Biblia Todo Logo
পৰস্পৰ সংযোগসমূহ
- বিজ্ঞাপন -



1 ৰাজা 1:25

ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

কিয়নো তেওঁ আজি নামি গৈছে আৰু অধিককৈ ষাঁড়, হৃষ্টপুষ্ট গৰু পোৱালি, মেৰ-ছাগ আৰু ছাগলী বলিদান কৰিছে। তেওঁ তালৈ সকলো ৰাজকোঁৱৰ, সেনাপতি আৰু অবিয়াথৰ পুৰোহিতকো নিমন্ত্রণ কৰিছে। আৰু চাওঁক, তেওঁলোকে তেওঁৰ আগত ভোজন পান কৰিছে আৰু কৈছে, ‘অদোনিয়া ৰজা চিৰজীৱি হওঁক!’

অধ্যায়টো চাওক কপি কৰক

19 পৰস্পৰ সংযোগসমূহ  

পাছে যেতিয়া দায়ূদৰ বন্ধু অৰ্কীয়া হূচয় অবচালোমৰ ওচৰলৈ আহিল, তেতিয়া হূচয়ে অবচালোমক ক’লে, “মহাৰাজ চিৰজীৱি হওক, মহাৰাজ চিৰজীৱি হওক!”

অধিককৈ ষাঁড়, হৃষ্টপুষ্ট গৰু পোৱালি, মেৰ-ছাগ আৰু ছাগলী বলিদান কৰি সকলো ৰাজকোঁৱৰ সকলৰ লগতে অবিয়াথৰ পুৰোহিত আৰু প্ৰধান সেনাপতি যোৱাবক নিমন্ত্ৰণ কৰিলে, কিন্তু আপোনাৰ দাস চলোমনক নিমন্ত্ৰণ নকৰিলে।

নাথনে ক’লে, “হে মোৰ প্ৰভু মহাৰাজ, ‘মোৰ পাছত অদোনিয়া ৰজা হ’ব আৰু মোৰ সিংহাসনত সিয়েই বহিব, এনে বুলি আপুনি ক’লে নে কি?’

সেই ঠাইতে ইস্রায়েলৰ ওপৰত তেওঁক ৰজা অভিষেক কৰিবলৈ চাদোক পুৰোহিত আৰু ভাববাদী নাথনক কোৱা আৰু শিঙা বজাই তোমালোকে ক’বা, ‘ৰজা চলোমন চিৰজীৱি হওক!’

পাছত চাদোক পুৰোহিতে তেলেৰে ভৰা শিংটি তম্বুৰ পৰা লৈ আহিল আৰু চলোমনক ৰজা অভিষেক কৰিলে। তেতিয়া তেওঁলোকে শিঙা বজোৱাৰ পাছত সকলো লোকে ক’লে, “ৰজা চলোমন চিৰজীৱি হওক!”

পাছত অদোনিয়াই অয়িন-ৰোগেলৰ কাষত থকা জোহেলৎ শিলৰ ওচৰত ভেড়া, ছাগলী, ষাঁড় আৰু হৃষ্টপুষ্ট গৰু পোৱালি বলিদান কৰিলে৷ আৰু নিজ ভাই ৰাজকোঁৱৰ সকলক আৰু ৰজাৰ দাস যিহূদাৰ আটাই লোকক নিমন্ত্ৰণ কৰিলে।

তেতিয়া তেওঁ ক’লে, “কোৱা।” তেতিয়া অদোনিয়াই ক’লে, “তুমি জানা যে ৰাজ্য মোৰহে আছিল, আৰু মইহে ৰজা হ’ম বুলি গোটেই ইস্ৰায়েলে মোক আশা কৰিছিল৷ তথাপি ৰাজ্য সলনি হৈ মোৰ ভাইৰ হ’ল, কিয়নো যিহোৱাৰ দ্বাৰাইহে তেওঁ হ’ল।

তাৰ পাছত যিহোয়াদাই ৰাজকোঁৱৰ যোৱাচক বাহিৰলৈ উলিয়াই আনি তেওঁৰ মূৰত মুকুট পিন্ধাই হাতত ব্যৱস্থা-পুস্তকখন দিলে। তেওঁলোকে তেওঁক ৰাজপদত অভিষেক কৰিলে। তাতে সকলোৱে হাত তালি দি সমস্বৰে ক’লে, “মহাৰাজ চিৰজীৱি হওঁক।”

তেওঁ চাই দেখিলে যে, তাত ৰীতি অনুসাৰে ৰজা যোৱাচ স্তম্ভটোৰ ওচৰত থিয় হৈ আছে। শত-সেনাপতিসকল আৰু শিঙা বজোৱাসকল ৰজাৰ কাষত ঘেৰি আছে; সকলো দেশবাসীয়ে আনন্দ কৰিছে আৰু শিঙা বজাইছে। তেতিয়া ৰাণী অথলিয়াই নিজৰ কাপোৰ ফালি চিঞৰিলে, “ৰাজদ্ৰোহী! ৰাজদ্ৰোহী!”

তেতিয়া সেই সেনাপতিসকলৰ প্রত্যেকেই লগে লগে নিজৰ গাৰ পৰা ওপৰৰ কাপোৰখন লৈ খটখটিৰ ওপৰত যেহূৰ ভৰিৰ তলত পাৰি দিলে। তাৰ পাছত তেওঁলোকে শিঙা বজাই চিঞঁৰি ক’বলৈ ধৰিলে, “যেহূ ৰজা হ’ল।”

সেয়ে, হে আমাৰ ঈশ্বৰ, আমি আপোনাৰ ধন্যবাদ কৰোঁ, আৰু আপোনাৰ নামৰ গৌৰৱ ও প্ৰশংসা কৰোঁ।

তাৰ পাছ দিনা তেওঁলোকে যিহোৱাৰ উদ্দেশ্যে বলিদান কৰিলে, আৰু যিহোৱাৰ উদ্দেশ্যে হোম-বলি উৎসৰ্গ কৰিলে। তেওঁলোকে এক হাজাৰ ষাঁড়-গৰু, এক হাজাৰ মতা মেৰ-ছাগ, আৰু এক হাজাৰ মেৰ-ছাগ পোৱালি, আৰু ইয়াৰে সৈতে গোটেই ইস্ৰায়েলৰ কাৰণে পেয় নৈবেদ্য আৰু বলিদান উৎসৰ্গ কৰিলে।

তাৰ পাছত তেওঁলোকে ৰাজকোঁৱৰক বাহিৰলৈ উলিয়াই আনি, তেওঁৰ মূৰত কিৰীটি আৰু হাতত সাক্ষ্যপুস্তক দি তেওঁক ৰজা পাতিলে আৰু যিহোয়াদা ও তেওঁৰ পুত্ৰসকলে তেওঁক অভিষেক কৰিলে৷ তেতিয়া সকলোৱে ক’লে, “ৰজা চিৰজীৱি হওঁক।”

আৰু তেওঁৰ আগে-পাছে যোৱা লোক সকলে ৰিঙিয়াই ক’লে, “হোচানা! হোচানা! দায়ুদৰ বংশৰ সন্তান৷ যি জন প্ৰভুৰ নামেৰে আহিছে, তেওঁ ধন্য; উৰ্দ্ধলোকত জয়ধ্বনি হওক!”

পুনৰায় তেওঁ আন দাসবোৰক এই আদেশ দি পঠালে, ‘যি সকলক নিমন্ত্ৰণ কৰা হৈছে তেওঁলোকক কোৱাগৈ; চোৱা, মই ভোজ যুগুত কৰিলোঁ। মোৰ বলধ আদি হৃষ্টপুষ্ট পশু মৰা হৈছে, আৰু সকলো সম্পূর্ণ হ’ল; তোমালোকে বিয়াৰ ভোজলৈ আহা’।

আৰু ক’লে, “প্ৰভুৰ নামেৰে যি জন ৰজা আহিছে, তেওঁ ধন্য! স্বৰ্গত শান্তি, আৰু উৰ্দ্ধলোকত মহিমা হওক!”

তেতিয়া চমূৱেলে লোক সকলক ক’লে, “যিহোৱাই মনোনীত কৰা পুৰুষ জনক তোমালোকে দেখিছা নে? ইয়াত সকলো লোকৰ মাজত এওঁৰ দৰে আন কোনো নাই!” তাতে সকলো লোকে জয়-ধ্বনি কৰি ক’লে “ৰজা চিৰজীৱি হওঁক!”




আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন