Biblia Todo Logo
পৰস্পৰ সংযোগসমূহ
- বিজ্ঞাপন -



আদি 29:34

ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

পুনৰ তেওঁ গৰ্ভৱতী হৈ এটি পুত্ৰ প্ৰসৱ কৰিলে। তেওঁ ক’লে, “এইবাৰ মোৰ স্বামী মোত আসক্ত হ’ব; কিয়নো মই তেওঁলৈ তিনিটি পুত্ৰ প্ৰসৱ কৰিলোঁ।” এইবুলি তেওঁ ল’ৰাটোৰ নাম লেবী ৰাখিলে।

অধ্যায়টো চাওক কপি কৰক

11 পৰস্পৰ সংযোগসমূহ  

লেয়াই ক’লে, “ঈশ্বৰে মোক এক উত্তম উপহাৰ দিলে। এতিয়া মোৰ স্বামীয়ে মোক সন্মান কৰিব, কিয়নো মই তেওঁলৈ ছয়টি পুত্ৰ প্রসৱ কৰিলোঁ।” তাতে লেয়াই তেওঁৰ পুত্রৰ নাম জবূলূন ৰাখিলে।

তাৰ পাছত তৃতীয় দিনা যেতিয়া পুৰুষসকলে বিষত কষ্ট পাই আছিল, তেতিয়া দীনাৰ ককায়েক অর্থাৎ যাকোবৰ দুজন পুতেক চিমিয়োন আৰু লেবীয়ে তৰোৱাল লৈ হঠাৎ নগৰত সোমাই সকলো পুৰুষক বধ কৰিলে।

লেয়াৰ গর্ভত যাকোবৰ জেষ্ঠ্য পুত্ৰ ৰূবেণৰ জন্ম হৈছিল। তাৰ পাছত চিমিয়োন, লেবী, যিহূদা, ইচাখৰ আৰু জবূলূনৰ জন্ম হৈছিল।

মানুহে তেওঁৰ ভাৰ্যা হৱাৰ সৈতে একেলগ হোৱাত তেওঁ গৰ্ভৱতী হৈ কয়িনক প্ৰসৱ কৰিলে। তেতিয়া হৱাই ক’লে, “যিহোৱাৰ সহায়ত মই এটি পুত্র সন্তান পালোঁ।”

লেবীৰ পুত্র গেৰ্চোন, কহাৎ, আৰু মৰাৰী।

লেবী বংশৰ এজন মানুহে এজনী লেবীয়া ছোৱালী বিয়া কৰালে।

চিমিয়োন ফৈদৰ বাৰ হাজাৰ, লেবী ফৈদৰ বাৰ হাজাৰ, ইচাখৰ ফৈদৰ বাৰ হাজাৰ,




আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন