পাছত চিকাৰী চৰাইবোৰ নামি আহি সেই পশুৰ মাংসখণ্ডৰ ওপৰত পৰিল, কিন্তু অব্ৰামে সেইবোৰক খেদাই দিলে।
অব্রামে সেই সকলোকে আনি সেইবোৰক দুফালকৈ কাটি প্রতিডোখৰ টুকুৰা তাৰ অন্য টুকুৰাৰ বিপৰীতে সজাই ৰাখিলে; কিন্তু চৰাইবোৰ হ’লে তেওঁ দুফাল নকৰিলে।
পাছত যেতিয়া সূর্য মাৰ গৈছিল, তেতিয়া অব্ৰামৰ ঘোৰ টোপনি আহিল; হঠাতে এক ঘন আৰু ভয়ংকৰ অন্ধকাৰ তেওঁৰ ওপৰত নামি আহিল।
তোমাৰ মুখৰ সকলো ধার্মিক শাসন প্ৰণালী, মই নিজ ওঁঠেৰে বর্ণনা কৰিলোঁ;
তুমি কোৱা, ‘প্ৰভু যিহোৱাই এই কথা কৈছে: “ডাঙৰ ডেউকা থকা আৰু ডেউকাত দীঘল পাখি থকা এটা ডাঙৰ ঈগল পক্ষীয়ে, আৰু যি নানা বৰণৰ পাখিৰে ভৰা, সি লিবানোনলৈ আহি এৰচ গছজোপাৰ ওপৰত আহি বহিল।
কিন্তু বহুত পাখি আৰু ডাঙৰ ডেউকা থকা আন এটা ঈগল পক্ষী আছিল। আৰু চোৱা! এই দ্ৰাক্ষালতাৰ শিপাবোৰে নিজকে সেই ঈগল পক্ষীটোৰ ফালে শিপা মেলিলে, আৰু যি ভেটিটোত ৰোৱা হৈছিল, সেই ঠাইৰ পৰা সি পানী দিবৰ বাবে তাৰ ফালে ডালবোৰ বিয়পি গ’ল।
তেওঁ সিচোঁতে সিচোঁতে, কিছুমান কঠিয়া বাটৰ কাষত পৰিল; তাতে চৰাইবোৰে আহি সেইবোৰ খুটি খালে।