Biblia Todo Logo
পৰস্পৰ সংযোগসমূহ
- বিজ্ঞাপন -



আদি 24:60

ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

তেওঁলোকে ৰিবেকাক আশীৰ্ব্বাদ কৰিলে আৰু ক’লে, “হে আমাৰ ভনী, তুমি অযুত অযুত লোকৰ আদি-মাতৃ হোৱাগৈ, আৰু তোমাৰ বংশই তোমাক ঘৃণা কৰা লোকসকলৰ নগৰৰ দুৱাৰবোৰ অধিকাৰ কৰক।”

অধ্যায়টো চাওক কপি কৰক

15 পৰস্পৰ সংযোগসমূহ  

পাছত ঈশ্বৰে তেওঁলোকক আশীৰ্ব্বাদ কৰি ক’লে, “তোমালোক বহুবংশ হোৱা; বাঢ়ি বাঢ়ি পৃথিবীখন পৰিপূৰ্ণ কৰা আৰু তাক বশীভুত কৰা; সমুদ্ৰৰ মাছ; আকাশৰ চৰাই, আৰু পৃথিবীৰ ওপৰত বিচৰণ কৰা সকলো প্রাণীৰ ওপৰত অধিকাৰ চলোৱা।”

তেওঁ অব্ৰামক আশীৰ্ব্বাদ কৰি ক’লে, “স্বৰ্গ আৰু পৃথিৱীৰ সৃষ্টিকর্তা সৰ্ব্বোপৰি ঈশ্বৰৰ দ্বাৰা অব্ৰাম আশীৰ্ব্বাদপ্ৰাপ্ত হওক;

মই তেওঁক আশীৰ্ব্বাদ কৰিম আৰু তেওঁৰ পৰা তোমাক এটি পুত্ৰও দিম; মই তেওঁক আশীৰ্ব্বাদ কৰিম যাতে তেওঁ অনেক জাতি আৰু তেওঁলোকৰ ৰজাসকলৰ আদিমাতৃ হ’ব।”

মই নিশ্চয় তোমাক আশীৰ্ব্বাদ কৰিম; আকাশৰ তৰাবোৰৰ দৰে আৰু সাগৰৰ তীৰত থকা বালিৰ দৰে তোমাৰ বংশ অতিশয় ৰূপে বৃদ্ধি কৰিম; তোমাৰ বংশৰ লোকসকলে তেওঁলোকৰ শত্রুবোৰৰ নগৰৰ দুৱাৰ জয় কৰিব।

তেতিয়া ৰিবেকা আৰু তেওঁৰ দাসীয়ে আহি উটত উঠিল আৰু সেই লোকজনক অনুসৰণ কৰিলে। তাতে সেই দাসে ৰিবেকাক লগত ল’লে আৰু তেওঁৰ পথত যাত্রা কৰিব ধৰিলে।

সৰ্ব্বশক্তিমান ঈশ্বৰে তোমাক আশীৰ্ব্বাদ কৰক আৰু বহুবংশ কৰি বৃদ্ধি কৰক। তোমাক অনেক জাতি সমূহৰ পিতৃ হোৱাৰ ক্ষমতা দিয়ক।

পাছত যাকোবেও নিজৰ পথত যাত্রা কৰিলে। বাটত ঈশ্বৰৰ দূতবোৰে তেওঁৰ লগত সাক্ষাৎ কৰিলে।

তেওঁলোকক সেইদিনাই তেওঁ আশীৰ্ব্বাদ কৰিলে আৰু ক’লে, “ইস্ৰায়েলৰ লোকসকলে আশীৰ্ব্বাদ কৰাৰ সময়ত তোমালোকৰ নাম ধৰি ক’ব, ‘ঈশ্বৰে তোমাক ইফ্ৰয়িম আৰু মনচিৰ নিচিনা কৰক’।” এইদৰে তেওঁ মনচিতকৈ ইফ্ৰয়িমক অগ্ৰগণ্য কৰিলে।

ঈশ্বৰে নোহ আৰু তেওঁৰ পুত্ৰসকলক আশীৰ্ব্বাদ কৰি ক’লে, “তোমালোক বহুবংশ হৈ বাঢ়ি বাঢ়ি পৃথিৱীখন পৰিপূৰ্ণ কৰা।

বিবাহ কৰি লৰা-ছোৱালী জন্ম দিয়া, আৰু লৰা-ছোৱালী জন্মিবৰ কাৰণে তোমালোকৰ পুত্রসকললৈ ছোৱালী আনা, আৰু জীয়েৰাসকলক বিয়া দিয়া। এইদৰে যেন তোমালোক সংখ্যাত কম নহৈ বাঢ়ি যোৱা।

তেওঁৰ সন্মুখেৰে এখন অগ্নিৰ নৈ বৈ গৈছিল; হাজাৰ হাজাৰে তেওঁৰ পৰিচৰ্যা কৰিছিল, আৰু অযুত অযুত দূতে তেওঁৰ আগত থিয় হৈছিল; ন্যায়ালয়ৰ সভা বহিছিল, আৰু পুথিবোৰ খোলা আছিল।

আৰু তোমালোকে নিজ নিজ ভাবী সন্তান সকলৰ উত্তৰাধিকাৰৰ বাবে দিব লগা ভাগ স্বৰূপে তেওঁলোকক দিব পাৰিবা, আৰু চিৰকাললৈকে তেওঁলোকক বন্দী কাম কৰিব পাৰিবা; কিন্তু নিজ ভাই ইস্ৰায়েলৰ সন্তান সকলৰ মাজত হ’লে, তোমালোক কোনেও কাৰো ওপৰত কঠিন ব্যৱহাৰ নকৰিবা।

সেই ল’ৰা জনৰ বাপেক-মাকে তেওঁক ধৰি, নিজৰ নগৰৰ বয়জ্যেষ্ঠসকলৰ ওচৰলৈ আৰু তেওঁলোকে নিবাস কৰা নগৰৰ দুৱাৰ-মুখলৈ লৈ আহিব।




আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন