Biblia Todo Logo
পৰস্পৰ সংযোগসমূহ
- বিজ্ঞাপন -



আদি 24:59

ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

তেতিয়া তেওঁ নিজ ভনী ৰিবেকা আৰু ৰিবেকাৰ আলপৈচান ধৰা দাসীগৰাকীক অব্ৰাহামৰ দাস আৰু তেওঁৰ সৈতে অহা লোকসকলৰ লগত যাত্রা কৰিবলৈ পঠিয়াই দিলে।

অধ্যায়টো চাওক কপি কৰক

8 পৰস্পৰ সংযোগসমূহ  

তেতিয়া লাবন আৰু বথোৱেলে উত্তৰ দি ক’লে, “এই বিষয় যিহোৱাৰ পৰা আহিল; সেয়ে এই বিষয়টো ভাল বা বেয়া বুলি আমি তোমাক ক’ব নোৱাৰিম।

পাছত সেই দাসে সোণ, ৰূপৰ অলংকাৰ আৰু বস্ত্র উলিয়াই ৰিবেকাক দিলে, আৰু তেওঁৰ ককায়েক আৰু মাককো বহুমূলীয়া উপহাৰ দিলে।

পাছত তাতে তেওঁ আৰু তেওঁৰ লগত অহা লোকসকলে ভোজন-পান কৰিলে আৰু ৰাতিটো থাকিল। তাতে ৰাতিপুৱা তেওঁলোক যেতিয়া উঠিল, তেতিয়া সেই দাসে ক’লে, “এতিয়া মোৰ প্ৰভুৰ ওচৰলৈ মোক যাবলৈ দিয়ক।”

তাৰ পাছত তেওঁলোকে ৰিবেকাক মাতি আনি সুধিলে, “তুমি এই জন মানুহৰ লগত যাবা নে?” তেতিয়া তেওঁ উত্তৰ দিলে, “হয়, মই যাম।”

তেওঁলোকে ৰিবেকাক আশীৰ্ব্বাদ কৰিলে আৰু ক’লে, “হে আমাৰ ভনী, তুমি অযুত অযুত লোকৰ আদি-মাতৃ হোৱাগৈ, আৰু তোমাৰ বংশই তোমাক ঘৃণা কৰা লোকসকলৰ নগৰৰ দুৱাৰবোৰ অধিকাৰ কৰক।”

ইতিমধ্যে ৰিবেকাৰ ধাত্রী দবোৰাৰ মৃত্যু হ’ল। তেওঁক বৈৎএলৰ ওচৰত থকা এজোপা ওক গছৰ তলত মৈদাম দিয়া হ’ল; সেই কাৰণে সেই ঠাইৰ নাম অল্লোন-বাখুৎ হ’ল।

মই জানো এই সকলো লোকক গৰ্ভধাৰণ কৰিলোঁ, বা এই সকলো লোকক প্ৰসৱ কৰিলোঁ, যে তুমি এওঁলোকৰ পূৰ্বপুৰুষসকলৰ আগত যি দেশ দিবলৈ প্রতিজ্ঞা কৰিছিলা, সেই দেশলৈ গাখীৰ খোৱা কেঁচুৱাক পালন কৰোঁতা বাপেকৰ দৰে তেওঁলোকক বুকুত বান্ধি নিবলৈ মোক আজ্ঞা দিছা?

আপোনালোকে জানে যে, আমি কোনো কালে তোষামোদ কৰা বাক্য কোৱা নাই বা লোভ ঢাকিবলৈ ছলনা কৰি কোনো কথা কোৱা নাই; ঈশ্বৰ ইয়াৰ সাক্ষী।




আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন