Biblia Todo Logo
পৰস্পৰ সংযোগসমূহ
- বিজ্ঞাপন -



আদি 15:12

ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

পাছত যেতিয়া সূর্য মাৰ গৈছিল, তেতিয়া অব্ৰামৰ ঘোৰ টোপনি আহিল; হঠাতে এক ঘন আৰু ভয়ংকৰ অন্ধকাৰ তেওঁৰ ওপৰত নামি আহিল।

অধ্যায়টো চাওক কপি কৰক

10 পৰস্পৰ সংযোগসমূহ  

পাছত চিকাৰী চৰাইবোৰ নামি আহি সেই পশুৰ মাংসখণ্ডৰ ওপৰত পৰিল, কিন্তু অব্ৰামে সেইবোৰক খেদাই দিলে।

সেয়ে ঈশ্বৰ যিহোৱাই মানুহলৈ গভীৰ টোপনি আনিলে; তাতে তেওঁ গভীৰ টোপনি গ’ল। তেতিয়া ঈশ্বৰ যিহোৱাই তেওঁৰ এডাল কামী-হাড় উলিয়াই সেই ঠাই মঙহেৰে পুৰালে।

এখন ঠাইত বেলি মাৰ যোৱাত তেওঁ সেই ঠাইতে ৰাতিটো কটালে। সেই ঠাইৰে এটা শিল মূৰৰ তলত লৈ তেওঁ শুই থাকিল।

যেতিয়া মানুহবিলাক ঘোৰ নিদ্ৰাত মগ্ন হৈ শয্যাত পৰি টোপনি যায়, তেতিয়া তেওঁ সপোনত ৰাতিৰ দৰ্শনত কথা কয়।

তাতে খিড়িকীত বহি উতুখ নামেৰে এজন ডেকা ঘোৰ টোপনিত মগ্ন হোৱাত, তৃতীয় মহলাৰ পৰা তললৈ পৰিল; পাছত তেওঁক মৃত অৱস্থাত পালে।

এইদৰে দায়ূদে চৌলৰ মূৰ-শিতানৰ ওচৰৰ পৰা সেই যাঠি আৰু জলপাত্ৰটো লৈ আতৰি আহিল, কিন্তু কোনেও তাক নেদেখিলে আৰু নাজানিলে। তেতিয়া কোনেও সাৰ নাপালে; কিয়নো সকলোৱেই নিদ্ৰিত আছিল, কাৰণ যিহোৱাই তেওঁলোকক ঘোৰ নিদ্ৰাত পেলাইছিল।




আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন