে; তাৰ পাছত তেওঁৰ আৰু সন্তান জন্ম নহ’ল।
পাছত লেয়াই নিজে গর্ভধাৰণ কৰিবলৈ এৰা দেখি, তেৱোঁ নিজৰ দাসী জিল্পাক যাকোবৰ ভার্য্যা কৰি দিলে।
লেয়াৰ দাসী জিল্পাৰ গর্ভত তেওঁৰ পুত্র গাদ আৰু আচেৰ। এইসকলেই হৈছে পদ্দন-অৰামত জন্মা যাকোবৰ পুত্ৰ।
যিহূদাৰ পুত্র এৰ, ওনন, চেলা, পেৰচ, আৰু জেৰহ; এৰ আৰু ওনন কনান দেশতে মৰিল। পেৰচৰ পুত্র হিষ্ৰোণ আৰু হামূল।
যিহূদা তেওঁৰ ভাইসকলৰ মাজত শক্তিশালী আছিল, আৰু নেতা তেওঁৰ পৰাই হ’ল; কিন্তু জ্যেষ্ঠাধিকাৰ যোচেফৰ হ’ল।
আৰু ৰূবেণৰ সীমাৰ কাষেদি পূৱ ফালৰ পৰা পশ্চিম ফাললৈ যিহূদাই এক অংশ পাব।
যিহূদা গোষ্ঠীৰ সকলো লোককে গণনা কৰা হ’ল আৰু এওঁলোক প্ৰতিজনে পূর্বপুৰুষৰ বংশ আৰু পৰিয়ালৰ নথি অনুসাৰে বিশ বছৰ আৰু তাতকৈ অধিক বয়সীয়া, যুদ্ধলৈ যাব পৰা লোক।
সেই লোকসকলৰ নাম এই: যিহূদা ফৈদৰ যিফুন্নিৰ পুত্ৰ কালেব।
অব্ৰাহামৰ পুত্ৰ ইচহাক; ইচহাকৰ পুত্ৰ যাকোব; যাকোবৰ পুত্ৰ যিহূদা আৰু তেওঁৰ ভায়েক-ককায়েক সকল;
যিহূদাক দিয়া আশীৰ্ব্বাদ এই: মোচিয়ে ক’লে, “হে যিহোৱা, তুমি যিহূদাৰ মাত শুনা, তেওঁৰ লোকসকলৰ মাজলৈ তেওঁক পুনৰ ঘূৰাই আনা, তোমাৰ হাতেৰে তেওঁৰ বাবে যুদ্ধ কৰা; তেওঁৰ শত্ৰুবোৰৰ বিৰুদ্ধে এক সহায় হোৱা।”