Biblia Todo Logo
পৰস্পৰ সংযোগসমূহ
- বিজ্ঞাপন -



1 ৰাজা 1:26

ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

কিন্তু আপোনাৰ দাস যি মই, মোক আৰু চাদোক পুৰোহিত, যিহোয়াদাৰ পুত্ৰ বনায়া আৰু আপোনাৰ দাস চলোমনক হ’লে তেওঁ নিমন্ত্ৰণ নকৰিলে।

অধ্যায়টো চাওক কপি কৰক

10 পৰস্পৰ সংযোগসমূহ  

গতিকে তেওঁ নাথন ভাববাদীক পঠিয়াই যিহোৱাৰ কাৰণে তাৰ নাম যিদীদীয়া ৰখালে।

তেতিয়া ৰজাই নাথন ভাববাদীক ক’লে, “এতিয়া চাওঁক, মই এৰচ কাঠেৰে সজা গৃহত বাস কৰি আছোঁ; কিন্তু ঈশ্বৰৰ নিয়ম-চন্দুকটি তম্বুৰ মাজ-মজিয়াতেই আছে।”

অহীটুবৰ পুত্ৰ চাদোক আৰু অবিয়াথৰৰ পুত্ৰ অহীমেলক আছিল পুৰোহিত আৰু চৰায়া আছিল ৰাজলিখক৷

যিহোয়াদাৰ পুত্ৰ বনায়া, কৰেথীয়া আৰু পেলেথীয়াসকলৰ অধ্যক্ষ আছিল আৰু দায়ূদৰ পুত্ৰসকল আছিল মন্ত্ৰী।

কিন্তু নাথন ভাববাদীক, বনায়াক, বীৰসকলক আৰু নিজ ভায়েক চলোমনক নিমন্ত্ৰণ নকৰিলে।

অধিককৈ ষাঁড়, হৃষ্টপুষ্ট গৰু পোৱালি, মেৰ-ছাগ আৰু ছাগলী বলিদান কৰি সকলো ৰাজকোঁৱৰ সকলৰ লগতে অবিয়াথৰ পুৰোহিত আৰু প্ৰধান সেনাপতি যোৱাবক নিমন্ত্ৰণ কৰিলে, কিন্তু আপোনাৰ দাস চলোমনক নিমন্ত্ৰণ নকৰিলে।

এই কাৰ্য মোৰ প্ৰভু মহাৰাজৰ আদেশত হ’ল নেকি? মোৰ প্ৰভু মহাৰাজৰ পিছত আপোনাৰ সিংহাসনত কোন বহিব, সেই বিষয়ে আপোনাৰ দাসবোৰক আপুনি জানো জনোৱা নাই?

কিন্তু চাদোক পুৰোহিত, যিহোয়াদাৰ পুত্ৰ বনায়া, নাথন ভাববাদী, চিমিয়ী, ৰেয়ী আৰু যি বীৰসকল দায়ূদৰ লগত আছিল, তেওঁলোকে অদোনিয়াক অনুসৰণ নকৰিলে।

পাছত ৰজাই তেওঁৰ পদত যিহোয়াদাৰ পুত্ৰ বনায়াক প্ৰধান সেনাপতি পাতিলে আৰু ৰজাই অবিয়াথৰ পদত চাদোকক পুৰোহিত নিযুক্ত কৰিলে।




আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন